দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / সমকাল /  দেশ আৰু ৰাজ্যৰ কৃষি খণ্ডৰ সংকট আৰু সমাধান ( ভৱেশ নাথ )

 দেশ আৰু ৰাজ্যৰ কৃষি খণ্ডৰ সংকট আৰু সমাধান ( ভৱেশ নাথ )

ভাৰতবৰ্ষ হৈছে মূলত: কৃষিভিত্তিক অৰ্থনীতিৰ দেশ। কৃষকসকল হৈছে এই অৰ্থনীতিৰ প্ৰধান চালিকা শক্তি। ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০-৭০ শতাংশ লোক প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে কৃষি খণ্ডৰ লগত জড়িত। তদুপৰি, কৰ্মসংস্থানৰ ক্ষেত্ৰতো কৃষি খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। মুঠ কৰ্মক্ষেত্ৰৰ প্ৰায় ৫০ শতাংশ কৃষিখণ্ডৰ অন্তৰ্ভুক্ত। লগতে ভাৰতবৰ্ষৰ মুঠ ঘৰুৱা উৎপাদন(GDP) ৰ প্ৰায় ১৬-১৭ শতাংশ আহে কৃষিখণ্ডৰ পৰা।

অৰ্থনীতিৰ এই বিশাল ক্ষেত্ৰখনৰ লগত জড়িত কৃষকসকলৰ অৱস্থা আজি কোন দিশে? যি কৃষকৰ উৎপাদনে দেশৰ জনতাক ক্ষুধাৰ পৰা পৰিত্ৰাণ দিয়ে, দেশৰ অৰ্থনীতিক টনকীয়াল কৰে সেই কৃষকে আজি ৰাজপথত চিঞৰিছে নিজৰ অধিকাৰ আৰু প্ৰাপ্য বিচাৰি। সমগ্ৰ দেশজুৰি আজি কৃষক আন্দোলন। কেন্দ্ৰ আৰু ৰাজ্যৰ কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে ইতিমধ্যে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, হাৰিয়ানা, পঞ্জাৱ, তামিলনাডু আদি ৰাজ্যত কৃষকে তীব্ৰ সংগ্ৰামৰ পথ বাচি লৈছে। মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে আন্দোলন দমন কৰিবলৈ গৈ ছয় গৰাকীকৈ কৃষকক পুলিচৰ গুলিৰে হত্যা কৰিছে। তাৰ পিছতো আন্দোলন স্তিমিত হোৱাৰ সলনি তীব্ৰহে হৈছে। মহাৰাষ্ট্ৰ, ৰাজস্থানৰ কৃষক আন্দোলনৰ সমৰ্থনত জনসাধাৰণ ওলাই আহিছে। আন্দোলনৰ হেচাত প্ৰথমতে মহাৰাষ্ট্ৰ আৰু পিছত ৰাজস্থানৰ বিজেপি চৰকাৰে আন্দোলনকাৰীসকলৰ লগত আলোচনাত বহি কিছু দাবী মানি লবলৈও বাধ্য হৈছে।

কৃষকসকলৰ দুটা বহুদিনীয়া দাবী হৈছে উৎপাদিত ফচলৰ ন্যায্য দাম আৰু কৃষি ঋণ ৰেহাই দিয়া। কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰবোৰে অনুসৰণ কৰা নব্য উদাৰবাদী অৰ্থনৈতিক নীতিৰ ফলত কৃষকসকল আজি সংকটত। সাৰ, বীজ, কীটনাশক দৰৱ, বিজুলী আদিকে ধৰি কৃষি উৎপাদনৰ লগত জড়িত প্ৰয়োজনীয় সা- সামগ্ৰীৰ দাম ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই দাম বৃদ্ধিৰ মুখ্য কাৰণ হৈছে ৰাজসাহায্য কৰ্তন আৰু কৃষি ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ দেশী-বিদেশী কৰ্পোৰেট গোষ্ঠীবোৰৰ বাবে উন্মুক্ত কৰি দিয়া নীতি। উদাহৰণস্বৰূপে সাৰৰ ওপৰত থকা ৰাজসাহায্যৰ পৰিমাণ ২০১৫-১৬ বৰ্ষৰ ৭২৪১৫.১৭ কোটি টকাৰ পৰা ২০১৭-১৮ বৰ্ষত এই পৰিমাণ ৭০০০০ কোটিলৈ হ্ৰাস কৰিছে। আনফালে কৃষকৰ উৎপাদিত ফচলৰ দাম ধাৰাবাহিক ভাৱে হ্ৰাস পাইছে। যোৱা লোকসভা নিৰ্বাচনৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল যে স্বামী নাথন কমিটিৰ পৰামৰ্শ অনুসৰি তেওলোকে উৎপাদন ব্যয়ৰ লগত পঞ্চাশ শতাংশ যোগ দি ফচলৰ নূন্যতম সহায়ক মূল্য ধাৰ্য কৰিব আৰু চৰকাৰী সংস্থা বিলাকে কৃষকৰ উৎপাদিত সামগ্ৰী ক্ৰয় কৰিব। কিন্তু শাসনলৈ আহিয়েই সৰ্বোচ্চ ন্যায়ালয়ত হলফনামা দাখিল কৰি মোডী চৰকাৰে ঘোষণা কৰিছে যে উক্ত প্ৰতিশ্ৰুতি পূৰণ কৰাটো অসম্ভৱ। তদুপৰি কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ফচল আৰু কৃষি পণ্যৰ বাবে যি নূন্যতম সহায়ক মূল্য ঘোষণা কৰিছে, সেয়াও উৎপাদন ব্যয়তকৈ যথেষ্ট কম। আনহাতে গৰীৱ আৰু প্ৰান্তীয় খেতিয়ক সকললৈ সস্তীয়া প্ৰাতিষ্ঠানিক ঋণ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিও প্ৰতিশ্ৰুতি হৈয়েই থাকিল। যিখিনি ঋণ আগবঢ়োৱা হৈছে তাৰো সিংহ ভাগ হৈছে ধনীক শ্ৰেণী আৰু বৃহৎ কৃষি ব্যৱসায়ী কোম্পানী। যাৰ পৰিণতিত গৰীৱ খেতিয়কসকল কৃষি ঋণৰ বাবে সুতখোৰ মহাজনৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হৈছে। প্ৰায় ৫২ শতাংশৰো অধিক কৃষক আজি ঋণগ্ৰস্ত।

জাতীয় নমুনা সমীক্ষা সংস্থাৰ প্ৰতিবেদন অনুযায়ী এটা কৃষক পৰিয়ালৰ গড়ে বাৰ্ষিক আয় হৈছে ৩৬৯৭২ টকা আৰু ঋণ হৈছে ৪৭০০০ টকা। বহুল প্ৰচাৰিত ‘প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা’ আঁচনিয়েও বেছি সংখ্যক কৃষককেই সকাহ দিব পৰা নাই। উক্ত যোজনাৰ বাবে আবণ্টিত ধনৰ পৰিমাণ চৰকাৰে এইবাৰৰ বাজেটত প্ৰায় ৪২৪০ কোটি টকা হ্ৰাসহে কৰিছে। যিখিনি ধন ধাৰ্য কৰা হৈছে তাৰ ফলত লাভৱান হৈছে ব্যক্তিগত খণ্ডৰ বীমা কোম্পানীবোৰহে। উদাহৰণস্বৰূপে ২০১৬-১৭ বৰ্ষত এই কোম্পানী বিলাকে কৃষকৰ পৰা ২১৫০০ কোটি টকাৰ প্ৰিমিয়াম সংগ্ৰহ কৰিছে। কিন্তু ৪২৭০.৫৫ কোটি টকাৰ দাবীৰ ঠাইত মাত্ৰ ৭১৪.১৪ কোটি টকাৰ দাবীহে নিষ্পত্তি কৰিছে। এনে পৰিস্থিতিত যোৱা তিনিটা বৰ্ষত এই চৰকাৰৰ দিনত কৃষকৰ আত্মহত্যাৰ সংখ্যা প্ৰায় ২৬ শতাংশ বৃদ্ধি পাইছে। ২০১৭ চনৰ ১০ জুলাইলৈকে অকল মধ্য প্ৰদেশতেই প্ৰায় ৪৫ জন কৃষকে আত্মহত্যা কৰিছে। National Crime Record Bureau ৰ তথ্য মতে ২০১৫ বৰ্ষত সমগ্র ভাৰতবৰ্ষত প্ৰায় ১২ সহস্ৰাধিক কৃষকে আত্মহত্যা কৰিছিল। ১৯৯৫ চনৰ পৰা ২০১৫ চনলৈকে গোটেই ভাৰতত প্ৰায় ৩,১৮,৫২৮ গৰাকী কৃষকে আত্মহত্যা কৰিছে। এনে এক পৰিস্থিতিত বছৰি প্ৰায় ৫ লাখ খেতিয়কে কৃষি কৰ্ম পৰিত্যাগ কৰিবলৈ বাধ্য হৈছে। এইসকল কৃষক নগৰ চহৰলৈ ঢাপলি মেলি হয় নিবনুৱা হৈ ৰৈছে নহয় অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সংখ্যা বৃদ্ধি কৰিছে। কাৰণ কৃষি ক্ষেত্ৰ বৰ্তমানে এক অলাভজনক খণ্ড হিচাপেহে বিবেচিত হবলৈ ধৰিছে। চৰকাৰী তথ্য মতেই বীজ ৰোপণ কৰা কৃষি ভূমিৰ পৰিমাণ যোৱা এটা বছৰত প্ৰায় ৫ লক্ষাধিক হেক্টৰতকৈ বেছি হ্ৰাস পাইছে। আনহাতে MGNREGA আচনিতো পৰ্যাপ্ত পৰিমাণে পুজি যোগান নধৰাৰ ফলত বছৰি ১০০ দিনৰ সলনি গড়ে মাত্ৰ ৪৬ দিনৰহে কৰ্মসংস্থান সৃষ্টি হৈছে। তদুপৰি ২০১৬-১৭ বৰ্ষত এই আচনিৰ প্ৰায় ২০ হাজাৰ কোটি টকাৰ মজুৰি অনাদায় হৈ আছে। এনে পৰিস্থিতিত কৃষি ক্ষেত্ৰৰ সংকট পূৰ্বতকৈ বৃদ্ধি পাইছে। মোডী চৰকাৰৰ যোৱা তিনিটা কাৰ্যকালত কৃষি উৎপাদন বৃদ্ধিৰ হাৰ হৈছে গড়ে মাত্ৰ ১.৭ শতাংশ।

অসমৰ ক্ষেত্ৰতো এই পৰিস্থিতি একেই বুলি ক’ব পাৰি। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৃষি বিৰোধী নীতিয়ে অসমৰ কৃষকসকলকো প্ৰভাৱিত কৰিছে। খেতিয়কৰ উৎপাদিত ফচলৰ দাম ক্ৰমান্বয়ে হ্ৰাস পাইছে। উদাহৰণস্বৰূপে এই বেলি কৃষকে আলু প্ৰতি কিলোত দুই বা তিনি টকা দৰত বিক্ৰী কৰিব লগা হৈছে। অথচ আলুৰ উৎপাদন ব্যয় হৈছে প্ৰতি কিলোত ৯ টকা। আনহাতে চৰকাৰে আলুৰ সংগ্ৰহ মূল্য নিৰ্ধাৰণ কৰিছে প্ৰতি কিলোত ৫ টকা, যিটো উৎপাদন ব্যয়তকৈ যথেষ্ট কম। যোৱা বছৰো উৎপাদিত আলুৰ ন্যায্য মূল্য নাপাই বৰপেটাৰ কৃষকসকলে বস্তাই বস্তাই আলু ৰাজপথত পেলাই দিব লগীয়া হৈছিল। উৎপাদিত কৃষি সামগ্ৰী বেয়া নোহোৱাকৈ ৰাখিবলৈও ৰাজ্যত হিমঘৰৰ অভাৱ। আনহাতে অসমত দীৰ্ঘদিন ধৰি ভোগদখল কৰি থকা বেছি সংখ্যক কৃষকৰে নাই নিজা মাটিৰ পট্টা। ফলত প্ৰাতিষ্ঠানিক ঋণৰ যিখিনি সামান্য সা-সুবিধা আছে, তাৰ পৰাও বঞ্ছিত হ’ব লগা হৈছে কৃষকসকল। সেয়েহে অসমত বেংক বিলাকৰ ঋণ আমানতৰ অনুপাতো মাত্ৰ ৫০ শতাংশহে, যিটো জাতীয় গড়তকৈ যথেষ্ট কম। আনফালে ইৰি ধানৰ পতানে ৰাজ্য খনৰ কৃষক সকলক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে যদিও ৰাজ্য চৰকাৰ খনে কৃষকসকলক এই ক্ষেত্ৰত উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। তদুপৰি, বানপানী আৰু গৰাখহনীয়াই প্ৰতিবছৰে অসমৰ কৃষি উৎপাদন ক্ষতিগ্ৰস্ত কৰি আহিছে।

জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই শেহতীয়া বিধানসভা অধিবেশনত দিয়া তথ্য অনুসৰি অসমৰ মুঠ মাটিকালিৰ ৩১৫০০ বৰ্গ কিলোমিটাৰ অৰ্থাৎ মুঠ মাটি কালিৰ প্ৰায় ৪০ শতাংশ ই হৈছে বানপানী প্ৰভাৱিত এলেকা। দেশৰ মুঠ বান প্ৰভাৱিত অঞ্চলৰ ১০ শতাংশ হৈছে অসমৰ‌। মুঠ ভূমিৰ প্ৰায় ৭.৪০ শতাংশ অৰ্থাৎ প্ৰায় ৪.২৭ লাখ হেক্টৰ ভূমি ইতিমধ্যে গৰাখহনীয়াত জাহ গৈছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰকোপো প্ৰতিদিনে বৃদ্ধি পাইছে। তথ্য অনুসৰি ব্ৰহ্মপুত্ৰৰ প্ৰস্থৰ সীমা গড়ে ১৫ কিলোমিটাৰকৈ বাঢ়িবলৈ লৈছে। যাৰ পৰিণতিত কৃষি উপযোগী ভূমিৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ লৈছে। বছৰটোত দুই তিনিবাৰকৈ অহা বানপানীৰ ফলত এতিয়াও বহু কৃষকৰ কৃষি ভূমি বালি আৰু বোকাৰে পৰিপূৰ্ণ। লক্ষীমপুৰ , ধেমাজি, বৰপেটাৰ হাজাৰ হাজাৰ কৃষি ভূমি এতিয়া কেৱল মাত্ৰ বালিৰ সাগৰ হৈ আছে। ৰাজ্য খনৰ কৃষি খণ্ডৰ উন্নয়নৰ স্বাৰ্থত বানপানী আৰু গৰাখহনীয়াৰ স্থায়ী সমাধান অতিকে প্ৰয়োজন আছিল যদিও আজিলৈকে সেয়া সম্ভৱ হৈ নুঠিলে। আনহাতে স্বাধীনতাৰ ৭০ বছৰ পাছতো অসমৰ মুঠ মাটিকালিৰ প্ৰায় ৫ শতাংশহে সামৰি লৈছে জলসিঞ্চন আঁচনিয়ে। ৰাজ্য খনৰ জল সম্পদ মন্ত্ৰী গৰাকীয়ে বিধান সভাৰ শেহতীয়া অধিবেশনত দিয়া তথ্য অনুসৰি ৰাজ্যখনত থকা সৰ্বমুঠ জলসিঞ্চন আঁচনিৰ সংখ্যা ৩০৩৩ খন। কিন্তু ইয়াৰে কাৰ্যক্ষম হৈ আছে মাত্ৰ ৪৪৬ খন জলসিঞ্চন আচনিহে। বৃহৎ জলসিঞ্চন আঁচনি ৬ খনৰ ভিতৰত কাৰ্যক্ষম মাত্ৰ  এখন। অৰ্থাৎ জলসিঞ্চন বিভাগটো খিৰতী গাই হৈ থকাৰ বাদে বেলেগ একো কৰিব পৰা নাই। যাৰ বাবে অসমৰ কৃষকে এতিয়াও বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৃষি কাৰ্য চলাই নিব লগীয়া হৈছে। সকলোৱে আশা কৰিছিল যে নতুন ৰাজ্য চৰকাৰ খনে অসমৰ কৃষি ক্ষেত্ৰৰ এই শোচনীয় অৱস্থাৰ অৱসান ঘটাব। কিন্তু বিপৰীতে কৃষক ৰাইজৰ সমস্যা সমাধানৰ সলনি ব্যাপক হাৰত উচ্ছেদ অভিযান চলাই বহু সংখ্যক কৃষকক ভূমিহীন কৰি তেওঁলোকৰ জীৱনলৈ সংকট হে নমাই আনিলে। MGNREGA আচনিৰ অধীনত কৰ্মসংস্থান সৃষ্টিৰ হাৰো শোচনীয়। এনে এক প্ৰেক্ষাপটত অসমৰ কৃষকেও আজি আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। চলিত বৰ্ষতেই মৰিগাঁৱৰ কুশল নাথ, পেটেল চৌহান আৰু নলবাৰীৰ কৰুণা বৰ্মন নামৰ তিনিগৰাকীকৈ কৃষকে আত্মহত্যা কৰিছে। National Crime Record Bureau, 2015 তথ্য অনুসৰি উক্ত বৰ্ষত অসমত আত্মহত্যা কৰা কৃষকৰ সংখ্যা আছিল প্ৰায় ৮৪ জন। গতিকে কৃষি আৰু কৃষক ৰাইজে সন্মুখীন হোৱা সমস্যা এতিয়া অকল কৃষক ৰাইজৰেই সমস্যা হৈ থকা নাই, ই সামগ্ৰিকভাৱে আমাৰ ৰাজ্য খনৰ লগতে গোটেই দেশখনৰ আৰ্থিক বিকাশৰ পথত প্ৰতিবন্ধক হিচাপে থিয় দিছে। ৰাজ্য খনৰ প্ৰায় দুই তৃতীয়াংশ লোক প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। কৃষক ৰাইজৰ জীৱন জীৱিকা আক্ৰান্ত হোৱাৰ ফলত দেশৰ লগতে ৰাজ্যৰ আভ্যন্তৰীণ বজাৰৰ চাহিদা হ্ৰাস পাইছে। যাৰ ফলত বিনিয়োগ আৰু আৰ্থিক বিকাশৰ হাৰ নিম্ন গামী হৈছে। তাৰ লগে লগে কৰ্মসংস্থানৰ সংকট তীব্ৰ হৈছে ।

এনে এক অৱস্থাত আজি ৰাজ্য খনত কৃষক সকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা এক বিকল্প কৃষিনীতিৰ প্ৰয়োজন। এই ক্ষেত্ৰত নতুন চৰকাৰ খনে নিশ্চয়কৈ কৃষি অৰ্থনৈতিক উজ্জীৱিত কৰাৰ বাবে কেতবোৰ নীতি নিয়ম প্ৰস্তুত কৰা উচিত বুলি ভাবো। উদাহৰণস্বৰূপে অসমৰ বেছি ভাগ কৃষকৰে স্থায়ী মাটিৰ পট্টা নাই, সেয়ে এই ক্ষেত্ৰত চৰকাৰ খনে ভুমি সংস্কাৰ আয়োগ গঠন কৰাৰ মাজেৰে কৃষকসকলক স্থায়ী মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব পাৰে। এই প্ৰক্ৰিয়াৰ জৰিয়তে ভূমিহীন কৃষক সকলকো মাটি দিয়াৰ ব্যৱস্থা লব পাৰে চৰকাৰখনে। বন অধিকাৰ আইন, ২০১৬ অনুসৰি এই একেই প্ৰক্ৰিয়াৰে বনাঞ্চল বাসী কৃষক ৰাইজকো ভূমি দিয়াৰ উদ্যোগ ল’ব পাৰে। লগতে স্বামী নাথন কমিটিৰ পৰামৰ্শৱলী গ্ৰহণ কৰি কৃষকৰ উৎপাদিত সামগ্ৰীয়ে যাতে উচিত মূল্য পায় তাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা হাতত লোৱা উচিত। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰ খনে সকলো প্ৰকাৰৰ কৃষি ঋণৰ পৰা কৃষক সকলক ৰেহাই দিয়াৰ লগতে বানপানীত ক্ষতিগ্ৰস্ত কৃষক সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰিও খাজনা ৰেহাই দিয়া আৰু সকলোবোৰ কৃষি ভূমিত জলসিঞ্চন ৰ ব্যৱস্থা গ্ৰহণৰ বাবে উপযুক্ত বাস্তৱ সন্মত পদক্ষেপ লোৱাৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিব লাগে। এনেবোৰ পদক্ষেপ গ্ৰহণ কৰাৰ মাজেৰেহে হয়তো কৃষকসকলৰ সমস্যাসমূহৰ সমাধানৰ এক পথ ওলাব। কিন্তু প্ৰশ্ন হ’ল, এনে পদক্ষেপ সমূহ গ্ৰহণ কৰিবলৈ চৰকাৰক বাধ্য কৰাব কোনে ? নিশ্চয়কৈ এই ক্ষেত্ৰত ৰাজ্য খনত থকা কৃষক সংগঠন সমূহে উদ্যোগ ল’ব লাগিব। অসমৰ কাৰণে এক সুখৰ বিষয় যে অসমৰ কৃষক সকলৰ সমস্যা সমূহ সমাধানৰ স্বাৰ্থত ৰাজ্য খনত থকা আটাইবোৰ কৃষক সংগঠনে সন্মিলিত হৈ অহা ১২ নৱেম্বৰত গুৱাহাটীত এক অভিৱৰ্তন পাতিবলৈ লৈছে। আশা কৰোঁ, এই অভিৱৰ্তনে কৃষক সকললৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই লৈ আহিব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে