চ’ৰাঘৰ / প্ৰকৃতি / বিয়েৰ গ্ৰিলচ : মানুহ বনাম প্ৰকৃতি ( শুভম গোস্বামী )

বিয়েৰ গ্ৰিলচ : মানুহ বনাম প্ৰকৃতি ( শুভম গোস্বামী )

মানুহজনৰ দুঃসাহসিক অভিযানবোৰে সদায় মুগ্ধ কৰে, বাৰে বাৰে তেখেতৰ অদম্য মনটোৰ প্ৰেমত পৰোঁ। আচৰিত হওঁ তেখেতৰ ধৈৰ্য্য আৰু যিকোনো পৰিস্থিতিৰ সৈতে যুঁজাৰ দক্ষতা আৰু মানসিক সক্ষমতা দেখি। হয়, তেওঁ আন কোনো নহয়, Man Vs Wild টেলিভিছন ছিৰিজটোৰ জৰিয়তে জনপ্ৰিয় হোৱা Discovery চেনেলটোৰ অন্যতম তাৰকা, দুঃসাহসিক অভিযানকাৰী বিয়েৰ গ্ৰিলচ, যাক চিনি নোপোৱা বা তেওঁৰ বিষয়ে নজনা মানুহ হয়তো খুউব কমেই ওলাব। বিয়েৰ গ্ৰিলচ এজন সফল দুঃসাহসিক অভিযানকাৰীৰ লগতে এজন সফল লেখকো, যিটো হয়তো কম সংখ্যক লোকৰহে জ্ঞাত। সৰুতে আমিষ আহাৰ গ্ৰহণ নকৰা বিয়েৰ গ্ৰিলচে জংঘলত বা দুঃসাহসিক অভিযানত থকাৰ সময়ত কিন্তু গ্ৰহণ কৰে বিভিন্ন খাদ্য আৰু সাধাৰণ লোকৰ বাবে অখাদ্য খাদ্য। বিয়েৰ গ্ৰিলচ নামৰ মানুহজন সদায় তেখেতৰ কৰ্মবোৰৰ দৰেই ৰোমাঞ্চকৰ।

বিয়েৰ গ্ৰিলচৰ ল’ৰালিৰ নাম আছিল এডৱাৰ্ড মাইকেল গ্ৰিলচ, যিটো নাম ভনীয়েকে ৰাখিছিল। ২০০৬ ৰ পৰা ২০১১ লৈ সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় অনুষ্ঠান Man Vs Wild নামৰ টেলিভিচন ছিৰিজটোৱে বিয়েৰ গ্ৰিলচৰ দক্ষতা আৰু প্ৰতিভাক বিশ্ববাসীৰ সন্মুখত বহুলভাৱে চিনাকী কৰি দিলে। Man Vs Wild টেলিভিচন ছিৰিজটোৰ প্ৰকৃত নাম আছিল “Born Survivor: Bear Grylls.” ৪ বছৰ বয়সলৈকে বিয়েৰ গ্ৰিলচ উত্তৰ আয়াৰলেণ্ডত ডাঙৰ দীঘল হৈছিল। বিয়েৰ গ্ৰিলচ কাৰাটেৰো ‘ব্লেক বেল্ট’ প্ৰাপক।

খ্ৰীষ্ট ধৰ্মৰ উপাসক বিয়েৰ গ্ৰিলচৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আৰু ভক্তি আছে। সাৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা গ্ৰিলচ তিনিটি সন্তানৰ পিতৃ। তেওঁ পৰিয়ালটোক ইমান ভাল পাই যে দুৰ্গম অভিযানত যোৱাৰ সময়তো তেওঁ সকলোৰে ছবি জোতাত সুমুৱাই লৈ যায়। স্কুলৰ শিক্ষা সাং কৰি বিয়েৰ গ্ৰিলচে ভাৰতীয় সেনাত যোগদান কৰিব বিচাৰিছিল। বিয়েৰ গ্ৰিলচ ব্ৰিটিছ বিশেষ বায়ু সেৱাত তিনি বছৰ জোৰা সেৱা আগবঢ়ায়। মেৰুদণ্ড তিনি ঠাইত ভঙাৰ পিছতো ১৯৯৮ চনত মাত্ৰ ২৩ বছৰ বয়সতে মাউন্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰি গ্ৰিনিজ বুকত নাম ৰাখিবলৈ সক্ষম হয়। এভাৰেষ্ট আৰোহণ কৰাৰ ঠিক এবছৰ আগত ওখ ঠাই এডোখৰৰ পৰা পেৰাচুটৰ সহায়ত জাপ মাৰোঁতে দুৰ্ঘটনাবশতঃ পেৰাচুটত ফুটা হৈ মাটিত পৰি ৰাজহাড়ত দুখ পাই গুৰুতৰভাৱে আহত হয়।

২০০২ চনত বিয়েৰ গ্ৰিলচে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা Hispanic Studies বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। গ্ৰিলচে আজৰি সময়ত গীতাৰ আৰু পিয়ানো বজায়ো ভাল পায়। দুঃসাহসিক অভিযানকাৰী হিচাপেতো তেখেতৰ কোনো তুলনা নাই। গ্ৰিলচ বিশ্বৰ এনে বহু দুৰ্গম অঞ্চলত গৈছে য’ত কাহানিও কোনো মানুহ প্ৰৱেশ কৰিব পৰা নাছিল। বিয়েৰ গ্ৰিলচে ৭৬০০ মিটাৰ উচ্চতাত Hot Air Balloon ৰ তলত ভোজন কৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। গ্ৰিলচে অভিযানসমূহত বিভিন্ন অখাদ্য গ্ৰহণ কৰাৰ পিছত প্ৰতিৰোধক দৰৱো গ্ৰহণ কৰে। এয়াই হ’ল বিয়েৰ গ্ৰিলচৰ ৰোমাঞ্চকৰ জীৱন। যোৱাবছৰ তেখেতৰ জীৱন ভিত্তিত লিখিত গ্ৰন্থখনে চীনত প্ৰভাৱশালী গ্ৰন্থৰ তালিকাতো সমাদৰ লাভ কৰে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে