দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / শিল্প / জ্ঞানেন্দ্ৰ বৰকাকতীৰ ‘মতা কুকুৰাৰ ডাক’ ( ত্ৰিদিৱ দত্ত )

জ্ঞানেন্দ্ৰ বৰকাকতীৰ ‘মতা কুকুৰাৰ ডাক’ ( ত্ৰিদিৱ দত্ত )

ডিঙি ফুলাই কুকৰাটোৱে ভৰ দুপৰীয়া ডাক দিছিল,
অদ্ভূত এক অট্টহাস্যত নীৰৱতা ভাঙিছিল
ক্ষত বিক্ষত শৰীৰ,
বিদীৰ্ণ হিয়া।
তথাপি সুগভীৰ আত্মবিশ্বাসত
থিয় হৈ আছে তাৰ প্ৰতিবাদী সত্তা।
জগাই দিয়া জগাই দিয়া।
ডাক দিয়া ডাক দিয়া।

এটা কাঠত কটা ভাস্কৰ্যৰ কথা আছিল সেয়া, শিল্পীৰ অন্তৰত জ্বলি থকা একুৰা জুইৰ পৰা উফৰি অহা এটা যেন ফিৰিঙতি। ‘আনটাইল্ড’ শীৰ্ষক এই ভাস্কৰ্যটোৰ সংৰচনা নিটোল নিষ্পাদন। ৰূপাৰোপিত গঠনত খোলনীৰ ব্যৱহাৰ, ৰৈক্ষিক চয়নে অধিক ব্যঞ্জনাময় কৰি তুলিছে আৰু ভাৱগত দিশটোক অধিক প্ৰকট কৰিছে। কাঠৰ কঠিনতাক ৰূপগত কঠিনতালৈ লৈ যোৱাত শিল্পীৰ নিৰ্বিবোধ অন্যতম লক্ষণীয় দিশ।

সুপ্ত- অতৃপ্ত-কঠিন ভাস্কৰ্য আৰু তাৰ ভাষাত আছে এক প্ৰতিবাদী সত্তা। শিল্পীয়ে কঢ়িয়াই লৈ ফুৰা অনন্ত, বিস্তীৰ্ণ বিদ্ৰোহৰ স্ফূলিংগ। বিমূৰ্ত এটি কুকুৰাৰ উদ্দাত্ত আহ্বানৰ যোগেৰে শিল্পীয়ে প্ৰতীকী ৰূপত এক বিদ্ৰোহৰ যেন আহ্বান কৰিছে। অৱশ্যে শিল্পীৰ পৰিপাটি জীৱন শৈলীত অথবা ভাৱলেশহীন গম্ভীৰতাত এয়া সহজে ধৰা নপৰে। তেখেতৰ সংস্পৰ্শত আমি সেই উত্তাপ অনুভৱ কৰিছিলো, শিল্পীৰ আড্ডাত যিজনৰ খুহুটিয়া অথচ গভীৰ তাৎপৰ্যপূৰ্ণ বক্তব্যই আমাক আকৃষ্ট কৰিছিল, সেইজনেই শিল্পী জ্ঞানেন্দ্ৰ বৰকাকতী। বিশ্ব ভাৰতীৰ কলাভৱন শান্তিনিকেতনৰ পৰা কলাৰ ডিপ্ল’মা গ্ৰহণ কৰাৰ পিছত তেখেতে ৰাষ্ট্ৰীয় আধুনিক কলা সংগ্ৰহালয়ত মিউজিঅল’জি বিষয়ত সুখ্যাতিৰে উৰ্ত্তীণ হৈ অসমলৈ ঘূৰি আহি ৰাজ্যিক কলা বীথিকাত যোগদান কৰে। ৰাজ্যিক কলা বীথিকাটো যিমানদূৰ সম্ভৱ আগবঢ়াই লৈ যোৱাত তেখেতে যথাসাধ্য চেষ্টা কৰিছিল। এক পৰিচ্ছন্ন ব্যক্তিত্বৰ জ্ঞানদাক আমি যেতিয়াৰ পৰা লগ পাইছো তেতিয়াৰ পৰাই তেখেতৰ শিল্পীসুলভ আদৰত আমি ধন্য হৈছো।

তেখেতৰ সীমিত সংখ্যক শিল্পকৰ্মহে আমি প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিলো আৰু ব্যক্তিগতভাৱে আমাক তেখেতৰ ভাস্কৰ্যইহে আকৃষ্ট কৰি আহিছে। আমি কলাৰ সমালোচক নহয় যদিও আলোচক বা ৰসগ্ৰাহী হিচাপে ক’ব পাৰোঁ অতি সম্প্ৰতি তেখেতে মনোনিৱেশ কৰা ভাস্কৰ্য কৰ্মই নিসন্দেহে আমাৰ দৰে বহুতক আকৃষ্ট কৰিব আৰু তেখেতৰ শিল্পকৰ্মৰ ওপৰত এক নান্দনিক তথা তাত্ত্বিক আলোচনা হোৱাৰ নিশ্চয়কৈ থল আছে বুলি আমি অনুভৱ কৰোঁ।

এসময়ত ৰাজ্যিক কলা-বীথিকাত ঘণ্টাৰ পাছত ঘণ্টা আমি আড্ডা মাৰিছিলো, সেই আড্ডাত কলাৰ উপৰি বিভিন্ন বিষয়ত আলোচনা হৈছিল। আমি সেই আড্ডাৰ সম্ভৱতঃ আটাইতকৈ কণিষ্ঠ সহযোগী আছিলো যদিও সকলো কথাতে ভাগ লোৱাৰ সুবিধা পাইছিলো আৰু উপকৃত হৈছিলো। আমি লক্ষ্য কৰিছিলো তেখেতৰ এক স্পষ্ট ৰাজনৈতিক আদৰ্শ আছিল আৰু সেই ধাৰাতে তেখেতৰ বক্তব্য আগবঢ়াইছিল। তেখেত আছিল কলা বীথিকাৰ প্ৰদৰ্শনী বিষয়া আৰু স্বৰ্গীয় প্ৰণৱেন্দু বিকাশ ধৰ আছিল সহযোগী বিষয়া। তেতিয়া কলা বীথিকাতোা সাহিত্যসভাৰ ভগৱতী প্ৰসাদ ভৱনত ভাড়াত আছিল। আমি সেই সময়ত এটা স্থায়ী কলা-বীথিকাৰ বাবে আন্দোলন কৰিছিলো আৰু বহু সময়ত তেখেতসকলৰ লগত তৰ্ক বিতৰ্ক কৰিছিলো যদিও তেখেতসকলে আমাক যথেষ্ট উৎসাহ দিছিল আৰু সহায়ো কৰিছিল। তেখেতসকলৰ স্নেহ আৰু আদৰ আমাৰ জীৱনৰ অন্যতম প্ৰাপ্তি। তেখেতলৈ আন্তৰিক শ্ৰদ্ধা যাঁচি অনাগত দিনত তেখেতৰ পৰা অধিল মনোগ্ৰাহী তথা ৰসোত্তীৰ্ণ শিল্পকৰ্ম চাবলৈ পাম বুলি আশা কৰিলোঁ।

3 মন্তব্য

  1. উল্লেখিত মোৰ ভাস্কৰ্যটিৰ টাইতেল (Title ) হ’ল ” হাৰবিঞ্জাৰ ( Herbinger ) আৰু মাধ্যম কাঠ বা wood নহয় , এলুমিনিয়াম (Aluminium ) হে ।

  2. You should read as HARBINGER instead of herbinger.

  3. I think, that you are not right. I am assured. I can defend the position. Write to me in PM, we will communicate.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে