চ’ৰাঘৰ / কথাশিল্প / অমৰ মৃত্যু ( ৰক্তিম শৰ্মা )

অমৰ মৃত্যু ( ৰক্তিম শৰ্মা )

এসোঁতা তেজৰ নাম কেতিয়া
নৈ হ’ব পাৰে ?
কিদৰে বুকুবোৰ জ্বলি জ্বলি
ছাঁই হয়
ৰৈ ৰৈ শিল হয়
প্ৰতিটো অপেক্ষাৰ ৰাতি ?
কোনেও একো নুবুজিলে
কাৰো অৱকাশ নাই শুনাৰ
যদিও সহযোদ্ধাৰ তেজ লগা বাটেৰে
অহৰহ অহা যোৱা
প্ৰতিপল ৰাষ্ট্ৰৰ চৰ্দাৰী
হেজাৰ অপমানৰ অন্তত
আঁজুৰি লৈ যায় আইৰ সমস্ত ৷

কোনেনো নাজানিছিল তেতিয়া
আন্ধাৰ বাটটোত কিয় জোনাকী পৰুৱাই খেলিছিল ৰাতি
ৰূপৰ নাকফুলি পিন্ধি শুই থকা আইক জগাবলৈ
কিয় প্ৰিয় কবিয়ে লিখিবলৈ বাধ্য হৈছিল
স্বাধীনতাৰ গান !

তোমালোকে যিমানেই গোৱা শান্তিৰ প্ৰশস্তি
সিমানেই সিহঁতে মালা পিন্ধায়
হিটলাৰ অথবা পলপটৰ পুতুলাক ৷
বজাৰত বিক্ৰী কৰে মোৰ আইৰ স্বাভিমান ৷

একো সলনি হোৱা নাই দিনবোৰ !
দিপিলা চ’কৰ বতাহজাকে আজিও নৈখন সাবটি উজাগৰে থাকে
নিৰ্যাতনৰ বিচনাত সাৰে থাকে
ভূমিহীন
মাটিৰ মানুহ
বানাক্ৰান্ত পানীৰ মানুহ ৷

তোমালোকৰ নীৰৱতাত আজি
মৰিশালিয়ে হাঁহে
কবৰৰ পৰা উঠি আহি মোচত তাওঁ দিয়ে
গুপ্তহত্যাৰ চৰ্দাৰে ৷
বন্ধ কৰিব মুখ
ৰুদ্ধ কৰিব চিন্তা ।

তথাপি সহযোদ্ধাৰ বুকুৰ ৰঙা কঢ়িয়াই
নৈখন বৈ থাকে নীৰৱে
যদিও
কবিতাবোৰে
পাহৰণিত ডুবি আত্মহত্যা কৰে
পাহাৰখনৰ সিপাৰে
সূৰুযটো ওলোৱা চাবলৈ
অপেক্ষাৰ শেষত মৰি থাকে মোৰ আই !

হে ছহিদ সহযোদ্ধা !
যন্ত্ৰণাৰ ৰাতি
তোমাৰ নৈখন মোক দিয়া আজি
বুকুত সাবটি শুই পৰো
তোমাৰ বুকুত বুকু থৈ
উম লওঁ
কলিজাত আঁকি লওঁ তোমাৰ প্ৰিয়
নিষিদ্ধ অৰণ্য
অথবা অমৰ মৃত্যু ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে