দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / বিজুলী চাকিৰ সমদল ( নাজমা মুখাৰ্জী )

বিজুলী চাকিৰ সমদল ( নাজমা মুখাৰ্জী )

এই সময়খিনিয়েই সেইখিনি সময়৷ পোহৰ আৰু আন্ধাৰৰ সীমাৰখা৷ সূৰ্যটো নৈৰ বুকুত মাৰ যায়৷ পোহৰবোৰে উজ্জ্বলতা হেৰুৱাই ম্লান হৈ পৰে৷ নৈৰ পাৰত জুৰ বতাহ বলে৷ পাৰৰ পাৰ্কখনলৈ বিভিন্ন বয়সী মানুহৰ সমাগম হয়৷ ল’ৰা-ছোৱালীবোৰে খেলে৷ জঁপিয়ায়৷ পখিলাবোৰে উৰি ফুৰে৷ অনতি দূৰৈত তলৰ নৈখন শান্তভাৱে বৈ যায় তেতিয়া৷ যেন জীৱনৰ অপৰাহ্নৰ আচৰণ৷ পানীত সামান্য তৰংগ থাকে৷ মাজে মাজে টুপাই বুৰ মৰা শিহু দুই-এটাৰ দেখা-নেদেখা দৃশ্যৰ সমাগম হয়৷ আচলতে এই সময়খিনিৰ এটা অপাৰ্থিৱ অৱস্থান আছে৷ অৱগাহন কৰিলে কোনোবা পাৰ্থিৱ মানুহেও অপাৰ্থিৱ অৱস্থানলৈ গুচি যাব পাৰে৷ বোধকৰো ক্ষিতিও যায়৷ মই অৰ্থাৎ অবিনাশে নিজৰ কথা জানো৷ ভালকৈয়ে জানো৷ কিন্তু ক্ষিতিৰ মনৰ খবৰ ইমান নিৰ্ভুলভাৱে মই দিব নোৱাৰো৷ স্কুললৈ যাওঁতে বাছৰ আইনাত কোনো দিনেই ক্ষিতিয়ে নিজৰ মুখখন নেদেখে৷ আনৰ মুখকে নিজৰ মুখ বুলি ভাবি পৰম আগ্ৰহেৰে সেই মুখখনলৈ চাই থাকে৷ ঘৰলৈ আহি মোক ঘটনাটো ব্যাখ্যা কৰে৷ যেনে–ক্ষিতি গৈ থকা বাছখনৰ সমান্তৰালভাৱে আন এখন বাছো গৈ আছিল৷ তাৰ আইনাত ক্ষিতিয়ে নিজৰ মুখখন বিচাৰি বিচাৰি পালে৷ প্ৰথমে চিনিবই পৰা নাছিল হেনো৷…

ময়ো ক্ষিতিক চিনি নাপাওঁ৷ আমাৰ দাম্পত্য ব্যৰ্থ–এনেকুৱাই ভাব হয় মোৰ৷ একমাত্ৰ সন্তানে পৃথিৱী এৰি যোৱাৰ পাছত আমি দুয়ো যেন দুটা মেৰুৰ মানুহ৷ নিজৰ ভিতৰত একোখনকৈ জগত থকা মানুহে আনৰ পিনে চাবৰ সময় নাপায়৷ মই ভাবো, মোৰ সেই সময় আজিকালি বৰকৈ কমিছে৷ ক্ষিতিৰো বোধহয় একেই দশা৷ তথাপি আমি আজিও আৱৰ্তিত হৈ আছো একে কক্ষপথত৷ ইজনে-সিজনক অনুকৰণ কৰো৷…সিদিনা ক্ষিতিয়ে মোক অনুসৰণ কৰিছিল৷ আমি আকাশ কনষ্ট্ৰাকচনৰ আধাসজা মাল্টিষ্টোৰিডটোৰ ছিৰি বগাই ওপৰলৈ উঠিবলৈ চেষ্টা কৰিছিলো৷ এপাৰ্টমেণ্টবোৰ সম্পূৰ্ণ হোৱাই নাই৷ আচলতে আৰু কেইটামান তৰপ পৰাৰ আগতে আধাসজা বিল্ডিংটোৰ ৰূপটো চাবলৈ মোৰ ইচ্ছা জাগিছিল৷ ক্ষিতিক কথাটো কোৱাত তেৱোঁ সন্মত হ’ল৷ আগে আগে মই,পিছে পিছে ক্ষিতি৷ ছয় তলাত ফ্লেট৷ আমি মাজে মাজে ওলোমা বাৰাণ্ডাবোৰত জিৰাইছিলো৷ ক্ষিতিৰ মৃদু ফোপনিৰ শব্দ শুনা গৈছিল৷ মই শূন্যলৈ আৰু শূন্যলৈ আগবাঢ়িছিলো৷ ছয়তলাৰ ওলোমা বাৰাণ্ডাত থিয় হৈ ক্ষিতিয়ে ক্লান্ত অথচ কৰ্কশ কণ্ঠেৰে কৈছিল–‘ছয়তলাৰ ফ্লেটটো কিয় ল’বলৈ গ’লা? তোমাৰ পৰা আৰু শান্তি নাই৷’

হয়, এই অৱস্থানৰ নিৰ্বাচন মোৰ ইচ্ছাকৃত৷ আকাশৰ নিৰিবিলিত অকণমান শান্তি বিচাৰিয়েইতো মই ইয়ালৈ আহিব খুজিছো৷

মই একে নমতা দেখি ক্ষিতিয়ে আকৌ ক’লে, ‘কিয় ল’বলৈ গ’লা ছয়তলাত ফ্লেট? কি বুদ্ধিত? জানানে পলৰীয়া মানুহৰ শান্তি নাই৷’

উচাপ খাই উঠো৷ মোৰ মনৰ ভাব ধৰিব পাৰিছে পত্নীয়ে৷ উস, ঠিক এই বাসনা লৈয়েইতো…সন্মুখত ব্ৰহ্মপুত্ৰ…সব মাৰ যাব, সব উঠি যাব৷ মই চাই ৰ’ম৷ প্ৰাণ ভৰি৷ ছয়তলাৰ ওলোমা বাৰাণ্ডাত দিনে-নিশাই বহি সময় কটাম৷….দিনত ব্ৰহ্মপুত্ৰত ডুব যাব সূৰ্য, নিশা উটি যাব জোন আৰু পাৰৰ বিজুলী চাকিৰ সমদল৷ মোৰ তেতিয়া আৰম্ভ হ’ব মানস যাত্ৰা৷ যেন কোনো কালে শেষ নোহোৱা এক যাত্ৰা৷ চকু মুদি দিম৷ শ্মশানৰ পৰা উঠি আহিব মোৰ মাতৃ, ল’ৰালিতে ঢুকোৱা পিতৃ৷ মুখখন মনতেই নপৰিব৷ তাৰ পিছত বাঁহ-বাননিৰ কেঁচা আলিয়েদি গুচি যাম বহুদূৰলৈ৷ লগৰীয়াৰ সৈতে হাবিলৈ৷ অগাইধনি সেই হাবিত হেৰাই যাম লক্ষেশ্বৰ, অমল আৰু অনন্তৰ সৈতে৷ লাহে লাহে মোৰ দুচকুুত ভাহি উঠিব গৌতমৰ দেউতাক৷

ছয়তলাৰ ফ্লেটটো দেখি ক্ষিতি বিৰক্ত হৈছিল ঠিকেই, পিছলৈ সেই বিৰক্তি নোহোৱাও হৈ গ’ল৷ মই ভবাৰ দৰে বিশেষ একো নহ’ল৷ তেওঁ আকৌ স্বাভাৱিক শান্ত ৰূপত ধৰা দিলেহি৷ মোক অনুসৰণ কৰি লিফটোৰে আমাৰ এপাৰ্টমেণ্টলৈ উঠি আহিল৷ ৰূপালী আখৰৰ দুটা শব্দৰ জাল ৰচি প্ৰৱেশদ্বাৰত ফলত এখন লগাই দিলে–গীত৷ আমাৰ ফ্লেটটোৰ নাম৷

প্ৰতিটো ঘটনাৰেই বোধহয় একোটা নগ্নৰূপ থাকে আৰু এটা সুন্দৰ সাজপাৰ পিন্ধা চকমকীয়া ৰূপ৷ দেৱালে দেৱালে সুন্দৰ পেইটিং, ৰং-বিৰঙৰ পৰ্দা, চকমকীয়া আচবাববোৰে আমাৰ মনৰ ওপৰত আঁৰ কাপোৰ দি দিলে৷ ক্ষিতিয়ে মোক সুধিছিল,‘ কেনে দেখিছা, ফ্লেটটো? ইয়াতেই বাকী জীৱন কটাব লাগিব আমি৷’

আৰু কিমান সময় আছে আমাৰ হাতত ক্ষিতি? দহ বছৰ, পোন্ধৰ বছৰ…লাখ লাখ ঘণ্টা…কোটি কোটি মিনিট, ছেকেণ্ড…তাৰ পিছত আমি গুচি যাম৷ য’লৈ যাম তাৰ পৰা আৰু উভতি নাহো৷ কি থৈ যাম আমি? পৃথিৱী যে বৰ মৰমৰ৷ আমি গুচি যোৱাৰ পাছতো কাৰ চকুৰে নিতৌ পৃথিৱীখনক চাম? অৰণ্যৰ দিন, সাগৰৰ নিশা আমি কেনেকৈ উপভোগ কৰিম? …মোৰ বাকৰুদ্ধ অপত্য বিননি মই আচলতে কাকো শুনিবলৈ নিদিওঁ৷ মোৰ নীৰৱতাত ক্ষিতি আহত হয়৷ দুটা গতিপথ আছে দুয়োৰে৷ নিজৰ পথেদি ক্ষিতিয়ে খোজকাঢ়ি থাকে৷ গীত নামৰ আমাৰ ঘৰটোলৈ প্ৰভাত আহে, নৈৰ মলয়া বতাহ, চৰাইৰ কুজন, পোহৰ ৰ’দ, ধূলিকণা, বতাহত উৰি ফুৰা হাজাৰ হাজাৰ মেছেজৰ কোনোবাটো…লাচিম-ভাঙোনৰ ডাঙৰ এলুমিনিয়ামৰ পাত্ৰটো চাইকেলৰ কেৰিয়াৰত বান্ধি মাছৱালাটোৱে তলৰ পৰা চিঞৰে, গাখীৰৱালাই বেল বজায়হি, তলৰ পৰা নিৰ্ভুল লক্ষ্যৰে ডাঙৰ বাতৰি ককাতখন মোটোকাই সৰু কৰি দলি মাৰি পঠিয়ায় হকাৰ ল’ৰাটোৱে আৰু বেলকনিত থপকৈ পৰেহি পৃথিৱীৰ খবৰৰ ভাণ্ডাৰ৷ ..ঘৰৰ ভিতৰত বতাহত উৰি নুফুৰে গীত-হাঁহিৰ টুকুৰা, তাৰ মুখনিসৃত ব্ৰহ্মৰূপী শব্দ, ভৰিৰ খোজৰ ধ্বনি৷…

কিন্তু ক্ষিতিৰ খোজৰ গতি ক্ষিপ্ৰ হয়৷ তেওঁ মাছৱালাৰ সংস্পৰ্শলৈ আহে, গাখীৰৱালাৰ সংস্পৰ্শলৈ আহে৷ উস্ ! এই মানুহজনীৰ দুখবোৰ নজমেই৷ মই দুখৰ সৰোবৰত ডুবি থাকো আৰু তেওঁৰ দুখবোৰ উটি-ভাহি যায় প্ৰতি মুহূৰ্ততে৷ ইমান কাম, ইমান কাম, ইমান সংযোগ৷ ক্ষিতিৰেই বোধহয় ভাল৷…এটা প্ৰাণৱন্ত ল’ৰা আছিল৷ সি৷ গৌতম বা গীত৷ সেই প্ৰাণৱন্ত ল’ৰাটি কেনেকৈ প্ৰাণহীন এটি ঘৰত পৰিণত হ’ব পাৰে৷ সি কেতিয়াবা ঘৰ হৈ যায়, কেতিয়াবা তৰা, কেতিয়াবা পখিলা আৰু কেতিয়াবা এটি মধুৰ কণ্ঠৰ গীত৷…ক্ষিতি৷ মাথোঁ পুত্ৰৰ স্মৃতিফলক প্ৰৱেশদ্বাৰত আঁৰি দিয়াতেই কাম শেষ৷ তোমাৰ তাৰ কথা মনত নপৰে ক্ষিতি? কিয় তাৰ কথা মোৰ সৈতে নাপাতা তুমি? মই জানো, তোমাৰ এইবোৰত মনেই নাই৷ ক’তো তুমি স্থিৰেৰে থাকিব নোৱাৰা৷ ত্ৰিশ বছৰ আগতে পিকনিকলৈ যাওঁতে নয়নৰ সৈতে তুমি ইমান নিভৃত হৈছিলা কিয়? তোমাৰ অফিচৰ পিকনিকত বহুতে পৰিয়াল লৈ গৈছিল৷ তুমি মোক আৰু গীতক কিয় নিনিলা? গীত সৰু, আমনি কৰিব…এই অজুহাতত আমি ৰৈ গ’লো৷ আৰু প্ৰকাশ…প্ৰকাশে মোক কৈছিল গোটেইখিনি কথা…অবিনাশ জান, আজি ক্ষিতি আৰু নয়নে নিভৃতে কথা পাতিছিল৷ নৈৰ পাৰৰ পাতলীয়া বননিত বহি নয়নে চিগাৰেট খাইছিল, ক্ষিতিয়েও খাইছিল৷ হুকহুকাই কান্দিছিল তাই৷ মোৰ চকুত পৰি গৈছিল৷ অবিনাশ, ক্ষিতিশ তই…

…দুখ থাকিব পাৰে, মানুহৰ দুখ থাকিব পাৰে৷ ক্ষিতিৰো কান্দিবলৈ নয়নক প্ৰয়োজন হ’ব পাৰে৷ চিগাৰেট খোৱাৰ আৱশ্যকতাও দেখা দিব পাৰে৷ এজন পুৰুষ আৰু এজনী নাৰীয়ে নিভৃতে কথা-বতৰা পাতিলেই তাত অশ্লীলতাৰ কি আছে? মনটোক সান্ত্বনা দিব বিচাৰিছিলো এফালে, আনফালে মোৰ পৌৰুষ জাগি উঠিছিল৷ ক্ষিতিক চাৰ্জ কৰিছিলো৷ প্ৰচণ্ড খঙত গালত সজোৰে এটা চৰ মাৰিছিলো৷ জোনটো উটি গৈছিল সেইদিনা৷ এসপ্তাহ বাক্যালাপ নাছিল আমাৰ৷ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ চাকৰিটো এৰি দিবলৈ মই ক্ষিতিক বাধ্য কৰিছিলো৷ পাছত এই স্কুলখনত…

এইবোৰ কথা আজি মই কিয় ভাবিছো৷ ক’ত কাল হৈ গ’ল৷ ত্ৰিশ বছৰতো কম সময় নহয়৷ ক্ষিতি আহি মোৰ ওচৰত থিয় হ’লহি ! হাতত একাপ চাহ৷ চাহ কাপ সন্মুখত থৈ মোলৈ চাই ক’লে, ‘পৰহি জ্যোতিয়ে ফোন কৰিছিল, তোমাক ক’বলৈ পাহৰিছিলো৷ পৰ্ণাৰ বিয়া ঠিক হৈছে হেনো, ল’ৰা ইঞ্জিনিয়াৰ৷’

জ্যোতি ক্ষিতিৰ ভনীয়েক৷ মই ক’লো,‘ পৰ্ণাক মাতি পঠিওৱা তেনেহ’লে৷ দুদিনমান থাককহি৷ ভালকৈ এসাঁজ খাওক৷’

ক্ষিতিয়ে এটা হুমুনিয়াহ কাঢ়িলে৷ ক’লে, ‘ময়ো তাকেই ভাবিছো৷’
‘অৰ্কৰ খবৰ কি?’ মই ক্ষিতিলৈ চাই সুধিলো৷ অৰ্ক পৰ্ণাৰ ভায়েক৷
তাৰো ভালেই৷ এইবাৰ সি ওলাব৷

….মাথোঁ এটা সন্তান জন্ম দিয়াৰ সিদ্ধান্তটো ভুল আছিল নেকি আমাৰ? কোৱানা ক্ষিতি৷ মাথোঁ এটা সন্তান জন্ম দিয়াৰ সিদ্ধান্তটো….
দুটা সন্তান হ’লে তুমি গৌতমক হেৰুওৱাৰ দুখবোৰ পাহৰি গ’লা হয় অবিনাশ! পাহৰি গ’লা হয়৷

ক্ষিতি মোৰ সন্মুখৰ পৰা গুচি গৈছে কেতিয়াবাই৷ চেঁচা হ’ব ধৰা চাহকাপ খাই মই জঠৰ হৈ বহি থাকো৷ কেনেকৈ জোৰা দিওঁ শূন্য সময়বোৰ৷ অৱসৰ লোৱা পাঁচ বছৰ হৈ গ’ল৷ জীৱনৰ দোদুল্যমানতাক স্বীকাৰ কৰি উত্তৰৰ ওলোমা বাৰাণ্ডাত বহি থাকো৷ কিছুপৰ বহি ভিতৰত আলমাৰিটোৰ কাষলৈ যাওঁ৷ ইখন কিতাপ টানো, সিখন কিতাপ টানো৷ বৰ অব্যৰ্থ, অপত্য প্ৰেম৷ খুব নিপুণভাৱে হৃদয়ত বৰ্শাৰ দৰে বিন্ধি থাকে৷ ক’লৈ গ’ল গৌতম বা গীত? কিয় মৃত্যু হ’ল তাৰ৷ বহু আশাৰে নামী কলেজখনত পঢ়িবলৈ গৈছিল সি৷ আমি এখন সৰু চহৰত আছিলো তেতিয়া৷ সি হোষ্টেলত থাকিছিল৷ তাৰ পৰা এদিন নোহোৱা হৈ গ’ল৷ কাপোৰ-কানি, কিতাপ-বহী, ঘড়ী, বেংকৰ কাৰ্ড সকলো থাকিল, মাথোঁ হেৰাই গ’ল গীত৷ কোনোবাই মাৰি পেলালে তাক৷ কোনেও স্বীকাৰ নকৰে কিয় তাক মৃত্যুদণ্ড দিয়া হ’ল? আইনৰ হাকোটা লগাই মই ৰহস্যবোৰ পাৰি আনিবলৈ চেষ্টা কৰি থাকিলো৷ একেবাৰে নীৰৱ চকুৰ আগত দেখা পাওঁ সঘনে গৌতমৰ দেউতাকক৷ ইমানবোৰ ঘটনা জীৱনত ঘটি যোৱাৰ পিছতো গৌতম পাৰ্থিৱ অৱস্থা পাৰ হৈ অপাৰ্থিৱ এক অনুভূতিত পৰিণত হোৱাৰ পাছতো, হৃদয়ত বাস কৰিবলৈ লওঁতেও, কেতিয়াবা ঘৰ হৈ যোৱা, কেতিয়াবা তৰা, কেতিয়াবা পখিলা, কেতিয়াবা মধুৰ কণ্ঠৰ গীত হৈ যোৱাৰ পাছতো এই ঘটনা ঘটে৷ মই মাথোঁ এজন মানুহক দেখা পাওঁ৷ গৌতমৰ দেউতাক৷

ইমান ধীৰ খোজেৰে তেওঁ সেইদিনা ক’লৈ গৈছিল? খুব ধীৰ খোজ৷ চকুত চশমা নাছিল বাবে কন্দাত তেওঁ অসুবিধা পাইছিল৷ অপৰাহ্নৰ কলেজখন তেনেই সেৰেঙা হৈ পৰিছিল৷ গৌতমৰ দেউতাক গৈ অধ্যক্ষৰ কোঠাৰ দুৱাৰডলি পাই থমকি ৰয়৷ তাৰ পিছত অধ্যক্ষৰ ব্যক্তিগত সহায়কাৰীৰ কাষেদিয়েই আগবাঢ়ি গৈ প্ৰৱেশ কৰে কোঠালিত৷ মুখামুখিকৈ বহি লয়৷ স্থিৰ দৃষ্টিৰে চাই ৰয় অধ্যক্ষৰ পিনে৷ অধ্যক্ষক নহয়, তেওঁৰ ছাত্ৰসকলক উদ্দেশ্য কৰি কয়,‘তোমালোকে তাক মাৰিলা কিয়? মাথোঁ এইটো প্ৰশ্নৰ উত্তৰ দিয়া মোক৷ মাথোঁ এবাৰ মোক কোৱা কিয় শেষ কৰি দিলা গৌতমক? কিয় শেষ কৰি দিলা তাৰ মাক-দেউতাকৰ সুখ-লিপ্সা? এবাৰ…মাথোঁ এবাৰ…তেতিয়া পৰী এজনী যাদুৰ দণ্ড হাতত লৈ উৰি আহে৷ মোৰ সন্মুখত তাক ঘূৰাই কয়, উঠা মোৰ বোকাচাত৷ মই উঠো আৰু তাই মোক লৈ আহে৷ মই নিজকে আৱিষ্কাৰ কৰো ছয়তলাৰ ফ্লেটত৷ সুন্দৰী পৰী মোৰ সন্মুখত নাথাকে৷ অজস্ৰ মানুহৰ সমদল মোৰ চকুৰ আগেদি পাৰ হৈ যায়৷ কোনেও মোক নামাতে, কাৰণ মানুহবোৰে মোক চিনি নাপায়৷ মাথোঁ এক প্ৰৌঢ়া নাৰীয়ে সমদলৰ পৰা ফালৰি কাটি আহি মোৰ সন্মুখত থিয় হয়৷ কোমল মাতেৰে মোক সম্বোধন কৰে, ‘অবিনাশ৷ মই ক্ষিতিক চকুৰ সন্মুখত দেখো৷’

তাৰ পাছতো জীৱনৰ ঘটনাবোৰৰ পৰিসমাপ্তি নঘটে৷ পুৱাৰ ব্যস্ততা সামৰি ক্ষিতি ওলাই যায়৷ স্কুললৈ বাছত উঠি বহে৷ আজিও বাছে সমান্তৰাল অৱস্থান কৰে৷ সিখন বাছৰ কাঁচত ভাহি উঠে এখন সুন্দৰ মুখ৷ ক্ষিতিয়ে সেইখন দেখি আকৌ নিজৰ মুখ বুলি ভাবি একেথৰে চাই থাকে৷ সেই কমনীয়তাত তেওঁ আপোন পাহৰা হয়৷ লাহে লাহে সিখন বাছৰ গতিবেগ বৃদ্ধি হয় আৰু হেৰাই যায় সেই কমনীয় মুখ৷ ক্ষিতিয়ে হাহাকাৰ কৰি উঠে৷ নিজকে বিচাৰি বাউলি হয়৷ তেতিয়া মই তেওঁৰ অজানিতে তাত গৈ উপস্থিত হওঁ৷ কাৰণ পুৱাৰে পৰা মই তেওঁৰ অসুস্থতা লক্ষ্য কৰি অনুসৰণ কৰি থাকো৷ একে বাছৰ পাছ দুৱাৰেদি ময়ো উঠো৷ ক্ষিতিয়ে গম নাপায়৷ ময়ো সেই পৰীজনীৰ দৰে একেই আৱেগেৰে কান্ধত হাত থওঁ, ক্ষিতি, সেইখন আচলতে তোমাৰ ঈপ্সিত মুখ, বাছৰ গতিবেগৰ লগে লগে অদৃশ্য হৈ যোৱা তোমাৰ ঈপ্সিত মুখ৷ চোৱা, এয়া মই অবিনাশ, তোমাৰ সন্মুখত…

আমি দুয়ো আকৌ ঘূৰি আহো৷ লিফটেৰে উঠি আহি ছয়তলাত ৰওঁহি৷ ‘গীত’ত প্ৰৱেশ কৰো৷ উত্তৰৰ ওলোমা বাৰাণ্ডাত বহি পৰো৷ বহি থাকো৷ বহিয়েই থাকো৷ সন্ধিয়া বিজুলী চাকিবোৰ জ্বলি উঠে৷ অলপ পিছতে নৈৰ বুকুত সিহঁতৰ যাত্ৰা আৰম্ভ হয়৷ ধীৰে ধীৰে উটি যায় বিজুলী চাকিৰ সমদল৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে