চ’ৰাঘৰ / হেমাংগ বিশ্বাস বিশেষ / যি মহৎ তেওঁক কোনেও পাহৰিব নোৱাৰে ( নিৰুপমা বৰগোহাঞি )

যি মহৎ তেওঁক কোনেও পাহৰিব নোৱাৰে ( নিৰুপমা বৰগোহাঞি )

গণনাট্য সংঘৰ এটা অনুষ্ঠান গুৱাহাটীৰ চাৰ্চ ফিল্ডত পতা হৈছিল আৰু মোৰ পৰম সৌভাগ্য যে সেই অনুষ্ঠানত মই জড়িত হােৱাৰ সুযোগ পাইছিলোঁ। সেয়া বোধহয় ১৯৫৫ চন। এই অনুষ্ঠানৰ বাবে যিটাে কর্মীবাহিনী গঠন কৰা হৈছিল তাৰ সম্পাদক আছিল ড° দেৱপ্ৰসাদ বৰুৱা আৰু মই আছিলোঁ সহকাৰী সম্পাদিকা। গতিকে আমি গোটেই কেইদিন সভাত উপস্থিত আছিলোঁ। তাত ভাৰতবৰ্ষৰ বিশিষ্ট শিল্পীকেইগৰাকীমানক লগ পাইছিলোঁ, যেনে— হেমন্ত মুখোপাধ্যায়, সলিল চৌধুৰী, দাক্ষিণাত্যৰ ওমৰ শ্বেখ। শ্বেখৰ সাংঘাতিক গলা, যেতিয়া গান গায় মাইক নালাগে, গোটেই সভাঘৰ ৰজনজনাই যায়। তাতেই পাইছিলোঁ হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাক। তেওঁলোকে গাইছিল— ‘ভাঙ্ ভাঙ্ ভাঙোতা শিল ভাঙ্’, ‘হে দােলা, হে দােলা’। আমাৰ মনলৈ আহিছিল ৰবীন্দ্ৰনাথৰ সেই গীতফাঁকি— ‘তুমি কেমন কৰে গান কৰ হে গুণী, আমি অবাক হয়ে শুনি’। সেই কেইদিন আমাৰ বাবে আছিল মধুৰ সময়।

হেমন্ত মুখাৰ্জীক আগুৰি ধৰিছিলোঁ আমি কৰ্মীসকলে। তেতিয়া হেমন্ত মুখাৰ্জীয়ে আমাক গাই শুনাইছিল— ‘‘ভাঙলো দিলো না বেলা দিলো…।” জীৱনত বহু সাংস্কৃতিক অনুষ্ঠান দেখিছোঁ, কিন্তু সেইটােৰ দৰে সাংস্কৃতিক অনুষ্ঠান দেখা নাছিলোঁ। বলৰাজ সাহানীও তালৈ আহিছিল। আহিছিল সুচিত্রা মিত্র। এনেকৈ তাত ভাৰতবৰ্ষৰ বহু বিশিষ্ট শিল্পী সমবেত হৈছিল। আমাৰ অতি মধুৰ সময় অতিবাহিত হৈছিল। সেই সময়তে হেমাঙ্গ বিশ্বাসক দেখা ক্ষীণ-মিন চেহেৰা, কিন্তু উদাত্ত কণ্ঠেৰে গান গোৱা মানুহজন স্মৃতিত সদায় যুগমীয়া হৈ থাকিব।

তাৰ পিছত হেমাংগ বিশ্বাসক লগ পাইছিলোঁ কলিকতাত। কলিকতাত মই কিছুদিন আছিলোঁ। মই অঞ্জলি বাইদেউৰ লগত গৈ থাকিছিলোঁ। হেমাংগ বিশ্বাসৰ লগত আহ-যাহ হৈছিল। মানুহজন বৰ মৰমীয়াল আছিল। তেওঁ তেতিয়া নাকতলাৰ ঘৰত আছিল। তেওঁৰ ঘৰৰ বাৰীত বগৰীৰ গছ আছিল। তেওঁ পকা বগৰী টোপোলা বান্ধি লৈ আহিছিল। তেওঁৰ জীৱন পৰিক্ৰমা পঢ়ি আচৰিত হওঁ— মানুহজনৰ গোটেই জীৱন ইমান কর্মময় ! এজন অসুস্থ চেহেৰাৰ মানুহ, এজন জমিদাৰৰ ঘৰৰ ল’ৰা— অথচ গোটেই জীৱন দুঃস্থ মানুহৰ মংগলৰ কাৰণে জীৱনপাত কৰিলে। এনে এজন মানুহ যে অসমত জন্মলাভ কৰিছিল ভাবিলে, আমাৰ গৌৰৱবোধ হয়।

হেমাংগ বিশ্বাস জীয়াই ‘কুলখুৰাৰ চোতাল’ৰ মাজত। তেওঁ জীয়াই থাকিব বিভিন্ন গান আৰু কৰ্মৰাজিৰ মাজত। যি মানুহ অমৰ— তেওঁ সদায় মানুহৰ অন্তৰত এডোখৰ ঠাই লৈ জীয়াই থাকে। হেমাঙ্গ বিশ্বাসক অসমৰ মানুহে পাহৰি যোৱা নাই। তেওঁ বাওঁপহীত থাকিলেও বিভিন্ন সোঁপন্থী কাকতত তেওঁৰ বিষয়ে নানা লেখা প্রকাশিত হয়। এইটো অতি আনন্দৰ কথা। তাৰপৰা এইটােৱেই প্রমাণিত হয়- যি মহৎ, তেওঁক কোনেও কেতিয়াও পাহৰিব নোৱাৰে | সর্বকালৰ সর্বস্তৰৰ মানুহে তেওঁক মনত ৰাখিব।

( এই স্মৃতিকথাৰ লেখক নিৰুপমা বৰগোহাঞি অসমীয়া সাহিত্য জগতত একাধাৰে গল্পকাৰ, ঔপন্যাসিক আৰু এসময়ৰ সত্যনিষ্ঠ সাংবাদিক ৰূপে প্ৰতিষ্ঠিত। তেখেত নাৰীবাদী লেখক। সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে বিভিন্ন স্বীকৃতি লাভ কৰাৰ উপৰিও নাৰীবাদী নেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনীভিত্তিক উপন্যাস ‘অভিযাত্ৰী’ৰ বাবে সৰ্বভাৰতীয় সৰ্বোচ্চ সন্মান ‘সাহিত্য অকাডেমী’ লাভ কৰিছিল। লেখকৰ অনুমতি ক্ৰমে ওপৰৰ লেখাটি কীৰ্তিমান লেখক-সম্পাদক পৰমানন্দ মজুমদাৰ সম্পাদিত “হেমাংগ বিশ্বাস দৃষ্টি আৰু সৃষ্টি” গ্ৰন্থৰ পৰা ইউনিক’ড কৰা হৈছে। ইউনিক’ডঃ প্ৰাণজ্যোতি)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে