দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / দয়ালকৰণ অভিযান ! ( চেমবাচ গগই )

দয়ালকৰণ অভিযান ! ( চেমবাচ গগই )

প্ৰথমতে শুনিলো, অসমত কেইখনমান আদৰ্শ চৰকাৰী মহাবিদ্যালয় স্থাপন হ’ব৷ সংখ্যাটো দহ নে বাৰ হ’ব বুলি শুনা গৈছিল৷ মাজতে শুনিলো যে মুঠ বাইশখন আদৰ্শ মহাবিদ্যালয় হ’ব৷ ইতিমধ্যে পাঁচখন স্থাপন হৈয়ে গ’ল৷ শেহতীয়া খবৰ মতে ৰাজ্যখনত বাইশখনৰো অধিক মহাবিদ্যালয় স্থাপন কৰিব৷ আচল সংখ্যাটো এতিয়া ঠাৱৰ কৰা মস্কিল৷ নকলেও হ’ব নে এই মহাবিদ্যালয়বিলাক স্থাপন হ’ব দীনদয়াল উপাধ্যায়ৰ নামত৷ ইমানদিনে অসমৰ ৰাইজে নামকে শুনি নোপোৱা আৰ এছ এছৰ (বিজেপিৰো) নেতা দীনদয়াল উপাধ্যায় অসম আৰু অসমীয়া ৰাইজৰ বাবে ইমান প্ৰাসংগিক কিয় হ’ল সেই কথা বুজি পাবলৈ বিশেষ টান নহয়৷

সমগ্ৰ বিশ্বই জানে যে মোহনদাস কৰমচাঁদ গান্ধী ওৰফে গান্ধীজী হৈছে ভাৰতীয়সকলৰ জাতিৰ পিতা৷ ইংৰাজৰ শাসন ওফৰাই আমাৰ দেশখন স্বাধীন কৰাৰ ক্ষেত্ৰত গান্ধীজীৰ ভূমিকা আৰু ত্যাগ কেনেধৰণৰ আছিল, সেই কথা সমগ্ৰ বিশ্বই জানে৷ কিন্তু পৰিতাপৰ বিষয়ে যে এই গৰাকী গান্ধীজীক (যিগৰাকীক মহামানৱ মহাত্মা গান্ধী নামে খ্যাত) এতিয়াৰ শাসকসকলৰ একাংশই তুচ্ছ-তাচ্ছিল্য কৰাতহে ব্যস্ত হৈ পৰিছে৷ জাতিৰ পিতাগৰাকীক ‘চতুৰ বনিয়া’ বুলি আখ্যা দিবলৈও কুন্ঠাবোধ নকৰিলে৷ কিন্তু ইয়াৰ বিপৰীতে ৰাতিটোৰ ভিতৰতে পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াক যেন দেশখনৰ ভাগ্য নিয়ন্ত্ৰা হিচাপে দাঙি ধৰিব খুজিছে৷ আশ্চৰ্যৰ বিষয় যে সেই গৰাকী ভাৰতৰ ভাগ্য বিধাতাৰ নাম ইয়াৰ পূৰ্বে শুনা নাছিলো৷ তথাপি মানি লৈছো তেওঁ এটা বিশেষ সংগঠনৰ এজন ডাঙৰ নেতা আছিল (অনেকে জনা নাছিল)৷

সন্দেহ নাই, সেই সংগঠনৰ সদস্যসকলৰ বাবে তেওঁ অতি নমস্য ব্যক্তি হ’ব পাৰে৷ সেই বুলি সমগ্ৰ ভাৰতবাসীৰ বাবে গান্ধীজীকো চেৰাই যোৱা ব্যক্তি হ’ব পাৰে বুলি স্বীকাৰ কৰিব নোৱাৰি৷ তেনেকৈ স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুকো উলাই কৰিব পৰা যায়নে? আন্তঃৰাষ্ট্ৰীয় নেতা হিচাপে স্বীকৃতি পোৱা নেহৰু সেই কালৰ অবিসম্বাদী নেতা নাছিল নে? এতিয়া সঁচাক মিছা কৰিব খোজা হৈছে! আমাৰ অসম মূুলুকৰ নেতাসকলে তেৰাসবৰ মহান ভাৰতীয় গৰাকীক এতিয়া মূৰত লৈ ফুৰিব নে কোলাত লৈ থাকিব বিধৰ অৱস্থা এটাৰ সৃষ্টি কৰিছে৷ তেনেকৈ উত্তৰ প্ৰদেশত ইয়াৰ চৰকাৰৰ পৰামৰ্শ মতে মোগলশৰাই জংছনটো দীনদয়াল উপাধ্যায়ৰ নামেৰে নামাকৰণ কৰিব খুজিছে৷ সদনত সংখ্যাগৰিষ্ঠতাৰ দোহাই দি চৰকাৰখনে ইচ্ছাক আইন কৰিবলৈ গৈ আছে৷ ই শুভলক্ষণ নহয়৷ আনহাতে, অসমীয়া ৰাইজৰে দুৰ্ভাগ্য যে অতি সম্প্ৰতি ৰাজ্যখনত শাসকপক্ষই অনেকটা স্তম্ভিত হ’বলগীয়া কাৰ্য-কাণ্ড সম্পাদন কৰাত ব্যস্ত হৈ পৰিছে যাৰ বাবে নিজৰ আইকো দহৰ আগত ‘মোৰ আই’ বুলি কোৱাৰ সলনি নিৰ্দ্ধাৰিত এগৰাকীকহে আই বুলি পৰিচয় দিবলৈ বাধ্য হ’ব লগা পৰিস্থিতিৰ উদ্ভৱ হোৱা যেন অনুভৱ হৈছে৷ কেইদিনমান আগতে কেন্দ্ৰৰ এগৰাকী কেবিনেট মন্ত্ৰী আহি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ইতিপূৰ্বে উল্লেখিত নেতা গৰাকীৰ জন্ম শতবাৰ্ষিকী পালনৰ এক কাৰ্যসূচী হিচাপে হিন্দীত ৰচিত ৰচনাৱলীৰ কেইবাটাও খণ্ড উন্মোচন কৰি গ’ল৷ সেয়া দিল্লীশ্বৰ প্ৰভুসবৰ কাণ্ড! কোৱা শুনিছো, এতিয়া অসমতো আমাৰ শিক্ষা মন্ত্ৰীজনে সি গৰাকীৰ সমগ্ৰ ৰচনাৱলী অসমীয়া ভাষালৈ অনুবাদ কৰিব৷ অসমীয়াই পঢ়ক বা নপঢ়ক (অসমীয়া মানুহে কিতাপ পঢ়ি ভাল নাপায় বুলি বদনাম আছেই !) ৰাজকোষৰ ধন এগাল অৱশ্যে খৰচ হ’ব৷

উল্লেখৰ আৱশ্যক যে ৰাজ্য চৰকাৰে যেন বানাক্ৰান্ত তথা বানত সৰ্বস্বান্তসকলৰ প্ৰতি আগবঢ়াব লগীয়া সাহায্যক একাষৰীয়াকৈ ৰাখিও দিল্লীশ্বৰ তথা নাগপুৰীয়া প্ৰভুসকলক ভালৰি লগাবলৈ কৰিব লগাখিনি তৎপৰতাৰে আৰু তৎকালে সম্পাদন কৰি বাঃ বাঃ ল’ব খুজিছে৷ কেৱল সিমানেই নহয়৷ ইতিমধ্যে অসমৰ শিক্ষা ক্ষেত্ৰত নতুন যুগৰ সৃষ্টি কৰা বুলি দাম্ভিকতাৰে ঘোষণা কৰি পৰম সন্তোষ লাভ কৰা যেন লগা স্বনামধন্য বিভাগীয় মন্ত্ৰী মহাশয়ে একুৰিৰ অধিক আদৰ্শ মহাবিদ্যালয় স্থাপন কৰিবলৈ লৈছে ইতিপূৰ্বে উল্লেখ কৰা মনিষিৰ নামত এতিয়া প্ৰশ্ন হৈছে আমাৰ অসমত বিদ্বান লোক নাই নেকি? ৰাজ্যখনত মহাপুৰুষ তথা কোনো উল্লেখনীয় ৰাজনীতিকো নাই নে যাৰ বাবে বাটপথ নামাকৰণৰ (পূৰ্বৰ নাম সলাই) লগতে নতুনকৈ আদৰ্শ শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰিব লগা হৈছে৷ প্ৰশ্ন হ’ব পাৰে–আদৰ্শ মহা বিদ্যালয়বিলাকৰ অৱস্থা বৰ্তমান ৰাজ্যৰ স্বাস্থ্যখণ্ডত থকা ‘মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়’বিলাকৰ দৰে হ’বগৈ নেকি? অৱশ্যে দীনদয়াল ডাঙৰীয়াৰ কথা সুকীয়া৷ এইগৰাকীৰ নামৰ খাতিৰত এতিয়া চৰকাৰে অন্য সকলো পাহৰিবলৈ লৈছে৷ চৌদিশে দৃষ্টিগোচৰ হৈছে কেৱল পণ্ডিত দীনদয়াল উপাধ্যায়ৰ ছবি৷ আনকি ভাৰতীয় ৰেল বিভাগে যোগান ধৰা খোৱা পানীৰ বটলটোৰ পৰা আৰম্ভ কৰি সকলো আঁচনিতে যেন কেৱল এজনেই ব্যক্তি৷ সেয়া হৈছে দীনদয়ালজী৷ শুনিবলৈ পোৱা মতে চৰকাৰত থকা কাৰ্যবাহীসকল হেনো নিৰূপায়ত পৰিছে৷ তেওঁলোকৰ মূৰত বোলে ডেম’কলৰ তৰোৱাল এখন ওলোমাই ৰাখিছে এক বিশেষ শক্তিয়ে৷ গতিকে তেওঁলোক একান্ত বাধ্য হ’বই লাগিব৷ ফলস্বৰূপে চৰকাৰী পক্ষই দয়ালকৰণ কৰাত অৰ্থাৎ দীনদয়াল ডাঙৰীয়াৰ পূজা কৰাত উঠি-পৰি লাগিছে৷ আমি দোষাৰোপ কৰিলেও তেওঁলোক নিৰুপায়৷ কোনোবা এদিন দিল্লী অথবা দিছপুৰৰ নাম সলনি হৈ দীনদয়াল নগৰ বা দয়ালপুৰ হ’লেও আচৰিত হ’ব লগা নাই বুলি দুই একে মন্তব্য কৰিছে৷ অধিক নোকোৱাই ভাল৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে