চ’ৰাঘৰ / শিল্প / চলচ্চিত্ৰ / স্নেহাংকৰৰ কাল্পনিক চুটি চিনেমাখন ( মনোহৰ দত্ত )

স্নেহাংকৰৰ কাল্পনিক চুটি চিনেমাখন ( মনোহৰ দত্ত )

এখন চুটি অসমীয়া চিনেমা নিৰ্মাণ কৰিছে স্নেহাংকৰ নামৰ এজন অসমীয়া চিনেমা অনুৰাগীয়ে। চিনেমাখনৰ নামটো ইংৰাজীত দেখিয়েই ভাবিছিলোঁ, নামটো কিয় অসমীয়াত নিদিলে? অৱশ্যে চিনেমাখন চোৱাৰ পিছতো নামটো কিয় ‘ৰঙা+হালধীয়া= (ৰঙা যোগ হালধীয়া সমান)’ বুলি দিয়া নহ’ল, সেয়া বুজিব পৰা নাই। যিহওক, এখন ভাল চুটি চিনেমা উপহাৰ দিয়া কাৰণে প্ৰথমতেই স্নেহাংকৰলৈ আন্তৰিক অভিনন্দন জনালোঁ।

নেপথ্যৰ কিছু কথা :

তিনিমাহমান আগতে অসমীয়া কবিতা, অসমীয়া ভাষাৰ সমস্যা, এখন সৰ্বাংগ সুন্দৰ আৰু নিৰ্ভৰযোগ্য অসমীয়া অভিধানৰ বিষয়ে আমি স্নেহাংকৰৰ সৈতে এলানি কথা পাতিছিলোঁ। কথাৰ মাজতে স্নেহাংকৰে জনাইছিল তেওঁ নিৰ্মাণ কৰি থকা এই চিনেমাখনৰ বিষয়ে। সমুদ্ৰ কাজল শইকীয়াৰ এটি কবিতাৰ আধাৰত আৰু কোনো সংলাপ অবিহনে এই চিনেমাখন নিৰ্মাণ কৰাৰ কথা তেওঁ জনাইছিল। তেওঁৰ কথা শুনি চিনেমাখন চাবলৈ আগ্ৰহ উপজিছিল। ইচ্ছা থকা সত্বেও বিশেষ কিছু বাধাৰ কাৰণে স্নেহাংকৰে চিনেমাখন আগতীয়াকৈ আমাক দেখুৱাবলৈ অক্ষমতা প্ৰকাশ কৰিছিল। এইবোৰ ভিন্ন কাৰণতেই আমিও ৰৈ আছিলোঁ চিনেমাখন চাবলৈ। এনেতে সমুদ্ৰ কাজল শইকীয়াই তেওঁৰ ‘কাণখোৱা চেনেল’ৰ জৰিয়তে ‘ইউ টিউব’ত সংযোগ কৰা চিনেমাখনৰ বিষয়ে ফেচবুকত জনালে। বাতৰিটো দেখি লগে লগেই চিনেমাখন চাবলৈ মন গৈছিল যদিও ভালদৰে আৰু নিৰলে চাম বুলি আমি দুদিনমান ৰৈছিলোঁ আৰু ৩১ ডিচেম্বৰৰ বিয়লি বেলাত চিনেমাখন তিনিবাৰমান চালোঁ।

চিনেমাখনৰ অলপ কথা :

‘ইউ টিউব’লৈ গৈ চিনেমাখন চাবলৈ লওঁতেই দেখা যায় অসমৰ এখন গাঁৱৰ খেতিপথাৰ। চৰাইৰ মাত, বতাহৰ শব্দত বৰষুণ অহাৰ আগজাননী, দূৰৈৰ পৰা ৰিণি ৰিণি ভাহি আহিছে মহিলাৰ কন্ঠৰ নাম। ক্ৰমে দূৰৈৰ পৰা খেতিপথাৰৰ আলিয়েদি গাত মাত্ৰ গামোচা এখন পিন্ধি আগবাঢ়ি আহিছে এজন ল’ৰা আৰু তেওঁৰ হাতত এটা বাঁহী।

সৰিয়হৰ হালধীয়া ফুলেৰে ভৰি থকা পথাৰৰ আলিয়েদি আহি আহি এজোপা সৰু গছৰ কাষতে থকা শিল এচটাত বহি ল’ৰাজনে বাঁহীটিত কোমল সুৰ তুলিছে। তাৰ পিছতেই দেখা গ’ল নামঘৰৰ নাম প্ৰসংগ আৰু আনপিনে গৰাখহনীয়া। বাতৰি কাকতত ভিন্ন বাতৰিৰ ছবি আৰু টি,ভিৰ তাজা খবৰ। সাম্প্ৰদায়িকতা, ভূমিৰ অধিকাৰ, অসমীয়া তৰুণৰ প্ৰতিভা, গুপ্তহত্যা আদি ভিন্ন খবৰ। লাহে লাহে ভাহি আহিছে ‘এ প্ৰাণ গোপাল, পাতিলা মায়াৰে খেলা’ শীৰ্ষক গীতটি। গীতৰ লগে লগে প্ৰাকৃতিক দুৰ্যোগ, উচ্ছেদ, জীৱন-জীৱিকাৰ ছবি চিত্ৰায়িত হৈছে।

ভাহি আহিছে গুলী-বাৰুদৰ শব্দ, যুদ্ধ-সদৃশ পৰিৱেশ। গৰখীয়া ল’ৰাই বজোৱা বাঁহীত জুই জ্বলিছে, জ্বলিছে সৰিয়হ ডৰা। নগৰীয়া ব্যস্ততা, প্ৰদূষণ, অভাৱ-অনাটন, পথৰ কাষত জ্বলি থকা গাড়ী। নগৰৰ অন্ধকাৰ কোঠাটোৰ পৰা সৰু খিৰীকিখন মেলি মানুহ এজনে প্ৰত্যক্ষ কৰিছে নগৰীয়া জীৱনৰ সংশয়, বিভীষিকা। তেওঁ দেখিছে কিদৰে জ্বলি গৈছে জাতিৰ গৰিমা স্বৰূপ গামোচা।

তাৰ মাজতে ভাহি আহিছে বিহুৰ পেপাৰ সুৰ। তাকে শুনি মানুহজনে খিৰীকিখন জপাই দিছে আৰু আন্ধাৰত বিলীন হৈছে। তেনেকৈয়ে পাৰ হৈ গৈছে পূজা, দেৱালীৰ সময়। নামঘৰত তেতিয়াও চলিছে নাম-প্ৰসংগ। থাপনাৰ কাষলৈ এইবাৰ আগুৱাই আহিছে এজন যুৱক। তেওঁ আহি শৰাইখনত আঁকিছে মঙ্গলসূচক প্ৰাচীন চিহ্ন স্বস্তিকা। ক্ৰমে ক্ৰমে যুৱকজনে নিজৰ দানৱীয় ৰূপ প্ৰকাশ কৰিছে। চৌপাশে জ্বলি-পুৰি ছাৰখাৰ হৈছে দেশ, সমাজ, প্ৰকৃতি। শেষত দেখা গৈছে যুৱকজনে হিংস্ৰ জন্তুৰ দাঁতেৰে মুখখন মেলি দিছে আৰু তেওঁৰ মুখমণ্ডল ৰঙা আৰু হালধীয়াৰে ভৰিছে। দেখা গৈছে বাঁহবোৰে নতুন গজালি মেলিছে, বৰষুণ পৰিছে আৰু কৃষকে গৰু-হাল লৈ খেতি পথাৰলৈ আগবাঢ়িছে। লানি নিচিগা সৰু-বৰ পৰুৱাই গতি কৰিছে ইফালৰ পৰা সিফাললৈ।

আপেক্ষিক দৃষ্টিত চিনেমাখন এনেদৰেই নিবেদন কৰা হৈছে। স্নেহাংকৰে আগতেই জনোৱাৰ দৰে চিনেমাখনৰ অন্যতম গুৰুত্বপূৰ্ণ এটা দিশ হ’ল- ইয়াত কোনো সংলাপ নাই। পৰিচালকৰ কল্পনা আৰু কেমেৰাৰ ভাষাই দৰ্শকক দিয়ে কিবা এটা বুজাৰ, জনাৰ সমল। সমসাময়িক দেশ, কাল আৰু ৰাজনৈতিক পটভূমিক চিনেমাখনত কিদৰে উপস্থাপন কৰিছে সেয়া চিনেমাখন চালেহে বুজিব পৰা যায়। আমি চিনেমাখন চায় ইয়াকেই বুজিছোঁ যে অসমীয়া চিনেমালৈ স্নেহাংকৰে নিশ্চয় এটা নতুনত্ব আনিব পাৰিব- যিয়ে অসমীয়া মানুহৰ আউল লগা মনটোক জীপাল কৰাত সহায় কৰিব।

এইখিনিতে চিনেমাখনৰ মূল আধাৰ, সমুদ্ৰ কাজল শইকীয়াৰ কবিতাটো আগবঢ়ালোঁ-

দেশ লৈ কি লাওখোলাটো কৰিম!
– সমুদ্ৰ কাজল শইকীয়া

মোৰ দেশখন যদি কেতিয়াবা আনৰ হৈ যায়, মোৰ কোনো আপত্তি নাই
মুছলমানৰ সংখ্যাবৃদ্ধিত মই অকনো উৎকণ্ঠিত নহওঁ
বাংলাদেশীৰ প্ৰৱজনে কেতিয়াও মোৰ চকুৰ টোপনি হৰণ কৰা নাই।

দেশৰ নামেৰে হৈ চৈ মোৰ ভাল নালাগে।

মোৰ দেশখন ভাগি টুকুৰা টুকুৰ হৈ গ’লেও মোৰ কোনো আপত্তি নাই
আপত্তি নাই যেনেকৈ তিনিআলিৰ মূৰত কাৰোবাৰ প্ৰতিমূৰ্তি
স্থাপিত হ’ল কি নহ’ল তাকে লৈ
কাৰ মাটিত কোনে আহি কৰিলেহি খেতি- তাকে লৈ
মোৰ বিচলিত হ’বৰ কোনো কাৰণ নাই
মই ভাবি বিচলিত হওঁ মাথোঁ খেতিডৰা হ’ল নে নহ’ল

প্ৰতিবাদৰ সংজ্ঞাক ভেঙুচালি কৰি
এই যে প্ৰাত্যহিক জীৱন স্থবিৰ কৰি দিয়া হয় বাৰম্বাৰ
মোৰ আপত্তি সেইখিনিতহে।
জীৱনক উপহাস কৰি এই যে আত্মিক মৌনতা,
তাৰ বিপৰীতে ক্ষমতা প্ৰৰোচিত এই যে হৈ চৈ,
মোৰ আপত্তি সেইখিনিতহে।
মুকলি পথাৰখন যে গেলা বস্তি হৈ পৰে উন্নয়নৰ নামত,
মোৰ আপত্তি সেইখিনিতহে।
নৈ বিল জান জুৰিৰে ভৰা, বৰষুণে অহৰহ সেমেকাই ৰখা
এইখন দেশতো যে মাছ-পুঠিৰ জুই ছাই দাম
মোৰ আপত্তি সেইখিনিতহে।

এপৃথিৱী মৰম নেওচি
এখন ঘৃণাৰ দেশ মোক নালাগে।

শেষত ক”ম যে- চলচিত্ৰ বিষয়ৰ কোনো আনুষ্ঠানিক অৰ্হতা বা শিক্ষা অবিহনে স্নেহাংকৰে চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি আগবঢ়ালে, তেওঁ তেওঁৰ সেই ধাৰণাক যেন অধিক সমৃদ্ধ কৰাৰ যত্ন কৰে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে