দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / আমি মানুহ ( দীপাঙ্ক বৰা )

আমি মানুহ ( দীপাঙ্ক বৰা )

কিমান পৰৰ পিছত চেতনা ঘূৰাই পাই চকু মেলিছিলো, অনুভৱ কৰিব পৰা নাছিলো। অন্ধকাৰ কোঠাটোৰ সেমেকা মজিয়াখনত পৰি আছিলো মই। সমগ্ৰ শৰীৰত অসহ্য বেদনা। অণ্ঠ কণ্ঠ শুকাই গৈছিল। সেপ গিলি শুকান হৈ পৰা ওঁঠদুটিত জিভাখন বুলাই দিওঁতে অনুভৱ কৰিছিলো, মুখমণ্ডলৰ ওপৰৰ আঘাতপ্ৰাপ্ত স্থানৰ পৰা বৈ আহি খমলা বন্ধা তেজৰ লুণীয়া সোৱাদ। সোঁহাত খনৰে ক্ষতস্থানবোৰ চুই চাবলৈ দাঙোতে কান্ধৰ ওচৰত অনুভূত হোৱা অসহনীয় বিষত কাতৰ হৈ পৰিছিলো। কিছুপৰ ৰৈ পুনৰ উঠিবলৈ চেষ্টা কৰিছিলো। অশেষ চেষ্টাৰ পাছত এবাৰ দেৱালত ভেজা দি মজিয়াখনত বহিবলৈ সক্ষম হৈছিলো। সহায়ৰ বাবে আপ্ৰাণ কষ্টৰে কৰোবাক চিঞৰিছিলো। কিন্তু কাৰো একো সহাৰি নাছিল। কি হৈছিল কথাবোৰো মনত পৰা নাছিল।  পোহৰ হ’বলৈ বা আৰু কিমান পৰ !

সৌভাগ্যবশতঃ ভৰিদুটা লৰচৰ কৰোতে বিশেষ অসুবিধা পোৱা নাছিলো। শৰীৰৰ ওপৰ অংশ আৰু বাহু এটাহে বেয়াকৈ জখম হৈছিল। বাওঁহাতখনৰে মুৰতো চুই চাওঁতে নিগৰি নিগৰি  ভাগৰি পৰা খমলা বন্ধা তেজৰ চেকুৰাবোৰ হাতত লাগিছিল। চকুহাল মুদি কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিছিলো। মই কোন…মোৰ কি হৈছিল! হঠাৎ মনত পৰিছিল আগনিশাৰ ভয়াল মুহূৰ্তবোৰ। আস….কলৈ গ’ল তাই! আন্ধাৰৰ মাজেদি  যেন লাহে লাহে কথাবোৰ মন আৰু মগজুলৈ ভাঁহি আহিছিল।

মানুহবোৰৰ মনত অবিশ্বাস আৰু ঘৃণাই গা কৰি উঠিছিল। সিহঁত বেয়া ..আমি ভাল, সিহঁতৰ ধৰ্ম ঘৃণনীয়.. আমাৰ ধৰ্ম পবিত্ৰ, সিহঁত বিধৰ্মী… আমি ধাৰ্মিক ইত্যাদি ভাববোৰ সকলোৰে মনত বিয়পি পৰিছিল বজাৰৰ মাজৰ অপৰিস্কাৰ ৰাজহুৱা শৌচাগাৰবোৰৰ লেতেৰা গোন্ধটোৰ দৰে। ক’ৰবাত যদি মানুহ নামধাৰী পিশাচবোৰে ৰাজনীতিৰ গেলা মাংসৰ টুকুৰা লৈ কাজিয়া কৰি নিজৰ হৃদয়খন ক’লা কৰিছিল, ক’ৰবাত আকৌ কোনোবাই কাৰোবাৰ গালে-মুখে ক’লা ৰঙ সানি দিছিল। তেজৰ ফাকু খেলিবলৈ উন্মত্ত হৈ পৰিছিল এজাক মানুহ।

সেই অসহনীয় ঘৃণনীয় গোন্ধবোৰৰ মাজতে মই এদিন তাইক দেখিছিলো। কোনোবাই কৈছিল… নাচাবি তাইলৈ ..নপৰিবি তাইৰ প্ৰেমত … সিহঁত আমাতকৈ বেলেগ। কাৰণ সিহঁতৰ ধৰ্ম বেলেগ।

মোৰ কিন্তু তাইক অকণো বেলেগ যেন লগা নাছিল। পুৱাতে মোৰ ঘৰৰ সন্মুখৰ ৰাজহুৱা পানীকলটোৰ পৰা খোৱা পানী একলহ নিবলৈ শাৰী পাতেহি। মই খিৰিকিৰে জুমি চাওঁ। এদিন চকুৱে চকুৱে পৰাত শংকিত হৈ পৰা যেন লাগিছিল তাইক। তাইৰ শংকিত মুখখন দেখি বেয়া লাগিছিল। জুমি চাবলৈ বাদ দিম বুলি ভাবিছিলো আজলী ছোৱালীজনীৰ কিবা বিপদ হয় বুলি। কিন্তু সেই চকুহালৰ অজান মায়াবী চাৱনিটো পাহৰিব নোৱাৰি আকৌ এদিন জুমি চাইছিলো। অলপ দিনৰ পাছত মোৰ চকু তাইৰ চকুহালত পৰিলে কোমল ওঠহালত হাহিঁৰ পৰশ পৰা যেন লাগিছিল। মই নাচালেও তাইৰ চকুহালে মোৰ চকুহালৰ সন্ধান কৰে বুলি ভাব হৈছিল ।

মই প্ৰেমত পৰিছিলো তাইৰ। খিৰিকিয়েদি জুমা বন্ধ কৰি ৰাতিপুৱা দুৱাৰ খুলি বাহিৰলৈ ওলাই অহা হৈছিলো। আনৰ চকুত ধৰা পৰো বুলি অলপদূৰৈত গৈ তাইৰ মৌসনা মাতটো শুনিবলৈ চেষ্টা কৰিছিলো। কথা পাতি নষ্ট কৰিবলৈ সময় নাছিল তাইৰ। পানী নিয়াত পলম কৰিলে মাহীমাকে মাৰে হেনো তাইক। মাত্ৰ এদিন সেইষাৰ কথা কৈছিল তাই কেকুৰিটোত এখন্তেক ৰৈ। সেই কেকুৰিটোত ৰ’লে  আমাৰ চুবুৰীৰ পৰাও নেদেখে, সিহঁতৰ সৰু গাঁওখনৰ পৰাও নেদেখে। কিন্তু সেইখিনি ঠাইৰ পৰা মছজিদৰ গম্বুজটো আৰু মন্দিৰটোৰ শিখৰটো ধুনীয়াকৈ দেখা পোৱা যায়। তাতেই মই ৰৈ থাকো। তাই সেইখিনিতেই মূৰটো ঘূৰাই মোলৈ এবাৰ চাই…ময়ো …। এপলকৰ বাবে আমাৰ চকুদুহালৰ মিলন ঘটে । মৌনতাৰ ভাষাৰে যেন দুয়ো দুয়োকে হাজাৰটা কথা কওঁ। তায়ো মোৰ প্ৰেমত পৰিছিল ।

মানুহবোৰে গম পাই মোক সাৱধানবাণী শুনাইছিল। তাই এদিন সন্ধিয়াপৰত সেই কেকুৰিটোত ৰৈ পিঠিখন উদঙাই মোৰ প্ৰেমত পৰাৰ প্ৰমাণ দেখুৱাইছিল। মোক তাই ভাল পাই বুলি গম পাই  মাহীমাকে তাইৰ শৰীৰত আধাপোৰা খৰিৰে দাগ দি  অপ্ৰেমৰ শপত খুৱাইছিল। হাহিঁ হাহিঁ কথাকেইটা কৈ তাই কান্দিছিল। মই তাইক ভাল নাপাওঁ বুলি ক’ব নোৱাৰিলো। কিন্তু তাইক আৰু লগ নধৰো বুলি ক’লো। পাৰিলে ‘ভগৱান’ক কৈ অহা জনমত দুইটা একেটা ধৰ্মতে জন্ম ল’ম বুলি শপত খালো। ‘ভগবান’-এ  বাৰু আমাৰ শৰীৰত ধৰ্মীয় চিহ্ন একোটা দি জনম দিব পাৰিবনে? কাফেৰ আৰু জেহাদীহঁতৰ  তেজৰ ৰংবোৰ বেলেগ বেলেগ কৰি দি পঠাব পাৰিবনে বাৰু!  দুখ-সুখৰ অনুভূতিবোৰো বেলেগ কৰি দিলে ভাল হ’ব । ‘ভগৱান’ক ক’ব লাগিব ।

তাইক লগ ধৰা বন্ধ কৰিছিলো মানুহে দেখে বুলি। কেতিয়াবা ৰাতিপুৱা বন্ধ খিৰিকিৰ আইনাৰে জুমি চাওঁ। তাইৰ কৰুণ চকুহাল দেখি ধৰ্ম, সমাজ সকলো পাহৰি তাইক নিজৰ কৰি ল’বলৈ দুৰ্বাৰ হেপাঁহ জাগে। কিন্তু নোৱাৰো । তাইৰ কিবা অপকাৰ হয় বুলি তেনেকুৱা কৰিবলৈ সাহে নুকুলাই ।

দেশৰ উন্নতি হ’বলৈ ধৰিছিল। চুবুৰীয়ে চুবৰীয়ে, গাঁৱে,গাঁৱে দমকলৰ পানী, বিজুলী চাকিৰ পোহৰ বিয়পি পৰিছিল। চাফা হৈ পৰিছিল দেশৰ চুক-কোণ। কিন্তু মানুহবোৰৰ মনৰ বতাহত সংগোপনে বিয়পিছিল  ৰাজহুৱা শৌচাগৰৰ সেই লেতেৰা গোন্ধটো। গোন্ধটোৱে বতাহজাক গৰম কৰি পেলাইছিল। কিছুমান মানুহে সেই গোন্ধটোৰে বুকু ভৰাই তৃপ্তিৰ উশাহ লৈছিল।   নোৱাৰাবোৰে এক অসহনীয় যন্ত্ৰণাত ছাটি-ফুটি কৰি মৰিছিল।

সেই বতাহজাকে আমাৰ সৰু চহৰখনতো কোবাইছিলহি। লগত কঢ়িয়াই আনিছিল এসোপা কলীয়া আতংকৰ ডাৱৰ। অবিশ্বাস আৰু ঘৃণাৰ বৰষুণত ভিজিছিল সকলো। ভয় লাগিছিল মোৰ, মোৰ মৰমী প্ৰেয়সীৰ কিবা অনিষ্ট হয় বুলি। কাৰণ তাইৰ যে ধৰ্ম বেলেগ!

কিছুমান অচিনাকী মানুহে ভিৰ কৰিছিলহি আমাৰ ঠাইখনত। গোপন আলোচনা চলিছিল মানুহবোৰৰ মাজত। মানুহবোৰে ভয় কৰিছিল নিজৰ নিজৰ ধৰ্ম নিশ্চিহ্ন হৈ যায় বুলি। পাহৰি গৈছিল মানুহৰ সংজ্ঞা আৰু মানৱতাৰ কথা । লগতে পাহৰিছিল মানুহে মানুহক ভাল পোৱাৰ কথা ।

আগদিনাৰ কথাবোৰ মনত পৰিছিল। পুৱাতে কোনোবাই প্ৰেয়সীহঁতৰ সৰু গাঁওখনৰ ঘৰবোৰ জ্বলাই দিছিল। লগত জ্বলিছিল পলাব নোৱাৰা বৃদ্ধ, বৃ্দ্ধা আৰু অকণমানি শিশুবোৰ। মোৰ আজলী  কপৌজনীৰ বাহটো বচাব নোৱাৰিলেও তাইক পলুৱাই আনি লুকুৱাই থৈছিলো মোৰ ঘৰৰ ভিতৰত। চকুৰ আগত জ্বলি ছাঁই হৈ যোৱা ঘৰ খন  সতীয়া ভাই-ভনীয়েকহঁতৰ জ্বলি পুৰি বীভৎস হৈ পৰা কণ কণ মৃতদেহবোৰে সৃষ্টি কৰা প্ৰেয়সীৰ গাৰ কঁপনি বন্ধ হোৱা নাছিল গোটেই দিনতো। উচুপনিত তাইৰ গাটো জিকাৰ খাই খাই মোৰ মনত সৃষ্টি কৰিছিল অক্ষমতাৰ চৰম আক্ষেপ।

এজনী বিধৰ্মী ছোৱালীক মই আশ্ৰয় দিয়া কথাতো সন্ধিয়ালৈ মানুহবোৰৰ মাজত জনাজাত হৈ পৰিছিল। অলপ পাছতে এজাক উন্মত্ত মানুহ মোৰ সৰু ঘৰটোৰ দুৱাৰ ভাঙি সোমাই আহিছিল। আপ্ৰাণ চেষ্টা কৰিও নোৱাৰিলো ধৰ্মৰ মুখা পিন্ধি সোমাই অহা মানুহৰূপী সেই পাষণ্ডবোৰৰ পৰা নিজৰ প্ৰেয়সীক ৰক্ষা কৰিব৷ নোৱাৰিলো লুণ্ঠিত মানৱতাক ৰক্ষা কৰিব। সিহঁতবোৰে মোৰ দেহত তৰোৱাল আৰু লাঠিৰে আঘাত কৰি চকুৰ সন্মুখতে নিজৰ ধৰ্ম ৰক্ষা কৰিলে এজনী অসহায় ছোৱালীৰ অসূৰ্যস্পৰ্শা  কোমল শৰীৰটোৰ সোৱাদ লৈ।

মনত পৰিছিল ..মই চেতনা হেৰুৱাওৱাৰ ঠিক আগে আগে তাই কেইবাটাও পাষাণৰ দ্বাৰা পিষ্ট হৈ মোলৈ এবাৰ অসহায় দৃষ্টিৰে চাইছিল। একো ক’ব পৰা নাছিল তাই। কোনোবাই তাইৰ মুখখন সোপা মাৰি ধৰি আছিল, কোনোবাই হাতদুখন আৰু কোনোবাই……।

কলৈ গ’ল বাৰু তাই। আন্ধাৰত একো দেখা পোৱা নাছিলো। আছেনে বাৰু জীয়াই মোৰ মৰমী প্ৰেয়সী ? কোনোবাই লৈ গ’ল নে’কি তাইক ? নে পৰি আছে ঘৰটোৰ এচুকত এটা মৃতদেহ হৈ !

দূৰত কুকুৰাই ডাক দিয়া শুনিছিলো। অধীৰ হৈ পোহৰ হোৱালৈ অপেক্ষা কৰিছিলো। পোহৰ হ’লেই তাইক বিচাৰিব লাগিব ।

কিন্তু পোহৰৰ বাবে বেছিদেৰি অপেক্ষা কৰিব লগীয়া নহ’ল। আগৰাতিৰ ঘটনাটোৰ চিন মোকাম নোহোৱা কৰি বেলেগ ৰূপ দিবলৈকে বোধকৰো কোনোবাই মোৰ  ঘৰটোত জুই লগাই দিছিল। ধীৰে ধীৰে বাঢ়ি অহা জুইকুৰাৰ পোহৰত দেখিছিলো কোঠাটোৰ ভিতৰতে অলপ আঁতৰতে পৰি আছে মোৰ প্ৰেয়সীৰ নগ্নপ্ৰায় নিথৰ দেহটো। দুভৰিৰ সন্ধিস্থলত জাক জাক পৰুৱাৰ লানি। তাইৰ দেহৰ পৰা বৈ আহি গোটমৰা তেজ আৰু ধৰ্মোন্মাদ মানুহবোৰৰ সক্ষমতাৰ সোৱাদ ল’বলৈ। ক্ষুধাতুৰ পৰুৱাজাকক আগৰাতিৰ সেই  উন্মাদ মানুবোৰৰ নিচিনাই লাগিছিল। তাইৰ দেহটোৰ ক্ষত বিক্ষত গোপন অংগবোৰ আকৌ কোনোবাই দেখে বুলি   অসংযত কাপোৰবোৰ যতনাই দি তাইৰ কাষতে শুই জুইৰ মাজত বিলীন হৈ যাবলৈ  বুলি কাষ চাপি গৈছিলো ।

ঘৰটোক এফালৰ পৰা গ্ৰাস কৰি অহা লেলিহান জুইকুৰাৰ উত্তাপ ক্ৰমাৎ বাঢ়ি আহিছিল। হঠাৎ দেখিছিলো মৃত বুলি ভবা প্ৰেয়সীৰ শৰীৰটোৰ হাত-ভৰিবোৰে লৰচৰ কৰিছে। বোধকৰো জুইকুৰাৰ উত্তাপেই  মৃতপ্ৰায় দেহাটোলৈ জীৱনৰ শক্তিবোৰ ঘুৰাই আনিছিল। ক্ষীণ উশাহত উঠা নমা কৰি থকা তাইৰ সজীৱ বুকুখনে  মোৰ আহত দেহ-মনলৈকো শকতি ঘুৰাই  আনিছিল। চিন্তা কৰিবলৈ  সময় বৰ বেছি নাছিল। ৰুদ্ৰমূৰ্তি ধৰি জুইবোৰ আমাৰ ফালে আগবাঢ়ি আহি আছিল ।

প্ৰেয়সীৰ অৰ্ধচেতন দেহটো দাঙি লৈ পিছফালৰ দুৱাৰখন খুলি দৌৰিবলৈ আৰম্ভ কৰিছিলো। ভয়াল আন্ধাৰবোৰৰ লগত দপ দপকৈ জলি থকা জুইকুৰাৰ তুমুল যুদ্ধ আৰম্ভ হৈছিল। পাছলৈ  ঘুৰি নোচোৱাকৈ মই কেৱল দৌৰিছিলো.. দূৰৈৰ পাহাৰটোৰ অভিমুখে। কাৰণ কোনোবাই মোক কৈছিল সৰু নদীখনৰ পাৰত থকা পাহাৰটোৰ সিপাৰৰ মানুহবোৰৰ হেনো ধৰ্ম এটাই…মানৱতা। নদীখন পাৰ হৈ পাহাৰটো বগাই সিপাৰলৈ যাব পাৰিলেই আমি বাচি যাম। পাহাৰটো বগাবই লাগিব। কাৰণ আমি জীয়াই থাকিব লাগিব । কাৰণ আমি মানুহ ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে