দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অসমৰ লোক সংস্কৃতি আৰু ধৰ্মীয় সম্প্ৰীতি ( মঞ্জিতা শইকীয়া )

অসমৰ লোক সংস্কৃতি আৰু ধৰ্মীয় সম্প্ৰীতি ( মঞ্জিতা শইকীয়া )

সংস্কৃতি এটা জাতিৰ জাতীয় জীৱনৰ বোৱতী সুঁতি। সংস্কৃতি পদটো সংস্কাৰৰ লগত জড়িত, যাৰ সংস্কাৰ হৈছে সেয়ে সংস্কৃতি। সংস্কৃতি শব্দই জনপ্ৰিয়তা পোৱাৰ আগতে কৃষ্টি শব্দ ব্যৱহাৰ হৈছিল। কৃষ্টি শব্দ ইংৰাজী culture শব্দৰ সমপৰ্যায়ৰ। নৃতত্ববিদ এডৱাৰ্ড বাৰ্নেট টাইলাৰে culture শব্দটোৰ ব্যাখ্যা আগবঢ়াইছে এনেদৰে– সমাজ অংগীভূত সদস্য ৰূপে মানৱে আহৰণ কৰা জ্ঞান ,বিশ্বাস ,উৎসৱ-অনুষ্ঠান ,আইন -কানুন, নৈতিকতা ,অভ্যাস আৰু অন্যান্য সামাজিক সামৰ্থৰ সামগ্ৰিক যৌগিক ৰূপেই হ’ল সংস্কৃতি।সংস্কৃতিৰ গুণ-লক্ষণ আদিৰ ওপৰত ভিত্তি কৰি ইয়াক তিনিটা ভাগত ভাগ কৰা হৈছে ।
ক) অভিজাত সংস্কৃতি
খ)লোক সংস্কৃতি
গ) জনজাতীয় সংস্কৃতি

অভিজাত সংস্কৃতি বুলিলে শাস্ত্ৰীয় বা বৈদিক বা মাৰ্গীয় সংস্কৃতিকে বুজা যায়। ঠিক সেইদৰে জনজাতীয় সংস্কৃতিও স্বয়ংসম্পূৰ্ণ। অৱশ্যে, আমি আলোচনা কৰিম লোক সংস্কৃতিৰ বিষয়ে বিশেষকৈ অসমীয়া লোক সংস্কৃতিত থকা ধৰ্মীয় সমন্বয়ৰ উপাদানসমূহৰ বিষয়ে।

লোকসংস্কৃতি লোক সমাজৰ সমানেই প্ৰাচীন। অসমীয়া ভাষাত লোক সংস্কৃতিক বুজাবলৈ folk lore শব্দ ব্যৱহাৰ কৰা হয়। Folk মানে The people বা লোক সমষ্টি আৰু lore মানে Wisdom বা জ্ঞান। এই পদটো জন থমছ্ এজন পুৰাতত্ত্ববিদে প্ৰথম ব্যৱহাৰ কৰিছিল। লোক সংস্কৃতিৰ পৰিভাষাই অতিকথা, জনশ্ৰুতি, সাধুকথা, আশীৰ্বাদ, অভিশাপ, ৰীতি-নীতি ,আচাৰ-ব্যৱহাৰ ,ফকৰা-যোঁজনা, মন্ত্ৰ, পোছাক-পৰিচ্ছদ, আ-অলংকাৰ, নৃত্য-গীত, খাদ্য, লোকভাষা, ৰন্ধন প্ৰণালী, গৃহ নিৰ্মাণ প্ৰণালী আদি বিষয়সমূহ সামৰি লয়। এই বিষয় সমূহৰ চিন্তা চৰ্চা কৰা বা বিচাৰ কৰি চোৱা কাৰ্যই হৈছে লোক সংস্কৃতি ।

অতীজৰেপৰা অসমীয়া সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। যিসকল লোক বা সম্প্ৰদায়ে অসমীয়া ভাষাক মাতৃভাষা ৰূপে গ্ৰহণ কৰিছে বা ভাষাটোৰ সৈতে একাত্মবোধ হৈছে তেওঁলোকৰ দ্বাৰাই অসমীয়া জাতি আৰু সংস্কৃতি গঢ় লৈ উঠিছে। অসমীয়া সংস্কৃতি বুলিলে কোনো এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ সুকীয়া সংস্কৃতি নহয়। অসমৰ নানা জাতি- উপজাতিৰ ভাৱ চিন্তা ,ৰীতি-নীতি ,পৰম্পৰা আদিৰ মাজেৰে অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। অসমীয়া ভাষা কোৱা হিন্দু -মুছলমানৰ সকলো সম্প্ৰদায়ে অসমীয়া সংস্কৃতি গঢ় দিয়াত আৰু বৰ্তমানৰ পৰ্যায় পোৱাত শক্তি আৰু সামৰ্থ অনুযায়ী সহায় কৰিছে।

অসমীয়া ভাষা মূল সংস্কৃত, পালি, প্ৰাকৃত অপভ্ৰংশৰ মাজেদি আহি বৰ্তমানৰ স্তৰ পাইছেহি। এই কালছোৱাত অসমীয়া ভাষাত দেশী-বিদেশী বিভিন্ন ভাষাৰ প্ৰভাৱ পৰিছে। তেনেকৈয়ে অসমীয়া ভাষাত বহুতো ফাৰ্চী শব্দ অন্তৰ্ভুক্ত হৈছে। উদাহৰণ স্বৰূপে দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা কিছুমান শব্দ হ’ল–আমীৰ, ওজীৰ, জিলা, চহৰ, আৰ্জি ,মোকৰ্দমা, খাজানা, চিপাহী, আল্লা, ইমাম, নামাজ, ঈদ, কলম, কিতাপ, চিঞাহী, দোৱাত, লেফাফা, বদমাইছ, বেইমান ইত্যাদি। অসমীয়া জাতিৰ সুখ-দুখ, মান-অভিমান, খং-ৰাগ আদি বিভিন্ন অনুভূতি প্ৰকাশৰ ক্ষেত্রত এই শব্দসমূহ অপৰিহাৰ্য্ হৈ পৰিছে । এই শব্দসমূহে অসমীয়া ভাষাৰ ভঁৰালো চহকী কৰি তুলিছে। অসমৰ মুছলমান লোকসকলে শুদ্ধ অসমীয়া ভাষাত কথা কয়। চৰ-চাপৰি অঞ্চলবোৰতো অসমীয়া মাধ্যমৰ বিদ্যালয়তে সকলোৱে পঢ়া-শুনা কৰিছে। শাখা সাহিত্য সভা গঠন কৰিছে। পৰিতাপৰ বিষয় যে আজি চৰ-চাপৰি বুলি ক’লে মানুহে সন্দেহৰ চাৱনিৰে চায়। বহু কেইজন ইছলামধৰ্মী অসমীয়াই অসমীয়া সাহিত্যৰ ভঁৰাললৈ অনুপম সাহিত্যৰাজি উপহাৰ দি গৈছে। ‘জ্ঞান মালিনী’ ৰ কবি মফিজুদ্দিন আহমেদ হাজৰিকা, কথা শিল্পী চৈয়দ আব্দুল মালিক, ইমৰাণ শ্বাহ আদিৰ নাম প্ৰাতঃস্মৰণীয়। মহম্মদ চুলেমান খাঁৰ কবিতা নপঢ়াকৈ প্ৰাথমিক শিক্ষা আজিও সম্পূৰ্ণ নহয়।

জিকিৰ আৰু জাৰী গীতসমূহ মুছলমানসকলৰ অসমীয়া সাহিত্যলৈ অমূল্য অৱদান। মুছলমান মহিলাসকলে বিয়ানাম পৰিবেশন কৰে। অসমীয়া নাৰীৰ পৰম্পৰাগত সাজ মেখেলা-চাদৰ পৰিধান কৰি তেওঁলোকে অসমীয়া নাৰীৰ সম্পূৰ্ণতা লাভ কৰিছে। উৎসৱ-অনুষ্ঠানসমূহত বা ঘৰতো আইতাসকলে কেৰু, থুৰীয়া, দুগদুগি আদি অসমীয়া গহনা পৰিধান কৰা দেখা যায়। আলহী আহিলে তামোল পাণৰ বঁটাটো আগবঢ়াই দিয়াটো অসমীয়া সংস্কৃতিৰে ৰীতি। হিন্দুৰ দাহ-সংস্কাৰত, মুছলমানৰ মৃতদেহ সৎকাৰ কৰাত উভয় পক্ষই ভাগ লৈ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে। বিহু, ঈদ আদিত সকলোৱে ইঘৰ সিঘৰলৈ আহ-যাহ কৰে আৰু লগতে পিঠা-পনা, জা-জলপানৰো আদান-প্ৰদান কৰি অসমীয়াৰ একতাক বলিষ্ঠ ৰূপ দিয়ে। বিবাহ অনুষ্ঠানত দৰাৰ মূৰত তেল দিয়া, জোৰণ আদি অনুষ্ঠানৰো সাদৃশ্য আছে। প্ৰথম ভুঁই ৰোৱা দিনা গোঁজ লোৱা ,কাতি বিহুৰ দিনা পথাৰ চোৱা আদি নিয়ম বোৰো তেওঁলোকে পালন কৰে।

ধৰ্মীয় বিধি কেইটামান বাদ দি মুছলমানসকলৰ আচাৰ আচৰণ ,সাজ পোছাক আনকি উপাধিও (বৰা, শইকীয়া আদি) বৃহত্তৰ অসমীয়া সমাজৰ সৈতে একে। এই লোক সকলে উমৈহতীয়া জাতীয় উৎসৱ বিহুক অন্তৰেৰে মানি আহিছে আৰু একাত্মবোধ কৰি আহিছে। চ’ত সোমোৱাৰ পৰাই তাঁতৰ শাল ব্যস্ত হৈ পৰে বিহুৰ গামোচা জুতি কাটিবলৈ। গৰুক আদৰ কৰাৰ পৰা ন কাপোৰ লোৱালৈকে উছাহৰ অন্ত নাই। বিহুলৈ এসপ্তাহৰ থকাৰে পৰা আখলত প্ৰস্তুত হয় চিৰা, সান্দহ, পিঠা-পনা ইত্যাদি।’সকলোৱে মিলি-জুলি গৰু গা ধুৱাই গৈ। হুঁচৰি যোৰাত কোনটো মুছলমান ল’ৰা আছে, চিনাই টান হৈ পৰে। বিহুৰ দিনকেইটাত ইঘৰ সিঘৰলৈ আহ-যাহ কৰা, পিঠা-পনাৰ আদান-প্ৰদৰ্শন আদিয়ে অসমীয়া সমাজৰ স্বকীয় বৈশিষ্ট্য। ভোগালীৰ পৰম্পৰাই আৰু বেছি কাষ চপাই আনে সকলোকে। সকলোৱে মিলি উৰুকাৰ নিশা ভোজ খোৱা, একেলগে মাছ মৰা এইবোৰত কোন হিন্দু কোন মুছলমান এই কথা ভাৱিবলৈ কাৰো আহৰি নাই। কাতি বিহুত মুছলমান কৃষক ভক্তিৰে পথাৰলৈ যায়। অন্তৰৰে শইচ ডৰা ভাল হ’বলৈ ঈশ্বৰৰ ওচৰত দোৱা মাগে। কোনোৱে সভক্তিৰে পথাৰৰ আলিত গুঁজি থৈ আহে এডাল মম বা এদালি ধূপ। বসন্ত ৰোগ হ’লে ভোগ দিয়া ,আই নাম গোৱা ,কেচুৱাৰ নাই সৰাৰ পাছত বাজলৈ ওলোৱা আদি পৰম্পৰাবোৰ হিন্দু-মুছলমান সকলো পৰিয়ালতে দেখা যায়।

অসমীয়া খাদ্য তালিকাতো মুছলমানসকলৰ খাদ্য সম্ভাৰ অন্তৰ্ভুক্ত হৈছে। এক কথাত আভিজাত্য লাভ কৰিছে। পোলাও, বিৰিয়ানী, কোৰ্মা, আছাৰ আদিয়ে উৎসৱ-পাৰ্বণত সকলো অসমীয়াৰ টেবুলত স্থান অধিকাৰ কৰিছে। মুছলমানসকলৰ ৰূপ-সৌন্দৰ্য বিষয়ক বহু সামগ্ৰী এতিয়া প্ৰত্যেক ঘৰ অসমীয়াৰ লাগতিয়াল সম্পদ। উদাহৰণ স্বৰূপে আইনা, আতৰ, ৰুমাল আদি মুছলমানসকলৰ লগতে অসমলৈ অহা৷
আহোম ৰজাৰ গড়গাঁৱৰ কাৰেংঘৰ, ৰংঘৰ আদিত মোগল শিল্প ৰীতিৰ প্ৰভাৱ সুস্পষ্ট। ঠিক সেইদৰে অসমৰ কোনো মচজিদত হিন্দু সকলে পৱিত্ৰ জ্ঞান কৰা তূলসী খুটা ব্যৱহাৰ কৰা হৈছে।

সংগীতৰ ক্ষেত্ৰতো মুছলমানসকলৰ্ প্ৰভাৱ আছে। সৰোদ, চেতাৰ,তবলা আদি বাদ্য মুছলমানসকলে অসমত প্ৰচলন কৰে৷ তাঁতশালত ফুল বছা ,দহি বটা আদি কাম মুছলমানসকলৰ আছিল৷ মৰীয়াসকলে প্ৰস্তুত কৰা পিতলৰ টৌ, চৰিয়া আদি পাকঘৰত ব্যৱহাৰ হৈ আছে৷ হিন্দুৰ মাংগলিক কামত ব্যৱহাৰ হোৱা দুনড়ীটো লৈকে মুছলমানসকলে আজিও তৈয়াৰ কৰি আছে।

অসমীয়া সংস্কৃতি এক উদাৰ সংস্কৃতি। একতাৰ সংস্কৃতি। অসমীয়া সংস্কৃতিত সাম্প্ৰদায়িকতাৰ স্থান নাছিল কোনোকালে। হাজোৰ পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ ইয়াৰ উৎকৃষ্ট উদাহৰণ। আজিও শিৱসাগৰৰ দৌল্লা পৰিয়াললৈ দুৰ্গা পূজাত এযোৰ পাঠা ছাগলী আগবঢ়োৱা হয়। অম্বিকা কুঁৱৰীয়ে শিৱসাগৰ পুখুৰী খন্দুৱাই তাৰ পাৰত তিনিটা দৌল নিৰ্মাণ কৰাইছিল। শিৱদৌল বিষ্ণু দৌল আৰু দেৱী দৌল। তাৰ আনুষ্ঠানিক পূজা-পাতলৰ আগতে নাগাৰা বজোৱা এদল শিল্পী নিয়োগ কৰিছিল, যিসকল নেগেৰীয়া বা দৌলা নামেৰে জনাজাত আছিল আৰু তেওঁলোকৰ পৰিয়ালো দৌলা পৰিয়াল বুলি জানিছিল। পূজাৰ সময়ত প্ৰসাদৰ শৰাই আৰু পথা ছাগলী দৌল পৰিচালনা সমিতিয়ে পূৰ্বৰে পৰা দি আহিছে। ডিঙিৰ গামোচা খনে আমাৰ সংস্কৃতিক একতা ৰঙেৰে ৰঙীন কৰি তোলে। আমহৰম, বিহু, পূজা, ঈদ আদিয়ে অসমীয়া মানুহক যুগে যুগে আনন্দ প্ৰদৰ্শন কৰি আহিছে।

বৰ্তমান ৰাজনীতিৰ পাকচক্ৰত অসমীয়া সংস্কৃতিলৈ ভাবুকি নামি আহিছে। সাম্প্ৰদায়িকতাৰ বিষ বাষ্পই সকলো দিশতে প্ৰভাৱ বিস্তাৰ কৰিছে। সমন্বয়ৰ সংস্কৃতিৰ ভেঁটি আজি খহি পৰা পৰ্যায় পাইছে। নিজৰ ধৰ্মক শ্ৰেষ্ঠ বুলি গৌৰৱ কৰি পৰধৰ্মক হেয় জ্ঞান কৰি এচামে সাম্প্রদায়িক মনোভাৱৰ পৰিচয় দিছে। সুদূৰ একাদশ-দ্বাদশ শতিকাতে আহোম স্বৰ্গদেউসকলে পীৰ ফকিৰসকলক মাটি ভেটি দি সংস্থাপিত কৰিছিল। দৰগাহ, মছজিদ আদি সাজিবলৈ অৰ্থ সাহায্য দিছিল।শংকৰদেৱৰ সময়ত চান্দসাই হিন্দু মুছলমানৰ মাজত সদ্ভাৱ -সম্প্ৰীতি স্থাপনৰ অন্যতম উদাহৰণ। তেনে এক উদাৰ অতীত থকাৰ পাছতো এতিয়া লুঙি টুপি বুলিলেই অবিশ্বাসৰ দৃষ্টিৰে চোৱা হয়। মানুহে কি খাব তাতো ৰাজনৈতিক হস্তক্ষেপ। অসহিষ্ণুতাৰ চূড়ান্ত উদাহৰণ হিন্দুৰ মন্দিৰত গোমাংস আৰু মচজিদত গাহৰি মাংস ওলোৱাটো৷ ধৰ্মৰ ওপৰত ৰাষ্ট্ৰৰ হস্তক্ষেপৰ ফলত হিন্দু মুছলমানৰ সম্প্ৰীতিত ঘূণে ধৰিছে। আজি হিন্দু এজনে মুছলমান এজনৰ হৈ মাত মাতিলে তেওঁ হৈ পৰে জাতিদ্ৰোহী, দেশদ্ৰোহী।

সম্প্ৰতি অতি ধৰ্মীয় গোড়ামিৰ বাবে এই সৰ্বাংগ সুন্দৰ সমাজ খনতো ঘূণে ধৰিবলৈ আৰম্ভ কৰিছে। তাৰ মাজতো আমি থিয় দিব লাগিব একেলগে। শংকৰ-আজানৰ দেশ এইখন আমাৰ মাতৃভূমি। টানে-বিপদে হিন্দু-মুছলমানৰ বেৰখন নোহোৱা হৈ যায়। মুছলমান ল’ৰা ছোৱালীয়ে বৰগীত ,লোকগীত ,বিহু গায়,, নাচে। হিন্দুৰ সন্তানে জিকিৰ গায় । নামঘৰ সাজিবলৈ ক’ৰবাত মুছলমানে মাটি দান কৰিছে, ক’ৰবাত আকৌ হিন্দু এজনে মচজিদ সাজিবলৈ নিজৰ মাটি দিছে। মুছলমান আৰু হিন্দুৰ মাজত বিবাহৰ দৰে অনুষ্ঠান সমাপন হৈছে। য’ত সমাজৰ স্বীকৃতিও আছে। আজি আমি নামৰে মুছলমান বুলি চিনাক্ত কৰিব নোৱাৰো কাৰোবাক। কোনো মুছলমান লোকে নিজৰ সন্তানৰ নাম ৰাখিছে আবিৰ, ৰ’দ ,জোনাক আদি। আমিও আমাৰ সন্তানৰ নাম মৰ্জিনা বা মহচিন ৰাখিব নোৱাৰো নে? ঠায়ে ঠায়ে দেখা যায় মুছলমানৰ ল’ৰা ছোৱালীয়ে ভাগৱত পাঠৰ শোভাযাত্ৰাত বাটৰ কাষত খোৱা পানীৰ যোগান ধৰিছে। ৰমজানৰ ইফটাৰ চেহেৰী ওচৰ চুবুৰীয়া হিন্দু-মুছলমানে একেলগে খাইছে। দোৱা মাগিছে।

শেষত কওঁ যে অসমীয়া জাতি আৰু সংস্কৃতিৰ পৰিকাঠামো ইমান ঠুনুকা নহয় যে ই নিঃচ্ছিন্ন হৈ যাব । যেতিয়ালৈকে প্ৰকৃত মানৱতাবাদী মানুহ জীয়াই থাকিব, তেতিয়ালৈকে এই সম্প্ৰীতিৰ এনাজৰীও কটকটীয়া হৈ ৰ’ব ।সম্প্ৰতি অতি ধৰ্মীয় গোড়ামীৰ বাবে এই সৰ্বাংগ সুন্দৰ সমাজ খনতো ঘূণে ধৰিবলৈ আৰম্ভ কৰিছে। তাৰ মাজতো আমি থিয় দিব লাগিব একেলগে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে