চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি: এক ঐতিহাসিক বিচাৰ ( সৌৰভ শইকীয়া )

অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি: এক ঐতিহাসিক বিচাৰ ( সৌৰভ শইকীয়া )

খৃষ্ট্ৰীয় চতুৰ্থ শতিকামানৰ পৰাহে অসমৰ প্ৰামাণ্য ইতিহাস পোৱা যায়। তাৰ আগৰ ইতিহাস মানে মুখে মুখে চলি অহা আখ্যান। গতিকে আমাৰ আলোচনাৰ পৰিধিও চতুৰ্থ শতিকাৰ পৰাহে আৰম্ভ হ’ব। অসমীয়া সমাজ সদায় এখন শুদ্ধ অনাৰ্য সমাজ আছিল। সংস্কৃতকৰণ প্ৰক্ৰিয়া আৰু প্ৰাচীন অসম (কামৰূপ)ৰ ৰজাসকলে লোৱা “অগ্ৰহাৰ ভূমি দান” নীতিৰ ফলত অসমলৈ ব্ৰাহ্মণ্যবাদী আৰ্যসকলৰ আগমন ঘটে।প্ৰধানকৈ বংগদেশ আৰু কান্যকুব্জ( কনৌজ)ৰ পৰা অহা ব্ৰাহ্মণসকলক ইয়াত ভূমিদান দি সংস্থাপিত কৰা হৈছিল। এইখিনিতে ব্ৰাহ্মণসকলক ভূমিদান দিয়াৰ এক বস্তুগত পৰিস্থিতি উল্লেখ কৰাটো অতি প্ৰয়োজন। প্ৰধানতঃ দুটা কাৰণত অসমৰ ৰজাসকলে ব্ৰহ্মণক ভূমিদান কৰিছিল। এটা আছিল, অৰ্থনৈতিক কাৰণ আৰু আনটো ৰাজনৈতিক কাৰণ। ইফালে অসমলৈ ব্ৰাহ্মণসকলৰ আগমনৰ মূল অভিপ্ৰায় ধৰ্মীয় আছিল আছিল যদিও তাত তেওঁলোকৰ ব্যক্তিগত সংস্থাপনৰ প্ৰশ্নটোও জড়িত আছিল।

প্ৰাচীন কালৰ পৰা কৃষিয়ে আছিল অসমৰ অৰ্থনীতিৰ ৰাজহাড় স্বৰূপ। কোৰ সংস্কৃতিয়ে আছিল প্ৰাচীন অসমৰ মুখ্য কৃষি পদ্ধতি। কোৰৰ সহায়ত খেতি কৰাটো কষ্টকৰ আৰু দুৰূহ আছিল। তদুপৰি, জনসংখ্যা বৃদ্ধিৰ লগে লগে কোৰ সংস্কৃতিয়ে অৰ্থনীতিৰ চাহিদা পূৰণত ব্যৰ্থ হয়। সেয়ে উৎপাদন ব্যৱস্থাত পৰিবৰ্তন অৱশ্যম্ভাৱী হৈ পৰিল। সেই সময়ত ব্ৰাহ্মণসকলৰ কৃষি সম্পৰ্কে এক উন্নত জ্ঞান আছিল। তেওঁলোকৰ নাঙল সংস্কৃতি, পশুপালন , জলসিঞ্চন ইত্যাদিৰ উপৰি বতৰ আৰু শস্যৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে ভাল জ্ঞান আছিল। কিন্তু ব্ৰাহ্মণসকলে নিজৰ মৰ্যাদা বজাই ৰাখি নিজে কেতিয়াও খেতি পথাৰত নমা নাছিল। তেওঁলোকে খেতিয়কসকলক উন্নত পদ্ধতিৰে খেতি কৰিবলৈ শিকাইছিল। গতিকে ব্ৰাহ্মণসকলক অনাৰ্য লোকসকলৰ মাজত সংস্থাপন কৰাটো জৰুৰী আছিল।

এফালে ব্ৰাহ্মণসকলৰ দ্বাৰা সংস্কৃতকৰণ প্ৰক্ৰিয়াও সমান্তৰালভাবে চলি আছিল। কিন্তু ভাৰতবৰ্ষৰ অন্য ঠাইৰ দৰে অসমত স্পষ্টকৈ “চাৰি বৰ্ণ” বিভাজন সম্ভৱ নহ’ল। সেয়ে অসমত ব্ৰাহ্মণসকলক বাদে বাকী সকলো জাতি-জনজাতিকে হিন্দুকৰণ বা সংস্কৃতকৰণৰ মাধ্যমত শূদ্ৰৰ মৰ্যাদা দিয়া হ’ল। তদুপৰি, ব্ৰাহ্মণসকলে লক্ষ্য কৰে যে অসমৰ সহজ-সৰল জনজাতীয় লোকসকলৰ মাজত কঠোৰভাবে ব্ৰহ্মণ্যবাদী নীতি-নিয়মসমূহ প্ৰয়োগ কৰিব পৰা নাযায়। সেয়ে সাজ-পাৰ, খাদ্যাভ্যাস, ধৰ্মীয় আচাৰ, চলন-ফুৰণ আদি ক্ষেত্ৰত ব্ৰাহ্মণসকলে উদাৰ নীতি ল’লে আৰু বুজা-পৰাৰ মাধ্যমেৰে চলি থাকিল। এয়া আছিল ইতিহাসে ঢুকি পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰাচীনতম নিদৰ্শন। এইটো কাৰণতে আজিও অসম তথা উত্তৰ পূবৰ ব্ৰাহ্মণসকলক ভাৰতৰ আন ঠাইৰ ব্ৰাহ্মণসকলে তলৰ খাপৰ বুলি গণ্য কৰে।

১২২৮ খ্ৰীষ্টাব্দত অসমৰ এটা বৃহৎ অঞ্চলত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা হয়। অসমৰ পশ্চিম অংশ (হাজোৰ পৰা বংগৰ এটা অংশলৈ) আছিল কোচ সাম্ৰাজ্যৰ অন্তৰ্গত। অসমত সাম্প্ৰদায়িক সম্প্ৰীতিৰ শ্ৰেষ্ঠ নিদৰ্শন দাঙি ধৰে আহোমসকলে। পৰৱৰ্তী সময়ত আনকি আহোমসকলে নিজা ধৰ্ম ত্যাগ কৰি হিন্দুধৰ্ম আৰু অসমৰ ভাষা-সংস্কৃতি গ্ৰহণ কৰে৷ লগতে অসমীয়া জাতিৰ লগত জাহ যায়। অৱশ্যে সপ্তদশ শতিকাত শাক্তধৰ্মৰ প্ৰভাৱত পৰি দুই, এজন আহোম ৰজাই বৈষ্ণৱসকলক নিৰ্যাতন কৰিছিল। তাৰেই পৰিণতিত অসমত মোৱামৰীয়া বিদ্ৰোহেও ভুমুকি মাৰে। কিন্তু অমলেন্দু গুহৰ দৰে ঐতিহাসিকে ধৰ্মীয় কাৰণতকৈও অৰ্থনৈতিক কাৰণহে মোৱামৰীয়া বিদ্ৰোহ সৃষ্টিৰ অন্যতম কাৰণ বুলি যুক্তি দিছে। দুই, এজন আহোম ৰজাই বৈষ্ণৱ নিপীড়ন কৰাৰ বিপৰীতে আহোম ৰজাসকলে অসমৰ বহু সত্ৰলৈ ভূমিদান আৰু পৃষ্ঠপোষকতা আগবঢ়াইছে। গতিকে এই ঘটনাক ধৰ্ম যুদ্ধ আখ্যা দিয়াটো ভুল হ’ব।

অসম দীৰ্ঘদিন ধৰি মুছলিমৰ সংস্পৰ্শত আছিল। ১২০৬ খৃষ্টাব্দত মহম্মদ বিন বখতিয়াৰ খিলজীৰ নেতৃত্বত অহা এটা মুছলিম আক্ৰমণকাৰী দলক কামৰূপ ৰজা পৃথ্বীয়ে পৰাস্ত কৰাৰ কথা কানাই বৰশী বোৱা শিলালিপিত পোৱা যায়৷ দৰাচলতে দলটোৱে কামৰূপ আক্ৰমণ কৰিবলৈ অহা নাছিল, কামৰূপৰ মাজেৰে চীনলৈহে যাব বিচাৰিছিল। কামৰূপ ৰজাই বাধা দিয়াত জোৰকৈ তেওঁলোকে কামৰূপ ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় আৰু উভতনি যাত্ৰাত ৰজা পৃথ্বীয়ে দলটোক আক্ৰমণ কৰি পৰাস্ত কৰে।

মোগলসকল দিল্লীৰ শাসনত বহাত আহোম-মোগলৰ মাজত যুদ্ধ-বিবাদ নৈমিত্তিক ঘটনাত পৰিণত হয়। যুদ্ধবন্দী হিচাপে ৰৈ যোৱা মুছলিমসকলক অসমতে হিন্দু ছোৱালী বিয়া পতাই সংস্থাপন দিয়া হয়। ষষ্ঠদশ শতিকাত আজান পীৰ অসমলৈ আহে আৰু অসমত ইছলাম ধৰ্ম প্ৰচাৰ কৰে। আজান পীৰৰ নেতৃত্বত নিম্নজাতৰ বহু হিন্দু লোক ধৰ্মান্তৰিত হয়। তদুপৰি আহোম ৰজাই দৰ্জী, নাগাৰা বনোৱা, ফাৰ্চী পঢ়োৱা ইত্যাদি দহটা বিশেষ বিত্তিৰ মুছলিম পৰিয়াল দিল্লীৰ পৰা আনি অসমত ৰজাঘৰীয়া সংস্থাপন দিয়ে। হাজো বহু আগৰে পৰাই মোগলসকলৰ গুৰুত্বপূৰ্ণ বাণিজ্যিক ঘাটি। হাজো বহু বছৰ ধৰি মোগল ফৌজাদাৰৰ অধীনত আছিল। ব্যৱসায়-বাণিজ্যৰ উদ্দেশ্যেও বহু মুছলিমে অসমতে বসতি মেলে আৰু কাল-ক্ৰমত অসমীয়া ভাষা-সংস্কৃতিক আপোন কৰি অসমীয়া জাতিৰ অংগ হৈ পৰে।

আহোম ৰজা শিৱ শিংহই হাজোৰ পোৱামক্কালৈ বহু শ বিঘা ভূমি দান কৰে। প্ৰায়েই সাম্প্ৰদায়িক হিচাপে অভিহিত দিল্লীৰ ৰজা ঔৰেংজ্যেবে অসমৰ উমানন্দ মন্দিৰৰ বাবে ভূমিদান কৰাটো অতি তাৎপৰ্যপূৰ্ণ কথা (সেই সময়ত গুৱাহাটী মোগলৰ অধীন আছিল)।

বংগদেশৰ বৃহৎ অঞ্চল এটা প্ৰাগঐতিহাসিক কালৰে পৰা অসমৰ অংশ। দেশ বিভাজনৰ পিছত বংগদেশ পাকিস্তানৰ অধীন হয়। আগতেই উল্লেখ কৰা হৈছে যে বংগ দেশৰ এক বৃহৎ অঞ্চল অসমৰ অংশ আছিল। পৰৱৰ্তী সময়ত পূব পাকিস্তান বা বংগই বাংলাদেশ নাম লৈ নতুন দেশত পৰিণত হয় যদিও দেশ বিভাজনৰ সময়ৰ পৰাই বৃহৎ সংখ্যক বঙালীলোকৰ অসমৰ মূল ভূখণ্ডলৈ প্ৰব্ৰজন ঘটিবলৈ লয়। সময়ৰ সোঁতত তেওঁলোকেও অসমৰ ভাষা-সংস্কৃতিক আঁকোৱালি লৈ নিজকে বৃহৎ অসমীয়া জাতিৰ লগত বিলীন কৰে।
ধৰ্ম চৰ্চাৰ ক্ষেত্ৰতো অসমত শক্তিবাদৰ পৰা আৰম্ভ কৰি বৈষ্ণৱ-নৱ বৈষ্ণৱবাদলৈ সকলোৰে সহ-অৱস্থান দেখা যায়।

এইদৰে বিভিন্ন উপাদান আহি অসম ভূমিত মিলিত হৈছে আৰু ইয়াৰ জনগাথঁনি গঢ় দিছে। অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াক ঠিক পিয়াজ এটাৰ গঠনৰ সৈতে একাকাৰ কৰিব পাৰি। বহু কেইটা তৰপ এটাৰ ওপৰত এটা জাপ খাই যিদৰে পিয়াঁজ এটা গঠিত হয় অসমীয়া জাতিটো ঠিক তেনেকুৱা। পিয়াজ এটাৰ তৰপ বিলাক এটা এটা কৈ গুচাই গৈ থাকিলে পিয়াঁজ বুলি নিৰ্দিষ্ট একো নাথাকিব। বিভিন্ন জনসমষ্টি আহি অসমত মিলিত হৈছে আৰু অসমীয়া জাতি নাম লৈ প্ৰগতিৰ দিশে ধাৱমান হৈছে ।ঐতিহাসিক দৃষ্টিকোণেৰে বিচাৰ কৰিলে নিঃসন্দেহে অসমক সাম্প্ৰদায়িক সম্প্ৰীতিৰ পলসুৱা ক্ষেত্ৰ হিচাপে অভিহিত কৰিব পাৰি।
সম্প্ৰতি দেশত বিৰাজ কৰা উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ কলীয়া ডাৱৰ অসমৰ আকাশতো দুই এচপৰা দেখা গৈছে। পিছে অসমৰ বৈচিত্ৰময় জনগাঁথনি আৰু বহু ধৰ্মীয় বাদসমূহৰ অৱস্থানে ইয়াক গুৰুতৰ ৰূপ ধাৰণ কৰাত বাধা দিছে। আমি নিশ্চিত যে দুই এচপৰা কলীয়া মেঘে অসমত বিজুলী ঢেৰকণীৰ সৃষ্টি কৰিব নোৱাৰে বৰং সেই কলীয়া মেঘ পানী হৈ তললৈ সৰি পৰিব আৰু চিৰদিন অসমৰ আকাশ ফৰকাল হৈ ৰ’ব।
অসমৰ সম্প্ৰীতিৰ কথা কওঁতে ভূপেনদাৰ সেই বিখ্যাত গীতটি স্মৰণ নকৰিলে নহয়–” মহাবাহু ব্ৰহ্মপুত্ৰ/মহামিলনৰ তীৰ্থ /কত যুগ ধৰি আহিছে প্ৰকাশি সমন্বয়ৰ অৰ্থ/….।”

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে