দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / শিল্প / জুৰি সন্দিকৈ গগৈৰ শিল্পকৰ্ম

জুৰি সন্দিকৈ গগৈৰ শিল্পকৰ্ম

আধুনিক অসমীয়া চিত্ৰকলা জগতত জুৰি সন্দিকৈ গগৈ এটি সম্ভাৱনাপূৰ্ণ নাম৷ বৰ্তমান সময়ত চিত্ৰকলাই হৈছে এক কলা,যাৰ সমাদৰ সৰ্বাত্মক তথা ক্ৰমবৰ্ধমান৷ এই ক্ৰমবৰ্ধমান কলাক উচ্চ পৰ্যায়লৈ লৈ যাবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা নৱীন চিত্ৰশিল্পী জুৰি গগৈ সন্দিকৈয়ে কম সময়ৰ ব্যৱধানত ,এক্ৰাইলিক, তৈলআৰু ছাৰক’ল ব্যৱহাৰ কৰি বিভিন্ন বিষয়ৰ চিত্ৰ অংকনেৰে চিত্ৰামোদীৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে  তেওঁঁৰ চিত্ৰত প্ৰকৃতি,নাৰী মুক্তি তথা সংগ্ৰামী সত্তা লক্ষ্য কৰিব পাৰি৷ মূলতঃ প্ৰকৃতি আৰু মানুহেই তেওঁৰ ছবি অঁকাৰ মূল প্ৰেৰণা৷

শিল্পী গৰাকী কবি হিচাপেও বিভিন্ন মঞ্চত চিনাকী৷ ‘জোনাক’ তেওঁৰ ‘বৌদ্ধিক বিচাৰ’ত প্ৰকাশিত প্ৰথম কবিতা৷ তেওঁৰ ‘জোনাকৰ কথকতা’ নামৰ এখন কবিতা পুথি অলপতে প্ৰকাশ পাব৷ শিৱসাগৰ কলেজৰ পৰা স্নাতক ডিগ্ৰীধাৰী কবি এগৰাকী সংগীত শিল্পী৷ তেওঁ সেই কলেজৰে সেই সময়ৰ শ্ৰেষ্ঠ গায়িকা আছিল৷ এতিয়াও সময় সাপেক্ষে বিভিন্ন মঞ্চত গীত পৰিবেশন কৰি আহিছে৷

ছবিসমূহ ডাঙৰকৈ চাবলৈ তলৰ গেলেৰীত ক্লিক কৰক…

This slideshow requires JavaScript.

 

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে