চ’ৰাঘৰ / প্ৰকৃতি / জুক’ ভেলী যাত্ৰা আৰু এটা ৰাতি ( পাৰ্থ প্ৰতিম কলিতা )

জুক’ ভেলী যাত্ৰা আৰু এটা ৰাতি ( পাৰ্থ প্ৰতিম কলিতা )

সপোনটোৰ আৰম্ভণি:

এটা সপোন আছিল (আছে)। এদিন বৰ্ণময় পখিলাৰ দৰে মই গৈ থাকিম¸ গৈয়ে থাকিম। চৌপাশে থাকিব সেউজীয়া আৰু সেউজীয়া । সিদিনা মোৰ কোনো বাধা নাথাকিব¸ মন গ’লে দৌৰিম¸ চিঞৰিম¸ গান গাম¸ কবিতা মাতিম¸ আসঃ। মোৰ মূৰৰ ওপৰত থাকিব এখন নীলিম আকাশ¸ শান্ত¸ সৌম্য। মেঘবোৰ দৌৰিব¸ মোক চুই যাব আৰু মই আলফুলে সাৱটি হম এক দুৰ্দান্ত ৰণুৱা ঘোঁৰা। এটা সপোন আছে¸ মইৰ মাজত লুকাই থকা মই হৈ এদিন ঢাপলি মেলিম দূৰলৈ¸ দূৰলৈ ¸ দূৰলৈ।

: ফটোখন ক’ৰ হয়? ইম্মান ভাল লাগিছে ! – বন্ধু হীৰকৰ হোৱাট্চএপৰ ষ্টেটাচত এখন সেউজীয়া ফটো দেখি সুধিলোঁ । সপোনৰ সৈতে সাদৃশ্য থকা এখন ফটো ।
: জুক’ ভেলী (Dzukou valley) । যাবা?
:কেতিয়া?
: ২৫ আগষ্ট৷
বছ¸ এয়াই আৰম্ভণি। প্ৰথম প্ৰেমৰ প্ৰেয়সীক প্ৰথমবাৰ দেখা পাব যোৱাৰ দৰে বুকুত অবুজ ধপধপনি। বুকুত বৈ থকা পুৰণি সপোন উলিয়াই চুই চাব পাৰিম জুক’ৰ সুবিশাল বৰ্ষাৰণ্য¸ উপভোগ কৰিম তাৰ ঐশ্বৰ্য অহংকাৰৰ সম্ৰাজ্য । জুক’লৈ যোৱাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ । অফিচত কৈ ৩ দিনৰ চুটি লৈ ল’লোঁ। প্ৰয়োজনীয় সকলো সামগ্ৰী কিনিলোঁ। এতিয়া অপেক্ষা ২৫ আগষ্টলৈ। জুক’ ভেলী ¸ আমি গৈ আছো।

জুক’ ভেলীলৈ বুলি…
২৫ আগষ্ট¸ নিশা ১১.৩৫ত ট্ৰেইন। যাত্ৰাৰ বাবে সকলোবোৰ সামগ্ৰী দিনতেই যোগাৰ কৰিলোঁ। ILP দিনতেই ৰুক্মিণীগাঁৱত থকা নাগালেণ্ড হাউচৰ পৰা সংগ্ৰহ কৰিলোঁ। একো যেন বাদ পৰি নাযায় তাৰ বাবে তালিকা বনাই আকৌ এবাৰ চালোঁ। সকলো ঠিকেই আছে।

আমাৰ ট্ৰেইন পল্টনবজাৰ ষ্টেচনৰপৰা। তাতেই আমি আটাইবোৰ লগ হ’ম। ভাড়াতীয়া টেক্সীত বিকাশ¸ মনোজ¸ তুল আৰু মই পল্টনবজাৰলৈ আহিলোঁ ।ইতিমধ্যে সকলোবোৰ ৰৈ আছিল । আমি মুঠতে ১৪ জন ( প্ৰথৱাস্থত ২১জন যোৱাৰ কথা আছিল যদিও আসুবিধাৰ বাবে ৭ জন যাব নোৱাৰিলে¸ আৰু ইয়াৰ দুজন ভেলী নাযায়¸ গতিকে পিছলৈ ১২ জন লিখিম )। গোটৰ সকলোৱেই সকলোকে চিনি নাপায়¸ আমি ট্ৰেইনতে চিনাকি হ’লো । সম্পৰ্কবোৰ হৃদয়তহে¸ মুখবোৰ অদেখা হ’লেনো কি হ’ব? সহজতে আপোন হ’লো আটাইবোৰ।

ট্ৰেইনত বিপ্লৱ দা¸ অপূৰ্বহঁতে সকলোকে টি-চাৰ্ট বিলাই দিলে। নৱ-হীৰকে সকলোকে আকৌ এবাৰ চিনাকী কৰাই দিলে। নিজৰ নিজৰ আসনত বহি সকলোৱে যাত্ৰা কৰিলো জুক’ ভেলীলৈ বুলি।

নগালেণ্ডৰ সুন্দৰী আৰক্ষীকেইজনী¸ অনাৰস বেচা মহিলা কেইজনী
ডিমাপুৰ ষ্টেচন পাওঁতে ৰাতিপুৱা ৪ বাজি ৪৫ মিনিটত পালোঁ । বাহিৰত বৰষুণ। ষ্টেচনৰ দোকানত সুধি গম পালো যোৱা দুদিনৰ পৰাই নেৰানেপেৰা বৰষুণ হৈ আছে । মনটোত অলপ দুখ লাগি গ’ল। বৰষুণ দিলে ঠায়ে ঠায়ে পাহাৰ খহি ৰাষ্টা বন্ধ হয় বুলি শুনিছো। একেদৰে জুক’ত যোৱা ৰাস্তাও তথৈবচ হয়। তাতে আৰু পাহাৰীয়া একাবেকা পথ। ডিমাপুৰ ষ্টেচনত মুখ-হাত ধুই আটায়ে চাহ খালোঁ। দুজনমানে গা ধুলে। বাহিৰত বৰষুণ হৈয়ে আছে। মেঘে ঢাকি থকা ডাৱৰীয়া আকাশ। ষ্টেচনত গুৱাহাটীৰ পৰা যোৱা অন্য ৫ জন ল’ৰা লগ পালোঁ। তেওঁলোকো জুক’ ভেলীলৈ যাব। উপযাচি তেওঁলোকৰ সৈতে চিনাকি হ’লোঁ। তেওঁলোক গুৱাহাটী মাউন্টেনিং ক্লাৱৰ পৰা গৈছে। ইয়াৰ আগতেও তেওঁলোকৰ দুজন জুক’লৈ আহিছিল। তেওঁলোকৰ অভিজ্ঞতাৰ দুই-এটা কথা ক’লে। ১০ মিনিটমান কথা হৈ জুক’ত লগ পোৱাৰ আশাৰে তেওঁলোকৰ পৰা বিদায় ল’লোঁ।

এতিয়া আমি ইয়াৰ পৰা ক‘হিমা যাম। ডিমাপুৰৰ পৰা কহিমাৰ দূৰত্ব ৭৫ কিঃমিঃ। ৰাস্তা ঘাটৰ অৱস্থা শোচনীয়া বাবে এই দূৰত্ব যাবলৈ তিনিঘন্টা লাগে। ষ্টেচনৰ বাহিৰতে টেক্সী আদি গাড়ী পোৱা যায়। আমি টেক্সী ল’বৰ বাবে ষ্টেচনৰ বাহিৰৰ টেক্সী ষ্টেণল্ডলৈ গলো। টেক্সী ষ্টেণ্ডত বহুতো দালাল থাকে। বহুতো টেক্সী ড্ৰাইভাৰে নাগামিজৰ বাহিৰে অন্য ভাষা নাজানে বাবে এই দালালবোৰে যাত্ৰী আৰু ড্ৰাইভাৰৰ মাজত মতবিনিময় কৰে। সম্ভৱ ইয়াৰ বাবে তেওঁলোকে কমিচন পায়। আমাৰ লগতো এনে হ’ল। কেইজনমান দালালে আমাক আগুৰি ধৰিলে ক’ত যাম¸ ক’লৈ যাম। আমাৰ গ্ৰুপটো ডাঙৰ হোৱা বাবে এখন গাড়ীতে যাব অসুবিধা। সকলো বন্দবস্ত কৰি দুখন Eco Sport ল’লো। এখনত সাতজনকৈ বহিব পাৰি। ভাড়া গাইপতি দুশ বিশ।

নগা পাহাৰৰ একা বেঁকা পথৰে আমাৰ গাড়ী আগবাঢ়িছে। বাহিৰত বৰষুণ একেই। গাড়ীৰ খিৰিকী খুলি দিলেই বৰষুণৰ পানী ভিতৰলৈ চিটিকি আহে। খিৰিকী খুলি চালেহে কিবা এটা ভাল লাগে। তিতিলেও তিতিম ভাৱি মাজে মাজে খিৰিকী খুলি দিওঁ । এচাতি ঠাণ্ডা বতাহ সোমাই আহিল। খিৰিকী বাহিৰলৈ চালো¸ নতুন ঠাইৰ নতুন পৰিবেশ।

ৰাস্তাৰ অৱস্থা একেবাৰে বেয়া। বৰষুণৰ বাবে ৰাস্তাৰ মাজতে পানী জমা হৈছে। ৰাস্তাৰ এঠাইত গাড়ী ৰখাই পুৰী খালো এটায়ে। আমি খাই থকাৰ মাজতে হোটেল খনলৈ দুজনী আৰক্ষী সোমাই আহিল। দুয়োৰে দেহত যৌৱনৰ ভৰপক সময়। এক কথাত অপূৰ্ব সুন্দৰী।

আকৌ যাত্ৰা। খিৰিকীৰে বাহিৰৰ সৌন্দৰ্য উপভোগ কৰি গৈ আছো। কোনো দুখন ঠাইৰ ভৌগোলিক পৰিবেশৰ তাৰতম্যই জীৱন নিৰ্বাহত বহুল প্ৰভাৱ পেলায়। সেই জৈৱবৈচিত্ৰৰ সন্ধানত ঢুকি পোৱা দূৰত্বলৈ দৃষ্টি এৰিছো। ক্ৰমান্বয়ে আমাৰ গাড়ী ওপৰলৈ গৈ আছে। ৰাস্তাৰ দাঁতিত নগা তিৰোতাই অস্থায়ী চাং সাজি আনাৰস বিক্ৰী কৰিছে। জনবসতি যথেষ্ট সেৰেঙা¸ চৌপাশে মাথোঁ পাহাৰ আৰু পাহাৰ। পাহাৰীয়া একা-বেঁকা পথৰে পাহাৰ¸ আকাশ আৰু মেঘৰ প্ৰাকৃতিক দৃশ্যই নান্দনিক ৰূপত ধৰা দিছে । আসঃ ইমান সুন্দৰ । এইবোৰ একো একোটা কবিতা¸ একোটা গান।

ৰাস্তাৰ এঠাইত ভূমিস্খলন হৈ বোকাৰ তৰপ পৰিছে । এজন Yamaha RX100 ৰাস্তাত ফঁচি আছে। তাৰ মাজৰে আমাৰ গাড়ী পাৰ হৈ গ’ল। ৰাস্তাৰ এফালে নাগা পাহাৰ¸ আনফালে কলকল শব্দৰে বৈ থকা কোনো এক অনামী নদী।

ক’হিমা পাওঁতে প্ৰায় ১২.৩০ হ’ল। ৰাস্তাত হোৱা ভূমিস্খলনৰ বাবে মূল পথ এৰি অন্য পথৰে আহিব লগা হোৱা বাবে তিনি ঘন্টাৰ ঠাইত ৫ ঘন্টাতকৈও অধিক সময় লাগিল। গাড়ীৰ পৰা নামি ভাড়া দিবৰ সময়তে কেনা লাগিল। আগতে বন্দোবস্ত কৰা মতে ২২০ টকা ল’বলৈ তেওঁৰ অমান্তি¸ অন্য পথৰে আহিব লগা হোৱা বাবে অতিৰিক্ত আশী টকাকৈ এজনৰ মুঠ তিনিশ টকাকৈ লাগে। তৰ্ক কৰি সময় নষ্ট কৰাতকৈ তেওঁক তিনিশ টকাকৈ দিলোঁ।

আমাৰ ১৪ জনীয়া গ্ৰুপ টোৰ দুজন ভেলীলৈ নাযায়¸ তেওঁলোকক ক‘হিমাতে এৰি আমি জুক‘লৈ যাব ওলালো।জুক’ত কোনো সামগ্ৰী কিনিব নাপায় বাবে ক‘হিমাতে কিনিলো। ক’হিমা নাগালেণ্ডৰ ৰাজধানী। ডিমাপুৰতকৈ ৰাস্তা তুলনামূলক ভাৱে যথেষ্ট ভাল যদিও উন্নত বুলিব নোৱাৰি। পাহাৰবোৰত ঘন জনবসতি।

ক‘হিমাৰ পৰা তিনিখন টেক্সী ভাড়াত লৈ আমি জুক‘লৈ ৰাওঁনা হ’লোঁ। এখনত ৪ জনকৈ যাব পাৰি। বিশ্বামা ভিলেজলৈ দূৰত্ব ২৫ কিঃমিঃ¸ ভাড়া ১৮০০ আৰু তাৰ পৰা অলপ দূৰৰ জুক’ পইন্টলৈ গ’লে ২০০০ । যিহেতু জুক’ পইন্টৰ পৰা ভেলীলৈ ১১+ কিঃমি খোজ কাঢ়িবই লাগিব¸ গতিকে অতিৰিক্তভাৱে ৭ কিঃমিঃ খোজ নাকাঢ়িবলৈ জুক’ পইন্টলৈ টেক্সী লৈ যোৱাটো ঠিক কৰিলোঁ । জুক’লৈ যোৱাৰ দুটা ৰাস্তা আছে। এটা জাখামা হৈ (Zakhama) আনটো বিশ্বামা ৰোড (Visweema) । আমি বিশ্বামা হৈ যাম । জাখামা হৈ কিছু দূৰত্ব কম যদিও এই পথ অতি থিয়¸ আৰু কষ্টসাধ্য। তুলনামূলকভাৱে সহজপথৰে যাবহে আমি প্ৰস্তুত।

কহিমাৰ পৰা অলপ গৈ ট্ৰেফিক জামত ফঁচিল। ৰাস্তাৰ এটা ফাল সম্পূৰ্ণ মুকলি যদিও কোনো এখন গাড়ীয়েও ট্ৰেফিক আইন উলংঘা কৰিব চেষ্টা নাই¸ আমাৰ মূলুকত হোৱা হ’লে…? কিছু সময় পিছত জাম মুকলি হ’ল । গাড়ীৰ ড্ৰাইভাৰজনে হিন্দী-ইংৰাজী মিশ্ৰিত ভাষাত নাগালেণ্ড আৰু জুক’ ভেলীৰ বিষয়ে সম্যক বিৱৰণ দি আছে। অচিনাকি ঠাই¸ চকুৰে নতুন নতুন পৰিৱেশ আৱিস্কাৰ কৰি গৈ আছো। খিৰিকীৰে দূৰৰ পাহাৰবোৰ দেখি। পাহাৰৰ মাজৰ অংশত মেঘবোৰে খেলি আছে। এক বৰ্ণনাতীত অতীৱ সুন্দৰ । প্ৰায় ২ঃ২০ মানত জুক’ পইন্ট পালোঁ। পিছদিনা দেওবাৰ¸ নাগালেণ্ড বন্ধ। গতিকে আজিয়েই কাইলৈৰ বাবে টেক্সী বন্দোবস্ত কৰিলোঁ। এতিয়া আমাৰ যাত্ৰা কৰিম জুক’লৈ¸ যি যাত্ৰাৰ বাবে বাটকুৰি বাই আহিছো।

জুক’ ভেলী বহু দূৰ¸ বেছকেম্প বহু দূৰ
আমাৰ ১২ জনীয়া দলটো লাহে লাহে আগবাঢ়িলোঁ। ক্ৰমান্বয়ে ওপৰলৈ যোৱা শিলাময় আকোৱা-পকোৱা পথ। এতিয়ালৈ আমাৰ মোবাইলৰ পৰা নেটৱৰ্ক বিচ্চিন্ন হোৱা নাই। হীৰকে ফেচবুকত লাইভ ভিডিঅ’ কৰি আছে¸ লাইভত ১২ টা যৌৱন প্ৰাণোঞ্চল হাঁহি। যোৱাৰ আগতে জুক’ ভেলীৰ বিষয়ে সাম্যক জ্ঞান লৈ গৈছিলোঁ যদিও ৰাস্তা-পথ কেনে হ’ব তাৰ সম্পূৰ্ণ ধাৰণা নাছিল । অলপ দূৰ খোজ কাঢ়ি গৈ আমি ৰৈ দিব লগা হ’ল। ভূমিস্খলনৰ ফলত ৰাস্তাৰ ওপৰত ৫-১০ ইঞ্চিমানৰ বোকাৰ তৰপ। ১৫ ফুটমানলৈ এনেকুৱা। ৰাস্তা পাৰ হ’বলৈ এয়া গচকিবই লাগিব। অন্যথা বিকল্প নাই। মোৰ আগত কেইজনমানে তেনেকৈয়ে পাৰ হৈ গ’ল । ইমানেই বোকা যে জোতা সম্পূৰ্ণকৈ বুৰ যায়। উপায় নাই বাবে জোতা সোলকাই হাতত লৈ পাৰ হ’লোঁ । কিন্তু এয়া কি ? মোৰ ভৰিত দেখোন এডাল জোক। আজিলৈ জোকে ধৰি পোৱা নাই¸ হাতৰ জোতা মাটিত দলিয়াই হাতৰে জোক এৰুৱালোঁ । মোৰ দৰে বেলেগ দুই এজনকো জোকে ধৰিছে । ৰাস্তাৰ আৰম্ভণিতে এনে¸ পিছলৈ বা আৰু কেনে?

পাহাৰৰ পৰা নামি অহা সৰু সৰু নিজৰাৰ পানী ৰাস্তাৰ মাজৰে বৈ গৈছে । তেনে এটা সুতিত হাত ভৰিৰ বোকা ধুলো। খালী ভৰিৰে অকনমানো যাব নোৱাৰি¸ জোঙাল শিলবোৰে বিন্ধে। ৰাস্তাৰ এফালে ওখ নগা পাহাৰ¸ আনফালে হেজাৰ ফুট দ’ ¸ দূৰৈত আকৌ পাহাৰ। মেঘবোৰ তলত¸ আমি মেঘৰ ওপৰৰে গৈ আছো। যেন কোনো স্বপ্নৰ দেহলৈ যোৱা আমি স্বপ্নাতুৰ। মাজত ৰৈ ৰৈ ফটো উঠিলো¸ এইবোৰ স্মৃতি¸ লগতো ৰেষ্ট লোৱাও হয়। প্ৰায় দুঘন্টা খোজ কঢ়াৰ পিছত অস্থায়ী ৰেষ্ট কেম্প এটা পালোঁ । এই কেম্পবোৰ কোনোবাই ব্যক্তিগত সাজি উলিয়াইছে। ইচ্ছা কৰিলে ইয়াত ৰাতি থাকিবও পাৰি¸ তাত কিছু সময় ৰেষ্ট লৈ আমি পুনৰ ভেলীলৈ বুলি খোজ পেলালোঁ। ইতিমধ্যে আমাৰ গ্ৰুপৰ দুজন আমাৰ বহু আগত গৈছিল। আমি লাহে লাহে গৈ থাকিলোঁ। আমাৰ লগে লগে ভেলীলৈ যোৱা আৰু তাৰ পৰা নামি অহা বহুতো দল আমাৰ চকুত পৰিছিল । তেওঁলোকক সুধি জানিলোঁ যে ভেলীলৈ আৰু প্ৰায় ৫-৬ ঘন্টাৰ বাট। কিছুসময় খোজ কঢ়াৰ পিছত এটা ডাঙৰ নিজৰা পালোঁ। পাহাৰৰ পৰা নামি অহা পানীৰ শব্দই পৰিবেশতো অধিক নৈসৰ্গিক কৰি তুলিছে। চৌপাশৰ সৌন্দৰ্যই আমাৰ ভাগৰ বহু পৰিমানে কমাই ৰাখিছে । এতিয়া পাহাৰৰ মাজৰে এটা ঠেক আৰু থিয় খটখটিৰে আমি যাব লাগিব। আমাৰ দলৰ পিছ পৰা দুজন সদস্য আহি একেলগ হ’ল । আমি একেলগে খটখটিৰে যাত্ৰা কৰিলো। পথটো থিয় বাবে অলপ গৈয়ে ভাগৰ লাগিল। অলপ গৈ ৰওঁ¸ আকৌ যাওঁ। ইতিমধ্যে নগাপাহাৰত সন্ধ্যা নামিছে । পাহাৰৰ ওখ ওখ গছ আৰু জংঘলৰ বাহিৰে দেখিবলৈ একো নাই। এঘন্টামান এনেকৈ যোৱাৰ পিছত আটাইবোৰ ভাগৰত লেবেজান আৰু কিমান দূৰ?? এই ধাৰণা এজনৰো নাই¸ ইমান দূৰ্গম আৰু ইমান সময় খোজ কৰাৰ অভ্যাসো নাই। টৰ্চ¸ মোবাইল ফোনৰ পোহৰত সাৱধানে খুপি খুপি গৈ থাকিলোঁ । অলপ সমতল ঠাই পাই তাত ৰখিলো । সম্ভৱ খটখটি শেষ । আমাৰ পিছে আৰু এটা গ্ৰুপ আহি আমাৰ লগ লাগিল । অচিনাকি পৰিবেশ আৰু এনে দূৰ্গম ঠাইত ধনতকৈ জনৰ হে বেছি প্ৰয়োজন । তাতো গ্ৰুপটো অসমৰ । ভাল লাগিল । অলপ সময় তাত ৰেষ্ট লৈ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। কিন্তু ই কি¸ পুনৰ খটখটি । “জুক’লৈ যে কিয় আহিছিলো¸ জীৱনৰ এটা চৰম ভুল সিদ্ধান্ত এয়া । এটায়ৰে মুখত এয়া স্বগতোক্তি ।” জুক’ ভেলী দেখাতকৈ যেন ঘৰলৈ ওলটাতোহে যেন অধিক প্ৰাসংগিক হৈ পৰিছে। কি কম! ইমান দূৰ্গম আৰু কষ্টকৰ বুলি অলপো ধাৰণা নাছিল । ভেলীৰ অপৰূপ সৌন্দৰ্যৰ কথা মনত পেলাই মনত সাহস গোটাই লওঁ যদিও আগৰ ভয়ানক ষ্টেপবোৰে সাহসবোৰ সেমেকাই তোলে। এনেদৰে খোজ কাঢ়ি¸ খটখটি বগাই প্ৰায় ৭ বাজি ১৫ মিনিটত জুক’ ৰেষ্ট কেম্প পালোঁ । ৰেষ্ট কেম্প মানে ইয়াত মাথোঁ বহিহে ৰেষ্ট ল’ব পাৰি। আমাৰ ৰাষ্টাৰ কাষত থকা জিৰণি চ’ৰাবোৰ যেনে¸ ঠিক তেনে এটা ঘৰ । আমি এটাইবোৰ তাত বহিলো। ভাগৰত গোটেইকেইটা লেবেজান। ইতিমধ্যে বৰষুণ কমিছিল। মেঘবোৰ নগাপাহাৰৰ বুকুলৈ নামি আহিছিল। এচাটি শীতল বতাহ বৈ আছে। ইয়াৰ পৰা জুক’ ভেলীৰ বেছ কেম্প আৰু তিনি ঘন্টাৰ বাট । নিশাতো তাতেই থাকিম । ইতিমধ্যে ৰেষ্টকেম্পৰ এটা গ্ৰুপ আগৰে পৰা ৰেষ্ট লৈ আছিল । তেওঁলোকৰ দুজন আগতেও ইয়ালৈ আহিছে। এতিয়া মুঠতে আমি তিনিটা গ্ৰুপ একেলগ হ’লোঁ¸ ২০জনতকৈও অধিক মানুহ । নিশা গভীৰ আৰু বতৰটো ডাৱৰীয়া বাবে ৰেষ্ট কেম্পটোতে ৰাতি কটাবৰ দুজনমানে প্ৰস্তাৱ দিলে। নিশা যিমানেই গভীৰ¸ শীত সিমানেই নীমে¸ আৰু ইমান ঠাণ্ডা মোকাবিলা কৰিবলৈ কোনো প্ৰস্তুত হৈ যোৱা নাছিলো বাবে বেছকেম্পলৈ যোৱাটো ঠিক কৰিলোঁ ।

আগতে ভেলীলৈ এবাৰ অহা অন্য গ্ৰুপৰ ল’ৰা কেইজনে সমস্ত গ্ৰুপৰ নেতৃত্ব ল’লে। আমি তেওঁলোকক অনুসৰণ কৰিলোঁ। ১০ মিনিট মান খোজ কাঢ়িয়েই তেওঁলোক ৰৈ দিলে¸ আমিও ৰলোঁ। সম্মূখত কোনো পথ নাই। ভূমিস্খলনে ৰাস্তাৰ চিন-মোকাম নোহোৱা কৰিছে । এতিয়া কি হ’ব ?? আটায়ৰে ভাগৰত জৰ্জৰিত দেহ আৰু মনত এক অবুজ সংশয় । আগলৈ কি হয়¸ ৰাস্তা কেনে কাৰো ধাৰণা নাই। সাহস মাথো এটাই যে আমি অকলে নাই । ইতিমধ্যে সমস্ত গ্ৰুপৰ নেতৃত্ব দিয়া ল’ৰা দুজনৰ পাহাৰৰ পৰা তললৈ নামি যেৱা লুংলুঙীয়া বাট এটাৰে নামি গ’ল । (সেইটো পথ হয়নে নহয়¸ তেওঁলোকো নিশ্চিত নহয়¸ সেইটোৰে যাব পাৰি নেকি চাৱলৈহে নামি গৈছিল )। আমাৰ গ্ৰুপৰ দুজনমানে আপত্তি কৰিলে¸ তাতকৈ ৰেষ্ট কেম্পতে ৰাতিটো কটাই দিওঁ । ঠাণ্ডা লাগিলে জুই ধৰিম । অলপ পোহৰ হ’লে ঘৰমূখী যাত্ৰা কৰিম¸ ভেলী বাই বাই আৰু। সকলোৰে মনত ভেলী চোৱাৰ উৎসাহবোৰ নিৰ্বাপিত হৈ গৈছে । ইয়াত অহাতো যেন বহুত ডাঙৰ ভুল সিদ্ধান্ত হৈছে সেয়া ক্ৰমশঃ দৃঢ় হৈ থাকিল । যি হয় হ’ব ভাৱি ৰেষ্ট কেম্পত নাথাকো কৈ আগলৈ গৈ থাকিলো । ৰাস্তা অতিশয় বেয়া¸ কেইটামান ষ্টেপ পাৰ হ’বলৈ প্ৰায় শুৱাৰ নিচিনাকৈহে পাৰ হ’ব লাগে। এনেদৰে অলপ সময় গৈ পাহাৰৰ লুংলুঙীয়া সমতল বাট এটাত আমি উঠিলো । ইয়াৰ পৰা আগলৈ আৰু এনেকুৱাই । আগৰ কোনোবা এজনে চিঞৰি ক’লে । যাহওঁক পাহাৰ ওখোৰা মোখেৰা বাটতকৈ এয়া কিছু সুবিধাজনক । পিঠিত ১২-১৫ কিঃগ্ৰা ওজনৰ বেগ আৰু প্ৰতিজনে হাতত টৰ্চ লৈ সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৮০০০ ফুট ওপৰৰ লুংলুঙীয়া বাটৰে গৈ থাকিলো । দিনৰ ভাগত বৰষুণ হোৱা বাবে ৰাস্তাত বোকা আৰু ঠায়ে ঠায়ে পিছল । ৰাস্তাৰ বহল মাত্ৰা ১-২ ফুট । মাজে মাজে ইমান ঠেক যে একেলগে দুখন ভৰিও দিব নোৱাৰি । মৰনত শৰণ দি লাহে লাহে গৈ থাকিলো । বতাহৰ হো-হোৱনি¸ তলৰ নিজৰাৰ শব্দ আৰু ভৰিৰ খোজৰ শব্দই এক অদ্ভূত ৰূপ লৈছে । ভাগৰৰ সমান্তৰালকৈ ভৰিৰ গাঠিত অলপ অলপ বিষ অনুভৱ হৈছে । মাজে অলপ ৰৈ ৰেষ্ট লওঁ । আসঃ কি কষ্টকৰ যাত্ৰা।

ইতিমধ্যে আমাৰ গ্ৰুপটো বহু কেইটা সৰু গ্ৰুপত ভাগ গ’লো। কেনেকৈ গোটৰ পৰা বিচ্চিন্ন হ’লো নাজানো¸ হয়তো ৰেষ্ট লোৱা সময়খিনিত বহুত আগবাঢ়ি গ’ল। এতিয়া আমাৰ গ্ৰুপত বাকী ৰ’লো মাত্ৰা ৫ জন । চিনু আগত¸ বিকাশ¸ মই¸ অজিত আৰু নৱ । পাহাৰৰ তলৰ পৰা পানীৰ শব্দ আৰু আমাৰ ভৰিৰ খপ-জপ শব্দৰ বাদে শুণিব একো নাই। আন্ধাৰত অন্ধ হৈ শুই পৰিছে নগা পাহাৰ¸ তৃণজাতীয় ঘাঁহৰ পাহাৰ যদিও মাজে মাজে থকা ওখ গছবোৰে দৈত্যৰ দৰে আমাক চাই আছে¸ যেন পৰিহাস কৰিছে। এনেকৈ প্ৰায় দুঘন্টা মান খোজ কাঢ়িলো¸ বেছকেম্প পোৱাৰ কোনো নাম গোন্ধে নাই। আৰু কিমান দূৰ ? এক অজান সংশয় আৰু অনিশ্চয়তাত ভাগৰবোৰ অধিক হৈছে। আমাৰ গোটৰ আগত যোৱাকেইজনক নাম কাঢ়ি চিঞৰো¸ তেওঁলোকে কিজানি পালেই। আটাইবোৰ একেলগে থাকিলে সাহস অকন বাঢ়ে। তেওঁলোকে শুনিলে চিঞৰে আহি থাক¸ এটাই ৰাস্তা। নুশুনিলে আমি তিনি বেতাৰীৰ ডাঙৰ টৰ্চটোৰে আকাশত পোহৰ পেলাই সংকেত দিওঁ “ আমি এই পিনে¸ তহত ক’ত” ? । তেওঁলোকেও অনুৰূপ ধৰণে সংকেত দিয়ে “আমি ইয়াত”। এনেদৰে কিমানবাৰ সংকেতৰ আদান প্ৰদান কৰিছো হিচাপ নাই। পাহাৰৰ দূৰৈত এটা অনুজ্জ্বল পোহৰ দেখিছো¸ সম্ভৱ এইটোৱেই বেছকেম্প। হেৰাবলৈ ধৰা উৎসাহ খিনিক পুনৰ ধৰি নতুন উদ্যামৰে খোজ দিছো। কিন্তু নগা পাহাৰৰ কি পৰিহাস¸ ক্ৰমান্বয়ে বেছকেম্পৰ ওচৰ ওচৰ পাওঁ হ’লেই বেছকেম্পটো আকৌ নোহোৱা হৈ যায়¸ অলপ সময় পিছত দূৰত ধৰা দিয়ে। ভাগৰ আৰু যন্ত্ৰণাত একেবাৰে লেবেজান হৈ পৰিছো¸ অলপ মুকলি ঠাই পালে তাতেই থাকিম ৰাতিটো। বেছকেম্প বিচাৰি উলিয়াব নোৱাৰিম আৰু¸ হয়তো আমি পথ ভুলি কৰিলো। এতিয় আমি গ্ৰুপৰ বাকী সদস্যক লগ পালেই হ’ল যেনিবা। বাকী সদস্যৰ নাম লৈ আকৌ চিঞৰো¸ নাই নুশুনে¸ পাহাৰত টৰ্চৰে সংকেত দিওঁ¸ নাই নেদেখে। ভয়টোৱে লাহে লাহে খং হৈ পৰিছে¸ তেওঁলোকে আমাক এৰি আগুৱাই যাব লাগে কিয়? পাহাৰীয়া পিছল ঠেক পথৰে আমি খুপি খুপি আগবাঢ়িছো। পথৰ মাজে মাজে পাহাৰৰ পৰা নামি অহা পানীয়ে পথটো বিচ্ছিন্ন কৰিছে । অতি সাৱধানে সেয়া পাৰ হ’ব লাগে¸ অন্যথা কিমান হাজাৰ ফুট তলত বাগৰি পৰিম ঠিক নাই। মোৰ পিছত থকা অজিতৰ জোতাযোৰ এনে পথৰ বাবে সুবিধাজনক নহয় ¸ বাৰে বাৰে পিছল খায়। ভাগৰ আৰু সংশয়ৰে লাহে লাহে গৈ আছো আটাইকেইজন। প্ৰতিটো খোজ সাৱধানে দিবৰ বাবে আগৰ জনে পিছৰ জনক সাৱধান কৰি দি গৈছে¸ ‘লাহে লাহে¸ আগত শিল আছে’ এইখিনি বহুত পিছল¸ শিল আছে’। জংঘলত ৰাতি খোজ কঢ়াত এটা অদ্ভূত আৰু আচহুৱা অভিজ্ঞতা হ’ল টৰ্চৰ পোহৰত সম্মুখৰ মানুহজনক ১০-১২ ফুট ওখ প্ৰকাণ্ড অৱয়বৰ যেন দেখি¸ টৰ্চ বন্ধ কৰিলে আকৌ স্বাভাৱিক হৈ যায়। এক ৰোমাঞ্চকৰ ¸ শ্বাসৰুদ্ধকৰ পৰিস্থিতি। আৰু কিমান দূৰ? গ্ৰুপৰ অন্য সদস্যক নাম কাঢ়ি আকৌ চিঞৰিলোঁ ¸ “এটাই ৰোড¸ আহি থাক ”। অলপ সময় গৈ থকাৰ পিছত পালো জুক‘ ভেলীৰ বেছকেম্প। তেতিয়া নিশাৰ ১১বাজি ১০ মিনিট। সঁচাকৈয়ে জুক‘ভেলী বহু দূৰ¸ বেছকেম্প বহু দূৰ।

Dzukou valley: Paradise on Earth
ৰাতিপুৱা ৪ বজা মানতেই সাৰ পালোঁ । ভৰিত তীব্ৰ এটা বিষ অনুভৱ কৰিছো । অলপ সময় এনেই শুই থাকি লাহে লাহে উঠিলোঁ। আমাৰ গ্ৰুপৰ এজনো উঠাই নাই । বেছকেম্পত প্ৰায় ৩০ জন মান ল’ৰা। কেইজনীমান ছোৱালীও আছে। ভৰিৰ বিষৰ বাবে ভালকৈ খোজ পেলাব পৰা নাই¸ লগৰ এজনৰ পৰা খুজি volini স্প্ৰে কৰিলোঁ। লাহে লাহে বেছকেম্পৰ পৰা বাহিৰলৈ ওলাই আহি অবাক হৈ পৰিলোঁ। আসঃ কি মনোৰম প্ৰাকৃতিক সৌন্দৰ্য। চৌপাশে মাথোঁ সেউজীয়া আৰু সেউজীয়া। নিশা এন্ধাৰৰ বাবে একো দেখা পোৱা নাছিলোঁ । মুখ-হাত ধুই বন্ধু কেইজনৰ সৈতে অলপ আগুৱাই গ’লোঁ । ইয়াৰ পৰা ভেলীলৈ আৰু এঘন্টাতকৈও বেছি সময় খোজ কাঢ়িব লাগে । ইমান যাবলৈ আমাৰ সময় নহ’ব ¸ যিহেতু আজিয়েই ঘৰলৈ উভটিম লগতে শকতিও নাই। এনেই অলপ আগুৱাই গ’লোঁ ¸ ফটো উঠিলোঁ । সেউজীয়াৰ মাজত এৰি দিলোঁ নিজক¸ দূৰ দূৰলৈ কেৱল সেউজীয়া¸ সেউজীয়া আৰু সেউজীয়া। সেউজীয়াৰ মাজে মাজে পাতবিহীন বনজুইত পোৰা গছ। শব্দৰে বৰ্ণনা কৰিব নোৱাৰা জুক‘ ভেলীৰ পৰিৱেশ।

জুক’ ভেলী – সঁচাকৈয়ে স্বৰ্গভূমি ।
আমি প্ৰায় ৯.৩০ বজাত ভেলী বেছকেম্পৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ । ভেলীত উঠাতকৈ নামি অহাতো তুলনামূলক ভাৱে বহুত কম কষ্টকৰ । মোৰ ভৰিত বিষ হোৱা বাবে খটখটিত কিছু কষ্ট হৈছিল¸ সেয়া অন্য কথা । আমি প্ৰায় ৪ বাজি ৪০ মিনিটত নামনি আহি পালোঁ । এতিয়া আমি ডিমাপুৰলৈ যাম¸ তাৰ পৰা ট্ৰেইনৰে গুৱাহাটী।

বিদায় নাগালেণ্ড¸ বিদায় জুক’ ভেলী ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে