দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / মেগন কছাৰীৰ তিনিটি কবিতা

মেগন কছাৰীৰ তিনিটি কবিতা

গৰখীয়া সপোন 

নিদ্ৰা ভালপোৱা তুমি। আৰু যেতিয়া
সপোনৰ কোলাত মূৰ থৈ তুমি,
টোপনি যোৱা
মই হিচাপ কৰো কুকুৰাৰ ডাক…

যেতিয়া তুমি প্ৰকাশ কৰা,
কাৰো ওচৰত পদানত নোহোৱা আৰু
শিৰোনত নকৰাৰ বীৰত্বপূৰ্ণ ঘোষণা
বা যেতিয়া তোমালোকে বিভ্ৰান্তিৰ বাটেৰে
মিথ্যা আৰু শূন্যতাৰ সমৰ্থনত,
সমদল যাত্ৰা কৰা
তেতিয়া মই হিচাপ কৰো,
ঘনীভূত আন্ধাৰৰ বয়স
আৰু লুটিয়াই চাওঁ সময়ৰ পৃষ্ঠা…

আছে নেকি ক’ৰবাত তোমাৰ,
তোমালোকৰ হাতত কেতিয়াবা দোকমোকালি
নিহত হোৱাৰ খবৰ
তুমি অভিমান কৰা যি মিথ্যা,
তুমি অহংকাৰ প্ৰদৰ্শন কৰা
যি শূন্য
আৰু নাদৰ তলিৰ পৰা ভাহি আহে
তোমাৰ বিদ্ৰোহৰ চিঞৰ এটা
আকাশৰ বিৰুদ্ধে…

আৰু যেতিয়া তুমি ৰাতি দুভাগত
সংকল্প লোৱা দুছেও কৰিবলৈ
দোকমোকালিৰ বাবে প্ৰসাৰিত দুহাত
পাৰ কৰা উত্তেজনা উন্মাদ,
উজাগৰী ৰাতি
তেতিয়া মই টোপনি যাওঁ‌
আৰু দুচকুলৈ নামি আহে
এটি গৰখীয়া সপোন।

হে প্ৰাচীন দেশৰ নাঙঠ দৰিদ্ৰসকল

আই, বাই, ভনী-ভাই কিম্বা হে মোৰ প্ৰাচীনৰো প্ৰাচীন দেশৰ
নাঙঠ দৰিদ্ৰসকল
আৰু চাগে চুঁচৰি ফুৰিব নালাগে পানী বিচাৰি ক্ৰমাৎ
মৃত্যুমুখী শামুকৰ দৰে
এতিয়া কেৱল আমাৰ কথা আৰু আমাৰ কথাৰে মুখৰিত বাট-ঘাট, গাঁও চুবুৰী
আৰু নগৰ চহৰ…

তৰপে তৰপে কিমান যে খোদিত হৈ আছে আমাৰ বুকুত তেওঁলোকৰ
প্ৰেমৰ হাতৰ স্পৰ্শ আৰু নিৰ্দয় গোৰ
এইবেলি চাগে সেইবেলি নহব, প্ৰৱঞ্চিত নহ’ম , নাথাকিব নিৰ্দয় গোৰ
প্ৰেমৰ স্পৰ্শৰে পাৰ হ’ব সমগ্ৰ সময়
এইবেলি নহ’ব চাগে সেইবেলিৰ দৰে য’ত আশ্ৰয়ৰ সন্ধানত শামুক হৈ
পৃথিৱী আৰু নদীত নামোতে
ভাঙি দিয়া হৈছিল গধুৰ হাতুৰীবোৰে খোলাবোৰ আৰু য’ত গাৰ মঙহ
কৰা হৈছিল পোহনীয়া হাঁহৰ আধাৰ…

পানী চাগে পাম পিয়াহত, আহাৰো চাগে পাম ভোকত আৰু
লাজ ঢাকিবলৈ কাপোৰ
পানিইৰ অভাৱত কোনোকালে চাগে আমি শুকান ডিঙি তিয়াবলৈ
থিয় দি নাথাকিলেও হ’ব যক্ষ্মৰোগী বন্ধুৰ তেজবমিৰ অপেক্ষাত
ভোক লাগিলেও কোনোকালে চাগে আমি আৰু শ্মশান ভাল নাপাম
ভোকৰ যন্ত্ৰণাত য’ত আমি উন্মাদ হৈ চুঁচৰি গৈছিলোঁ আৰু
চোবাইছিলোঁ মৰাশৰ হাঁড়…

চকু মুখ নঢকাকৈ সহজেই পাৰ হৈ যাব মানুহ, কাপোৰেৰে ঢাক খাই পৰিব
অশ্লীল অংগ
আৰু ইতি পৰিব চাগে স্তন আৰু যোনীৰ বিনামূলীয়া প্ৰদৰ্শন…
দিন সুদিন হৈ আহিছে, চৌদিশে কেৱল উজ্জ্বল দিনৰ পদশব্দ আৰু
দেৱালে দেৱালে জিলিকি আছে আমাৰ দুখত কাতৰ
ৰঙা নীলা আখৰ

ফুটপাথ, আন্ধাৰ গলি, পথাৰ, মৰিশালী, ভঙা পঁজা
যিয়ে য’তে আছা তেনেকৈয়ে থাকা
তেনেকৈয়ে থাকা, সুদিন হৈ
আহি আছে দিন…

ভয় নাখাবা, আশ্চৰ্যিতও নহবা, আমাৰ আশীৰ্বাদ বিচাৰি
চকুমুখ নঢকাকৈয়ে এতিয়া আহিব ৰজা আৰু প্ৰজা
দুখত থাকি, চকুপানী টুকি তেওঁলোকক মিছাই কষ্ট নিদিবা
এতিয়া আমাৰ দুখত ৰজা-প্ৰজা সবাৰেই অবিৰাম চকুৰ লোতক
সাম্প্ৰতিক মানি চলিবা বাটৰ নিয়ম , মানি চলিবা সোঁকাষ , বাওঁকাষ
চৌদিশে হব এতিয়া প্ৰভু ঈশ্বৰৰ
অবাধ বিচৰণ…

জীউ যদি লাগে সতৰ্ক হবা, আশীৰ্বাদ বিচাৰি এতিয়া সৰু-বৰ পথে পথে
দৌৰি থাকিব ৰজা-প্ৰজা, দুৰ্দান্ত গাড়ী আৰু ঘোঁৰা…
আই , বাই, ভনী-ভাই কিম্বা হে মোৰ দেশৰ প্ৰাচীনৰো প্ৰাচীন দেশৰ
নাঙঠ দৰিদ্ৰসকল৷

যদিওবা এইবাটেৰে নামি আহিব এদিন

যদিওবা এইবাটেৰে নামি আহিব এদিন শান্তি আৰু সুখৰ উৎসৱ
আচলতে মই যুদ্ধ ভাল নাপাওঁ কিম্বা বন্দুকৰ শব্দ…
কাৰণ মই ভালপাওঁ বাৰুদৰ ধোঁৱাহীন ক্ৰমে ক্ৰমে উদ্ভাসিত
উজ্জ্বল দোকমোকালি
পুখুৰীৰ হৃদয়ত খেলি ফুৰা হাঁহবোৰ, নদী, বৰষুণ, শীতৰ কুঁৱলী
আৰু পৃথিৱীৰ স্তন পাহাৰ পৰ্বত….

হে পাঠক বৃন্দ…
আচলতে মই যুদ্ধ ভাল নাপাওঁ কিম্বা বন্দুকৰ শব্দ
কিন্তু সেইসকলৰ সৈতে মোৰ মতপাৰ্থক্য আছে, যিসকলে
কাকতৰ পাতত দৰিদ্ৰ আৰু নিপীড়িতৰ ছৱি আঁকি
সন্ধ্যা হেৰাই যায় মুৰ্গীৰ ঠেং আৰু গোলাপী নিচাত…
আৰু ৰাতিপুৱালেই চিঞৰি উঠে যুদ্ধ নহয় শান্তি লাগে,
যুদ্ধই নৰক
যুদ্ধই ধ্বংস…

হে পাঠকবৃন্দ,
এইসকল মান্যবৰৰ সৈতে মোৰ মত পাৰ্থক্য আছে
আৰু আছে আজীৱন শত্ৰুতা
কাৰণ শস্য পথাৰৰ বোকা নেদেখাকৈয়ে বোকা আৰু শস্যৰ
সুগন্ধ অনুভৱ কৰা মহানগৰৰ মহানগৰী মানুহৰ
দৈনিক কাকত আৰু মহানগৰ কঁপোৱা প্ৰতিটো চিঞৰত
ধৰ্ষিতা কিশোৰীৰ তেজবোৰ মই নদী হোৱা দেখো…
তেওঁলোকৰ প্ৰতিটো চিঞৰতেই জৰৌৰৱা পঁজাৰ ছালত
শুনাপাওঁ ফেঁচাৰ চিঞৰ, ফুটপাথে ফুটপাথে বাঢ়ি অহা দেখো
অনাগত মৃত্যুৰ মিছিল

যদিওবা এইবাটেৰে নামি আহিব এদিন শান্তি আৰু সুখৰ উৎসৱ
আচলতে মই যুদ্ধ ভাল নাপাওঁ কিম্বা বন্দুকৰ শব্দ…
কাৰণ মই ভালপাওঁ বাৰুদৰ ধোঁৱাহীন ক্ৰমে ক্ৰমে উদ্ভাসিত
উজ্জ্বল দোকমোকালি
পুখুৰীৰ হৃদয়ত খেলি ফুৰা হাঁহবোৰ, নদী, বৰষুণ, শীতৰ কুঁৱলী
আৰু পৃথিৱীৰ স্তন পাহাৰ পৰ্বত….

( মেগন কছাৰী( ১৯৬৮ )ৰ জন্ম নলবাৰীৰ বৰমাত ৷ তেওঁৰ প্ৰথম কাব্য সংকলনৰ নাম আছিল- ‘মেমচাহাব পৃথিৱী’ (১৯৯৪) ।

এটা মন্তব্য

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে