দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / হেম বৰুৱাৰ দুটি কবিতা

হেম বৰুৱাৰ দুটি কবিতা

পোহৰতকৈ এন্ধাৰ ভাল

সময়ৰ বলুকাৰাশিত পদচিহ্ন ৰখা
উন্মাদ বাসনা আমাৰ নাই ৷ আমি
বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফছিল

হেৰা শকুন্তলা,তোমাৰ চকুৰ শেৱালি পাহিত
দুষ্মন্তৰ চুমাৰ চেকা ৷ কোৰিয়াত জৰাসন্ধৰ কংকাল
এছিয়াৰ আকাশত আগুৰি শগুণৰ জাক ৷
আমি জীয়াই আছো যুগৰ সীমান্তত
প্ৰাচীন নাবিকৰ জঁকা ৷ কালিদাস তুমি কোন
অলকাৰ পলাতক কবি? ডাৱৰ দেখি উন্মাদ?
তোমাৰ কাব্য-বেদীত আমাৰ জীৱন অৰ্চনা
সৰি পৰা মদাৰৰ ফুল? ( গুৰুতো নেলাগে,
গোসাঁইতো নেলাগে, থাকে তলে ভৰি সৰি )

ৰজাই ৰজাই ৰণ-বিগ্ৰহ,তীখাৰ আম্ফালন৷
আমি খাণ্ডৱ-দাহ৷
অগ্নি-শিখাৰ পুৰি ছাই হোৱা বিৰিঙাৰ ফুল; আমাৰ
পিৰামিড হিৰোছিমা নাগাছাকি৷
হেৰা শকুন্তলা তোমাৰ আঙুলিৰ অগ্নিকণাৰে নুমাই দিয়া
ৰাজ কাৰেঙৰ শলিতাৰ জুই৷ দুষ্মন্তৰ ভাগক স্বপ্ন

পোহৰতকৈ এন্ধাৰ ভাল৷
জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰৰ সেতু বান্ধ ৷
শংকা কিহৰ?
নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই ৷
আমাৰ চকুত তীখাৰ শান ৷

যাত্ৰাৰ শেষ নাই

বুৰঞ্জীৰ সেতুৰ বন্ধন। আমি আহি আছোঁ ।
আলোক-যাত্ৰীৰ দল। মৰাঘুলিত সাঁতুৰি..
চহৰতলিৰ নিষ্প্ৰভ চাকি। এন্দুৰৰ শোভাদল ।
আমাৰ মৃত্যু ক’ত ?
(তলুৱাত মৰণৰ ৰেখা , অস্পষ্ট মধুৰ)… অৰ্থাৎ
আমাৰ মৃত্যু ক’ত ? শলমাৰি ভাঙোতাৰ দল (মৰণ ৰে তুহুঁ
মম দোচৰ, তুহুঁ মম বান্ধৱ) ।…

মহাকাব্যৰ তেজেৰে ৰঙা আমাৰ নিচান। খেয়ালৰ দ্ৰুতলয় ।
তোমাৰ আৰু মোৰ হেজাৰ জনৰ কেঁচা
জেতুকাৰ বোল। ( একঃৰসঃ কৰুণ এব।)
আঁউসীৰ আকাশত জোনটোৰ জীৱন-সংগ্ৰাম ।
(মৃত্য, মৃত্যুৱে জীৱনৰ চিৰসখা) বন্ধু, তোমাৰ
মেখেলাৰ পাতলিত হেজাৰ কাৰ্শলাবন ।

ভয় নাই। আমাৰ নাঙলৰ সীৰলুত অশকবনৰ
অৱৰুদ্ধা সীতা । (চকুৰ আগত স্বৰ্ণমৃগ। মুখত দুৰ্বাদল ।)
শকুন্তলা, তোমাৰ দেহৰ কেঁচা হালধি বৰণ ? মই পুৰি
ছাই হৈ যাওঁ.. ।

কোৰিয়াত বগা কাউৰী আৰু ক’লা ভাত । মাজুলীৰ
সৰিয়হ ফুলত নীলা জুই । ( ভোৰতালে খাওঁ খাওঁ
কৰে )। পোহনীয়া শালিকাৰ কণ্ঠত মহাকাব্যৰ গান ।
নামঘোষা । ৰামায়ণ । আৰু ক’ত কি ? …
শকুন্তলা, আমাৰ পথাৰ ৰমক-জমক । ভৰ-দুপৰীয়া ভদাইৰ
আগ-চোতালত দোৰপতি থৰক্-বৰক্ মাকো সৰি সৰি পৰে।
…( তোমালৈ চাওঁতে, জপনা ডেওঁতে…) ।

বুৰঞ্জীৰ চোঁ-ঘৰত নতুন সূৰুযে উম লয় । যুগৰ নিমাতী চাপৰিত
প্ৰতিধ্বনি । কাৰ শোভাদল ? কিহৰ শ্ল’গান্ ?
( নপুংসক বৃ্হন্নলা, তুমি ক’ত ?) … তোমাৰ গাণ্ডীৱ অচল ।
তুমি আৰু মই । আৰু লাখ জন । পেটত যুগৰ তয়াময়া ভোক ।
(আকৌ এবাৰ বগা কৰোঁ লুইতৰ বগা পানী ) জীয়াই থকাৰ
আহ্বান । কাৰ ? তোমাৰ ? মোৰ ? আৰু ?…

আহাঁ, মোৰ কাষৰতে বহাঁ । নাহৰফুটুকীৰ চকুতকৈয়ো চোকা
তোমাৰ চকুৰ জুইত মৰ-আঁউসীৰ জোন পুৰি
ভস্ম হয় । আমাৰ যাত্ৰা-পথ সমুজ্জ্বল । জনমৰ যুগমীয়া ।
পদূলিত আলকাতৰাৰ বান্ধ ( হেৰা শকুন্তলা, পৃথিৱীত
কবিতাৰ শেষ নাই)…

(হেম বৰুৱা (১৯১৫ – ১৯৭৭) অসমৰ এজন আগশাৰীৰ কবি আৰু ৰাজনীতিবিদ৷ তেওঁ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি আছিল । তেওঁৰ ৰচিত গ্ৰন্থসমূহ – ‘আধুনিক সাহিত্য’ (১৯৪৮), ‘বালিচন্দা’ (১৯৫৯), ‘সান মিহলি’ (১৯৫৮), ‘কিউপিড আৰু চাইকী’ (১৯৫৯), ‘ৰঙা কৰবীৰ ফুল’ (১৯৫৯),‘কন্নকী’ (১৯৬০), ‘এই গীত’ (১৯৬১), ‘অসমীয়া সাহিত্য’ (১৯৬২), ‘সাহিত্য আৰু সাহিত্য’ (১৯৬২), ‘আঁচুফুল’ (১৯৬৪), ‘মন ময়ুৰী’ (১৯৬৫), ‘স্মৃতিৰ পাপৰি’ (১৯৭০) ইত্যাদি ।)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে