চ’ৰাঘৰ / ৰসবিতান / কাহিনী এটা শুন ধনপোনা… ( নীলোৎপল বৰুৱা )

কাহিনী এটা শুন ধনপোনা… ( নীলোৎপল বৰুৱা )

..ভোট জলকীয়া গছ কেইজোপাৰ ফালে ধনুখন ভিৰাই ৰৈ আছে দুলেন হাজৰিকা! কানিমুনি সন্ধ্যা। অলপ পাছতে চোৰে চৰ মাৰিলেও নেদেখা আন্ধাৰ হ’ব। এইখিনিয়েই সময়। ধনুখনৰ গুণ ডাল আৰু অলপ জোৰে টানি হাজৰিকা পোন হৈ ৰৈ থাকিল।
জলকীয়াৰ জুইছাই দাম বজাৰত। জলকীয়াৰ দামত ভকুৱা মাছ কিনিব পাৰি। সেনেহেন সময়ত হাজৰিকাৰ ভোট জলকীয়া কেইজোপা লমালমে লাগিছে। যি মকমকীয়া গোন্ধ। মোক খা মোক খা। এচিকুট ভাঙি ল’লে এথাল ভাত গিলি পেলাব পাৰি। হাজৰিকাক আকৌ দিনটোত এটা জলকীয়া লাগেই।ঔটৈঙা দিয়া মাটিমাহৰ দাইল কনত এটা ভোহাৰি ল’ব পাৰিলে, দৈৱাসন তল গ’লেও ভাতৰ পাতৰ পৰা কোনো নুঠে।

জলকীয়া কেইজোপা বৰ আপডালেৰে ৰাখে হাজৰিকাই। সেইমতে ফলো লাগিছে।
.
আজি কেইদিন মানৰ পৰা হাজৰিকাই লক্ষ্য কৰিছে, গছত জলকীয়া কমি গৈছে। আবেলি দেখি যোৱা টিক্-টিকিয়া ৰঙা জলকীয়া কেইটা পুৱালৈ হৰণলুকী। আও কথাটো কি? হাজৰিকাৰ মেথাটো গৰম হৈ গ’ল। খাটাং চোৰ।

হঠাৎ হাজৰিকাৰ সন্দেহ নিৰ্মল শ‌ইকীয়াৰ ওপৰত পৰিল। হ‌ওঁতে শ‌ইকীয়া হাজৰিকাৰ হৰিভকত। একেবাৰে ঘট ধৰা সখি।হ’লেও, জলকীয়া বিষয়ত এইবিলাক সখামি নচলে। যি দাম।

তাতে সেইদিনা সেইফালে যাওঁতে হাজৰিকাৰ সন্দেহ বাঢ়ি গ’ল। হৰিভকত যোৱা দেখি সখিয়নীয়ে কাঁহৰ হাতীখুজীয়া বাতিত এবাতি তিওৱা কোমল চাউল উলিয়াই দিলে। কেচা বুটমাহ, নাৰিকলৰ টুকুৰা, আদাৰ টুকুৰা..আৰে…এয়া কি..। হাজৰিকাৰ মেথাটো গৰম হৈ গ’ল। নিৰ্ঘাট নিজৰ ঘৰৰ ভোট জলকীয়া। গোন্ধতে চিনি পাইছে হাজৰিকাই। মিঠাতেল দুটোপা দি সনা কোমলচাউল কেইটাও তৃপ্তিৰে খাব নোৱাৰিলে হাজৰিকাই।
.
হৰিভকত হ’লেও শ‌ইকীয়াৰ কিছুমান কথা ভাল নেপাই হাজৰিকাই। মানুহটোৰ লোভটো বেছি। হাতখনো বৰ ঠিক নহয়। তাতে হাজৰিকা ঘৰত নথকাৰ সময়ত আহি ঘৈণীয়েকৰ সৈতে চেলবেলাই থকাটো সহ্য নহয়। আৰু এই নটেশ্বৰীও হ’বলা কম, সখীৰাম বুলিলে যেন গাতে উঠি দিব। বোধকৰোঁ, সন্ধ্যা হৰিভকতক মাতষাৰ লগোৱাৰ চলেৰে জলকীয়া কেইটাও সৰকাই নিয়ে আন্ধাৰে আন্ধাৰে। হাজৰিকাই হেস্ত-নেস্ত কৰি পেলালে, হয় গুৱাহাটী, নহয় ৰ‌ঙামাটি। ধোঁৱা চাঙৰ পৰা পুৰণি ধনুখন উলিয়াই মচি কাচি ল’লে। সেই তিৰাশীতে বনাই থোৱা কাড়ঁ কেইডাল অলপ চাফ-চিকুণ কৰি লৈ কানিমুনি বেলিকা পিৰালিৰ কাণতে ধনু ভিৰাই জোপ ল’লে। হৰিভকতকটো মুখেৰে ক’ব নোৱাৰি, জলকীয়া চুৰি নকৰিব। কঁড়িয়াই লৈ অন্তত: ইছইছাব পৰা যাব, এস: আপুনি বুলি ভৱা নাছিলো নহয়।
.
তিৰাশীৰ পাছত ধনুকাঁড়ৰ সৈতে সম্পৰ্ক নোহোৱা হ’ল। হাজৰিকাৰ হাতখন টনটনাইছে।
কোনোবা এটা আহিছে।

খৰখৰণিটো হাজৰিকাই শুনিলে। নোমবোৰ ডাং খাই গ’ল হাজৰিকাৰ। হৰিভকত হ’লেও জলকীয়াৰ লগত কোনো কম্প্ৰমাইজ নাই। গছ কেইজোপাৰ ফালে কাঁড়ডাল টোৱাই ল’লে।

আহিছে..
চুচুক-চামাক ছায়ামুৰ্ত্তি এটা।

এটোপ ঘাম বৈ আহিল। সৰ্বশক্তিৰে গুণডাল টানি ল‌ওঁতেই…
আৰে..এয়া কি..?

এইটো দেখোন চহৰত শাক-পাচলি বেচা দেছোৱালী বেপাৰীটো..
হাজৰিকাই ধনুখন সামৰি মনে মনে পিৰালীৰ পৰা উঠি আহিল।
আফস্পা লাগি আছে। দিনকাল বেয়া।

জলকীয়া হে। নিয়ক।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে