চ’ৰাঘৰ / সমকাল / এন আৰ চি, অসমীয়া আৰু বাঙালী : কেইটামান কথা (জিতেন বেজবৰুৱা)

এন আৰ চি, অসমীয়া আৰু বাঙালী : কেইটামান কথা (জিতেন বেজবৰুৱা)

যোৱা ৩১ ডিচেম্বৰ, ২০১৭ত এন আৰ চিৰ প্ৰথমটো খচৰা প্ৰকাশ পোৱাৰ পাছৰ উৎকণ্ঠা আৰু খেলিমেলিৰে পূৰ্ণ পৰিবেশত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই সম্পৰ্কত প্ৰকাশ কৰা বক্তব্য আৰু তৎপৰৱৰ্তী ক্ৰিয়া-প্ৰতিক্ৰিয়াবিলাকে অধিক জটিলতাৰ সৃষ্টি কৰিছে। তেওঁ ক’লে যে অসমৰ এন আৰ চিৰ প্ৰক্ৰিয়াটো হ’ল বাঙালীসকলক খেদিবৰ বাবে কৰা এটা চক্ৰান্ত মাথোঁ। এইটো দেখ দেখকৈ ভুল তথ্যৰ ওপৰত প্ৰতিষ্ঠিত আৰু উচটনিমূলক বক্তব্য, যিটোৱে অসমৰ সাম্প্ৰতিক পৰিবেশত অশান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে এনেধৰণৰ বক্তব্যক চিধাচিধি গৰিহণা দিয়া প্ৰয়োজন। পশ্চিম বংগৰ বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপিৰ বিৰুদ্ধে নিজৰ অৱস্থান শক্তিশালী কৰিবলৈকেই যে বেনাৰ্জীয়ে বাঙালী ছেণ্টিমেণ্টৰ সহায় লৈছে, সেয়া বুজিবলৈ টান নহয়। এক কথাত ই বাঙালী জাতীয়তাবাদক লৈ তৃণমূল আৰু বিজেপিৰ মাজত চলা টনা-আঁজোৰাকে প্ৰতিফলিত কৰিছে। কিন্তু অসমৰ জ্বলন্ত পৰিস্থিতিত ইয়াৰ বহুবোৰ ভয়ংকৰ সম্ভাৱনা থকা যেন ভাব হয়।

সি যি নহওক, বেনাৰ্জীৰ উক্ত বক্তব্যক কোনো বিক্ষিপ্ত-ব্যক্তিগত বক্তব্য বুলি আঁতৰাই ৰাখিব নোৱাৰি। সেই ঘটনাৰ পাছৰপৰাই বৰাক উপত্যকাত বিভিন্ন ব্যক্তি আৰু সংগঠনে এন আৰ চিৰ বিৰুদ্ধে একেধৰণৰ অভিযোগ উত্থাপন কৰা দেখা গৈছে। প্ৰকাশ হৈ যোৱা প্ৰথম খচৰাটোত যে অজস্ৰ সমস্যা আৰু খেলিমেলি আছে সেই লৈ অলপো সন্দেহ নাই। সেয়া প্ৰকৃততে অৱধাৰিতও। অসম চৰকাৰে বহুতো হোঁহকা-পিছলা কৰি কৰি উচ্চতম ন্যায়ালয়ৰ প্ৰবল হেঁচাতহে শেষ মুহূৰ্তত ততাতৈয়াকৈ এই খচৰাটো প্ৰকাশ কৰিবলৈ আগ বাঢ়িল। গতিকে খচৰাটো স্বাভাৱিকতেই বহুতো দিশৰপৰাই আংশিক আৰু আসোঁৱাহপূৰ্ণ। আৰু ইয়াৰ ভিত্তিত এই মুহূৰ্তটোত মূল সমস্যাটো সম্পৰ্কত, অৰ্থাৎ বিদেশী প্ৰশ্নটো সম্পৰ্কত কোনোধৰণেই শেষ সিদ্ধান্ত কৰিব নোৱাৰি, আনকি যুক্তিসংগত অনুমান কৰিবলৈও অসুবিধা। গতিকে আমাৰ বোধেৰে এন আৰ চিৰ খচৰাটোৰ সমস্যাবিলাক ঘাইকৈ আমোলাতান্ত্ৰিক আৰু টেকনিকেল। ধৰক, কাৰোবাৰ পৰিয়ালৰ এজনৰ নাম আহিছে, কিন্তু আন পাঁচজনৰ অহা নাই, কাৰোবাৰ নাম-উপাধি ভুলকৈ আহিছে, ইত্যাদি ইত্যাদি। উজনি অসমৰ মানুহৰ নাম বেছিকৈ অন্তৰ্ভুক্ত হৈছে, বৰাকৰ হোৱা নাই – ইয়াৰ আঁৰতো নিশ্চয়কৈ এনে কাৰণেই নিহিত আছে। আমি অন্ততঃ এতিয়ালৈকে এন আৰ চি প্ৰক্ৰিয়াৰ মাজত কিবা ষড়যন্ত্ৰমূলক আঁচনি লুকাই আছে, তেনে কোনো লক্ষণ দেখিবলৈ পোৱা নাই। গতিকে বিভিন্ন বাঙালী ব্যক্তি-সংগঠনে আমোলাতান্ত্ৰিক-টেকনিকেল ঘটনা এটাক ভুলকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ ৰূপত উপস্থাপন কৰিব খুজিছে। এইক্ষেত্ৰত বিশেষকৈ বাঙালী বিদ্বৎ সমাজৰ একাংশ অগ্ৰণী ব্যক্তিৰ ভূমিকা অনাকাংক্ষিত আৰু হতাশাজনক। এন আৰ চি প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে বিষোদগাৰ কৰি, তাৰ বহুলব্যাপী গ্ৰহণযোগ্যতাক আঘাত কৰি বাঙালী সমাজৰ কিবা লাভ হ’ব যেন নালাগে। এন আৰ চি সম্পূৰ্ণকৈ ওলাই গ’লে বিদেশী সমস্যাটোৰ কিমানখিনি সমাধান হয়গৈ সেয়া পাছৰ কথা : কিন্তু তাৰ ফলত বিদেশী সমস্যাৰ সমীকৰণটো যে গুণগতভাৱে বহুখিনি সলনি হৈ যাব আৰু তাৰ সমাধানৰ বাবে যে নতুন দিশ কিছুমান মুকলি হ’ব, সেইটো নিশ্চিত। অৰ্থাৎ অসমৰ বিদেশী সমস্যাটোৰ ঐতিহাসিক যাত্ৰাপথত এন আৰ চি এটা ডাঙৰ পদক্ষেপ। গতিকে বিদেশী সমস্যাটো ঐতিহাসিকভাৱে এটা পদক্ষেপ আগ বাঢ়ি যাবলৈকে এই প্ৰক্ৰিয়াটো সুকলমে হৈ যোৱাটো দৰকাৰী, আৰু সেইটো সকলোৰে কাম্য হোৱা উচিত। ইয়াক প্ৰতিহত কৰিলে বা ব্যাঘাত জন্মালে সমস্যাটোৱে অধিক জটিল ৰূপ লৈ পাকঘূৰণি খাই থাকিব, আৰু তাৰ ফলত আনৰ লগতে বাঙালী সমাজৰ বাবেও অধিক সমস্যাৰ সৃষ্টি হ’ব। যদি এন আৰ চিৰ প্ৰক্ৰিয়াত কোনো ঠাইত বিশেষ ঘটনা ঘটিছে য’ত বাঙালী লোকৰ বিৰুদ্ধে চৰকাৰী কৰ্মচাৰীয়ে ষড়যন্ত্ৰ কৰিছে বা অসমীয়া জাতীয়তাবাদী সংঠনৰ লোকে প্ৰক্ৰিয়াটোত হস্তক্ষেপ কৰিছে (কিছুৱে এনে অভিযোগ কৰিছে), তেন্তে সেই ঘটনাসমূহ ফাদিল কৰা হওক আৰু আইনী প্ৰক্ৰিয়াৰ আওতালৈ অনা হওক। আনহাতে, প্ৰথম খচৰাটোত দেখিবলৈ পোৱা অসম্পূৰ্ণতা আৰু আসোঁৱাহসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰা হওক। মন কৰিবলগীয়া যে বহল ঐতিহাসিক-ৰাজনৈতিক ভূমিকা যিয়েই নহওক, এন আৰ চি প্ৰসংগত অসমীয়া জাতীয়তাবাদী-জনগোষ্ঠীগত দল-সংগঠনবিলাকৰ সম্প্ৰতি সহযোগিতামূলক মনোভাব দেখিবলৈ পোৱা গৈছে। আচলতে ইয়াৰ অন্যথা হোৱাটো সম্ভৱো নহয়, কিয়নো এই দল-সংগঠনবিলাক নিজৰ কথাৰেই বান্ধ খাই আছে। গতিকে বাঙালী বিদ্বৎ সমাজ তথা দল-সংগঠনবিলাকেও যদি এই প্ৰক্ৰিয়াত আশানুৰূপধৰণে সহযোগিতা আগ বঢ়ায় তেন্তে এন আৰ চি সুকলমে হৈ যোৱাত সুবিধা হ’ব। সুখৰ বিষয় যে বাঙালী সমাজৰ বহুতো ব্যক্তি তথা দল-সংগঠন ইয়াৰ বাবে আগ বাঢ়ি আহিছে। স্বাভাৱিকতেই মমতা বেনাৰ্জীৰ বক্তব্যৰো বিৰোধিতা হৈছে এইসকলৰ মাজৰপৰা।

অসমীয়া মানুহখিনিৰ মাজত নিজৰ পৰিচয় সংকটক লৈ যিখিনি ভীতি আছে তাৰ আঁৰত বহুতো আৰ্থ-সামাজিক কাৰণ আছে, যাৰ ভিতৰত বিদেশী প্ৰব্ৰজনৰ সমস্যাটোও এটা। এইবোৰ কথা ইতিমধ্যে বিস্তৃতভাৱে আলোচিত হৈছে। অসমত জাতীয়তাবাদী ৰাজনীতিৰ অন্তহীন আধিপত্যৰ আঁৰত ঘাইকৈ এই পৰিচয় সংকটেই লুকাই আছে। গতিকে অসমত অন্যান্য যিকোনোধৰণৰ ৰাজনীতিৰ বাবে পথাৰ মোকলাবলৈ হ’লে, প্ৰগতিশীল ৰাজনীতিৰ বীজ সিঁচিবলৈ হ’লে তাৰ আগতেই এই পৰিচয় সংকটৰ প্ৰশ্নটোৰ এটা মীমাংসা কৰি লোৱাটো দৰকাৰী। সেই দিশৰপৰাও এন আৰ চিৰ এটা ভূমিকা আছে। নিজকে অসমীয়া বুলি পৰিচয় দিয়া-নিদিয়া আন আন খিলঞ্জীয়া জনগোষ্ঠীৰ বাবেও বিদেশী প্ৰব্ৰজনে জনগাঁথনিগত সমস্যাকে ধৰি বহুতো আৰ্থ-সামাজিক সমস্যাৰ সৃষ্টি কৰিছে৷ গতিকে অসমীয়া মানুহক, অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক এন আৰ চি লাগিবই। ইয়াৰপৰা বাঙালীসকলো নিশ্চয়কৈ বাদ নপৰে৷ সি যি নহওক, এন আৰ চি প্ৰশ্নটোৰ অচিলা লৈ বাঙালী সমাজৰ যিখিনি ক্ষোভ আৰু অভিযোগ উঠি আহিছে সেয়াও আচলতে তাৎক্ষণিক নহয় – সেয়া দীৰ্ঘদিনীয়া পুঞ্জীভূত বস্তু। বিদেশীৰ নামত বহুসংখ্যক বাঙালী লোকে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে সেয়া সঁচা। এইখিনিতে স্পষ্ট হৈ লোৱা ভাল যে এতিয়া বাঙালীক খেদিব বুলি হোৱা হুলস্থূলটো ঘাইকৈ হিন্দু বাঙালীক লৈহে হৈছে, বংগমূলীয় মুছলমানক লৈ নহয়। সি যি নহওক, বিদেশীৰ নামত বংগমূলীয় মুছলমানৰ নিচিনাকৈ বাঙালী হিন্দুৰ ওপৰতো হাৰাশাস্তি হৈছে। সেইক্ষেত্ৰত অসমীয়া জাতীয়তাবাদী দল-সংগঠনবিলাকৰো ঐতিহাসিক ভূমিকা আছে। ইয়াৰ বিৰুদ্ধে বাঙালী সমাজৰপৰা গণ আন্দোলন গঢ়ি তোলা দৰকাৰ। অসমীয়া গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিবিলাকেও ইয়াত সহযোগ কৰিব লাগিব। কিন্তু সম্প্ৰতি দেখিবলৈ পোৱা বৃহৎ বাঙালী জাতীয়তাবাদৰ ঢৌটোৰ মাজত সৰ্বসাধাৰণ বাঙালী ৰাইজৰ এইধৰণৰ আৰু আন আন আৰ্থ-সামাজিক সমস্যাৰ বৰ গুৰুত্ব থকা যেন নালাগে। এই বাঙালী জাতীয়তাবাদ চালিত হৈছে ঘাইকৈ বৃহৎ বাঙালী জাতিৰ সাংস্কৃতিক অভিমানক কেন্দ্ৰ কৰি। বাঙালীসকল হৈছে এটা ডাঙৰ জাতি, অসমীয়াৰ দৰে সৰু নহয় – যাৰ নিজা এখন দেশ আছে, এখন ৰাজ্য আছে, অতিকে সমৃদ্ধ ভাষা-সংস্কৃতি আছে। তেনেস্থলত তেওঁলোকে অসম ৰাজ্যত অসমীয়া জাতিৰ ওচৰত একপ্ৰকাৰ সেও হৈ থাকিবলগা হৈছে। অসমত ৰাজনীতিতে হওক, প্ৰশাসনতে হওক, গণমাধ্যমৰ ওপৰতে হওক, ৰাজহুৱা পৰিসৰৰ ওপৰতে হওক – অসমীয়াৰ আধিপত্য আছে, বাঙালীৰ নাই। যিসমূহ এলেকাত বাঙালীসকল একগোট হৈ এখন সমাজ ৰূপত বৰ্তি আছে, তাত তেওঁলোকে নিজৰ ভাষা-সংস্কৃতি নিৰ্বিঘ্নে বৰ্তাই ৰাখিব পাৰিছে। কিন্তু যিসমূহ এলেকাত তেওঁলোক অসমীয়া বা অন্য গোষ্ঠীৰ লোকৰ মাজত বিক্ষিপ্তভাৱে বিস্তাৰিত হৈ আছে সেইসমূহত তেওঁলোকে তেনেদৰে বৰ্তাই ৰাখিব পৰা নাই। এনেবোৰ কাৰণত তেওঁলোকৰ মাজত ৰাজনৈতিক-সাংস্কৃতিক ক্ষোভ আৰু অভিযোগ থকাটো স্বাভাৱিক। অসমীয়া জাতীয়তাবাদী দল-সংগঠনবিলাকৰ বিদ্বেষমূলক মনোভাব তথা কাম-কাজে এইক্ষেত্ৰত ইন্ধন যোগাই আহিছে। এইটো এক অনস্বীকাৰ্য বাস্তৱ সত্য। কিন্তু প্ৰশ্ন হ’ল ইয়াৰপৰা কেনি যাব তেওঁলোক? এইটো এটা জটিল প্ৰশ্ন যাৰ উত্তৰ সহজে পোৱা টান। কিন্তু উত্তৰ বিচৰাটো অধিক জৰুৰী হৈ পৰিছে যেন ভাব হয়।

অসমীয়া জাতীয়তাবাদৰ উন্মেষ কালৰেপৰা অসমীয়া-বাঙালী সংঘাত ভিন ভিন ৰূপত চলি আহিছিল, বিংশ শতিকাৰ শেষৰ পিনে সি অধিক তিক্ত হৈ পৰিছিল। শেহতীয়া সময়ছোৱাত এই সংঘাত হয়তো কিছু সুপ্ত ৰূপত আছিল। কিন্তু এন আৰ চিক লৈ মমতা বেনাৰ্জীৰ বক্তব্যৰ পাছত যিখিনি ক্ৰিয়া-প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে, তাৰপৰা ভাব হৈছে যেন অসমীয়া-বাঙালী সংঘাতে আকৌ নতুন মোৰ ল’বলৈ গৈছে, জংগী ৰূপ ল’বলৈ আৰম্ভ কৰিছে। সেইটো যদি বাস্তৱত ঘটে তেন্তে সেয়া কাৰোপক্ষেই মংগলজনক নহ’ব। গতিকে অসমীয়া-বাঙালী উভয় জাতিৰে গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহে সময় থাকোতেই সতৰ্ক হৈ এটা সমাধানৰ বাবে চেষ্টা কৰা ভাল। এটা কথা ঠিক যে অসমীয়া-বাঙালীৰ মাজত দীৰ্ঘদিনীয়া সমন্বয়ৰ ঐতিহ্য এটা আছে – সেইটো বৰ মূল্যৱান বস্তু। কিন্তু সেইটোৰ সোঁৱৰণে এই সংঘাতৰ মোকাবিলা কৰাত আমাক বৰ এটা সহায় কৰিব পাৰিব যেন নালাগে। সংঘাতৰ বাস্তৱিক কাৰণসমূহ কি কি সেইবোৰ আলোচনা কৰা দৰকাৰ, বেয়া পোৱা-ভাল পোৱাৰ কথাটো কাতি কৰি ৰাখি। সি যি নহওক, অসমীয়া-বাঙালী সংঘাত নিৰসনৰ বাবে কিছু লোকে পৃথক ৰাজ্য গঠনৰ পোষকতা কৰে। আমাৰ বোধেৰে নতুন নতুন ৰাজ্য গঠনৰ দাবীৰে উত্তাল হৈ থকা অসমৰ প্ৰেক্ষাপটত সেইটো উপায় বাস্তৱসন্মত আৰু ফলপ্ৰসূ হ’ব যেন নালাগে। বাঙালীপ্ৰধান অঞ্চলত থকা অসমীয়া বা আন গোষ্ঠীৰ লোকৰ বিৰুদ্ধে নৃগোষ্ঠীয় পৰিষ্কৰণৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। তেনেহ’লে কি উপায়েৰে সংঘাত নিৰসন হ’ব সেইটো বিদ্বৎ সমাজৰ আলোচ্য। কিন্তু এটা কথা ঠিক যে বৃহৎ বাঙালী জাতীয়তাবাদে অসমৰ বাঙালীক নতৰায়। অসমৰ বাঙালী সমাজে অসমৰ মাটিতে নতুন ৰাজনীতিৰ সৃষ্টি কৰিব লাগিব। সেইটো কেনেধৰণৰ হ’ব সেয়া তেওঁলোকৰ নিজৰ মাজৰপৰাই নিৰ্ধাৰিত হ’ব লাগে। প্ৰতিষ্ঠিত ৰাজনৈতিক দলবিলাকে যে তেওঁলোকক সহায় নকৰে সেইটো নিশ্চয় বাঙালী ৰাইজে বুজিব পাৰিছে। আনহাতে, অসমীয়া জাতীয়তাবাদী শক্তিবিলাকে বাঙালীসকলক অসমীয়া কৰিবলৈ চেষ্টা নকৰাই ভাল – তেওঁলোকক নিজৰ মতে থাকিবলৈ দিব লাগে। একপ্ৰকাৰ উগ্ৰ জাতীয়তাবাদে আন একপ্ৰকাৰ উগ্ৰ জাতীয়তাবাদৰ জন্ম দিয়ে। অসমীয়া উগ্ৰ জাতীয়তাবাদ আৰু বাঙালী উগ্ৰ জাতীয়তাবাদ – এই দুয়োটাই সমানেই ভয়ংকৰ আৰু সমানেই গণবিৰোধী। গতিকে গণতান্ত্ৰিক-প্ৰগতিশীল শক্তিসমূহে ইয়াৰ দুয়োটাকে বিৰোধ আৰু সমালোচনা কৰা দৰকাৰ।

আনহাতে, এন আৰ চিৰ জৰিয়তে বাঙালী খেদিব বিচৰা বুলি হোৱা হুলস্থূলৰ মাজত যিটো প্ৰকৃত সত্য লুকাই পৰিছে সেইটো হ’ল হিন্দু জাতীয়তাবাদৰ প্ৰশ্নটো। এন আৰ চি প্ৰকৃততে কোনে বিচৰা নাই? কোনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বিদেশীক আদৰি আনিব বিচাৰিছে আৰু অসম চুক্তিখনক নস্যাৎ কৰিব বিচাৰিছে? ইয়াৰ উত্তৰ সকলোৱে জানে। কিন্তু এন আৰ চিক সমালোচনা কৰা বাঙালী বিদ্বৎ সমাজে এই আচল প্ৰশ্নটো সম্পূৰ্ণৰূপে এৰাই চলিছে। (অন্য সময়ত সেইসকলৰ হিন্দু জাতীয়তাবাদৰ প্ৰতি কেনে দৃষ্টিভংগী সেইটো বেলেগ কথা।) সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এতিয়া হিন্দু জাতীয়তাবাদী শক্তিসমূহে আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এনে প্ৰেক্ষাপটত অসমীয়াই বাঙালীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে নে বাঙালীয়ে অসমীয়াৰ বিৰুদ্ধে কৰিছে, সেইটো আচল প্ৰশ্ন নহয়। আচল প্ৰশ্ন হ’ল, হিন্দু জাতীয়তাবাদী শক্তিসমূহে কি কৰিছে আৰু কাক কাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে? দেখা গৈছে যে এন আৰ চিৰ বিৰুদ্ধে বিষোদগাৰ যি চিন্তাৰ, যি দলৰ মানুহেই নকৰক লাগিলে আৰু তেওঁলোকৰ নিজৰ ইচ্ছা যিয়েই নহওক লাগিলে – ইয়াৰ শেষ মুনাফা কিন্তু হিন্দু জাতীয়তাবাদীহঁতৰে হ’ব। কাৰণ এন আৰ চি প্ৰক্ৰিয়াটোৰ আদৰ্শগত বিৰোধী তেওঁলোকেই। আলোচ্য বিতৰ্কৰ ফলস্বৰূপে বিতৰ্কৰ কেন্দ্ৰবিন্দুটো আন দল-সংগঠনৰ পিনে গুচি গ’ল আৰু চতুৰ হিন্দু জাতীয়তাবাদীহঁত নিমাখিত-অজলাৰ নিচিনাকৈ আঁৰত থাকি গ’ল। চমুকৈ ক’বলৈ গ’লে, এন আৰ চিক কেন্দ্ৰ কৰি সঁচাকৈয়ে যদি কিবা ষড়যন্ত্ৰ আছে তেন্তে সেয়া হ’ল হিন্দু জাতীয়তাবাদী শক্তিসমূহে হিন্দু বিদেশীক নাগৰিকত্ব দিব খোজাৰ ষড়যন্ত্ৰ। হিন্দু জাতীয়তাবাদী শক্তিসমূহে এটা সমসত্ব আৰু অখণ্ড হিন্দু বাঙালীৰ পৰিচিতি নিৰ্মাণ কৰিব খোজে আৰু নিজকে তাৰ ত্ৰাণকৰ্তা ৰূপত প্ৰতিষ্ঠা কৰিব খোজে। কিন্তু ইয়াৰ আঁৰত বাঙালী ৰাইজৰ স্বাৰ্থৰ কথা লুকাই থকা নাই, লুকাই আছে হিন্দু ৰাষ্ট্ৰ গঠনৰ আঁচনিহে। হিন্দু বাঙালীক অসমৰপৰা খেদিব খোজা বুলি বৃহৎ বাঙালী জাতীয়তাবাদৰ পোষকতা কৰা বাঙালীসকলেও জ্ঞাতে-অজ্ঞাতে এই হিন্দু জাতীয়তাবাদী আঁচনিত হাত উজান দিছে যেন আমাৰ ভাব হৈছে। এই হিন্দু জাতীয়তাবাদী আঁচনি যেনেকৈ অসমীয়া ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী, একেদৰেই বাঙালী ৰাইজৰো পৰিপন্থী। অসমীয়া-বাঙালী সকলোৱে মিলি ইয়াৰ বিৰুদ্ধেহে থিয় দিয়া উচিত।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে