চ’ৰাঘৰ / ৰসবিতান / বাস্তৱৰ ন ন পুৰাণ ( গুৰু)

বাস্তৱৰ ন ন পুৰাণ ( গুৰু)

আমাৰ এক বন্ধুৰ হেনো আজিকালি গোটেই পৰিৱেশটো কিবা ধৰ্ম-ধাৰ্মিক-ধৰ্মীয়, হিন্দু-হিন্দী-হিন্দুস্থান-এনেকুৱা লাগি থাকে। কথাটো নোহোৱা নহয়, আমিও মন কৰিছো। সেই গতিকে আমিহে বেদ –পুৰাণ, আখ্যান-উপাখ্যানত মন বহাইছো। তেনে দুই এক বাস্তৱ আখ্যান আপোনাসৱৰ আগত বেকত কৰিব ওলাইছো…

টিকাপোৰা আখ্যান-
এখন দেশত পূৰ্বৰ দুৰ্বল ৰজাক খেদি এজন প্ৰতাপীয়ে সিংহাসন আৰোহণ কৰিলে। ন-ৰজাই দিন যোৱাৰ লগে লগে প্ৰতাপীৰ পৰা মহাপ্ৰতাপী হ’বলৈ ধৰিলে,বহু কেইখন প্ৰদেশ কৰতলীয়া কৰি ল’লে। ৰজাৰ চেলা-চামুণ্ডাবোৰৰো টিঘিল ঘিলনি বাঢ়িবলৈ ধৰিলে।যি মন যায় তাকেই কৰিবলৈ ধৰিলে। তেওঁলোক একপ্ৰকাৰৰ অসহিষ্ণু চৰিত্ৰৰ ,অৰ্থাৎ টিকাপোৰা বিধৰ। প্ৰজাই কি কৰিব,কি খাৱ সকলো ৰজাৰ ফৈদৰ মানুহে ঠিক কৰি দিলে। কোনোবাই যদি হেৰ ফেৰ কৰিছে, তাৰ পৰিণাম মৃত্যুদণ্ড। এবাৰ ৰজাৰ ফৈদৰ টিকাপোৰা এচামে কৰতলীয়া প্ৰদেশ এখনত গ’ল। তাৰ প্ৰজাই ৰজাৰ শাসন কিদৰে মানিছে, তাকে বুজিবলৈ তেওঁলোকে প্ৰদেশখনৰ এটা চুকত গৈ আক্ৰমণ কৰি লণ্ড-ভণ্ড কৰিলে। আনকি চকত হাগিলে আৰু প্ৰদেশ খনৰ মহান ব্যক্তি দুই এজনৰ ফটোত গোৰ-মাৰ শোধালে। এই কাৰ্যত গোটেই প্ৰদেশখনৰ প্ৰজাই মনত দুখ পালে। ৰজাক ধিক্কাৰ দিলে। ডেকা সৱে দোষীৰ শাস্তি বিচাৰিলে। পিছে দোষী উধাও। ভালেকেইদিনৰ পাছত পৰিস্থিতি ভাল নেদেখি ৰজাই চিপাহী-চন্তৰীৰ হতুৱাই দোষীক ধৰিলে। দোষীয়ে আকৌ দাঁত নিকটাই বিচাৰশাল পালে, যেন এই কুকাৰ্য কৰি তেওঁৰ মানৱ জীৱন সফল হ’ল। এই ফালে আকৌ ৰাজকাৰেঙৰ পৰা বিচাৰ প্ৰক্ৰিয়ালৈ হকা বাধাৰ আদেশ আহে। পিছে প্ৰজাই আজিও বিচাৰ বিছাৰিয়েই আছে। কিন্তু ডেকা সৱে নিতাল মাৰিলে চাগে’। অৱশ্যে ৰজাই বঁটা-বাহন দিবও জানে নহয়!

মিথ্যাচাৰী আখ্যান-
২০০৭ চনৰ ২৪ নৱেম্বৰত বেলতলা কাণ্ডৰ নিৰ্যাতিতা লক্ষী ওৰাঙৰ ফটো উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ ফেচবুক পেজত আপলোড কৰা হ’ল, ভুল তথ্যসহ। তথ্য খিনিত ধৰ্মীয় ৰং সানি বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচৰা হৈছিল। কিন্তু পোষ্টটো অসমৰ এজন সম্মানীয় (!) সাংসদে share কৰিলে। নিৰ্যাতনৰ বলি হোৱা এজনী সাহসী আদিবাসী যুৱতীক লৈ এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰা কাৰ্যক গণতান্ত্ৰিক সমাজে ধিক্কাৰ দিলে। ক্ষোভত জ্বলিলে আদিবাসী সমাজ। কথা এটা মনলৈ আহিছে- পাষাণ ফেচিষ্ট নেতা এজনে এবাৰ কৈছিল “মিছা কথা এটা যদি এশ বাৰ কোৱা হয়,তেতিয়া ই সঁচাত পৰিণত হয়।” এই মিথ্যাবাদী সকলো ফেচিষ্টৰ এজাত। কিন্তু তেনেকুৱা মিছা সৰ্বসাধাৰণে ক’লে মহা বিপদ। তেৰাই কৰিলে লীলা আৰু সৰ্বসাধাৰণে কৰিলে ধৰি-বান্ধি কিলা।

ভোজন উপাখ্যান-
এতিয়া আমাৰ দেশত প্ৰজাই কি খাৱ, ৰাজফৈদে ঠিক কৰি দিয়া নিয়ম হৈছে।ৰাজ ফৈদৰ মানুহে কৈছে যে গো হত্যা আৰু ভক্ষণ নিষেধ। কাৰণ গো হেনো ‘মাতা’(!)। মাকক হত্যা কৰিব নাপায় আৰু ভক্ষণ কৰাটো মহাপাপ। সৰুতে গৰু বিষয়ক ৰচনা খনলৈ মনত পৰিছে-তাত দেখোন আমি –গৰু এবিধ চাৰিঠেঙীয়া ঘৰচীয়া উপকাৰী জন্তু বুলিহে পঢ়িছিলো। এই ‘মাতা’ শব্দটো আকৌ কেতিয়া আহি লম্ভিলে টলকিবই নোৱাৰিলো। পিছে গো মাতাৰ সন্তান সৱে হাল-মৈ টানে নে নাই বা? টানিলে বেয়া নহব, কাৰণ ৰজাৰ কৃষি বিভাগৰ ট্ৰেক্টৰ প্ৰজাই নাপালেই নহয়, আমোলাসকলে ভগাই খালে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে