চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অসমীয়া প্ৰগতিশীল কবিতাৰ উন্মেষ-কালৰ কিছু কথা ( সমীন্দ্ৰ হুজুৰি )

অসমীয়া প্ৰগতিশীল কবিতাৰ উন্মেষ-কালৰ কিছু কথা ( সমীন্দ্ৰ হুজুৰি )

 

সাহিত্যৰ বুৰঞ্জী প্ৰণেতাসকলে অসমীয়া ৰোমান্টিক সাহিত্যৰ সময় নিৰ্ণয় কৰিছে ১৮৮৯-১৯৪০ চনৰ মাজৰ ৫১ বছৰ কাল । তাৰ পৰৱৰ্তী কালৰ সাহিত্যক বুলিছে সাম্প্ৰতিক ধাৰা বা বৰ্তমানৰ সাহিত্য । ডঃ মহেশ্বৰ নেওগৰ ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ আৰু ডঃ সত্যেন্দ্ৰনাথ শৰ্মাৰ ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ দুয়োখন সাহিত্যৰ বুৰঞ্জীত একে সময় বিভাজন কৰা হৈছে। অৱশ্যে আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থাৰ দ্বাৰা প্ৰকাশিত ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’(ষষ্ঠ খণ্ড)ত কিছু বিস্তাৰিত মূল্যায়নৰ ভেটিত উল্লিখিত সাহিত্যৰ সময় বিভাজনো সুকীয়াকৈ দাঙি ধৰিছে। হোমেন বৰগোহাঞি সম্পাদিত সাহিত্যৰ বুৰঞ্জীয়ে অসমীয়া সাহিত্যৰ ১৯৩৮ ৰ পৰা ১৮৮৯ চনলৈ – আঢ়ৈ কুৰি বছৰ সামৰি আধুনিক যোগটোৰ ৰূপৰেখা তুলি ধৰি ভূমিকাত কোৱা হৈছে –
“ সাহিত্যৰ ধাৰা কোন এটা বিষেশ বিন্দুত যান্ত্ৰিকভাৱে আৰম্ভ হৈ কোনো এটা বিশেষ বিন্দুত শেষ নহয়। সাহিত্যৰ এটা নতুন ধাৰা বা আন্দোলন আৰম্ভ হোৱাৰ পাছটো দেখা যায় যে পূৰ্বৱৰ্তী ধাৰাটো বেছ কিছু দিনলৈকে নতুন ধাৰাটোৰ সমান্তৰালভাৱে চলি থাকে। … আলোচনাৰ সুবিধাৰ কাৰণে সাহিত্যৰ যুগ বিভাজন কৰি ল’ব লগা হয় ; একোটা বিশেষ মুখ্য ভাবাদৰ্শ বা জীৱন-জিজ্ঞাসাৰ ওপৰত ভিত্তি কৰি সেই যুগটোৰ সূচনা আৰু সমাপ্তিৰ বছৰ দুটা চিহ্নিত কৰি ল’ব লগা হয়। … ১৮৮৯ চনত কলিকতাত জোনাকী আলোচনীৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগেই অসমীয়া সাহিত্যৰ আধুনিক যুগ আৰম্ভ হোৱা বুলি নিশ্চিতভাৱে ক’ব পাৰি । কিন্তু যুগটোৰ যতি-চিহ্ন টানিবলৈ ১৯৩৯ চনটো বাছি লোৱাৰ আন কোনো যুক্তি নাই – যদিহে আমি সেই বছৰতে আৰম্ভ হোৱা দ্বিতীয় মহাযুদ্ধক সমগ্ৰ মানৱ সভ্যতাৰ বুৰঞ্জীত এটা যুগান্তকাৰী ঘটনা বুলি ধৰি নলওঁ ।” (অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড) ১৯৯৩, পৃঃ ১৭-১৮)

বৰগোহাঞিয়ে ১৯৩৮ আৰু ১৯৪৩ চন দুটা অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ বিশেষ তাৎপৰ্যপূৰ্ণ সত্ত্বেও (কিয়নো ১৯৩৮ চনত অসমীয়া সাহিত্যৰ দুই কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ দেহাৱসান ঘটিছিল । একে বছৰতে ৰোমান্টিক ধাৰাৰ শেষৰ কিৰণ বিৰিঙোৱা কবি গণেশ গগৈৰো মৃত্যু ঘটিছিল; যাৰ কবিতাৰ সংকলন প্ৰগতিবাদী তৰুণ কবি অমূল্য বৰুৱাই কৰিছিল।) ১৯৩৮ চনত নব্য ৰূপত প্ৰকাশ পোৱা (১৯৩৮ চনৰ জানুৱাৰী মাহত প্ৰতিষ্ঠা হোৱা) জয়ন্তীয়ে অসমীয়া সাহিত্যলৈ আদৰি আনিছিল সমাজতান্ত্ৰিক চেতনাৰ সমাজতান্ত্ৰিক ধাৰা। ১৯৩৯ চনটো মানৱ সভ্যতাৰ বুৰঞ্জীত আধুনিক সাহিত্যৰ গতি পথ সলনি কৰি দিয়া এটা বছৰ। বিজ্ঞানৰ মহান আৱিষ্কাৰক মানৱ সভ্যতাৰ ধ্বংসৰ কামত ব্যৱহাৰ কৰা এই বছৰটোতে আৰম্ভ হৈছিল দ্বিতীয় মহা যুদ্ধ। শিল্পী-সাহিত্যিকৰ চিন্তা-চেতনাৰ অভিমুখ সলনি কৰি দিয়া বছৰটোক সেয়েহে আধুনিক সাহিত্যৰ ভিত্তি বছৰ আৰু সামৰণিৰ বছৰটো জোনাকী শতবৰ্ষক সামৰি (১৮৮৯-১৯৮৯) লোৱাটো অৰ্থপূৰ্ণও। যদিও অসমীয়া সাহিত্যত আধুনিক কবিতাৰ নামত কুৰি শতিকাৰ পঞ্চাছৰ দশকৰ মাজভাগতো কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া পাঠ্যক্ৰমত – ৰোমান্টিক কবিতাৰে পঠন-পাঠন চলি আছিল বুলি খেদ প্ৰকাশ কৰিছিল এম.এ. মহলাৰ ছাত্ৰ অসমীয়া তৰুণ প্ৰগতিবাদী কবি অমূল্য বৰুৱাই। যাৰ বাবে তেওঁ প্ৰথম খন অসমীয়া আধুনি কবিতা সংকলনৰো পৰিকল্পনা কৰিছিল। ১৯৪৬ চনৰ আগষ্ট মাহত হোৱা কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষই সেই প্ৰতিভাৱান কবিক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ’ল । তেওঁৰ মৃত্যুৰ পিছত অন্তৰংগ বন্ধু যতিনাৰায়ণ শৰ্মাই সেই কাম সমাপন কৰি ১৯৪৬ চনতে প্ৰথম খন ‘আধুনিক অসমীয়া কবিতা’ সংকলন কৰি অমূল্যৰ সপোন বাস্তৱায়িত কৰে ।

মনোযোগৰ বিষয় যে ইংৰাজীত অনাৰ্ছ লৈ অধ্যয়ন কৰাৰ প্ৰবল ইচ্ছা থকাৰ সত্ত্বেও যোৰহাট জগন্নাথ বৰুৱা কলেজত সেই সুযোগ নথকাৰ বাবে ইংৰাজী সাহিত্যৰ আগ্ৰহী ছাত্ৰ অমূল্য বৰুৱাই কলিকতাৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ এম.এ. মহলাত নাম ভৰ্তি কৰিবলগীয়া হৈছিল। কলিকতা বিশ্ববিদ্যালয়ত ১৯৪৫-৪৬ চনতো অসমীয়া আধুনিক কবিতাৰ নামত ৰোমান্টিক কবিতাকে পঢ়ুৱাই থকা হৈছিল; যদিও পৰৱৰ্তী কালৰ সাহিত্যৰ বুৰঞ্জীকাৰসকলে অসমীয়া ৰোমান্টিক সাহিত্যৰো ইতিৰেখা ১৯৪০ তে পেলাইছে। আনহাতে পাশ্চাত্য সাহিত্যত ৰোমান্টিক সাহিত্যৰ যুগ(১৭৬০-১৮৮০) অসমীয়া ৰোমাণ্টিক সাহিত্যৰ আশী বছৰ পূৰ্বেই সমাপ্তি ঘটিছিল ।

নক’লেও হয় যে ইংৰাজী সাহিত্যৰ ৰোমাণ্টিক যুগৰ সামৰণিৰ ডেৰকুৰি বছৰ (১৮৪০-১৮৮৯) পাছতহে আমাৰ সাহিত্যত ‘জোনাকী’ আলোচনীৰ পাতত ৰোমান্টিক কবিতাই ‘বন কুঁৱৰী’, ‘জলকুঁৱৰী’ শিৰোনামেৰে আত্মপ্ৰকাশ কৰিছিল। অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ কেইবাগৰাকী কবিয়ে চল্লিছৰ দশকৰ শেষৰ পিনে আৰু পঞ্চাছৰ দশকৰ আৰম্ভণিৰ ফালে তেওঁলোকৰ কবিতাৰ অভিমুখ সলনি কৰিছল অথবা নতুনক বাট এৰি দিবলৈ উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰিছিল।

ৰোমান্টিক কবিসকলৰ অন্যতম ৰঘুনাথ চৌধাৰীয়ে ‘জয়ন্তী’ৰ প্ৰথম সংখ্যাত ঘোষণা কৰিছিল – “‘জয়ন্তী’য়ে কোনো দল বা সম্প্ৰদায় বিশেষৰ আলধৰী হ’ব নোখোজে, খোজে ন্যায়, সত্যৰ আদৰ্শ লৈ প্ৰগতিৰ বাৰ্তাবাহিকা হ’বলৈ ; অসমৰ এই সন্ধিক্ষণত ক্ষুদ্ৰস্বাৰ্থ বা আত্মম্ভৰিতাৰ উপসৰ্গলৈ কিম্বা সামান্য অবিবেচনা বা উতুনুৱা স্বভাৱৰ প্ৰশয় লৈ যথেষ্ট ভেদ নীতিৰ বৰবিহ প্ৰয়োগ কৰা হৈছে । সেই বিহ জাৰি সমাজক ৰোগমুক্ত কৰাহে একান্ত আৱশ্যক ”

জোনাকীৰ প্ৰথম সংখ্যাতো ‘দেশৰ উন্নতি জোনাক’ৰ কথা কোৱা হৈছিল। জোনাকীৰ উন্নতিৰ ঠাইত জয়ন্তীত ‘ন্যায়, সত্যৰ আদৰ্শ লৈ প্ৰগতি’ৰ কথা কোৱা হ’ল । অকল সেয়াই নহয়- পঞ্চাছৰ দশকৰ প্ৰথমাৰ্ধৰ কটন কলেজৰ সেই সময়ৰ মেধাৱী ছাত্ৰ ভবানন্দ দত্ত, চক্ৰেশ্বৰ ভট্টাচাৰ্য আদিয়ে জন্ম দিয়া ‘প্ৰগতি সমিতি’ বোলা প্ৰগতিবাদী চিন্তা-চৰ্চাৰ বৈঠকো বহিছিল ৰঘুনাথ চৌধাৰীৰ ঘৰতে। সমিতিৰ সম্পাদক আছিল- পিছলৈ খ্যাতিমান হোৱা লোক-সংস্কৃতিৰ গৱেষক-পণ্ডিত ডঃ প্ৰফুল্লদত্ত গোস্বাম।

সংগঠিত আন্দোলন বা ধাৰা হিচাপে প্ৰতিভাত নহ’লেও উদাৰমনা লেখকসকলৰ চিন্তা-চেতনাত লক্ষ্য কৰা যায় ; য’ত সমাজৰ অৱহেলিত, বঞ্চিতসকলৰ প্ৰতি সমমৰ্মিতা শ্ৰমজীৱীসকলৰ ওপৰত প্ৰগাঢ় বিশ্বাসৰ কথা ব্যক্ত কৰা হৈছিল।

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই (১৯৬৪-১৯৩৮) ১৯২৩ চনতে ‘বাঁহী’ৰ পাতত লিখিছিল – ‘‘আজিকালি বৈশ্যৰ অৰ্থাৎ বেহেৰুৱা-বেপেৰুৱা সাম্ৰাজ্য । ইয়াৰ পিছত শূদ্ৰৰ সাম্ৰাজ্য আহিবই লাগিব । এই সাম্ৰাজ্যৰ পূবেৰুণ দিছেই । য়ুৰোপত শ্ৰমজীৱী অৰ্থাৎ শূদ্ৰ সবল হৈ উঠিছে । আৰু ই নিশ্চয় যে শূদ্ৰ ৰাজ্য sooner or later সংস্থাপিত হৈ নিৰপেক্ষ ঈশ্বৰৰ অভিপ্ৰায় সংসিদ্ধ কৰিব ।” ( বাঁহী, ১৩ শ বছৰ, ১২ শ সংখ্যা ।)

অক্টোৱৰ বিপ্লৱৰ(১৯১৭) পৰৱৰ্তী কালত তাৰ প্ৰভাৱ অৱধাৰিতভাৱে সমগ্ৰ বিশ্বতে পৰিছিল। সাম্ৰাজ্যবাদ আৰু ঔপনিৱেশিক বঞ্চনাৰ বিৰুদ্ধে দেশে দেশে জাতীয় মুক্তিৰ বাবে চলা আন্দোলনক এই নজীৰবিহীন ঘটনাই নতুন গতি দিছিল। দীননাথ শৰ্মা সম্পাদিত আৱাহন(১৯২৯) প্ৰথম সংখ্যাৰ পৰাই ৰুছ আৰু চীন দেশৰ জনজাগৰণৰ কথা তুলি ধৰি পৰৱৰ্তী সংখ্যাবোৰতো- ‘বিপ্লৱী নাৰী’, মধ্য এছিয়াত সাম্যবাদ’, ‘ছোভিয়েট ৰাছিয়া আৰু ধৰ্ম’ আদি প্ৰবন্ধৰ জৰিয়তে প্ৰকাশ পোৱা সাম্যবাদী আদৰ্শই আমাৰ তৰুণ কবিসকলক বাৰুকৈয়ে আলোড়িত কৰিছিল।

অনুধাৱনযোগ্য যে ভাৰতৰ স্বাধীনতা আন্দোলনেও এই সময়তে এক নতুন গতিবেগ লাভ কৰিছিল। আমাৰ ৰাজ্যখনতো তাৰ ব্যত্যিক্ৰম ঘটা নাছিল আৰু এই দিশত আগৰণুৱা আছিল ছাত্ৰ-সমাজ । বুজন সংখ্যকে কটন কলেজৰ প্ৰগতি সমিতিৰ চিন্তা-চৰ্চাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। স্বাধীনতা আন্দোলনৰ সাম্ৰাজ্যবাদ বিৰোধ প্ৰচাৰো এওঁলোকে তীব্ৰ কৰি তুলিছিল। যাৰ ফলত কটন কলেজৰ প্ৰগতিবাদী ছাত্ৰ-সমাজ আক্ৰমণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। প্ৰখ্যাত মাৰ্ক্সবাদী নেতা নন্দেশ্বৰ তালুকদাৰ, উমা শৰ্মা, পেশাত সাম্যবাদী আন্দোলনৰ সৈতে যুক্ত হৈও পিছত সেই শিবিৰ এৰি দীৰ্ঘদিন ৰাজনীতিত সক্ৰিয় হৈ থকা ৰাজনীতিবিদ, লেখক গৌৰীশংকৰ ভট্টাচাৰ্য আদি প্ৰখ্যাত কটনিয়ানসকলে তেওঁলোকৰ জীৱন-স্মৃতি সম্পৰ্কীয় কথাত এই বিষয়ে বিৱৰি লিখিছে। কটন কলেজৰ পঞ্চাছৰ দশকৰ প্ৰথমাৰ্ধৰ ৰাজনৈতিক ধামখুমীয়াৰ কথা অসমীয়া প্ৰগতিবাদী কবি অমূল্য বৰুৱাই যোৰহাটৰ ঘৰলৈ লিখা চিঠিতো জিলিকি আছে। সি এক অন্য প্ৰসংগ। বিষয়ৰ কথালৈ ঘূৰি যাওহঁক ।

অসমৰ সমাজতান্ৰিক চিন্তা-চৰ্চা আৰু আন্দোলনৰ পুৰোধাসকলে ১৯৪০-৪৩ চনলৈ নিজৰ দল-সংগঠন হোৱাৰ আগলৈ কংগ্ৰেছৰ মঞ্চতে থাকি স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিছিল। পৰৱৰ্তী কালত নিজৰ দল সংগঠন হোৱাত তেওঁলোকে মাৰ্ক্সীয় আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰচেষ্টা চলাইছিল। ঠাই বিশেষে শ্ৰমজীৱিসকলৰ বঞ্চনাৰ বিৰুদ্ধে গণ আন্দোলনো সংগঠিত কৰিছিল।

ইতিপূৰ্বে উল্লেখ কৰা ‘জয়ন্তী‘ৰ প্ৰথম সংখ্যাতে সম্পাদকে দাঙি ধৰা ‘উতনুৱা স্বভাৱ’ আৰু ‘ভেদনীতিৰ বৰবিহ’ আদি বিষয়বোৰ যে কংগ্ৰেছৰ মাজতে থাকি সংৰক্ষণৰ আন্দোলন আৰু কবি অম্বিকাগিৰীৰ প্ৰতিয়ে কটাক্ষ আছিল – সেই কথা অনুমান কৰিব পাৰি। মনলৈ আনিব পাৰি যে অসমীয়া ৰাজনৈতিক নেতৃত্বৰ সংকীৰ্ণতা আৰু উচ্চাত্মিকতাৰ কথা দূৰদৰ্শী চিন্তাৰ অধিকাৰী তৰুণ বিষ্ণুপ্ৰসাদ ৰাভাই ১৯৩০ চনতে আৱাহনৰ পাতত ‘বৰ অসম’ প্ৰবন্ধ লিখি অসমৰে অসমীয়া জন-জাতিসকলৰ মাজত উমি উমি জ্বলি থকা বঞ্চনাৰ জুইৰ কথা সময়োচিত সচেতনতাৰে প্ৰকাশ কৰিব পাৰিছিল – সংকীৰ্ণতাৰ পৰা মুক্ত হৈ উদাৰ মানৱীয় দৃষ্টইভংগী গ্ৰহণ কৰিব পৰাৰ বাবেহে ।

জোনাকীৰ পৰা (১৮৮৯) ২য় পৰ্বৰ জয়ন্তীলৈ (১৯৩০-১৯৪৩-৪৬) পাঁচ দশকৰো অধিক কাল অসমীয়া সাহিত্যত প্ৰগতিবাদী চিন্তাধাৰা উদাৰমনা মানৱতাবাদী কোনো কোনো কবি-সাহিত্যিকৰ ৰচনাত অ‘ত ত‘ত প্ৰকাশিত হৈছে যদিও এটা সাহিত্যিক আন্দোলনৰূপে আত্মপ্ৰকাশ কৰে পষেকীয়া জয়ন্তীয়ে মাহেকীয়া ৰূপত প্ৰকাশ পোৱাৰ বাবেহে। যাৰ দায়িত্ব গ্ৰহণ কৰিছিল প্ৰগতিবাদী কবি চক্ৰেশ্বৰ ভট্টাচাৰ্য আৰু সাহিত্যিক কমলনাৰায়ণ দেৱে। তেওঁলোকৰ লগত যুক্ত হৈছিল ডেকা মাৰ্ক্সবাদী লেখক, দৰ্শনৰ অধ্যাপক ভবানন্দ দত্ত । পৰৱৰ্তী কালত মাৰ্ক্সবাদী দৃষ্টিভংগীৰে যুদ্ধত্তৰ কালত টি. এচ. এলিয়টৰ প্ৰভাৱত পৰা নৱকান্ত প্ৰমুখ্যে কবিসকলক তুলাধুনা দি সমালোচনা কৰি অসমীয়া প্ৰগতিবাদী কবিতাৰ অন্তৰায়ৰ কথা দাঙি ধৰিছিল আৱাহনৰ পাতত। ‘অসমীয়া কবিতাৰ কাহিনী’ৰ দীৰ্ঘ আলোচনাই অসমীয়া প্ৰগতিবাদী কবিতাৰ গতিপথ নিৰ্ণয়ত দিকদৰ্শী ভূমিকা পালন কৰিছিল। ‘জয়ন্তী‘ৰ জয়যাত্ৰাত যোগ দিছিল কবি অমূল্য বৰুৱা, কেশৱ মহন্ত, উমা শৰ্মা, অজিৎ বৰুৱা, ভৱপ্ৰসাদ ৰাজখোৱা আদিয়ে। এইসকলৰ দুই একে পৰৱৰ্তী কালত এওঁলোকৰ চিন্তা-চেতনাৰ অভিমুখ সলাই ল’লে। ৰামধেনুত এনে কাব্য পৰিক্ৰমাই আধুনিকতাবাদী ৰূপে খ্যাত হ’ল । ‘জয়ন্তী’ৰ আজিত বৰুৱাই লিখা হাতুৰী, তীখা, অতীত হ’ল – বৰ্তমান হ’ল – জেংৰাই ১৯৬৩ । ঘোষণা কৰিলে কবিয়ে – ‘ভাবি চালে লিলিমাই এই জীৱনত একো নাই’ । অধুনা প্ৰকাশিত ‘অসমীয়া আধুনিক কবিতা’ৰ ২য় সংস্কৰণত (২০০৪) প্ৰকাৰন্তৰে তেওঁ সেই কথা স্বীকাৰ কৰিছে। নৱকান্ত বৰুৱাই আধুনিকতা আৰু প্ৰগতিবাদ কোনোটোৰে পৰা হাত এৰি দিয়া নাছিল ।

‘ৰামধেনু‘ৱে সাম্যবাদীসকলতকৈ আধুনিকতাবাদী কবিসকলক অলপ বেছি হয়তো আবদাৰ কৰিছিল। যদিও সম্পাদক – বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই নিজেই সমাজবাদী প্ৰগতিবাদী ধাৰাটোৰ বাহক আছিল। ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’ শীৰ্ষক কবিতা তাৰেই স্বাক্ষৰ। সাম্যবাদী বিষ্ণু প্ৰসাদ ৰাভাক চীন-ভাৰত সীমা-বিবাদৰ সময়্ত- তেজপুৰত মনে সজা অভিযোগত চৰকাৰে উৰিষ্যাৰ বঢ়মপুৰ জেলত আনি আবদ্ধ কৰি ৰাখিছিল। সত্তৰৰ দশকৰ প্ৰথমাৰ্ধত উল্লিখিত কবিতাকে অসমৰ প্ৰগতিবাদী কবি মানসৰ এক নজহা-নপমা উজ্জ্বল চানেকি ৰাখি গৈছে কবি ভট্টাচাৰ্যই। জয়ন্তীয়ে চল্লিছ-পঞ্চাশৰ দশকত সমাজৰ শোষিত, অৱদমিত লোকসকলৰ সুপ্ত চেতনাত সাম্যবাদী মন্ত্ৰ দিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। জয়ন্তী(২য় পৰ্ব) আছিল তেওঁলোকৰ বাবে জীৱনৰ বেদস্বৰূপ। যি বাণী সৰোগত কৰি প্ৰথম অসমীয়া প্ৰগতিবাদী কবিসকলে ‘জয়ন্তী’ প্ৰৱাহত অৱগাহন কৰিছিল সেই বিষয়ে কিছু কথা উনুকিওৱা প্ৰয়োজন।

সত্যকাম ৰচিত জয়ন্তীৰ ষষ্ঠ বছৰ তৃতীয় সংখ্যাত(১৯৪৪) আহ্বান জনোৱা হৈছিলঃ
“যুগবিৰোধী, পৰম্পৰাগত, সংকুচিত, গতানুগতিক কাব্যিক কু-সংস্কাৰৰ প্ৰতি জলাঞ্জলি অৰ্পিত কৰি কাব্যক্ষেত্ৰত চিৰকাল উপেক্ষিত, অকিঞ্চিৎকৰ, নগণ্য নতুন প্ৰতীকবোৰৰ মাজেদি ফুটাই তুলিব লাগিব নিৰ্যাতিত , উপেক্ষিত, লাঞ্ছিত, শোষিত সৰ্বহাৰা দুৰ্ভগীয়া জণগণৰ বাস্তৱিক ৰূপ, অসন্তুষ্ট আশা আৰু নিষ্পেষিত আকাংক্ষা।”

‘জয়ন্তী’ৰ এনে আহ্বানে সচেতক কবি-শিল্পীসকলক প্ৰবলভাৱে আলোড়িত কৰিছিল। ১৯৪৭ চনত জ্যোতিপ্ৰসাদে ‘শিল্পীৰ পৃথিৱী’ নামৰ অসমৰ শিল্পীসমাজক প্ৰায় একে সুৰতে আবেদন জনাইছিলঃ
“ আজি অসমৰ শিল্পীয়ে আলোকযাত্ৰা কৰিব লাগিব প্ৰগতিৰ বাটেদি… যুগ যুগ ধৰি ধৰ্ষিত , নিপীড়িত , দলিত , বঞ্চিত জনতাক লৈ । … আজি শিল্পী প্ৰথমেই সকলো ভয়, দুৰ্বলতা, ভ্ৰান্তি, গছকি-খচকি সুকুমাৰ কলাৰ অস্ত্ৰ লৈ সেই দুৰ্ভগীয়াৰ মাজতে থিয় হ’বগৈ লাগিব মোহমুক্ত অৰ্জুনে যেনেকৈ থিয় হৈছিল সংগ্ৰামৰ কাৰণে ।” (জ্যোতিপ্ৰসাদৰ ৰচনাৱলী, ২০০৭, পৃষ্ঠা-৪৭৮)

জ্যোতিপ্ৰসাদে জয়ন্তী থূলৰ তৰুণ কবি অমূল্য বৰুৱা , যতিনাৰায়্ণ শৰ্মাৰ সান্নিধ্যলৈ অহা(১৯৪৩ চনত যেতিয়া জ্যোতিপ্ৰসাদ কলকতাত কংগ্ৰেছৰ নিৰ্দেশতে অন্তৰীণ হৈ আছিল) । সময়ৰ পৰা তেওঁৰ পূৰ্বৰ কাব্যচিন্তাৰো ৰূপান্তৰ ঘটি নতুন চিন্তাত ভৰি দিছিল । যাৰ বাবে কবিতাৰ নতুন সংজ্ঞা নিৰূপন কৰিবলৈ লিখিছিল –
আজিৰ কবিতা তাই
খোজ কঢ়া ছন্দেৰে যায় দিঠকলৈ
*****
খুলি থৈ সোণখাৰু
কংকণ
গাৰ পৰা মচি থৈ
কুসুম চন্দন
ৰেলৱে ট্ৰেনৰ
তৃতীয় শ্ৰেণীত উঠি
বনুৱাৰ হজুৱাৰ গাঁৱলৈ যায়
শাক ভাত খায় (জ্যোতিপ্ৰসাদৰ ৰচনাৱলী ২০০৭, পৃষ্ঠা- ৬১৭)

কল্পনাৰ ঠাইত কঠোৰ কঠোৰ বাস্তৱতাক কবিতাৰ আসনত বহুৱাবলৈ জয়ন্তী থূলৰ উমা শৰ্মাৰ সুৰতে- সমসাময়িক বাস্তৱ বিবৰ্জিত পলায়নবাদী কবিকুলক (আধুনিক যুগতো ৰোমান্টিক কল্পনা বিলাসত মত্ত যিসকল) সমালোচনা কৰিবলৈ জ্যোতিপ্ৰসাদ পৰংমুখ হোৱা নাছিল । ‘মোৰ কবিতা’ত তাৰ চানেকি-

কবি মই
কল্পনাবিলাসী হৈ
কল্পনাৰ বগা ডাৱৰৰ
মাজে মাজে উৰি ফুৰি
সোণোৱালী পুৱা সন্ধিয়াৰ
ফুলে ফুলে পাখি লগা
পখিলাটি হৈ
পাহৰিব খোজা নাই
বাস্তৱ সমস্যা নিঠুৰ
*****
পৃথিৱীৰ মাটি পানী
ধূলি বালি এৰি থৈ
হ’ব খোজা নাই
কল্পনাৰ সপোনৰ বালিৰে বিভোৰ ।
(জ্যোতিপ্ৰসাদৰ ৰচনাৱলী ২০০৭, পৃষ্ঠা- ৬২০)

১৯৪৫ চনত সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই কনিহাৰ ছাত্ৰ ফেডাৰেচনৰ কৃষ্টি সভাক ( বহুতে বিহুৰ সময়্ত হোৱা বাবে বিহু সন্মিলন বুলি উল্লেকধ কৰিছে যদিও) সম্বোধি দিয়া “অসমীয়া কৃষ্টিৰ চমু আভাস” শীৰ্ষক বক্তৃতাটো জয়ন্তীৰ সকীয়নি প্ৰতিধ্বনি কেনেকৈ হৈছিল চাওক-
“… যাৰ হিয়াৰ আমঠু সদায় নিষ্পেষিত, অত্যাচাৰিত হৈ চিৰকাল পুৰি ছাই হৈ গৈছে , সেই কৃষক বনুৱা অসমীয়া অত্যাচাৰিত দলৰ গল্প, উপন্যস, নাটক ছবি , মূৰ্ত্তি, নাম, বোলছবি, ৰেখাকাঁহী প্ৰকাশ কৰিবলৈ অৰ্থ নাই, সামৰ্থ নাই, সময় নাই । তেতিয়াহে প্ৰকৃত শিল্পীৰ সাধন হ’ব যেতিয়া এই অত্যাচাৰিত দলৰ প্ৰকৃত স্বৰূপ উদঘাটিত হ’ব, অৱনত দুৰৱস্থা উন্নত হ’ব আৰু তেওঁলোকে এই আহল বহল পৃথিৱীৰ বুকুত চিৰমুক্ত চিৰ স্বাধীন হৈ উমলি ফুৰিব পাৰিব ।” (বিষ্ণুপ্ৰসাদ ৰাভা ৰচনাসম্ভাৰ, ১৯৯৭, পৃষ্ঠা ১৯৭৯)

১৯৪৪ চনত প্ৰকাশিত ষষ্ঠ বছৰ তৃতীয় সংখ্যা জয়ন্তীত সত্যকাম ছদ্মানামেৰে কমলনাৰায়্ণ দেৱে “প্ৰগতিশীল সাহিত্যৰ টেকনিক” শীৰ্ষক দীৰ্ঘ প্ৰবন্ধটিত প্ৰগতিশীল সাহিত্যৰ থূল-মূল ধাৰণা দাঙি ধৰিছিল
“সাহিত্যৰ ক্ষেত্ৰত প্ৰগতিৰ নতুন আন্দোলনে আজি এটা নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে । সাহিত্যিকসকল আজি দুটা দলত বিভক্ত হৈ পৰিছে । এটা দলে সাহিত্য সম্পৰ্কীয় প্ৰগতিত নতুন মান্যতা স্বীকাৰ কৰিছে । আনটো দল সংৰক্ষণশীল , গতিকে প্ৰগতিশীল আন্দোলনৰ লগত তাৰ বিৰোধ । বিৰোধী দলে তাক বাধা দি প্ৰতিবাদ জনাইছে ।দুয়োৰে মাজত দ্বন্দ স্পষ্ট ।দুয়োটা দলে আপোন আপোন পক্ষ সমৰ্থন কৰিবলৈ না না যুক্তি তৰ্কৰ অৱতাৰণা কৰিছে। আন এটা দলে তটস্থ হৈ চাই আছে। তটস্থ হ’লেও সি নিৰপেক্ষ নহয়। নিৰপেক্ষ হৈ থাকিব নোৱাৰে। এই তৃতীয় দলৰ মাজত এটা নতুন সমস্যা। সি কাৰ পক্ষ সমৰ্থন কৰিব। … আজিৰ যুগত মানুহৰ সামাজিক জীৱনত যি দুটা পৰস্পৰবিৰোধী শক্তিৰ মাজত অন্তৰ্দ্বন্দ চলি আছে তাৰেই প্ৰতীক হৈছে প্ৰগতি । ইয়াৰ এটা ঐতিহাসিক পৃষ্ঠভূমি আছে।’’

‘উন্নতি’ আৰু ‘প্ৰগতি’ৰ মাজত পাৰ্থক্য বুজবলৈ উল্লিখিত প্ৰবন্ধত ‘দ্বন্দাত্মক ঐতিহাসিক দৃষ্টিভংগী’ৰ প্ৰয়োজনৰ কথা দঢ়াই দঢ়াই কোৱা হৈছে। কল্পনাবিলাসৰ পৰিৱৰ্তে সমাজ দায়বদ্ধতা ৰে সমাজ বিৱৰ্তনৰ ঐতিহাসিক পটভূমিত সাহিত্যৰ মূল্যায়নৰ বাবে আহ্বান জনাইছিল ।

‘‘ আগৰ সাহিত্য আৰু এতিয়াৰ সাহিত্যৰ (progressive literature)ৰ পাৰ্থক্য এয়ে যে আগৰ সাহিত্য আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আৰু এতিয়াৰ সাহিত্য বাস্তৱৰ ওপৰত প্ৰতিষ্ঠিত । আগৰ কবিয়ে কল্পনাৰ মাজেদিহে বাস্তৱৰ মাজলৈ আহিছিল আৰু এতিয়াৰ কবিয়ে বাস্তৱত সোমাই লৈহে সময় পালে কল্পনালৈ উধাও হয় । তেওঁ ইয়াকো সকীয়াবলৈ পাহৰা নাছিল – “ অসমীয়া ভাষাত প্ৰকৃত প্ৰগতি কবিতা হব , যদি নামাৰ কবিসকলে খেতিয়কৰ প্ৰাণৰ বাতৰি , অন্নহাৰা, বস্ত্ৰহাৰা, নিৰাশ্ৰয়সকলৰ অন্তৰৰ বেদনা আৰু বৰ্তমান অসমৰ অৰ্থনৈতিক আদি সমস্যাৰ কথা লিখে।”

স্মৰণযোগ্য – সত্যকাম আৰু জেউতি বৰুৱাৰ উল্লিখিত প্ৰৱন্ধ প্ৰকাশৰ দহ বছৰ আগতেই অসমৰ প্ৰথমজন মাৰ্ক্সবাদী প্ৰগতিশীল কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই (১৯১০-১৯৭২) ১৯৩৫ চনতে এনেবোৰ বিষয়ৰ কবিতাৰ সংকলন ‘অভিযান’ প্ৰকাশ কৰিছিল। সাম্যবাদী দলৰ নিষ্ঠাবান সংগঠক জননেতা কবি ধীৰেন দত্তৰ কোনো কবিতা ‘জয়ন্তী’ত প্ৰকাশ পোৱা নাছিল । বাওঁপন্থী ৰাজনৈতিক দলৰ সদস্য হৈ কাম কৰা কবিগৰাকীৰ ‘জয়ন্তী’ৰ সৈতে যোগাযোগ নোহোৱাটো যেনেকৈ অনুসন্ধানৰ বিষয়, একেদৰে প্ৰকাশিত কাব্য সংকলন সেই তাহানিতে থকা সত্ত্বেও সাহিত্যৰ ( অসমীয়া সাহিত্যৰ বুৰঞ্জী, ষষ্ঠ খণ্ডৰ বাদে) বুৰঞ্জীত তেওঁৰ নামোল্লেখ নোহোৱাটোও এটা বিচাৰ্য বিষয়। বিশেষকৈ প্ৰগতিশীল অসমীয়া কবিতাৰ আলোচনা প্ৰসংগত। ( এই লেখকে কবিগৰাকীৰ জন্ম শতবৰ্ষ সম্পৰ্কে গোলাঘাটৰ ডি. আৰ. মহাবিদ্যালয়ত আগবঢ়োৱা বক্তৃতাত বিষয়্টো বিতংকৈ আলচনাৰ প্ৰয়াস কৰিছিল। অনুসন্ধিৎসু পাঠকৰ বাবে কথাটো বিনম্ৰতাৰে উল্লেখ কৰিলোঁ) । আলোচনা দীঘলীয়া হোৱাৰ ভয়ত পুনৰ আলোচনাৰ পৰা বিৰত থাকিলোঁ।

ৰোমান্টিক ভাবাদৰ্শৰ বিৰোধিতাৰে ‘নতুন ধাৰাৰ বাহক ৰূপে পৰিচয় দাঙি ধৰা জয়ন্তীয়ে বহুলাংশে আধুনিক শব্দটো প্ৰগতি অৰ্থতে ব্যৱহাৰ কৰিছিল । পূৰ্বে উল্লেখ কৰা প্ৰবন্ধবোৰৰ শিৰোনামৰ পৰাই সেই কথা প্ৰতীয়্মান হয় । সাহিত্যৰ বুৰঞ্জীত (যোৱা শতিকাৰ ষাঠিৰ দশকৰ পিছৰ) বৰ্তমান, আধুনিক অথবা সাম্প্ৰতিক কবিতাক দুটা ভাগত আলোচনা কৰিছে । সেয়া হ’ল – আধুনিকতাবাদী বা বৌদ্ধিক আৰু প্ৰগতিবাদী । অনুধাৱন কৰা কঠিন নহয় যে ‘জয়ন্তী’য়ে আৰম্ভ কৰা অসমীয়া প্ৰগতিবাদী কাব্যধাৰাৰ প্ৰবাহেই আধুনিকতাবাদী কবিতাৰ কষ্টকল্পিত জটিলতাৰ ঠাইত বাস্তৱৰ বিষয়বস্ত লোক-জীৱন আৰু লোক-সাহিত্যৰ সমল সন্নিবিষ্ট কৰি সহজ প্ৰকৰণেৰে ষাঠি –সত্তৰ দশকৰ দুৰ্বোধ্যতাৰ পৰা অসমীয়া কাব্যক মুক্ত কৰি ‘জয়ন্তী’ ৰ জয়যাত্ৰাকে অব্যাহত ৰাখিছে, তাকো হেম বৰুৱা সম্পাদিত পছোৱাৰ দৰে স্বপ্লায়ু ক্ষুদ্ৰ অব্যৱসায়িক আলোচনীবোৰৰ জৰিয়তেহে।

‘জয়ন্তী’ৰ মজিয়াত মাৰ্ক্সীয় আদৰ্শৰ এচাম তৰুণ কবি-সাহিত্যিক সমবেত হৈছিল আৰু তেওঁলোকে আশীৰ্বাদ লাভ কৰিছিল অপেক্ষাকৃতভাৱে বয়স্ক উদাৰ মানৱতাবাদী কবি-সাহিত্যিকৰ। ২য় পৰ্বৰ জয়ন্তীৰ সম্পাদক কমলনাৰায়ণ দেৱ হৈ পৰিছিল তেওঁলোকৰ পথ-প্ৰদৰ্শক।

প্ৰবন্ধৰ প্ৰথমৰ ফালে উল্লেখ কৰা জয়ন্তীৰ বাবে গাইডলাইন স্বৰূপ ‘প্ৰগতিশীল কবিতাৰ টেকনিক’ শীৰ্ষক নিবন্ধত ভাৰতীয় বাস্তৱবিমুখিতা আৰু পাশ্চাত্য জগতৰ ভৌতিক উন্নতিৰ বাবে পৰিৱৰ্তনশীল জগতৰ ৰীতি মানি নতুনক গ্ৰহণ কৰাৰ উদাৰতাৰ কথা বিশ্লেষণ কৰি কোৱা হৈছে –
…“ পৰিৱৰ্তনতো বিশ্ব প্ৰকৃতিৰ চিৰন্তন নিয়ম । সভত্যা-সংস্কৃতিতো পৰিৱৰ্তন অনিবাৰ্য আছিল ।, সেয়ে হ’ল। মুছলমানবিলাকৰ বিলাসভাৱ আৰু হিন্দুবিলাকৰ ধৰ্মভীৰুতাৰ পৰা যি অভিমানী সত্য – ভীৰু সংস্কৃতিৰ উদ্ভৱ হৈছিল তাৰ জঘন্য নাগপাশত ভাৰতীয় জীৱন বহুদিনলৈ বন্দী হৈ আছিল ।

তাৰ পাছত হ’ল ইংৰাজী সভ্যতাৰ লগত তাৰ সংঘৰ্ষ । সেই ঘহনিৰ পৰা যি পোহৰ উদ্ভাসিত হ’ল, তাতে আমাৰ চকু পৰিল- ‘ভাৰতৰ দুৰ্দশা’ । আটাইবোৰ পুৰণি সংস্কাৰ জড়ীভূত অন্ধকাৰত নতুন জ্যোতি জিলিকি উঠিল। সকলো ৰকমৰ অন্ধবিশ্বাসৰ ভেটি কঁপিবলৈ ধৰিলে । যুগ যুগৰ পৰা আহি থকা মূঢ় সংস্কাৰৰ দুৰ্গন্ধময় বোকাৰে পৰিবেষ্টিত মানৱতাৰ বাস্তৱিক ৰূপৰ লগত সকলোৰে চিনাকি হ’ল । এই ক্ষেত্ৰত বিদেশী সাহিত্যই বিশেষকৈ ৰাছিয়াৰ প্ৰগতিশীল সাহিত্যই আমাৰ ভালেমান পথ-প্ৰদৰ্শন কৰিলে আৰু এতিয়াও আমাক বাট দেখুৱাই দুৰ্ণিবাৰ প্ৰেৰণাৰে আগবাঢ়াই লৈ যাব লাগিছে ।”

প্ৰগতিশীল সাহিত্যৰ ‘ধাৰণা’ সম্পৰ্কে কমল নাৰায়্ণৰ প্ৰবন্ধটিত সাতোটা বিশেষ বৈশিষ্টৰ কথা উল্লেখ কৰিছে –
১) জীৱন প্ৰগতিৰেই পৰ্যায় মাথোন। এতেকে তাৰ প্ৰত্যেক ক্ষেত্ৰত আগবঢ়াৰ কাৰণে প্ৰযত্নবান হোৱা উচিত ।

২) জীৱন-জী্য়াই থকাৰ বস্ত্ৰ। তাৰ চকুৰ আগত ফেৰ পাতি থিয় দিয়াটোতহে মানুহৰ পুৰুষত্ব সাৰ্থক নহ’ব। কোন এটা কাল্পনিক যুগৰ সন্ধানত তাক উপেক্ষা কৰি পলাই যোৱাটো ঘৃণাস্পদ কাপুৰুষতা মাথোন । যি আমাৰ চকুৰ আগত প্ৰত্যক্ষ সেয়ে সত্য। … তাৰ বাহিৰত আধ্যাত্ম পৰলোক আদি একোৱেই নাই।

৩) সাহিত্যৰ প্ৰাণ সৌন্দৰ্য। সৌন্দৰ্যৰ আধাৰ সাম্য। .. ইয়াৰ বাবে আৱশ্যক হৈছে সমাজত ‘সাম্য’ স্থাপিত কৰা। এতেকে প্ৰগতিশীল সাহিত্যই দলিত, পীড়িত আৰু শোষিতসকলৰ ব্যথাক মুখৰিত কৰিব লাগিব। জীৱনৰ অন্ধ সংস্কাৰৰ মাজত হেৰাই যোৱা মানৱতাক বিচাৰি উলিওৱাটো ইয়াৰ লক্ষ্য। এই বাটত ইয়াৰ অৱৰোধক হৈছে শোষকবৰ্গ । শোষক স্বাৰ্থ উন্মুলনেই প্ৰগতিবাদ অভিপ্ৰেত সংকল্প।

৪) কিন্তু শোষক শ্ৰেণীৰ অতুলনীয় সহায় শক্তি হৈছে প্ৰাচীন সংস্কৃতি। এতেকে তাৰ পুননিৰ্মাণ আৰু ৰূপান্তৰ অনিবাৰ্য । তাৰ বাবে জীৱন আদৰ্শ (মূল্য)ৰ জোখ হ’ব কেৱল ‘জনহিত’। এই বিচাৰধাৰাৰ ওপৰত পাশ্চাত্যৰ মাৰ্ক্স দৰ্শন আৰু ফ্ৰয়েডৰ মনোবিজ্ঞান শাস্ত্ৰৰ পৰ্যাপ্ত প্ৰভাৱ আছে।

৫) … নিজৰ একান্ত ব্যক্তিগত সুখ-দুখৰ বিশ্লেষণ .. আধুনিক প্ৰগতিশীল সাহিত্যৰ বিষয় নহ’ব । … আধুনিক কলাকাৰৰ কৰ্তব্য হৈছে যে তেওঁ যি সমাজত জীয়াই আছে , যি সমাজৰ ভাত-পানী খাইছে তাৰ ঋণ পৰিশোধ কৰিবলৈ হেলা নকৰা । এনেকুৱাকৈ প্ৰগতিবাদে তত্ত্বৰূপত সাহিত্যক সামাজিক, সামাজিক চেতনা বুলি মানে… । ‘সামূহিকতাই এতিয়া নিজত্ব’।

৬) আন আন দেশত জীৱনৰ প্ৰতি প্ৰগতিশীল কবিতাৰ দৃষ্টিকোণ মূলতঃ বৌদ্ধিক বুলি নিৰ্ণীত হোৱা নাই। এতিয়াও প্ৰগতিশীল লেখকসকলৰ মাজত ভাবপ্ৰবণতাৰ প্ৰাচুৰ্য দেখা যায়। প্ৰয়োগোন্মুখ অসমীয়া প্ৰগতিশীল কবিতাতো তেনে হোৱা অস্বাভাৱিক নহয়।

৭) অনুভূতিৰ লগত অভিব্যক্তিৰো পৰিৱৰ্তন অনিবাৰ্য। যেতিয়া উপকৰণ বদলি গ’ল, তেতিয়া অভিব্যঞ্জনাৰ উপকৰণ আপোনা-আপুনি বদলিবই। .. আজিৰ কলাকাৰে লুইত, কেঁচা সোণ, ডালিমী, ফুলনি অভিসাৰ, জোনাক নিশা, হেঙুলী উষা, কেতেকী সপোনত আহিবা লাহৰী আদি প্ৰতীকবোৰৰ মৃদুল মায়ামোহ পৰিত্যাগ কৰি চিগাৰেটৰ খালী পেকেট, নৰ্দমা চিমনি, লাইট হাউচ, ষ্টেচন, ৰে’, কাঠফুলা, নাঙল, ভগাফলা, শুকান ফুল, হাতুৰী, প’ষ্ট অফিচ, তাঁৰ ঘৰ, কাছাৰী আদি চিৰ উপেক্ষিত নগণ্য প্ৰতীকবোৰক লৈ নতুন কৰিব লাগিব, কাৰণ এইবোৰেই জীৱনত বাস্তৱিক সত্য। … বস্তুৰ শুদ্ধ বাস্তৱিক (objective) চিত্ৰণেই সত্য। … বিগত যুগত দৃষ্টিকোণ আছিল ৰোমান্টিক। … আজি বস্তুবাদী কলাকাৰৰ চকুত সি বুৰ্জোৱা আৰ্ট । …

এই প্ৰবন্ধৰ পথ নিৰ্দেশিকা সমসাময়িক কবিসকলে প্ৰতিফলিত কৰিছিল তেওঁলোকৰ কবিতাত । অসমীয়া আধুনিক কবিতাৰ প্ৰথমখন সংকলনৰ ভুমিকাত যতিনাৰায়্ণ শৰ্মাই লিখিছে – বৰ্তমান জগতৰ যি সাহিত্যত মানুহৰ সমস্যাবিলাকৰ আলোচনা আৰু ধ্বনি আছে তাকে প্ৰগতিমূলক সাহিত্য বোলে । কিয়নো সাহিত্যই মানুহৰ পুৰণি ভাবধাৰাক নতুন ৰূপ দি আগবঢ়াই আজি আধুনিক জগতৰ জীৱনৰ লগত সংযোগ স্থাপন কৰি দিছে ।

“ আমাৰা অসমীয়া সাহিত্যতো বিশেষকৈ কবিতাতে এই আধুনিক যুগৰ নতুন ভাবধাৰা লিপিবদ্ধ কৰাৰ এটি প্ৰচেষ্টা চলিছে ”

আধুনিক অসমীয়া কবিতাৰ শিৰোনামবোৰতে জয়ন্তীৰ গাইডলাইন তথা পৰ্যবেক্ষণ নিহিত হৈ আছে । কেইটামান দৃষ্টান্ত দিয়া যাওক-
কবি কবিতা
অমূল্য বৰুৱা- বিপ্লৱী,কুকুৰ,কয়লা, বেশ্যা ।
অজিৎ বৰুৱা- হাতুৰী , তীখা
কেশৱ মহন্ত- চোৰৰ কৈফিয়ৎ, ফাগুৱা ১৯৪৫
চক্ৰেশ্বৰ ভট্টাচাৰ্য- মাথোন এখন নোট, ৰাসলীলা
জ্যোতিপ্ৰসাদ আগৰৱালা- চিৰবিদ্ৰোহী
ধীৰেন্দ্ৰ দত্ত- কাঠমিস্ত্ৰিৰ ঘৰ
ধীৰেন্দ্ৰ নাথ বৰঠাকুৰ- বনুৱাৰ সপোন
ভবানন্দ দত্ত- পাউডাৰ, পূবেৰুণ
মথুৰা গোস্বামী- চাহপাত
মহেশ চন্দ্ৰ গোস্বামী- ক’ত ভগৱান- ইত্যাদি ।

দেশপ্ৰেম আৰু ৰহস্যবাদী দৃষ্টিভংগীৰে অসমীয়া কাব্যজগতত যুগমীয়া নাম ৰাখি যোৱা- কবি নলিনীবালা দেৱীয়েও ‘জয়ন্তী’ থূলৰ কবিসকলৰ প্ৰতি আদৰণী জনাইছিল । ‘তৰুণ প্ৰগতি’ শীৰ্ষক কবিতাত তেওঁৰ আহ্বান-

আজি ভাৰতৰ মাথোঁ
এটি বাট প্ৰগতিৰ
মানৱৰ মুক্তি স্বাধীনতা
*****
সভ্যতাৰ মুখা পিন্ধি
কোটি কোটি মানৱৰ
জীৱনৰ প্ৰাপ্য অধিকাৰ
ঘৃণিত ভাবেৰে বঞ্চি
ৰোধিছে যি জ্ঞানৰ দুৱাৰ,
শতাব্দীৰ নিপীড়িত
কোটি কোটি ক্ষুধিত কংকালে
বিচাৰিছে তাৰ প্ৰতিকাৰ
মানৱৰ স্বত্ব , অধিকাৰ । (আধুনিক অসমীয়া কবিতা, ২০০৪, পৃষ্ঠা ৬৯)

ভাববাদী ভাৰতীয় দৰ্শনৰ বিপৰীতে বাস্তৱবাদী দৰ্শনেৰে উদ্বুদ্ধ কবিসকলে স্থবিৰ প্ৰথা-প্ৰমূল্যক নেওচা দি ভগৱানৰ অস্তিত্ব সম্পৰ্কে সন্দেহ প্ৰকাশ কৰা কেইবাটাও কবিতা ‘জয়ন্তী’ত প্ৰকাশিত হৈছিল । তাৰে কেইটামান উল্লিখিত সংকলনত সন্নিবিষ্ট হৈছে । নৱকান্ত বৰুৱাৰ প্ৰাৰ্থনা , ইতিপূৰ্বে উল্লিখিত মহেশ চন্দ্ৰ দেৱগোস্বামীৰ- ক’ত ভগৱান উপৰিও চক্ৰেশ্বৰ ভট্টাচাৰ্য – ৰাসলীলা, হেম বৰুৱাৰ- পূজা, জীৱকান্ত বৰুৱাৰ – ঈদৰ জোন আদি কবিতাত প্ৰথাগত চিন্তাৰ বিপৰীতে বিষয়ৰ পুনৰ্মূল্যায়্ন জৰিয়তে বঞ্চিত নিপীড়িত জনৰ যুগপৎ যন্ত্ৰণা প্ৰতিফলিত হৈছে । অকল সেয়ে নহয়– তেওঁলোক মুকতিৰ সপোনো মূৰ্ত হৈ উঠিছে কবিতাবোৰত । গণমুক্তিৰ বাণীৰে উদ্বুদ্ধ প্ৰগতিবাদী কবিতাৰ উন্মেষ কালৰ কবিসকলে ৰোমান্টিক কাব্যধাৰাৰ তেওঁলোকৰ অগ্ৰজসকলক অতিক্ৰম কৰি অসমীয়া কাব্যপ্ৰবাহত নতুন গতি দি আধুনিক কবিতাক বাস্তৱৰ কবিতালৈ উত্তৰণ ঘটাই পঞ্চাছৰ দশকৰ তৃতীয় বছৰৰ পৰা দ্বিতীয়াৰ্ধত যি গতি দান কৰিছিল, তাকেই পৰৱৰ্তী কবিসকলে নিজস্ব বৰঙনিৰে অসমীয়া প্ৰগতিবাদী কাব্যধাৰাক জীৱন্ত কৰি ৰাখিছে ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে