চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ৰাজেশ কুমাৰ তাঁতীৰ কবিতা

ৰাজেশ কুমাৰ তাঁতীৰ কবিতা

মই আহি আছোঁ 

জয়াল ৰাতিবোৰৰ মাজেদি আহি থকা কথাটো তোমাক মই কোৱা নাই,
ফুলি থকা সূৰ্যমুখী ফুলটোৰ দিশেৰে গৈ থকা কথাটোও
মই তোমাক নকলোঁ ৷

মই যে মাতাল হৈ আছোঁ সহস্ৰ বছৰ মোৰ দেশৰ মাটিৰ নিচাত,
উপচি পৰা শইচৰ পথাৰত ৷

তুমি যিমানেই দাবী নকৰা
দেশ মানে কেতিয়াও ভূগোলৰ মানচিত্ৰ হ’ব নোৱাৰে

মোৰ দেশ মোৰ অস্তিত্ব, মোৰ জাতি আৰু প্ৰাণৰ,
মোৰ ভৰিৰ তলৰ মাটি,
শ্ৰমিকৰ ঘাম আৰু শ্বহীদৰ কেঁচা তেজেৰে তিতি আছে যাৰ বুকু ৷

মোৰ দেশৰ নদীবোৰৰ দুপাৰৰ হালধীয়াখিনি মেৰিয়াই মই আহি আছোঁ,
নক্ষত্ৰবোৰৰ বেদনাক সাৱটি মই আহি আছোঁ,
মগনীয়াবোৰৰ আনন্দৰ লগত,

নিবনুৱাবোৰৰ উদাস দৃষ্টিৰ লগত মই আহি আছোঁ,
বিধৱাবোৰৰ চকুপানীৰ লগত মই আহি আছোঁ,
উজাগৰী ৰাতিৰ একোটা হুমুনিয়াহ হৈ,
শ্বহীদৰ আত্মাবোৰৰ লগত মই আহি আছোঁ,
জীৱন আৰু মৃত্যুৰ গান হৈ ৷

মই আহি আছোঁ জয়াল ৰাতিবোৰৰ মাজেৰে বেলিফুলৰ দিশে
তোমাক কথাটো ক’বলৈ যে
দেশ মানে মোৰ আই, মোৰ পালক আৰু শেষ আশ্ৰয়ৰ ঠাই ৷

( যোৰহাটৰ ৰাজেশ কুমাৰ তাঁতী ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ । প্ৰকাশিত কাব্য সংকলনসমূহ- ‘উৰ্মিমালা’ (২০০৯), ‘মোৰ দিনবোৰ মোৰ ৰাতিবোৰ’ (২০১২) আদি । তেওঁ ২০১২ চনত সদৌ অসম কবি সন্মিলনৰ ‘ৰাম গগৈ’ বঁটা লাভ কৰে ।)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে