চ’ৰাঘৰ / শিল্প / বেণু মিশ্ৰ : কিছু স্মৃতিকথা, কিছু ছবিৰ কথা ( নীলমণি ফুকন )

বেণু মিশ্ৰ : কিছু স্মৃতিকথা, কিছু ছবিৰ কথা ( নীলমণি ফুকন )

যোৱা শতিকাৰ ষাঠিৰ আৰম্ভণিতে মহেন্দ্ৰ বৰা সম্পাদিত মণিদীপৰ সাংস্কৃতিকী শিতানত ছপা হোৱা ৰবীন্দ্ৰনাথৰ এটা কবিতাৰ আধাৰত অঁকা, বেণু মিশ্ৰৰ ছবি-নিৰ্ঝৰেৰ স্বপ্নভংগ দেখি বিশেষভাৱে আনন্দিত হৈছিলোঁ। ভাবনা, ৰূপকল্পনা, অংকনদক্ষতা আৰু চিত্ৰভাষাৰ ফালৰপৰা ছবিখন সেই সময়ৰ অসমীয়া চিত্ৰকৰকেইজনৰ ছবিৰপৰা পৃথক, ব্যতিক্ৰমী, নতুন আছিল। ছবিখন তেওঁ বিশ্বভাৰতীৰ কলাভৱনৰ ছাত্ৰ হৈ থাকোঁতেই আঁকা। মিশ্ৰৰ ছবিৰ লগত সেয়ে মোৰ প্ৰথম পৰিচয়। বাষষ্ঠিৰ কোনোবা এটা সময়ত তেওঁৰ সৈতে মোৰ সাক্ষাৎ হয় আৰু তেওঁৰ সান্নিধ্যলৈ আহোঁ। যিমান দূৰ মনত পৰে, এদিন পুৱাৰ ভাগত তেওঁৰ ছাত্রীবাৰীৰ ঘৰত আধুনিক চিত্ৰকলাৰ বিষয়ে কথা-বতৰা হওঁতে তেওঁ আধুনিক চিত্ৰকলাৰ দুজন পথিকৃৎ, সর্বকালৰ দুজন মহৎ শিল্পী গোইয়া আৰু ভান গঘৰ কথা কৈছিল। তেতিয়া একেবাৰে অনুমান কৰিব পৰা নাছিলোঁ, সম্ভৱো নাছিল-মিশ্ৰৰ শৈল্পিক কল্পদৃষ্টি, শিল্পীসত্তা, মানৱিক চেতনাৰ গঢ়ন আৰু ক্রমবর্ধনত এই দুগৰাকী শিল্পীয়ে কি এক অন্তৰ্গূঢ়, সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। তেওঁ মোক সেইদিনা গোইয়া আৰু ভিনছেণ্টৰ ছবিৰ দুখন এলবামো চাবলৈ দিছিল। মন কৰিবলগীয়া কথা, সেই সময়ৰ তেওঁৰ পেডত তেওঁৰ নামৰ পৰিৱৰ্তে গোইয়াৰ নামটোহে ছপাইছিল।

সেইখিনি সময়তে মোৰ প্ৰথম কবিতা পুথি-সূৰ্য্য হেনো নামি আহে এই নদীয়েদিত (১৯৬৩) থকা কবিতখিনি যুগুতাই মিশ্রক পুথিখনৰ কাৰণে প্রচ্ছদচিত্র এখন আঁকি দিবলৈ অনুৰোধ কৰিছিলোঁ। কিতাপখন ছপা হৈ ওলোৱাৰ পাছত, মিশ্ৰই অঁকা প্রায় বিমূর্তধর্মী এই প্ৰচ্ছদচিত্ৰখনিয়ে কিছুসংখ্যক বিদ্বান লেখক-পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তাৰ পাছত, তেওঁৰ প্ৰচ্ছদচিত্ৰই যোৱা চাৰিটা দশক জুৰি অসমৰ লেখক-প্ৰকাশকৰ অসংখ্য গ্ৰন্থ-আলোচনীক এটা শোভন ৰূপ দিছে, কিঞ্চিৎ পৰিমাণে হ’লেও ছবিৰ লগত সম্পৰ্ক নথকা বা ছবি চোৱাৰ অভ্যাস নথকা পাঠকৰো দৃশ্যগত কল্পনা, চেতনা, দৃষ্টি, ৰুচিক সমৃদ্ধ কৰিছে,_ এখন প্ৰচ্ছদ চিত্ৰই, বিশেষকৈ মুদ্ৰণ আৰু স্পে’ছ বা স্থান সম্পৰ্কীয় অনেক সীমাৱদ্ধতাৰ মাজত যিমানখিনি কৰিব পাৰে।

মিশ্ৰৰ সৈতে গঢ় লৈ উঠা বন্ধুত্বৰ প্ৰথম তিনি-চাৰিটা বছৰতে তেওঁৰ শিল্পীমানসৰ, মানুহজনৰ জীৱন-দৃষ্টি, নন্দন-দৃষ্টিৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা অলপ ধৰিব পাৰিছিলোঁ। ধৰিব পাৰিছিলোঁ, এই ডেকা শিল্পী গৰাকীৰ মনত, চেতনাত এটা বিষাদবোধ ক্ৰিয়াশীল হৈ আছে, যিটো কথা তেওঁৰ দুখন সৰ্বশ্ৰেষ্ঠ ছবিত মূৰ্ত হৈ পৰিছে। এই কথা তেওঁৰ ছবি চেয়াৰ আৰু ডে’থ চোৱা যিকোনো সংবেদনশীল সূক্ষ্মদৰ্শী ৰসিক দৰ্শকৰ চকুত নপৰাকৈ থকা নাই। এটা সাক্ষাৎকাৰত তেওঁ নিজেও কৈছে,– “মোৰ ভাবনাত প্ৰায়ে এটা বিষণ্ণ সুৰ থাকে। হয়তো মই ডাঙৰ হোৱা পৰিৱেশ বা মোৰ অভিজ্ঞতা আৰু সামাজিক অৱস্থান, সকলোৰে সমাহাৰত বিষণ্ণ এই চিন্তাৰ জন্ম। দৃশ্যমান জগতৰ এনে সুৰ থকা ঘটনাই মোৰ মনৰ জগতক আলোড়িত কৰাৰ পাছত এক প্রক্রিয়াৰ জড়িয়তেই মনৰ মাজত একোখন চিত্ৰ অংকুৰিত হয়।… মানুহ, প্রকৃতিৰ মাজত নিহিত চিৰন্তন দুখবোধে মোক বেছিকৈ আলোড়িত কৰে।…”

মিশ্র এজন অৱয়ৱী শিল্পী; মানুহ, মানুহৰ বিচিত্ৰ ৰূপ, জীৱনেই তেওঁৰ ছবিৰ প্ৰধান উপজীৱ্য। অথচ বহু সময়ত লক্ষ্য কৰিছোঁ,-মানুহৰ মাজতো তেওঁ যেন নিঃসংগ, উলাহ-আনন্দৰ মাজতো বিষণ্ণতাত নিমগ্ন।

বৰপেটা সত্ৰৰ বিখ্যাত দুটা মিশ্ৰ পৰিয়ালৰ এটা বেণু মিশ্ৰৰ পৰিয়াল। জ্ঞান চর্চা, সংস্কৃত আৰু সংগীত চৰ্চাৰ কাৰণে মিশ্র পৰিয়াল আজিও জনাজাত। এই পৰিয়ালৰে এজন আদি পুৰুষ ৰামৰাম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ লগত তীৰ্থ ভ্ৰমণলৈ গৈছিল। ককাক দেৱেন্দ্ৰ নাথ বৰপেটা বিদ্যাপীঠৰ ড্রয়িং শিক্ষক আছিল। নাৰায়ণ মিশ্ৰই নামঘোষাৰ এটি মূল্যৱান টীকা ভাষ্য ৰচনা কৰাৰ কথা পণ্ডিত তীর্থনাথ শৰ্মাৰ মুখত শুনিছিলোঁ। বেণু মিশ্ৰই তবলা শিক্ষা লোৱা আৰু তবলা বজোৱাৰ কথা আমাৰ বহুতেই জানে। ৰবীন্দ্রনাথ তেওঁৰ এজন প্রিয় কবি, এজন প্ৰিয় চিত্ৰকৰ। মিতভাষী, মননশীল, সাহিত্য-সংগীত অনুৰাগী, সর্বসাধাৰণ মানুহৰ পক্ষত থকা মিশ্ৰ এজন হৃদয়ৱান শিল্পী।

ষাঠিৰ দশকত মিশ্ৰই অঁকা দুখন ছবিৰ প্ৰতি মই বিশেষভাৱে আকৰ্ষিত হৈছিলোঁ। এখন পেনিকী, আনখন পোৰ্টেট অফ্ এ ফ্ৰেণ্ড; দুয়োখন তেল ৰঙত অঁকা। উল্লেখযোগ্য, শিল্পীজীৱনৰ আৰম্ভণিৰপৰাই মিশ্ৰই বিচিত্ৰ বিষয়ৰ বিভিন্ন মাধ্যমত ছবি আঁকিছে, ড্ৰয়িং কৰিছে।

অনুভূমিক চিত্ৰপটত প্ৰধানকৈ গাঢ় নীলা, ৰঙা, গেৰুৱা ( yellow ochere ) আৰু সামান্য হালধীয়া গেৰুৰে অঁকা পেনিকী ছবিখনৰ দীৰ্ঘকায় আতংকিত আৰ্ত, — পোহৰ পৰি থকা মানুহৰ মুখবোৰত, — আৰু কি ঘটিবলৈ আছে আৰু কি ঘটিব, এনে এটা ভাবৰ অভিব্যক্তি। ভাৱবস্তু অনুসৰি মিশ্ৰই বৰ্ণ চয়ন আৰু বৰ্ণ প্ৰয়োগ কৰিছে। অভিব্যক্তিৰ প্ৰয়োজনত তেওঁ ৰূপৰ মনোধৰ্মী বিকৃতিকৰণৰ আশ্ৰয় লৈছে। পেনিকী দেখাৰ আগলৈকে কোনো অসমীয়া চিত্ৰকৰৰ ছবিত মনোধৰ্মী বিকৃতিকৰণৰ প্ৰয়োগ চকুত পৰা নাছিল। আশুদেৱ, তৰুণ দুৱৰা, শোভা ব্ৰহ্ম আৰু মিশ্ৰৰ চিত্ৰকৰ্মক গুৰুত্ব দি সেই সময়ৰ সাদিনীয়া নৱযুগত (‘৬৪) এটা নিবন্ধ লিখিছিলোঁ। আৰু তাত মিশ্ৰৰ মুনলিট নাইট আৰু পেনিকীৰ কথা বিশেষভাৱে উল্লেখ কৰিছিলোঁ। সেই দশকৰে মিশ্ৰৰ আনখন সুন্দৰ চিত্ৰ হ’ল পোৰ্ট্ৰেট অফ্ এ ফ্ৰেণ্ড। অসমীয়া শিল্পীয়ে অঁকা সেইখনেই সম্ভৱতঃ অভিব্যক্তিবাদী বৈশিষ্ট্য এটা থকা প্ৰথম প্ৰতিকৃতিচিত্ৰ। ৰূপৰ অতিৰঞ্জন, মনোধৰ্মী বিকৃতকৰণৰ যোগেদি বন্ধুৰ প্ৰধান আৱয়ৱিক বৈশিষ্ট্য আৰু অন্তৰতৰ আৱেগ-অনুভূতি তীব্ৰ ৰূপত প্ৰকাশ কৰিছে। অনুমান হয়, এই ছবিখন আকোঁতে ৰবীন্দ্ৰনাথৰ কোনোখন ছবি, ৰামকিংকৰৰ মেটাৰনিটি আৰু বিশেষকৈ কোনো জাৰ্মান অভিব্যক্তিবাদী শিল্পীৰ আত্মপ্ৰতিকৃতিৰপৰাই মিশ্ৰই প্ৰেৰণা পাইছিল। মিশ্ৰই কিছুদিন এই শৈলীতে কাম কৰিব বুলি ভাবিছিলোঁ, কিন্তু নকৰিলে। অৱশ্যে আন কোনো শিল্পীৰ ছবিত থকাৰ দৰে অভিব্যক্তিবাদী উপাদান তেওঁৰ পৰৱৰ্তী কিছু ছবিত থাকি গ’ল।

আশীৰ দশকটো মিশ্ৰৰ শিল্পীজীৱনৰ সম্ভৱতঃ আটাইতকৈ সৃষ্টিশীল সময়; এই দশকত অঁকা ছবিৰ সংখ্যাৰ ফালৰপৰা নহয়, গুণগত দিশৰ পৰাহে। মিশ্ৰৰ চেয়াৰ আৰু ডে’থৰ দৰে অনন্যসুন্দৰ ছবি দুখন, কিছু অগা-পিছকৈ অঁকা, আশীৰ দশকৰে ৰচনা। নিশ্চয় তন্ময় এটা বিষণ্ণ মানসিক অৱস্থাত মিশ্ৰই বেতৰ চকীখনত বহি থকা কিবা ভাবমগ্না এগৰাকী কিশোৰীৰ এই ছবিখন আঁকিছিল। ছোৱালীজনীৰ চকীখনত বহি থকা সৰল ভংগীটোত, মুখখনত, উৰুত ওপৰা-উপৰিকৈ পৰি থকা হাত দুখনত এটা নম্র শান্তশ্ৰী—এটা বিষণ্ণতাৰ ভাব ফুটোঁ-নুফুটোঁকৈ ফুটি ওলাইছে। এই বিষণ্ণতা স্নেহ-আকলুৱা, আনত, স্নিগ্ধ মুখমণ্ডলৰপৰাই ছোৱালীজনীৰ সর্বাংগত বিয়পি পৰিছে। ছোৱালীজনী বহি থকা চকীখনৰ ঘূৰণীয়া বাওটোৰ এটা নাৰীসুলভ আবেদন আছে। ছোৱালীজনীৰ বাহু, মুখাৱয়ৱ, চকীখনৰ বাওটোৰ বক্ৰৰেখাবোৰে ছোৱালীজনীৰ গীতিময় দেহ-লাৱণ্যকে তুলি ধৰিছে। বাহু দুটাত থকা আকাশী নীলা বা সেউজ নীলা (turquise blue) ৰংটো শিল্পীয়ে, ছোৱালীজনীৰ সোঁ কপাল, চকু, থুঁতৰি, দুয়োখন হাতৰ কোনো কোনো ঠাইত, বাঁওহাতৰ আঙুলিত ডাঠ, পাতলকৈ বুলাই নীৰৱতাৰ সঞ্চাৰ কৰিছে। আৰু এই নীৰৱতা ছোৱালীজনীয়ে পিন্ধি থকা ফ্ৰকটোত উমি উমি জ্বলি আছে। নীলা-ৰঙাৰ মাজেদি মৌন ছোৱালীজনীৰ অন্তৰসৌন্দর্য উদ্ভাসিত হৈ উঠিছে। ছবিখনৰ পৃষ্ঠপটত থকা বাদামী ৰংটোৱে ছোৱালীজনীৰ মেঘে ঢকা মনটোৰেই ইংগিত দিছে। বৰ্ণৰ আৱেগিক সাৱলীল প্রয়োগত ছবিখন প্ৰাণছন্দেৰে ধ্বনিময় হৈ উঠিছে। ছোৱালীজনীৰ মুখখন আৰু হাত দুখনেই ছবিখনৰ সবাতোকৈ অভিব্যক্তিপূৰ্ণ অংশ। কি আন্তৰিক মানৱীয় সহানুভূতিৰে, কেনে এখন দৰদী হৃদয়েৰে, কিমান আলফুলকৈ আঁকিছিল মিশ্ৰই এই সাধাৰণ সৰল ছোৱালীজনীৰ ছবিখন!

একুৰি বছৰমানৰ আগতে মিশ্ৰৰ ডে’থ ছবিখন দেখি মুগ্ধ মগ্ন হৈছিলোঁ। সামাজিক বাস্তৱৰ মননশীল এটি চিত্ৰৰূপ, শিল্পীৰ তীব্র আৱেগ, ক্ষোভ, শ্লেষ, যন্ত্রণা আৰু বিষণ্ণতাৰ এটি ৰূপকধৰ্মী অভিব্যক্তি। মোৰ দৃশ্যগত কল্পনা, আৱেগ-অনুভূতি, বাস্তৱ আৰু জীবন-মৃত্যু চেতনাক এই ছবিখনে এনেকৈ আচ্ছন্ন কৰিছিল যে ভালেদিন ধৰি ছবিখনে মোক অনুসৰণ কৰিছিল, নহ’লে মই অনুসৰণ কৰিছিলোঁ ছবিখনক, যিটো আজি কিছুদিনৰ আগতে হৈছিল এফ. এন. ছুজাৰ লাষ্ট ছাপাৰ ছবিখনৰ এটা প্রতিলিপি দেখি। মিশ্ৰৰ ডে’থ আমাৰ সমসাময়িক সমাজত বা জীৱনত থকা বর্বৰ পাশৱিক শক্তিৰ স্বৰূপ উন্মোচন, নে মানুহৰ এখনি মর্মভেদী আলেখ্য, এটা শিল্পসত্য! ছবিখনৰ ভিতৰত আৰু এখন ছবি আছে, যিখন ছবিৰ এটা ইতিহাস আছে, বর্তমান আছে, হয়তাে এটা ভৱিষ্যতো আছে। শিল্পীয়ে সমাজৰ একশ্রেণী মদগৰ্বী, ভেশছনধাৰী ভণ্ড মানুহৰ প্ৰতি থকা ক্ষোভ-ক্রোধ প্রকাশ কৰিবলৈ ব্যংগৰ আশ্ৰয় লৈছে। ছবিখনত তিনিজন আধুনিক দেৱদূতৰ ইমেজ আছে যদিও, যি তিনিটা ইমেজ দৰ্শকৰ চকুত যদিও প্রথমে পৰিব পাৰে, ডে’থৰ মূল বা প্রধান ইমেজটাে কোলাত মৃতদেহটাে লৈ থকা শোকজৰ্জৰ নির্বাক মানুহগৰাকীহে। বিষণ্ণ, আহত মুখৰ মানুহগৰাকীয়ে কাপোৰেৰে আবৃত, কোলাত লৈ থকা মৃতদেহটোৱে, মৃতদেহটোৰ অনাবৃত ভৰি দুখনে গােটেই চিত্ৰপটখনত এটা কৰুণ-শীতল পৰিৱেশ সৃষ্টি কৰিছে। এই ওলাই থকা ভৰি দুখনেই ছবিখনৰ আটাইতকৈ মৰ্মন্তুদ অংশ। কোনো নাই এতিয়া, সকলোৱেই যেন মৃত। সেই ঘোপমৰা আন্ধাৰৰ মাজত, এই দুৰ্ভগীয়া মানুহগৰাকীৰ মূৰৰ পিছফালে থকা ঈষৎ হালধীয়া প্রভামণ্ডলে (halo) বােধহয় অন্তহীন, অক্ষয় মাতৃত্বৰ মহিমা নীৰৱে ঘোষণা কৰিছে।

ডে’থ ছবিখন ৰচনাৰ সময় আৰু পটভূমি অসম আন্দােলন। ছবিখনৰ প্ৰসংগত মিশ্ৰই এটা সাক্ষাৎকাৰত কৈছিল,- “…তাৰ পাছত কিলিং আৰম্ভ হ’ল। ৰুথলেছ কিলি। মানুহে মৃতদেহৰ ওপৰত মালা দিলে, ফুলৰ ওপৰত ফুল। …পলিটিকেল কোনো চিন্তা নাছিল। হিউমেন কথাবিলাকহে আছিল।” কিন্তু মিশ্ৰৰ ডে’থে সামাজিক স্থান আৰু কালক অতিক্রম কৰি এটা চিত্ৰ ৰূপকলৈ, সার্বজনীন শিল্প সৌন্দর্যবস্তুলৈ ৰূপান্তৰিত হৈছে। অপূর্ব সজ্জাবিন্যাস, গঠনসুষমা, স্থান বা স্পেছ চেতনা, নীলা-হালধীয়াৰ আৱেগিক প্রয়োগ, যিবোৰৰ বিভিন্ন স্তৰবিন্যাস (tone) এই ছবিখনৰ অন্যতম চমকপ্ৰদ বৈশিষ্ট্য। ছবিখনৰ ইমেজবোৰ চিত্ৰপটখনৰ ঠিক ঠাইত থকা আৰু সিহঁতৰ মাজত ভাবগত, চিত্ৰগত এটা সম্পর্ক, ঐক্য গঢ়ি উঠাৰ কাৰণে ছবিখনৰ ভাববস্তু আৰু তাৰ নান্দনিক অভিব্যক্তি আৰু আবেদন অধিক প্ৰাণময়, শক্তিশালী হৈ পৰিছে। এই ছবিখন উপলব্ধি, উপভোগ কৰিবলৈ বিচৰা দৰ্শকৰ কাৰণে ছবিখনত থকা চিত্ৰিত ৰূপ বা ইমেজবোৰৰ দৰেই, পৃষ্ঠপটাে অর্থাৎ ইমেজ নথকা ঠাইবােৰাে দৃশ্যগতভাৱে সমানেই গুৰুত্বপূর্ণ, ভাবনা সুষমাময়। মানুহগৰাকীৰ মূৰৰ পিছফালে থকা পিৰামিড আকৃতিৰ গঠনে ছবিখনলৈ এটা গাম্ভীৰ্য, গভীৰতা আনিছে।

ডে’থ ছবিখন দেখি কোনো কোনো দৰ্শকৰ মাইকেলেঞ্জেলোৰ পিয়েটালৈ মনত পৰিব পাৰে। মোৰ মনত পৰিছিল বেল ছানৰ ছবি দা পেশ্বন অফ্ ছেক্কো এণ্ড ভেনঝোট্টিলৈ। বেন ছান আমেৰিকাৰ এজন প্ৰখ্যাত সমাজ-বাস্তৱবাদী চিত্ৰকৰ। বেন ছান আৰু মিশ্ৰৰ ছবি দুখনৰ মাজত থকা উপৰুৱা ধৰণৰ সাদৃশ্যতকৈ, সমাজ-বাস্তৱবাদী আদৰ্শটােৰ মাজতেই দুয়োজনৰ মানসিকতা আৰু শিল্পদৃষ্টিৰ এটা যোগসূত্র লক্ষ্য কৰা যায়। মিশ্ৰৰ ডে’থ দেখি দুকুৰি বছৰৰ আগৰ প্ৰথম চিনাকিপর্বত হােৱা কথা-বতৰাৰ মাজত ওলোৱা গোইয়ালৈ মোৰ মনত পৰিছিল। গোইয়াৰ ডিজেষ্টাৰছ্ অফ্ ৱ’ৰ ছিৰিজৰ ইনগ্রেভিং বা খোদাইবোৰৰ এটা তলসুঁতীয়া প্ৰভাৱ মিশ্ৰৰ চিন্তা-চেতনাত ৰৈ গ’ল যেন লাগে। ইংলেণ্ড আৰু ফ্ৰান্সৰ আক্ৰমণত ক্ষত-বিক্ষত ৰক্তাক্ত স্পেইনক লৈ অঁকা হ’লেও সেই ভয়াবহ দৃশ্যাৱলীৰ মাজত জীৱনৰ প্ৰতি থকা গোইয়াৰ অকৃত্রিম, অপাৰ শ্ৰদ্ধা, মায়া-মমতাই প্রকাশিত হৈছে, যাৰ কাৰণে নির্মম হত্যা, সন্ত্রাস-নিপীড়ন-শোষণ- জৰ্জৰিত পৃথিৱীত ডিজেষ্টাৰছ অফ্ ৱ’ৰ ছিৰিজৰ মানৱিক, নান্দনিক আবেদন আজিও অক্ষুণ্ণ আছে।

মিশ্ৰৰ সাৰ্থক ছবিবোৰৰ কেইখনমান উল্লেখযোগ্য ছবি হ’ল,– লাষ্ট ছাপাৰ, ফাদাৰ এণ্ড ছন, পোৰ্ট্ৰেট অফ্ এ ফ্ৰেণ্ড (দ্বিতীয়খন), লেণ্ডস্কেপ্, চিটিস্কেপ্, আৰু দা ক্ৰেইডল। এফ.এন.ছুজা, কৃষ্ণেন খান্না, এম.এফ হুছেইনে অঁকা লাষ্ট ছাপাৰ দেখিছোঁ। মিশ্ৰৰ লাষ্ট ছাপাৰ আমাৰ সময়ৰ কাৰোবাৰ শেষ ভোজনৰ সামাজিক ব্যংগ। সমাজ-সচেতন ৰসিক দর্শকে সহজেই চিনাক্ত কৰিব পাৰিব কোনজন যীশু, তেওঁৰ বাৰজন শিষ্যৰ কোনজন বিশ্বাসঘাতক জুডাছ। এই ছবিখনৰ পৰিপ্ৰেক্ষী ৰচনাৰ অভিনৱত্বও চকুত লগা। মিশ্ৰৰ বিমূর্তধর্মী লেণ্ডস্কেপখন দেখিলে সন্ধ্যাৰ ছায়া-বর্ণময় পাহাৰীয়া দৃশ্য এটা চকুত ভাহি উঠে। সান্ধ্য প্রকৃতিৰ প্ৰতিটো দৃশ্যমান বস্তু প্রকীর্ণ মায়াময় বৰ্ণৰ মাজত অদৃশ্য হৈও যেন দৃশ্যমান হৈ আছে। ছবিখন সান্ধ্য প্রকৃতিৰ অপৰূপ শোভাৰ নীৰৱ গৌৰৱ গান। কাব্যিক অভিব্যঞ্জনাৰে সমৃদ্ধ এই ছবিখন মিশ্ৰৰ এখন অসবৰ্ণ চৰিত্ৰৰ ৰচনা।

প্ৰধান তিনিটা ৰঙতেই মিশ্ৰৰ প্যালেট সীমাবদ্ধ। প্ৰধানকৈ হালধীয়া বা হালধীয়া গেৰু (yellow ochere) ৰঙা বা ৰঙা গেৰু (ভাৰতীয় ৰঙা) আৰু নীলা। বাদামী ৰংটো তেওঁৰ প্ৰায়বোৰ ছবিতে দেখা যায়। প্রধান তিনিটা ৰঙকে লৈ, আৱেগিক প্রয়োগেৰে মিশ্রই তেওঁৰ ছবিত বর্ণ-বৈভৱ আৰু বৈচিত্ৰ্য সৃষ্টি কৰিছে। তাহানিয়েই নন্দলাল বসুৱে কৈছিল, — “ছবিৰ ৰং সংখ্যায় কম (খুব কম নয়) ও যথাযথ হ’লে ছবিৰ বৰ্ণ মাধুৰী সহজ সৰল ও জোৰালো হয়। অল্প ৰঙই বিন্যাসেৰ বৈচিত্র্যে, পৰ্দাৰ বিভিন্নতায়, পৰস্পৰ মিলন ও মিশ্রণেৰ কৌশলে বহু আৰ বিচিত্ৰ ব’লে মনে হয় এবং অত্যন্ত মনোহাৰী হয়ে থাকে।” মিশ্ৰৰ বৰ্ণত বা বর্ণচেতনা বর্ণ প্রয়োগত বিশ্বভাৰতীৰ কলাভৱনৰ ঐতিহাটােৰ এটা স্থায়ী প্ৰভাৱ ৰৈ গ’ল।

বেণু মিশ্রই যোৱা চাৰিটা দশক জুৰি কৰা ড্রয়িং আৰু চিত্রায়নৰ (illustration) সংখ্যা হাজাৰৰ ঘৰত। ড্রয়িং এতিয়া শিল্পীৰ কেৱল ব্যক্তিগত অনুশীলনৰ বস্তু হৈ থকা নাই, ছবিৰ প্রস্তুতিমূলক অংকনো নহয়, —নিজেই বিশিষ্ট এক কলা, সম্পূর্ণ ছবি। বিচিত্র মাধ্যমত, বিশিষ্ট চৰিত্ৰৰ ড্রয়িং কৰিছে আজিকালিৰ শিল্পীয়ে। ড্রয়িঙতো বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলি আছে; শিল্পীসকলে অনুবর্তনৰ পথ এৰি বাৰে বাৰে নতুনৰ সন্ধান কৰিছে, নতুনক আকৌ নতুন কৰিছে। মিশ্রৰ শিল্প-প্ৰতিভা আৰু কৃতিত্বৰ সম্ভেদ ল’বলৈ যাওঁতে তেওঁৰ সাৰ্থক ড্রয়িংখিনিকো এটা গুৰুত্ব দিব লাগিব। মিশ্ৰই নিজেও সৃজনশীল কর্ম হিচাপে ড্রয়িঙক এটা গুৰুত্ব দি আহিছে। তেওঁৰ সাৰ্থক ড্রয়িংখিনি ‘অনুপ্রাণিত’, অনুভূত আৰু আন্তৰিক। অপূর্ব সুন্দৰ কিছুসংখ্যক ড্রয়িঙৰ কাৰণেও আমাৰ দৰে দৰ্শক তেওঁৰ ওচৰত কৃতজ্ঞ হৈ আছে আৰু থাকিবও। মিশ্ৰৰ উৎকৃষ্ট ড্রয়িংখিনি প্ৰধানকৈ ৰেখানিৰ্ভৰ। ৰেখাৰ মহিমা তাৰ গতিময়তাত, বস্তুৰ গঢ়ন, ওজন ভাব, স্পৃশ্যগুণ-ব্যঞ্জনা সৃষ্টিত, ৰূপ ৰচনা আৰু ৰূপ নিৰ্মাণৰ সৌন্দর্যত। যি ৰেখা বা ৰেখাৰ সমষ্টিয়ে বাস্তৱৰ বা কল্পনাৰ কোনো মূর্ত বা বিমূর্ত ৰূপৰ প্রতীতি, অনুষংগ জন্মাব নােৱাৰে, আমাৰ দৃশ্যগ্রাহ্য অনুভূতি, অভিজ্ঞতা, ছন্দ-চেতনাক আলোড়িত নকৰে, তেনে অভিব্যক্তিহীন ড্ৰয়িঙক আমি সাৰ্থক ড্ৰয়িং বুলি ক’ব নোৱাৰোঁ।

মিশ্ৰৰ সাৰ্থক ড্ৰয়িংবোৰত এটা শৈল্পিক অন্তৰ্দৃষ্টি, বিশ্লেষণী সামাজিক মনৰ পৰিচয় আছে। ৰেখা অংকনত মিশ্র সংযমী, মিতব্যয়ী। ৰেখাৰ স্বচ্ছন্দ, দ্রুত মন্থৰ ছন্দােময় গতি, অভিব্যক্তি গুণ, লাৱণ্য, কাঠিন্য, বলিষ্ঠতা আৰু সৰলতাই মিশ্ৰৰ ড্রয়িঙৰ অন্যতম বৈশিষ্ট্য।

মিশ্ৰ এজন সমাজ সচেতন শিল্পী। মানুহৰ প্ৰাত্যহিক জীৱন, জীৱনৰ লগত যুক্ত হৈ থকা স্মৃতি-স্বপ্ন-দিঠক, দুখ-সুখ, আমাৰ চৌপাশেই তেওঁৰ ড্রয়িঙৰ প্ৰধান উপজীৱ্য। তেওঁৰ ড্রয়িংবােৰে আমাক আমাৰ চাৰিওপিনে চাবলৈ, চাৰিওপিনক অনুভৱ-উপলব্ধি কৰিবলৈ যেন বাৰে বাৰে কয়। চোৱাঁ, তোমালোকৰ চাৰিওফালে কিমান আন্ধাৰ-পোহৰ আছে, কিমান প্ৰাণস্পন্দিত সুন্দৰ-কুৰূপ বস্তু, দৃশ্যবােৰ আছে। তেওঁৰ সাৰ্থক ড্রয়িংবোৰ অধিকাংশই আমাৰ সামাজিক জীৱনৰ চিত্রব্যাখ্যা বা চিত্ৰভাষ্য। দণ্ডায়মান দুগৰাকী নগ্নিকা, কালীয়দমনকে ধৰি কেইবাখনাে চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদিত প্ৰকাশ আলোচনীৰ প্ৰচ্ছদত ছপা হােৱা ড্রয়িং, অসম ৰাজ্যিক সংগ্ৰহালয়ত সংৰক্ষিত শিলৰ জনজাতীয় দুৰ্গাৰ আৰ্হিত কৰা দুর্গা, ফ্রেণ্ডছিপত প্রকাশিত জনজাতীয় মহিলা, লটাৰি টিকেট ছেলাৰ (চিহ্ন’ত প্রকাশিত), শেহতীয়াকৈ কৰা কেইখনমান পানী ৰঙৰ ড্রয়িং আৰু জাপানী ক্যালিগ্রাফি বা লিপিৰ ৰেখাৰ মায়াময় ভাব এটা থকা ড্রয়িংখন— মিশ্ৰৰ উৎকৃষ্ট ড্রয়িংবোৰৰ কেইখনমান। অকুণ্ঠিতা, স্ফিতোদৰা নগ্নিকা দুগৰাকীৰ দেহাৱয়ৱৰ ইন্দ্রিয়গত সৌন্দর্য মনোমুগ্ধকৰ।

কল্পনা উদ্ভাৱনী প্ৰতিভা, অংকন দক্ষতা, ইমেজ ৰচনা, বর্ণ চয়ন আৰু বৰ্ণ প্রয়োগেৰে অসমৰ কিতাপ-আলোচনীৰ প্ৰচ্ছদচিত্ৰক মিশ্ৰই নতুন এটা মাত্রা, মর্যাদা দিলে। মিশ্ৰৰ আগতে হেমন্ত মিশ্র (ৰামধেনুৰ প্ৰচ্ছদ) আৰু ভবানীভূতি ভট্টাচাৰ্যৰ (নতুন কবিতা) দুখনমান প্রচ্ছদে অসমীয়া কিতাপ-আলোচনীৰ প্রচ্ছদচিত্ৰলৈ এটা নবীনতা আনিছিল। মিশ্ৰৰ প্রায় প্রত্যেকখন প্রচ্ছদচিত্রই নয়নাভিৰাম, চিত্তাকর্ষক। যথা, —আর্থ ছং (ইংৰাজী কবিতাৰ পুথি), অধিনায়ক (আলোচনী, বিশেষ মহিলা সংখ্যা), প্রকাশ আলোচনীৰ ভালেকেইখন প্রচ্ছদ। অধিনায়কৰ প্ৰচ্ছদ দেখিলে মনৰ মাজত অজন্তাৰ অপ্সৰাৰ মুখখন (১৭ নং গুহা) ভাহি উঠে। প্ৰকাশৰ এটা সংখ্যাত মুদ্রিত হােৱা এখন প্রচ্ছদত জৈৱপ্ৰজননমূলক ৰূপ নির্মাণৰ প্ৰচেষ্টা প্রশংসনীয়, নতুন।

ষাঠিৰ দশকত মুনীন্দ্ৰনাৰায়ণ দত্তবৰুৱা সম্পাদিত ছমহীয়া নীলাচলত মিশ্রৰ কিছুমান চিত্রায়ন (illustration) দেখি মুগ্ধ হৈছিলোঁ। মিশ্ৰই অসংখ্য চিত্রায়ন কৰিছে। পিকাছোৱে কৰিছিল চৌত্ৰিশ হাজাৰখন। প্ৰতিখন চিত্রায়ন মিশ্ৰই নিজৰ ধৰণে কৰিছে, নিজস্ব শৈলীত। বগা-ক’লাও কৰিছে, ৰঙীনো কৰিছে। আজি কিছু বছৰৰ আগতে গীতাঞ্জলি বৰঠাকুৰৰ অমাতৰ মাতত ছপা হােৱা,- সৰু সৰু ল’ৰা-ছােৱালীৰ মন বুজি, কল্পনা আৰু দৃষ্টিৰ দূৰত্ব বুজি, তেওঁলোকৰ মনত আৰু চকুতলগাকৈ কৰা ৰঙীন চিত্রায়নবোৰত সপোনবুলীয়া কল্পনাৰ কিবা এটা কোমলতা, মাদকতা আছে।

আজি কেইবছৰমানৰ আগলৈকে শিল্পচিন্তা আৰু সৃষ্টিৰ কাৰণে কোনাে পৰিৱেশ
নােহােৱা এখন ঠাইত, সুদীর্ঘ দুকুৰি বছৰ কাল ধৰি শিল্পচর্চা, শিল্প সৃষ্টি কৰি আমাৰ কল্পনা, চেতনা, সংবেদন, অভিজ্ঞতা, শিল্পসৌন্দৰ্য ৰুচিক, — তেওঁ যি ধৰণেৰে পাৰে সেই ধৰণেৰে বৰ্ধন, সমৃদ্ধ কৰাৰ কাৰণে, এই চমু টোকাটোৰেই আজি আকৌ বেণু মিশ্ৰক মোৰ আন্তৰিক অভিনন্দন জনালোঁ।

 টোকাঃ শিল্পবিষয়ক এই প্ৰৱন্ধটিৰ লিখক নীলমণি ফুকন সৰ্বকালৰ এজন মূখ্য আৰু অন্যতম অসমীয়া কবি। শিশুৰ দৰে সৰল আৰু নিষ্পাপ মনেৰে আজীৱন মানুহ আৰু প্ৰকৃতিৰ ভালপোৱাত নিমজ্জিত কবিগৰাকীৰ প্ৰকাশিত কেউখন কবিতাপুথিয়ে ইতিমধ্যে অভূতপূৰ্ব খ্যাতি অৰ্জন কৰাৰ লগতে তেখেতৰ শিল্পবিষয়ক মনোজ্ঞ, সমৃদ্ধ প্ৰবন্ধসমূহে শিল্পৰসিক বৌদ্ধিক মহলৰ দৃষ্টি আকৰ্ষণ কৰাত সফল হৈছে। ২০১৩ বৰ্ষত ‘অন্বেষা’ৰ উদ্যোগত প্ৰকাশিত ‘শিল্পকলাৰ উপলব্ধি আৰু আনন্দ’ গ্ৰন্থখন তেখেতৰ শিল্পকলা বিষয়ক স্বীকৃত গ্ৰন্থ। উল্লিখিত গ্ৰন্থখনিৰ পৰা এই প্ৰৱন্ধটি শ্ৰদ্ধেয় কবিগৰাকীৰ অনুমতিক্ৰমে ইউনিক’ড কৰা হৈছে।

সংগ্ৰহ আৰু ইউনিক’ড : প্ৰাণজ্যোতি 

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে