দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / জোনাক ( জুৰি সন্দিকৈ গগৈ)

জোনাক ( জুৰি সন্দিকৈ গগৈ)

হাউলি পৰা
জোনাকৰ কঠিয়াতলীত
মোৰেই ভাগৰুৱা পঁজা

হেঁপাহৰ নদীৰ পাৰৰ
হালধীয়াজোপাত মোৰেই নিনাদ
বিষাদৰ

দীঘ-বাণী একাকাৰ কৰি বোৱা
এৰী চাদৰৰ ভাঁজে ভাঁজে
আইৰ আশাহত স্মৃতি
আঘোণৰ পথাৰৰ
ডাঙৰিৰ চেৱে চেৱে
ককাইৰ ভাৰ ব’ব নোৱাৰা
ঘৰৰ বোজা

আদৰৰ বাইৰ স”তে
নদী পথাৰ একাকাৰ কৰা
স্মৃতিৰে মেৰিয়াই লোৱা
ৰিহা

পথৰুৱা আলিবাটৰ
কাষে কাষে
আড্ডা মৰা
ফুটুকানিৰ বিদ্ৰুপৰ হাঁহি

নিয়ৰ সিক্ত হাঁহিৰ
ভাঁজে ভাঁজে
জোনাকৰ চোতালত
গা ধোৱাৰ অলীক আশা

সন্ধ্যা ঘৰমুৱা পখীৰ
ৰেৱাজতো
ভাৰ ব’ব নোৱাৰা
গধূৰ হুমুনিয়াহ

দুপৰীয়াটোৰ
ৰু ৰু নীৰবতাতো
জিলিৰ হিয়াভঙা
কৰুণ মাত

তথাপি জোনাকৰ
আশাত বন্দী
হাজাৰ জোনাকী
হাজাৰ তৰা৷

(সংলগ্ন পেইন্টিং কবিৰ নিজা)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে