চ’ৰাঘৰ / শিল্প / অসমৰ শিল্পকলা চৰ্চাত স্থবিৰতা আৰু সম্ভাৱনা ( পল্লৱ শইকীয়া, ধৰ্মেন্দ্ৰ প্ৰসাদ )

অসমৰ শিল্পকলা চৰ্চাত স্থবিৰতা আৰু সম্ভাৱনা ( পল্লৱ শইকীয়া, ধৰ্মেন্দ্ৰ প্ৰসাদ )

অসমৰ শিল্পকলাৰ ক্ষেত্ৰখনৰ পয়াঁলগা অৱস্থা সৰ্ম্পকে বিশেষ আলোচনা দেখা নাযায়। নীলমণি ফুকন আদিৰ দৰে মাত্ৰ কেইজন মান আঙুলিৰ মূৰত লেখিব পৰা সমালোচকক বাদ দিলে পিঠি চপৰিওৱা প্ৰশংসাৰ বাদে অন্য একো দেখা নাই। শিল্পকলাৰ নামত ব্যৱসায়িক, ভীষণভাৱে পুঁজিবাদী Art piece-এ এতিয়া অসমৰ শিল্পকলাৰ পৰিচয় হৈছে। অসমৰ শিল্পকলাত অসমৰ শিল্পী, অসমৰ আৰ্ট কলেজৰ শৈক্ষিক নীতি বা বাতাবৰণ আদিৰ সমস্যাৰ আলোচনা কৰি কি ধৰণেৰে নতুন ধৰণৰ কাম-কাজ কৰিব পাৰি, তাৰ সাক্ষ্য দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। এই প্ৰবন্ধটোৰ ক্ৰটি-বিচ্যুতি সম্পৰ্কত সমালোচনা আগবঢ়োৱা ৰ বাবে আমাৰ তৰফৰ পৰা অংকুৰ তামুলী ফুকন আৰু বিদ্যুৎ সাগৰ বৰুৱাক ধন্যবাদ ।

অসমৰ শিল্পকলাৰ ক্ষেত্ৰখনৰ অৱস্থা একবিংশ শতিকাতো টনকিয়াল বুলিব পৰা নাযায়। অসমৰ শিল্পকলাৰ ক্ষেত্ৰখনৰ গুৰি ধৰোঁতা ১৯৪৭ চনতে স্থাপিত হোৱা চৰকাৰী চাৰু–কাৰু কলা মহাবিদ্যালয়খন আজিকোপতি এখন পূৰ্ণাংগ কলা শিক্ষাৰ অনুষ্ঠান ৰূপে গঢ় লৈ নুঠিল। মহাবিদ্যালয়ক কেন্দ্ৰ কৰি অসমৰ কলা চৰ্চা পৰিৱেশ আজিও শোচনীয়, এইটো নিশ্চয়কৈ এক চিন্তনীয় বিষয়।

১৯ এপ্ৰিল, ২০১৭ তাৰিখে বশিষ্ঠৰ চক্ৰ বিষয়া সহ প্ৰায় ৪০-৫০ জনীয়া এটা দলে ১৯৪৭ চনতে স্থাপিত চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়খনক বেদখলকাৰী সজাই পানী টেংকি বনোৱাৰ নামত উচ্ছেদ অভিযান চলাবলৈ আহে। উক্ত দিনা চৰকাৰী বিষয়াই মহাবিদ্যালয়ৰ চৌহদত থকা ভাস্কৰ্যসমূহক লৈ মন্তব্য কৰে – এইবোৰৰ কি কামত আছে ? এইবোৰ বনালে কি হ’ব ? ইত্যাদি । মহাবিদ্যালয়ত বৰ্তমানে পঢ়ি থকা ছাত্ৰ–ছাত্ৰীয়ে বিষয়া গৰাকীক যথাযথ উত্তৰ দিব নোৱাৰিলে। আমাৰ মনত আছে এদিন এই মহাবিদ্যালয়ৰ অধ্যক্ষা মহোদয়াই শিক্ষক দিৱস উপলক্ষে হোৱা সভা এখনত আক্ষেপেৰে কৈছিল, ‘আমি দিছপুৰত থকা আমোলা-বিষয়াক শিল্পকলাৰ প্ৰয়োজনীয়তাৰ কথা বুজাব নোৱাৰো।’ ই এটা পৰিতাপৰ বিষয়। ইয়াৰ কাৰণসমূহৰ ভিতৰত ক’ব পাৰি– বৰ্তমানলৈকে প্ৰচলিত শিক্ষা নীতি, বৰ্তমানে অসমত চলি থকা শিল্প আৰু শিল্পীৰ ভূমিকা, উক্ত শিক্ষা ব্যৱস্থাটোত শিল্পী, আমোলা আৰু শিল্প অনুষ্ঠানসমূহে কৰি অহা দুৰ্নীতি লগতে আমাৰ সমাজ খনে আজিও শিল্প কলাৰ প্ৰয়োজনীয়তা বুজিবলৈ পুৰঠ হ’ব নোৱাৰাটোও এটা প্ৰধান কাৰণ।

যদি অসমৰ কলা বুৰঞ্জীলৈ চকু ফুৰাও তেন্তে উথান–পতনৰ ছবি এখন দেখিম। ভাৰতবৰ্ষত ব্ৰিটিছসকলে বিভিন্ন চহৰত ঔপনিৱেশিক শিক্ষা নীতিৰে আৰ্ট স্কুলসমূহ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকে ব্ৰিটিছ একাডেমীক ৰিয়েলিজম’ৰ শিক্ষা প্ৰচলন কৰে। ইয়াৰ কাৰণ আছিল ব্ৰিটিছসকলক বিদ্যায়তনিক–প্ৰশাসনিকভাৱে সহায়ৰ বাবে কিছুমান ড্ৰাফটছমেনৰ – যেনে প্ৰাচীন মন্দিৰ প্ৰাংগনৰ নক্সা, পৰিৱেশ আদি যথাযথভাৱে আঁকি তুলিব পৰা লোকৰ প্ৰয়োজন হৈছিল। ভাৰতবৰ্ষ আন আন ঠাইসমূহৰ দৰে অসমত তেনেকুৱা আৰ্ট স্কুলৰ প্ৰতিষ্ঠা নহ’ল; যদিও কলিকতা আৰ্ট স্কুলত শিক্ষা গ্ৰহণ কৰা জীৱেশ্বৰ বৰুৱাই ১৯৪৭ চনত অসমত প্ৰথম খন আৰ্ট স্কুল প্ৰতিষ্ঠা কৰি কলা শিক্ষাৰ দুৱাৰ মুকলি কৰে। তাৰ পৰবৰ্তী পৰ্যায়ত অসমত ভুমুকি মৰা কেইগৰাকীমান বিশিষ্ট শিল্পীয়ে কলাৰ ক্ষেত্ৰখন কিছু পৰিমাণে জীপাল কৰিছিল। এওঁলোকৰ ভিতৰত শোভা ব্ৰহ্ম, প্ৰণৱ বৰুৱা, নীলপৱন বৰুৱা, বেণু মিশ্ৰ আদিৰ অৱদান লেখত ল’বলগীয়া। এই সময়খিনিয়ে আছিল অসমৰ কলা চৰ্চাৰ উত্তৰণৰ সোণালীক্ষণ । তথাপি অসম মুলুকত Bengal school, Baroda school আদিৰ ধৰণৰ স্কুল নহ’ল। তাৰ পৰিবৰ্তে Sub school ধৰণৰ কাৰবাৰ কিছুমানহে দেখিবলৈ পাওঁ । আমাৰেই বিড়ম্বনা যে আজিকোপতি কলা শিক্ষাৰ নামত এজনো দূৰদৃষ্টিসম্পন্ন কলা শিক্ষক অসমৰ ভূমিত জন্ম নহ’ল । যেনে ধৰক বৰোডাৰ কলা শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত কে. জি সুব্ৰমনিয়াম, গোলাম মহম্মদ শ্বেইখ , জ্যোতি ভাট আদিৰ অৰিহণা আৰু বিশ্বভাৰতী কলা ভৱনৰ ক্ষেত্ৰত নন্দলাল বসু, বিনোদ বিহাৰী মুখাৰ্জি, ৰামকিংকৰ বেইজৰ অবদান চিৰস্মৰণীয়।

এতিয়া কলা শিক্ষা নীতি সম্পৰ্কীয় সমস্যা সমূহলৈ আহো ।
১. মহাবিদ্যালয়ত অতীজৰে পৰা একেখিনি আওপুৰণি পাঠ্যক্ৰম আজিও চলি আছে। প্ৰচলিত শিক্ষা নীতিৰ দ্বাৰা শিল্প কলাৰ ক্ষেত্ৰত Elite ধৰণৰ কাৰবাৰ এটাহে দেখা যায়। এই ধৰণৰ শিক্ষানীতিয়ে কলাক এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছে, যাৰ ফলত কলা আৰু জনসাধাৰণৰ মাজত দেৱাল সদৃশ বেষ্টনী সৃষ্টি হয়। ইয়াৰেই নিদৰ্শন হৈছে শিল্প-কলা সাধাৰণতে জনসাধাৰণৰ পৰা দূৰত কলা বীথিকাত বিশেষ এক শ্ৰেণী দৰ্শকৰ সমুখত প্ৰদৰ্শিত হৈ থকাটো। শিল্পকলাক High Art বুলি এক ধৰণৰ Elite শ্ৰেণীৰ বিলাসীতাৰ বস্তুত পৰিণত কৰা হয়। এই দেৱালখন ভাঙিবলৈ হ’লে আধুনিকতাবাদী ভাৱ-ভাষাত নিকপকপীয়া হৈ পৰা High Art/Low art ৰ দ্বিবিভাজনৰ ধাৰণা এৰিব লাগিব । নহ’লে প্ৰচলিত শিক্ষা নীতিৰ ফলত কলাক এক শ্ৰেণীৰ মানুহৰ ড্ৰয়িং ৰুমত সজাবলৈ নিলামত বিক্ৰী হোৱা পণ্য art piece হিচাপেই গণ্য হৈ থাকিব। কোৱা বাহুল্য যে শিল্পৰ এই বজাৰে এচাম শিল্পীক চহকী কৰিলেও সামগ্ৰিকভাৱে ব্যৱস্থাটো শোষণৰ বিভিন্ন ৰূপেৰে ভাৰাক্ৰান্ত আৰু শিল্পকৰ্মৰ তুলনাত বিশেষ একোজন শিল্পীৰ brand মূল্যই গুৰুত্বপূৰ্ণ হৈ পৰিছে। 

২. অসমৰ স্কুলসমূহত কলা শিক্ষাৰ গুৰুত্ব নাই। ইয়াৰ প্ৰয়োজনীয়তা মাত্ৰ বিজ্ঞানৰ ছবি অথবা মেপ আঁকিবৰ বাবেহে। শিল্পকলা চৰ্চা এটা গভীৰ আৰু গুৰুত্বপূৰ্ণ বিষয় এই কথাটো আমাৰ শিক্ষা নীতিয়ে আজিলৈকে ঢুকি পোৱা নাই। বিদ্যালয় পৰ্যায়ত মাত্ৰ ছাত্ৰ–ছাত্ৰীক কচুপাত আৰু দুখিলা পাতৰ সৈতে আম অকাঁতেই সীমাবদ্ধ ৰখা হয়।

৩. ভাৰতবৰ্ষ কলা শিক্ষাৰ অনুষ্ঠান সমূহত আজিও ব্ৰিটিছ সকলে প্ৰচলন কৰা Academic Realism ৰ প্ৰভাৱ দেখা যায়। অসমৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ আধাকেচেলুৱা। আনহাতে অসমৰ কলা মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত অসমৰ পুথি চিত্ৰ, মুখাশিল্প, জনজাতীয় কলা ইত্যাদিক বিদ্যায়তনিকভাৱে অন্তভুৰ্ক্ত কৰা নহ’ল। কলা ইতিহাস শিক্ষা একেবাৰে দুৰ্বল। সকলোৰে জ্ঞাতাৰ্থে জনাও আজি পৰ্যন্ত মহাবিদ্যালয়খন UGC ত অন্তৰ্ভুক্তিকৰণ নহ’ল। যাৰ ফলত মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ লগতে মহাবিদ্যালয়ত উপযুক্ত শিক্ষকৰ নিযুক্তি নোহোৱাৰ বাবেও সমগ্ৰ প্ৰক্ৰিয়াতে কেণা থাকি গ’ল।

৪. মহাবিদ্যালয়খনলৈ উত্তৰ–পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ পৰা পঢ়িবলৈ আহোঁতে ছাত্ৰ-ছাত্ৰীসকলে কঢ়িয়াই লৈ আনে নিজা নিজা বুৰঞ্জী, শিল্প চেতনা, চোৱাৰ ধৰণ, পৰিচয় ইত্যাদি। কিন্তু মহাবিদ্যালয়ৰ শিক্ষকে নিজৰ কামৰ Style ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিৰূপ অথবা নকল বনাবলৈ প্ৰেৰণা যোগোৱা মানসিকতাই তেওঁলোকৰ সকলো পৰিচয় মচি পেলায়। ইয়াৰ ফলত ছাত্ৰ- ছাত্ৰীৰ শিল্লৰ ভাষা একেই হয় আৰু একে ধৰণৰ কিছুমান নতুনত্বহীন কাম বছৰ বছৰ ধৰি তৈয়াৰ হৈ আছে।

এই কথাও ক’ব লাগিব যে আমাৰ বৌদ্ধিক-সাংস্কৃতিক সমাজখন একেবাৰে সাহিত্যকেন্দ্ৰিক; চাক্ষুষভাৱে তেনেই দুৰ্বল। অসমত সংস্কৃতিৰ কথা-বতৰাত নৃত্য-গান, নাটকৰ কথাহে বেছি প্ৰধান্য পায়। আনহাতে এখন ছবি বা এটা ভাস্কৰ্যৰ নান্দনিক ৰসাস্বাদনৰ ক্ষেত্ৰত সাহিত্য সাহিত্য লগা কথা-বতৰা বহুলভাৱে প্ৰচলিত। ছবি এখন ছবি হিচাপে চাবলৈ আমাৰ সমাজ এতিয়াও বহু দূৰ বাট বাব লাগিব। শিল্পকলাৰ ক্ষেত্ৰত ধুনীয়া হ’বই লাগিব জাতীয় কথাৰ মাজতে সোমাই আছো। সেইবাবে অসমৰ শিল্প-কলাৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ যাওঁতে অসমৰ বিশিষ্ট সাহিত্যিক, সমালোচক, বুদ্ধিজীৱীয়ে প্ৰায়ে কৈ ফুৰে ‘আমি ছবি বুজি নাপাওঁ’ ইত্যাদি। বিশিষ্ট সাংবাদিক তথা সাহিত্যিক হোমেন বৰগোহাঞি ডাঙৰীয়াই আকৌ বিশিষ্ট শিল্পীক অসমৰ ‘পল গ’গা‘ বুলি অভিহিত কৰাৰ নজিৰ আছে। অসমত কলাৰ ক্ষেত্ৰত ৰসজ্ঞ ব্যক্তি নীলমণি ফুকনে কেতিয়াও এনেধৰণৰ কথা কোৱা নাই। আমাৰ অসম মুলুকত কলা সমালোচনাৰ পৰিবৰ্তে এক প্ৰশংসাসূচক আলোচনাহে বহুলভাৱে প্ৰচলিত। এইখিনিতে সকলোৰে পৰিচিত Public Sculpture সমূহ অসমৰ সৰ্বত্ৰ বিৰাজমান মূৰ্তিবোৰৰ কথা উল্লেখ কৰিব পাৰি। গুৱাহাটী মহানগৰ তথা অসমৰ চুকে-কোণে থকা Public Sculpture সমূহ দেখিলে আমাৰ সমাজৰ শিল্প চেতনা , নান্দনিকতা, শিল্পৰ ক্ষেত্ৰত নতুন পৰীক্ষা- নিৰীক্ষা অভাৱৰ কথাটো বাৰুকৈ অনুধাৱন কৰিব পাৰি। এইবোৰত কলাৰ সৈতে public অথবা জনসাধাৰণৰ সম্পৰ্ক লৈ চিন্তা-চৰ্চাৰ উম-ঘাম নাই; নতুন আধুনিকতাবাদীধৰণে ভাস্কৰ্যৰ জৰিয়তে ব্যক্তিসত্তাক বুজিবলৈ চলোৱা পৰীক্ষা –নিৰীক্ষাৰো চিন-মোকাম নাই। নতুন পৰীক্ষা –নিৰীক্ষাৰ প্ৰশ্নবিলাক একাষৰীয়া কৰি ৰাখিও ক’ব পাৰি এই Public Sculpture সমূহ কাৰিকৰী দিশৰ পৰাও নিম্ন মানৰ। এই ভাস্কৰ্যসমূহৰ ক্ষেত্ৰত মাত্ৰ জাতীয়তাবাদী বীৰপূজাকেই মূলধন কৰি লোৱা হৈছে। ক’ব পাৰি অসমত আকোপতি Modernist ধৰণৰ Public Sculpture এটাও দেখা নগ’ল। এই Public Sculpture সমূহৰ সন্দৰ্ভত আমাৰ কোনোধৰণৰ লেখা-মেলা চকুত নপৰে।

এনেকুৱা এটা ধামখুমীয়া অৱস্থাত অসমৰ শিল্প কলাৰ ৰেহ-ৰূপ কেনেকুৱা হ’ব ? য’ত নেকি শিল্পকলাৰ ক্ষেত্ৰত Modernist movement ও ভালদৰে নহ’ল। ইংৰাজসকল অহাৰ আগতে অসমত পুথি চিত্ৰৰ ধাৰা এটা চলি আছিল। অসমৰ এই পুথিচিত্ৰৰ ধাৰাটোও এটা বিৱৰ্তিত ৰূপ নাপালে। ইয়াৰ কাৰণ হিচাপে ক’ব পাৰি যে ইংৰাজসকল আগমনৰ ফলত এই পুথি চিত্ৰৰ শিল্পীসকলে ৰাজ পৃষ্ঠপোষকতা হেৰুৱালে। লগতে ইংৰাজসকলৰ ধ্যান- ধাৰণাৰ ফলত এই পুথি চিত্ৰৰ পৰম্পৰাত যতি পৰে । আমি প্ৰায়ে আক্ষেপেৰে কৈ ফুৰোঁ, জনসাধাৰণে শিল্পৰ ভাষা বুজি নাপায়। এটা কথা স্বীকাৰ কৰিব লাগিব ইংৰাজসকলে প্ৰচলন কৰা British Academic Realism ৰ প্ৰভাৱ অসমৰ শিল্পীৰ কৰ্মটো নপৰাকৈ থকা নাছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত শিল্পী সকলৰ কৰ্মত প’ইণ্টেলিজিম, কিউবিজিম, অধিবাস্তৱবাদ ইত্যাদি ইউৰোপীয় শিল্প আন্দোলন সমূহৰ প্ৰভাৱ পৰিছিল। কথা হ’ল, আমাৰ জনসাধাৰণৰ চিনাকী ছবিৰ ভাষাটোৰ পৰিৱৰ্তে এই নতুন শিল্প ভাষাটোৰ লগত পৰিচয় নাছিল; আনকি আজিও নাই। এই সন্দৰ্ভতে আমি ইতিমধ্যে উল্লেখ কৰা শিক্ষানীতিৰ দুৰ্বলতাবোৰ আৰু স্পষ্ট হৈ পৰে।

আধুনিকতাবাদে স্বতন্ত্ৰ শিল্পীৰ ধাৰণাৰে শিল্পীক Genius ৰূপে গণ্য কৰাৰ প্ৰৱণতাক নিকপকপীয়া কৰিছিল। তাৰ লগে লগে High art , low art, folk art , craft , art, artist , crafts man আদি বিভাজনসমূহ বনালে আৰু এইবোৰে Hierarchyৰ সৃষ্টি কৰিলে। এই hierarchy সমূহ অসমৰ ক্ষেত্ৰতো খুব শক্তিশালী। কলা আৰু জনসাধাৰণৰ মাজৰ দেৱাল খন খহাবৰ বাবে এই hierarchy সমূহ ভাঙিব লাগিব। নহ’লে একে বিলাক কথাতে পাকঘূৰণী খাই থাকিব। জনগোষ্ঠীয়-জনজাতীয় শিল্প সম্ভাৰেৰে সমৃদ্ধ অসমত আজিও এই সমূহক লৈ চিন্তা-চৰ্চা, শিল্প চৰ্চাৰ পৰিমণ্ডলত ইয়াৰ উপস্থিতি একেবাৰে নাইকিয়া ধৰণৰ। কিন্তু এই শিল্প সম্ভাৰৰ লগত engage কৰিবলৈ যাওঁতে যদি বৰ্তমানৰ শিল্প- কলাৰ যিবোৰ বিভাজন আছে- সেইবোৰ ভঙা নাযায়, তেন্তে জাতীয়তাবাদৰ ৰূপত বৰ্তি থকা আধিপত্যশীল চিন্তা- চৰ্চা কেতবোৰৰ গৰাহত পৰাৰো আশংকা থাকে। তাৰ লগতে ৰজিতা খাই আহি পৰে সাংস্কৃতিক সাম্ৰাজ্যবাদৰ কথাটোও; য’ত বৰ্তমানৰ আমাৰ Gallery কেন্দ্ৰিক Practice টোক নিলগাই ৰাখি Collectively কাম কৰাৰ অৱকাশ আহি পৰিছে। যিয়ে Art Institutionৰ সমস্যা ৰাজীকো প্ৰশ্ন কৰিব । বৰ্তমান বিভিন্ন জনগোষ্ঠী, সম্প্ৰদায়ৰ জীৱন নিৰ্বাহৰ পদ্ধতিবোৰো পৰিণত কৰিব খোজা হৈছে কেৱল পণ্যলৈ। প্ৰাথমিক পদক্ষেপ হিচাপে আমাৰ Gallery কেন্দ্ৰিক practice টোক নিলগাই ৰাখি সংগঠিতভাৱে কাম কৰাৰ অৱকাশ আছে। ‘’অংগ আৰ্ট কালেক্টটিভ’’ৰ কৰ্ম আৰু সংগ্ৰাম মাজেৰে তেনেধৰণৰ এক সংগঠিত প্ৰচেষ্টাই চলোৱা হৈছে । 

২০১০ বৰ্ষত গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ গণেশ নগৰত সেই সময়ত চৰকাৰী চাৰু-কাৰু মহাবিদ্যালয়ত অধ্যয়নৰত কেইগৰাকীমান ছাত্ৰই ‘অংগ’ নামেৰে এটা Art Studio আৰম্ভ কৰে। য’ত আমি আমাৰ পয়াঁলগা শিল্পকলাৰ পৰিবেশটোৰ বিকল্পৰ সন্ধানত বিভিন্ন কৰ্ম আঁচনিৰে কাম কৰাৰ প্ৰয়াস কৰি আহিছোঁ। প্ৰথমতে আমি সংগঠিত হৈ Art Institution এ বনোৱা কলা তথা শিল্প পৰিভাষাটোৰ সমস্যা বোৰক প্ৰশ্ন কৰিব যত্ন কৰিছো। ইয়াৰ বাবে Art Museum , Art Book ত বন্দী হৈ থকা শিল্পৰ শিল্প কৰ্ম সমূহ উলিয়াই আনি এটা বেলেগ context ত আঁকি আহিছো। আমি সদায় দেখি থকা পুৰণি দেৱাল, দোকান, মানুহৰ ঘৰৰ বাহিৰ অংশ আদিত এই ছবিসমূহ আঁকিছোঁ। প্ৰথমে Vincent Van Gogh, Goya আদি শিল্পীৰ কিছুমান ছবি আমি Public Place ত অংকন কৰি ইয়াক সকলোৰে বাবে মুক্ত কৰিছো। এই ধৰণৰ ছবি অঁকাৰ মাধ্যমেৰে Public ৰ লগত কথা-বতৰা আৰম্ভ কৰা প্ৰক্ৰিয়াটো গুৰুত্বপূৰ্ণ। এই সকলো বিলাকৰ সংমিশ্ৰণতে এই ধৰণৰ কামক নতুনকৈ চাব পৰা যায়; বাটৰুৱা, দোকানখলৈ অহা গ্ৰাহকৰ চাৱনি, প্ৰশ্ন আদিয়ে ছবিখনক এক নতুন সজীৱ প্ৰসংগ আৰু বাখ্যা দিয়ে। ইয়াত মাত্ৰ আংকন কৰা ছবি কেইখনক প্ৰাধান্য দিলে ভুল কৰা হ’ব। অসমৰ ক্ষেত্ৰত অন্য ঠাই দৰে কলা বিথিকাত এক শ্ৰেণীৰ মানুহ ছবি–ভাস্কৰ্য চাবলৈ অহা দেখা যায় । ইয়াত Public ৰ উপস্থিতি নাই বুলি কলেও ভুল কোৱা নহ’ব। ৰাজহুৱা স্থানত কলা প্ৰদৰ্শনী পাতি আমি Art Institution এ বনোৱা Sophisticated High Art ৰ ধাৰণাটোক প্ৰশ্ন কৰিছোঁ। একেদৰে ৰাজহুৱা স্থানত বোলছবি প্ৰদৰ্শন কৰিছোঁ। যিহেতু Public মানেই এটা বহুমাত্ৰিক এটা বস্তু, গতিকে আমি অসমৰ বিভিন্ন জ্বলন্ত সমস্যাক লৈ বিভিন্ন আলোচনা সভাত উপস্থিত থকাৰ লগতে আন দল সংগঠনৰ লগতো কাম কৰি আহিছোঁ। ইয়াৰ দ্বাৰা আমি বেলেগ বেলেগ context-ত শিল্পকৰ্ম প্ৰদৰ্শন কৰিছোঁ। আমি ভাবো, শিল্প-কলা চৰ্চাত নতুনত্বৰ সন্ধান একান্ত নিৰ্জনতাত সম্ভৱ নহয় ।

 

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে