দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / সাম্প্ৰদায়িকতাৰ আগ্ৰাসন আৰু নাৰী সমাজ ( গীতালী বৰপাত্ৰগোঁহাই )

সাম্প্ৰদায়িকতাৰ আগ্ৰাসন আৰু নাৰী সমাজ ( গীতালী বৰপাত্ৰগোঁহাই )

“মহিলা সমাজ এখন আৰ এছ এছৰ প্ৰধান টাৰ্গেট” – এই কথাষাৰি গৌতম ৰয় নামৰ পশ্চিমবংগৰ এজন লেখকে এটা ব্লগত লিখা কথা। ৰয়ে লিখিছে যে কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰৰ ম্যাদ তিনিবছৰ অতিক্ৰম হোৱাৰ সময়ত আৰ এছ এছে ইয়াৰ শাখা সংগঠন ‘ৰাষ্ট্ৰ সেৱিকা সমিতি’ক বিশেষভাৱে সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে কৰ্মসূচী হাতত লৈছে। অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত এনেদৰেই গুজৰাটৰ ‘হিন্দুত্ব’ ৰাজনীতিৰ পৃষ্ঠপোষকতাত বিশেষ গুৰুত্ব দিয়া হৈছিল এটি শাখা সংগঠন ‘বনবাসী কল্যাণ আশ্ৰম’ক। গুজৰাটৰ গণহত্যাৰ সময়ত এই আশ্ৰমৰ জড়িয়তে তীব্ৰ মুছলিম বিদ্বেষ বিয়পাই ৰাজনৈতিক স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ৰাষ্ট্ৰ সেৱিকা সমিতি ১৯৩৬ চনত ভাৰত স্বাধীন হোৱাৰো আগতে জন্ম হোৱা এক অতি পুৰণি সংগঠন যদিও এই নাৰী সংগঠনে নাৰী সমানাধিকাৰৰ বাবে কোনো বলিষ্ঠ পদক্ষেপ লোৱা নাই বা আজিকোপতি ভাৰতৰ পুৰুষশাসিত ব্যৱস্থাৰ প্ৰতি কোনো প্ৰত্যাহবান সৃষ্টি কৰিব নোৱাৰিলে। কাৰণ নিজকে এক স্বতন্ত্ৰ সংগঠন বুলি দাবী কৰিলেও ইয়াৰ মতাদৰ্শ আৰু নীতি নিয়মসমূহ পৰিচালিত হয় আৰ এছ এছৰ দৰে এক মনুবাদী, পুৰুষতান্ত্ৰিক সংগঠনৰ দ্বাৰাহে। এই সমিতিৰ জন্মও হৈছিল সংঘৰ উদ্দেশ্যৰ বাবেহে। সাম্প্ৰতিক সময়ত অসমতো ৰাষ্ট্ৰ সেৱিকা সমিতিৰ কিছু শাখা যেনে দূৰ্গা বাহিনী আদিৰ অস্ত্ৰ-শস্ত্ৰৰ প্ৰশিক্ষণ, কুচ-কাৱাজ আদিলৈ লক্ষ্য ৰাখি ৰাষ্ট্ৰ সেৱিকা সমিতিৰ জন্ম আৰু মতাদৰ্শৰ ইতিহাস বিচাৰ কৰাটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

আৰ এছ এছ প্ৰধানত পুৰুষক প্ৰাধান্য দি গঢ় লৈ উঠা এক সংগঠন। আৰ এছ এছৰ এক গুৰুত্বপূৰ্ণ সংঘ সদস্যৰ মাতৃ লক্ষ্মীবাই কেলকাৰে যেতিয়া আৰ এছ এছৰ জন্মদাতা হেগডৱাৰক নাৰীসকলকো এই সংগঠনৰ সদস্য কৰিবলৈ অনুৰোধ কৰে, তেতিয়া তেওঁ প্ৰথমে পোনচাটেই এই প্ৰস্তাৱ নাকচ কৰে। কিন্তু পাছত এক নাৰী শাখাৰ প্ৰয়োজনীয়তা আৰ এছ এছ শিবিৰত আৰম্ভ হয়। কাৰণ আৰ এছ এছৰ নিজৰ মতাদৰ্শ অনুযায়ী ই হ’ল এক ‘পৰিয়াল’৷ গতিকে ভাৰতৰ পৰম্পৰাগত ধাৰণা মতে এটা পৰিয়াল নাৰীৰ অবিহনে কেতিয়াও সম্পূৰ্ণ নহয়। নাৰীৰ এক শাখা সৃষ্টি কৰিলেহে ইয়াৰ সদস্যসকলে পৰিয়ালৰ বান্ধোন আৰু আত্মীয়তা তথা কৰ্তব্যসমূহ হৃদয়ংগম কৰিব পাৰিব। এই নাৰী শাখাৰ আৰম্ভ কৰাক লৈ আৰ এছ এছৰ সদস্যৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হয় । পাছত হেগডৱাৰে সমান্তৰাল কিন্তু পৃথকভাৱে এক নাৰী শাখা খোলাত গুৰুত্ব প্ৰদান কৰে।

ৰাষ্ট্ৰ সেৱিকা সমিতি হ’ল উচ্চ বৰ্ণ আৰু মধ্যবিত্ত হিন্দু মহিলাৰ দ্বাৰা গঠিত। ইয়াত মধ্যবিত্ত মহিলাৰ বাবে বিজ্ঞাপন সংস্কৃতিয়ে লৈ অনা সৌন্দৰ্যৰ আধুনিক উপাদানসমূহ, ঘৰুৱা ব্যৱহাৰৰ সামগ্ৰী, কচমেটিকচ আদিত উৎসাহিত কৰা হয়৷ কাৰণ এইবিলাক দেশৰ বণিক গোষ্ঠীৰ অৰ্থনৈতিক শক্তি। এই বণিক শ্ৰেণী হ’ল সংঘ পৰিয়ালৰ ৰাজনৈতিক সমৰ্থনকাৰী। কিন্তু এই সমিতিৰ বাবে অসহনীয় ধাৰণাটো হ’ল ‘সম লৈংগিক অধিকাৰ’। এই ধাৰণাক ইয়াত পশ্চিমীয়া সংস্কৃতিৰ পৰা অহা বিষাক্ত ফল হিচাপে গণ্য কৰা হয়। সমিতিৰ মতে এই ধাৰণাই অসুখী পৰিয়ালৰ সৃষ্টি কৰে আৰু পশ্চিমীয়া বিদেশী শিক্ষাই নাৰীক সকলো বেয়া শিক্ষা দিয়ে। গতিকে সমিতিৰ নীতি অনুযায়ী ভাৰতীয় নাৰীৰ বাবে হিন্দু শিক্ষা পদ্ধতিৰ পুনৰুদ্ধাৰ কৰা উচিত, য’ত নাৰী গৰাকীক ‘ধাৰ্মিক পত্নী’, ‘আদৰ্শ মাতৃ’ হোৱাৰ শিক্ষা দান কৰিব পাৰি। সমিতিৰ মতে এগৰাকী নাৰীয়ে কেতিয়াও ভাল পত্নী বা আদৰ্শ মাতৃ হ’ব নোৱাৰে, যদিহে তেওঁ অনবৰতে পুৰুষৰ সতে সম অধিকাৰৰ কথা চিন্তা কৰে, পুৰুষতকৈ আগবাঢ়ি যোৱাৰ কথা ভাৱে আৰু অধিকাৰৰ বাবে যুজঁ দিয়ে। সমিতিয়ে বিশ্বাস কৰে যে ‘সমতা’ আৰু ‘অধিকাৰ’ৰ দৰে ‘এলিয়েন’ চিন্তাধাৰাই কেৱল নাৰীসকলকে নহয়, হিন্দু ৰাষ্ট্ৰৰ বাবে বিপদ কঢ়িয়াই আনে। এই বিপদৰ পৰা হাত সাৰিবলৈ সমিতিয়ে পৰামৰ্শ দিয়ে যে অভিভাৱকসকলে তেওঁলোকৰ জীয়ৰীৰ ওপৰত আৰু পতিয়ে পত্নীৰ ওপৰত চকু ৰখা উচিত। সমিতিৰ মতে ভগ্ন সংসাৰৰ বাবে নাৰীৰ উচ্চাকাংক্ষা আৰু সপোনেই দায়ী। তেওঁলোকৰ মতে বিধৱা বিবাহৰ দৰে পশ্চিমীয়া আদৰ্শক নিয়ন্ত্ৰণত ৰখা উচিত। যিসকল বিধৱাৰ সন্তান আছে তেওঁলোকে কেতিয়াও বিবাহ কৰা উচিত নহয়। পত্নীসকলে একেবাৰে এৰাব নোৱাৰা অৰ্থনৈতিক সংকটত পৰিলেহে চাকৰি কৰা উচিত। সমিতিয়ে ভাৱে যে ধৰ্ষণৰ কাৰণ হ’ল নাৰীসকলে তেওঁলোকৰ পুৰণা ৰীতি নীতি আৰু ‘মাতৃত্ব’ক বিসৰ্জন দি পুৰুষৰ সতে সমানাধিকাৰ বিচাৰি সংগ্ৰাম আৰু শত্ৰুতাত অভ্যস্ত হৈ পৰা হেতু। তেওঁলোকৰ মতে পশ্চিমীয়া চিনেমা আৰু কেব’ল টিভিৰ অনুষ্ঠানবিলাকেহে যৌনতাৰ হিংসাত্মক দিশটো ভাৰতত শিকালে, যিবিলাক প্ৰকৃততে পূৰ্বে ভাৰতবাসীয়ে নাজানিছিল! সমিতিয়ে নাৰীক প্ৰদান কৰা শিক্ষা হ’ল প্ৰধানত নাৰীসকলে কিদৰে পৰিয়াল চলাব লাগে, কিদৰে সন্তানৰ লালন পালন কৰিব লাগে, ‘শুদ্ধ সংঘ নীতি আৰু আদৰ্শ’ৰে। এই শুদ্ধ সংঘৰ নীতি আৰু আদৰ্শ হ’ল- ‘হিন্দুত্ব’। তানিকা সৰকাৰে বিজয় ডুবে নামৰ এগৰাকী গাজিয়াবাদৰ সন্ন্যাসিনিয়ে দিয়া ‘হিন্দুত্ব’ৰ সংজ্ঞা উল্লেখ কৰিছে । ডুবেৰ ‘হিন্দুত্ব’ৰ সংজ্ঞা অনুসৰি – “ই সাগৰৰ দৰে গভীৰ,আকাশৰ দৰে অসীম ,হিন্দুৱেই আৰম্ভণী আৰু হিন্দুৱেই সমাপ্তি”।

আৰ এছ এছৰ দ্বিতীয়জন প্ৰমুখ গোলৱলকাৰৰ নাৰীৰ প্ৰতি নিৰ্দেশানা হ’ল –‘বিশ্বাসী মাতৃত্ব’৷ কাৰণ আৰ এছ এছৰ নিজা সংজ্ঞা অনুসৰি ই এক সাংস্কৃতিক সংগঠন। ইয়াৰ কেন্দ্ৰীয় নীতি সদায় হিন্দু ৰাষ্ট্ৰৰ ভৱিষ্যত প্ৰজন্মৰ নাগৰিক অৰ্থাৎ উচ্চ বৰ্ণৰ,শিক্ষিত হিন্দু নাৰী-পুৰুষ গঠনৰ বাবে প্ৰশিক্ষণ। এই ভৱিষ্যৎ প্ৰজন্মক অৰ্থাৎ সন্তানসকলক লালন পালনৰ দায়িত্ব সদায় নাৰীৰ ওপৰত থাকে। গতিকে গোলৱলকাৰৰ নিৰ্দেশানা অনুসৰি ‘আদৰ্শনীয় মাতৃ’ সেইগৰাকী, যি মাতৃয়ে সন্তানক পশ্চিমীয়া সংস্কৃতিৰ পৰা বচাই দেশপ্ৰেম, পৌৰাণিক ‘হিন্দু ধৰ্মগ্ৰন্থ’ৰ জ্ঞান আদি প্ৰদানৰ জৰিয়তে সন্তানক বিশুদ্ধ ‘হিন্দু-সংস্কাৰী’ ৰূপে গঢ়ি তোলাত সফল হয় ।

সংঘৰ সাংগঠনিক নীতিয়েই সমিতিৰ পেটাৰ্ণ নিৰ্ধাৰণ কৰে। তেওঁলোকে নাৰীসকলক এই শিক্ষা দিয়ে যে কিদৰে ‘ত্যাগ’ৰ জৰিয়তে এগৰাকী নাৰীয়ে এটা পৰিয়ালৰ ভেটি ৰাখিব পাৰে। অধিকাৰসমূহ থাকিব, কিন্তু তাৰ বাবে নাৰীয়ে যুঁজ দিয়াটো উচিত নহয়৷ কাৰণ সমিতিয়ে বিশ্বাস কৰে নাৰীসকল এইদৰে পৰাজয় বৰণহে কৰে! সেইবাবে সমিতিয়ে এই পুৰুষতান্ত্ৰিক ধাৰণাৰ প্ৰসাৰ ঘটায় যে যিহেতু এগৰাকী ‘পবিত্ৰ’, ‘শুদ্ধ হিন্দু’ নাৰীয়েহে ভাল মাতৃ হৈ সম্মান, সুখ লাভ কৰিব পাৰে৷ গতিকে এই সম্মান এগৰাকী নাৰীয়ে তেওঁলোকৰ অধিকাৰৰ হকে যুঁজ দি কিয় হেৰুৱাব লাগে?

আৰ এছ এছৰ মতাদৰ্শ অনুযায়ী ভাৰতৰ প্ৰতীকী ৰূপ হ’ল ‘নাৰী’ অৰ্থাৎ ‘ভাৰত মাতা’। তেওঁলোকৰ বাবে নাৰী হ’ল ‘জাতিৰ সম্মান’। গতিকে শত্ৰুৱে পোটক লোৱাৰ উদেশ্যে তেওঁলোকৰ নাৰীসকলক ধৰ্ষণ কৰে বুলি আৰু নাৰীক যদি শত্ৰুৱে ধৰ্ষণ কৰে তেন্তে সমগ্ৰ ৰাষ্ট্ৰ আৰু জাতি ইয়াৰ বাবে ‘কলংকিত’ হয় বুলি আৰ এছ এছে বিশ্বাস কৰে। গতিকে নাৰীয়ে যাতে নিজকে ৰক্ষা কৰি জাতিৰ মান বচাব পাৰে, তাৰ বাবে ইয়াত নাৰীক মাৰ্চিয়েল আৰ্ট, লাঠি চালনাৰ প্ৰশিক্ষণ দিয়া হয়। আৰ এছ এছৰ শাখা বিলাকত নাৰীৰ বাবে শালীন সাজ-পাৰৰ ব্যৱস্থাত অতি গুৰুত্ব আৰোপ কৰা হয়, যাতে নাৰীসকলে তেওঁলোকৰ ‘সম্মান’ ধৰি ৰাখিব পাৰে। এই নাৰীসকলক সাম্প্ৰদায়িক সংঘৰ্ষৰ ভয়াবহ কাহিনীসমূহ শুনোৱা হয়৷ তেওঁলোকক কোৱা হয় যে কোনো হিন্দুৱে মুছলমান আৰু খ্ৰীষ্টান নাৰীক আক্ৰমণ কৰা নাই! তেওঁলোকক শিকোৱা হয় যে মুছলিমসকলৰ হিন্দু নাৰীৰ প্ৰতি থকা আসক্তি হ’ল নাৰীৰ বাবে সকলোতকৈ ডাঙৰ ভয়াবহতা। সমিতিয়ে এই শিক্ষা নাৰীসকলক দিয়ে যে বহিৰাগতই অৰ্থাৎ মুছলমান আৰু খ্ৰীষ্ট্ৰানসকলেহে নাৰীৰ ওপৰত অত্যাচাৰ কৰে। পৰিয়ালৰ ভিতৰতে যে এগৰাকী নাৰী নিৰ্যাতনৰ বলি হয়, সেই কথা কৌশলেৰে আঁতৰাই থোৱা হয়। কাৰণ এনে ধাৰণাৰ প্ৰসাৰ ঘটি এই নাৰীসকল নিজৰ অধিকাৰৰ বাবে সচেতন হৈ উঠিলে আৰ এছ এছৰ ৰাজনৈতিক স্বাৰ্থ পূৰণত ই প্ৰতিবন্ধক হৈ থিয় দিব।

আৰ এছৰ এছৰ এই শাখা সংগঠনসমুহৰ নাৰী সৱলীকৰণৰ আৰঁত যি ৰাজনৈতিক স্বাৰ্থ জড়িত হৈ থাকে, তাক উপলদ্ধি কৰিব নোৱাৰি ইয়াৰ ওপৰুৱা কাম কাজতে মুগ্ধ হৈ পৰা লোক আমাৰ সমাজতো পৰিলক্ষিত হয়। নাৰীক এক ‘স্বাধীন সত্বা’ হিচাপে নহয়, তাৰ বিপৰীতে নাৰীৰ অধিকাৰ খৰ্ব কৰি পুৰুষৰ অধীন হৈ থকা ‘মনুবাদী’ ধাৰণাৰ প্ৰসাৰ ঘটোৱা আৰু সাম্প্ৰ্দায়িকতাৰ বিষবাস্প বিয়পোৱাৰ উদ্দেশ্যে গঠন হোৱা এই শাখাসমুহৰ গতি বিধিৰ ওপৰত চকু ৰখাটো অসমৰ সমাজ ব্যৱস্থাত সাম্প্ৰতিক সময়ত অতিকৈ প্ৰয়োজন হৈ পৰিছে।

(এই লেখা যুগুত কৰোতে তানিকা সৰকাৰৰ “The Woman As Communal Subject: Rashtrasevika Samiti And Ram Janmabhoomi Movement” আৰু “Pragmatics Of The Hindu Right : Politics Of Women’s Organisations” – এই প্ৰৱন্ধ দুটাৰ সহায় লোৱা হৈছে।)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে