চ’ৰাঘৰ / কথাশিল্প / মোৰ গাঁৱৰ মেজিটো ( তপন বৰুৱা)

মোৰ গাঁৱৰ মেজিটো ( তপন বৰুৱা)

কুঁৱলিয়ে ঢাকি ধৰিছে মোৰ গাঁৱৰ মেজিটো!
উছৱৰ উলাহত
নাচি উঠা যেন লাগিলেও চোতাল-পদূলি;
ভিতৰে ভিতৰে
কলিজাত এক অবৰ্ণনীয় বিষ ।

ইমান প্ৰৱল পশ্চিমৰ বতাহ
ইমান উত্তাল বাণিজ্যিক ঢৌ
খুউব সহজেই গঞা-গিয়াতি
কিয় সেই নিচাত মাতাল
ওৰ নাপাওঁ ভাবি !

উদযাপনৰো আছে সীমা ।
সেয়া, গাঁৱৰ
প্রয়োজন আৰু সমস্যাক চেৰাই কেতিয়াও নহয় !
বুটাম টিপা এই দিন-কালে বাৰু সঁচাই
লৈ যাব নেকি আমাক
মেজিটোৰ দৰেই কুঁৱলিৰ
আন এখন জগতলৈ ?

এটা মন্তব্য

  1. বহুত বহুত ধন্যবাদ টুুনুজ্যোতি।বৰ ভাল পালোঁ । ভোগালীৰ আন্তৰিক শুভেচ্ছা গ্ৰহণ কৰিবা । মৰমেৰে…

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে