চ’ৰাঘৰ / শিল্প / চলচ্চিত্ৰ / মাজ ৰাতি কেতেকী : সুস্থ ৰুচিৰ উৎকৃষ্ট নিদৰ্শন ( প্ৰিয়ংকা চক্ৰৱৰ্তী )

মাজ ৰাতি কেতেকী : সুস্থ ৰুচিৰ উৎকৃষ্ট নিদৰ্শন ( প্ৰিয়ংকা চক্ৰৱৰ্তী )

A film is not a shot, it is built৷ চলচ্চিত্ৰই বাস্তৱক যান্ত্ৰিকভাৱে পুনৰ সৃষ্টি নকৰে৷ কলাৰ লক্ষ্য বাস্তৱক অনুকৰণ কৰা নহয়, বৰং মৌলিকতাৰ সৃষ্টি কৰি নতুন ব্যাখ্যা আগবঢ়োৱা৷

‘মাজ ৰাতি কেতেকী’ এখন কলাত্মক চলচ্চিত্ৰ৷ ইয়াৰ ভাষাক সমাজৰ নিৰংকুশ নিৰ্ণায়কৰূপে চিহ্নিত কৰাতকৈ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি কাৰকৰ সৈতে চলচ্চিত্ৰখনৰ ভাষাৰ গূঢ়াৰ্থ বুজিব লোৱাটোহে অধিক যুগুত ৷

ছবিখনৰ আলোকচিত্ৰ গ্ৰহণ প্ৰশংসাযোগ্য৷ বিশেষকৈ নিসৰ্গ দৃশ্যসমূহত কেমেৰা প্ৰাণময়৷ সংলাপবিহীন দৃশ্য একোটাই ইমান কথা কৈ যায়! ভিৰৰ মাজত ৰাজপথ পাৰ হোৱাৰ দৃশ্য… নৈৰ পাৰৰ দৃশ্য…নাওখনত শুই থকা দৃশ্য৷ শ্বটৰ কম্প’জিশ্যন, কেমেৰাৰ অৱস্থান সকলোতে psychedelic treat একোটা আছে ৷ প্ৰয়োজন অনুসাৰে পোহৰৰ মাত্ৰা প্ৰদান কৰাত চিনেমাটোগ্ৰাফী সফল হৈছে ৷

ছবিখনৰ সংগীত সুপ্ৰযুক্ত৷ ৰূপম ভূঞাৰ কণ্ঠৰ গীতটোৱে দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিছে৷ ছবিখনৰ কাহিনীত মূলত: তিনিটা বিষয় প্ৰতিফলিত হৈছে — অতীতকাতৰতা, একাকীত্ব আৰু শ্ৰেণীদ্বন্দ্ব৷ চৰিত্ৰসমূহৰ প্ৰকৃত প্ৰেক্ষাপট অংকন কৰাত আৰু এটাৰ সৈতে আন এটা চৰিত্ৰৰ সম্পৰ্কক আলোকপাত কৰাত চিত্ৰনাট্যখন সফল হৈছে ৷ মাজে মাজে গতি মন্থৰ হৈছে যদিও দৰ্শকক আমনি দিয়া নাই৷ এলানি সম্পৰ্কিত ঘটনাক বিভিন্ন ধৰণে সংযুক্ত কৰি মানৱীয় পৰিস্থিতি, আৱেগ আদিৰ অন্তৰ্বিন্যাসৰ মাজেৰে,কলা-কৌশলৰ ৰসায়নৰ সহায়ত কাহিনীয়ে গতি লাভ কৰিছে ৷

বঞ্চনা, ক্ৰোধ অথবা হতাশাৰ দৃশ্যত ছবিখনৰ সংলাপে চৰিত্ৰৰ অভিব্যক্তিক অৰ্থৱহ কৰি তুলিছে ৷ ‘মন্ত্ৰীৰ লগত কাজিয়া কৰি মই চাকৰি হেৰুৱাবলৈ নাযাওঁ’ ইত্যাদি ইয়াৰ উদাহৰণ ৷

প্ৰায় সকলো অভিনেতা-অভিনেত্ৰীয়েই ভাল অভিনয় কৰিছে৷ আদিল হুছেইন, সুলক্ষণা শৰ্মা, প্ৰণামী বৰা, ৰাহুল গৌতম শৰ্মা, মহেন্দ্ৰ ৰাভা( শিশু শিল্পী) আদিৰ অভিনয় যথোপযুক্ত৷ নিজৰ সৈতে মুখামুখি হ’ব পৰা চলচ্চিত্ৰ এখন দৰ্শকক উপহাৰ দিয়াৰ বাবে সান্ত্বনা বৰদলৈ ধন্যবাদৰ পাত্ৰ ৷

সমাপ্তিৰ দৃশ্যটোও কলাগতভাৱে অৰ্থৱহ৷ জীৱনৰ এটা বিশেষ সময়ত উপনীত হৈ প্ৰিয়েন্দু হাজৰিকাই উভতি চাইছে এৰি অহা সময় —-সেই একে নৈ ৰ পাৰত ৰৈ ৷ সময় বৈ যায়, স্মৃতি ৰৈ যায়…৷

সামগ্ৰিকভাৱে, আটিল চিত্ৰনাট্য, উন্নত কাহিনী, সুৰুচিপূৰ্ণ চলচ্চিত্ৰায়ন, সুন্দৰ আলোকচিত্ৰ, দক্ষতাপূৰ্ণ অভিনয় আৰু পৰিমিত পৰিচালনাৰে চলচ্চিত্ৰখন আৰম্ভণিৰ পৰা শেষলৈকে cinematic integrity ৰ পৰা বিচ্যুত হোৱা নাই ৷ ৰুচিবোধৰ মান উন্নত কৰাৰ লগতে soul searching ৰ কাৰণেও চলচ্চিত্ৰৰ এনেকুৱা treatment নি:সন্দেহে এক সুখবৰ ৷

এটা মন্তব্য

  1. 1. The film is not a shot, it is built. —- in this expression (quotation?) the word “a” seems misplaced. Also redundant. Or am I wrong?

    2.I also could not understand what a “psychedelic” treatment of camera work means. When in our college days long back in the 60’s & 70’s of last century, we understood that indulging on drugs like LSD etc induced psychedelic effects. But in a film like “Maj nixa keteki” why search for such unearthly effects?

    3. Music, dialogues, acting all of these are integral part of a film. I feel one or two of these elements cannot on their own, extend or lower the impact of the film individually. It has to be a collective effort under the vision and active direction of the maker.

    4. Without sounding like a preacher, I guess a reader is expected to read a summation on the total impact of the film in a review. Thank you.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে