চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / কবিৰঞ্জন শইকীয়াৰ দুটিমান কবিতা

কবিৰঞ্জন শইকীয়াৰ দুটিমান কবিতা

আত্মসমালোচনাৰ দুটি স্তৱক

১.
তোমালোকৰ বাবেই মই অকাতৰে উছৰ্গা কৰিব পাৰোঁ
মোৰ সমস্ত সময় আৰু ভৱিষ্যৎ
চোৱা! কিমান নৃশংসভাৱে বিধ্বস্ত হৈ যায়
মোৰ কোঠা সমস্ত সময়! প্ৰিয় কলমবোৰ..
প্ৰিয় ৰঙা ৰং বগা ৰং
আৰু নিজৰ হাততেই বিধ্বস্ত হয়
মোৰ ভালপোৱা
কিমান পৰলৈ মই তোমালোকৰ বন্ধু হৈ থাকিম…
তোমালোকেইবা কিমান সহিবা
বন্ধুত্ব নুবুজা, বিনিময়্ নুবুজা মোৰ বাহ্যিক?

তথাপি বন্ধু!
আহা আমি পুনৰ আৰম্ভ কৰোঁ
আমাৰ বন্ধুত্ব, আমাৰ সহবাস…
অনন্তদিনৰ বাবেই আৰম্ভ কৰোঁ এটা নতুন কবিতা
কবিতা নতুন! স্বাধীনতাৰ কবিতা…৷

২.
কিমান দিনলৈ বাচি থাকিম মই
এই যে চিতাত তুলি দিয়া হ’ব যুঁজাৰু বন্ধুৰ মৃতদেহ
হে কবিসকল.. এই মুহূৰ্তত মই এইটোৱেই ক’ব কাৰোঁ
মই কবিৰঞ্জন উত্তপ্ত হ’ব খোজা এটা কবিতাৰ নাম
এটা সংকল্প কঠোৰ
একেখন চিতাই হ’ব দিয়া মোৰ বাবেও !

কিমান দিনলৈ
বাচি থাকিম মই?
শত্ৰু শিবিৰত হাঁহি-খিকিন্দালিৰ উছৱ হ’ব
বিলাতী মদৰ গোন্ধত ৰমৰমাই যাব
সন্ধ্যাৰ উছৱমুখৰ বজাৰ ! থিৰ হৈ পৰি থাকিব
এই কথা কওঁ এই কথা কওঁ এটা কবিতা
কেনেকৈ সহিব মোৰ আয়ে
মোৰ অকাল মৃত্যু ?
তথাপি বন্ধু যুঁজিবটো লাগিবই আমি যুঁজাৰু মানুহ।

সূৰ্যটোলৈ মোৰ অন্তিম চিঠি

এৰি অহা ঘৰখনলৈ আজিকালি
কোনোদিন মোৰ মনত নপৰে
এটা বন্দুকৰ স’তে মুখামুখি হোৱাৰ
সেই নিশাটোৰ কথা
কাহানিও মোৰ মনত নপৰে

কাৰণ
মই এৰি অহা পঁজাটোৰ দৰে
হাজাৰ হাজাৰ পঁজাৰ কথা ভাবিবলৈ
বহুতো বন্দুক-গ্ৰেনেডৰ স’তে এতিয়া মই
মুখামুখি হৈছোঁ
আৱৰণটোৱে ঢাকি ৰখা মোৰ আটাইখিনি তেজেই
সূৰ্যটোৰ স’তে মই সলাই লৈছোঁ

ওঁঠত ওঁঠ থৈ বন্দুকৰ ছাঁত তেজীমলাৰ স’তে মই
প্ৰেমৰ কথা পাতিছোঁ
পৰস্পৰে পৰস্পৰৰ স’তে নাইকিয়া হৈ
স্বাগতম জনাইছোঁ আমি এটা তেজস্বী সন্তানক
ৰণাংগনত কোনো মৃত সৈনিক সতীৰ্থৰ কাষত বহি
মই কবিতা লিখা দেখি
গাণ্ডীৱখনে চিঞৰি উঠিছে এটা বন্ধুৰ মোৰ
আৰ্তনাদত চিৎকাৰ কৰি উঠিছে
কোনোবা বুদ্ধই…

ক্ৰমশঃ মই হাতত বন্দুক তুলি লৈছোঁ
ঘৰখনত এৰি অহা ভনীজনীক ৰণাংগনত লগ পাই
নিজকে মই ধন্য মানিছোঁ
মোৰ ঘৰখনেও বিপ্লৱৰ শেষ অধ্যায় পঢ়াৰ
এতিয়া সপোন দেখিছে
সূৰ্যটোলৈ মোৰ অন্তিম চিঠিৰ গোপন কোণত
সযতনে সাঁচি থৈছোঁ শান্তিকামী পৰিৱৰ্তনৰ এটা সত্তা
আৰু অলেখ বাৰুদৰ স’তে মোৰ
তেজস্বী সন্তানটোক….!!!
কবিতা
….  …. … ….
আমি যিসকলে
যুগ যুগ ধৰি কথা কোৱা নাছিলোঁ
তেওঁলোকৰ বাবেই
সমগ্ৰ নিষিদ্ধ শব্দ আৰু কবিতা।

সাম্প্ৰতিক

আমিবোৰ প্ৰত্যেকেই সম্প্ৰতি পৰস্পৰৰ বাবে
একো একোটা বক্তব্য। অথবা,
জোনাকৰ স’তে সলাই লোৱা প্ৰতিবাদ

পোহৰৰ দৰেই স্বচ্ছ এতিয়া কবিতা
তোমালোকে আঁকি দিয়া আমাৰ যৌৱন,
তোমালোকৰ বাবে নাই আমাৰ কোনো সোঁৱৰণ।
প্ৰেম আহক এজাক ধুমুহা হৈ
নিৰ্জন কবিৰ ঘৰ। অথবা,
পৰস্পৰৰ হাতত তুলি দিয়া একো একোটা ৰিভলভাৰ।

ৰৈ আছে নেকি ক’ৰবাত এখন ঘৰ

মোৰ সমগ্ৰ শৰীৰ আৰু তেজ অৱসাদ আৰু ক্লান্তিয়ে
আবৰি ধৰাৰ পিছতো উজ্জ্বল আশা হৈ
মোৰ বুকুৰ মাজত ৰৈ থাকে
এটা পুৱা

তুমি সঁচাই অবিচল হৈ ৰৈ থাকানে
যেতিয়া শিলৰ ফাঁকে-ফাঁকে উপচে সেউজীয়া বৰফ
আৰু এন্ধাৰত সৰে আকাশৰ চকুলো,
প্ৰচণ্ড শীতত যেতিয়া অকণমান জুইৰ উম বিচাৰি আমি ঘূৰি ফুৰো
মানুহৰ মাজে মাজে, গাঁৱে-গাঁৱে
ৰৈ আছে নেকি ক’ৰবাত এখন ঘৰ, এখন সঁচা হৃদয়
মেৰ বাবে, কেৱল মোৰ বাবে
আৰু আমাৰ সকলোৰে বাবে

তোমাৰ শৰীৰ ঠিক কোনখিনিত থাকে
তোমাৰ হৃদয় আৰু লাজ- মই নাজানিলো
কিন্তু অহংকাৰৰ সাগৰত তোমাৰ শীত আৰু গ্ৰীষ্ম ঋতুবোৰ
এদিন হেৰাই গৈছিল, আৰু
তুমি চটফটাই পৰি আছিলা মোৰ কোঠাত

এতিয়া অবিচল হৈ মই ৰৈ থকো
শীতৰ পুৱা এদিন আমি ৰ’দত বহিম
আৰু কথা পাতিম৷
অস্থিৰতা আৰু আমাৰ মূৰৰ ওপৰেৰে পাৰ হৈ যোৱা
ধুমুহাবিলাকৰ মাজতো৷

(১৯৭৪ চনত নগাঁৱত জন্ম গ্ৰহণ কৰা কবিৰঞ্জন শইকীয়া আছিল প্ৰচুৰ সম্ভাৱনাপূৰ্ণ কবি৷ নিষিদ্ধ ঘোষিত আলফাৰ প্ৰচাৰ বিভাগৰ সৈতে জড়িত শইকীয়া স্বাধীনতা ফুকন নামেৰে পৰিচিত আছিল৷ ২০০০ চনত তেওঁৰ অকালতে মৃত্যু হয়৷)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে