চ’ৰাঘৰ / সম্পাদকীয় / সভ্য কোন, বৰ্বৰ কোন? ( ডঃ যোগেন্দ্ৰ নাথ )
প্ৰাচীন ৰোমান সমাজৰ বিয়াৰ এক দৃশ্য, ফটো ইন্টাৰনেটৰ পৰা সংগৃহীত

সভ্য কোন, বৰ্বৰ কোন? ( ডঃ যোগেন্দ্ৰ নাথ )

আমি অসমৰ ওচৰ-চুবুৰীয়া পাহাৰবোৰত বাস কৰা লোকসকলক প্রায়েই বর্বৰ বুলি কওঁ। কিয়নো, প্রায় সকলোৱে নিজৰ ঘৰতে বনোৱা মদ পান কৰে, গাহৰি-কুকুৰা আদি পালন কৰি জীৱিকাৰ পথ উলিয়াই লয়। অনেক ক্ষেত্ৰত তেওঁলোকৰ ধৰ্ম নাই৷ আমাৰ তথাকথিত সভ্য সমাজৰো অনেকে মদ্যপান কৰে, নিজে পালি নেখালেও তেওঁলোকৰ পৰা কিনি মদ খাওঁ, কুকুৰা, গাহৰি খাওঁ, মদ্যপানো কৰােঁ। তথাপি তেওঁলোকৰ তুলনাত আমি আজিও সভ্য আৰু তেওঁলোক আমাৰ তুলনাত এতিয়াও বর্বৰ। তেনেকৈ ভবাৰ বা কোৱাৰ অৰ্থ নিশ্চয় আছে৷ অৰ্থটাে হ’ল— আমি আমাৰ সংস্কৃতি হিচাপে এই বস্তুবোৰ এতিয়াও মুক্তভাৱে গ্ৰহণ নকৰো, লুকাই চুৰিকৈহে খাওঁ বা নিজৰ সংস্কৃতিৰ বস্তু হিচাপে ব্যৱহাৰ নকৰােঁ। কিন্তু তেওঁলােকে যিহেতু নিজৰ সংস্কৃতিৰ অংশ ৰূপে ব্যৱহাৰ কৰে, তেওঁলোকৰ সেইখিনি কৰোঁতে মনত অকণো দ্বিধাবোধ নাথাকে। অর্থাৎ তেওঁলোকৰ বাবে মদ, কুকুৰা, গাহৰি আদি খোৱাটাে তেওঁলোকৰ সংস্কৃতিৰ অংগৰূপে ব্যৱহাৰ কৰিব পৰা হ’ল৷ সেইবােৰ বস্তু আমি আমাৰ সংস্কৃতিৰ আহিলা হিচাপে ল’ব নোৱাৰােঁ বাবে সেইবোৰ বস্তু ব্যৱহাৰ কৰিবলৈ গ’লেই আমি লোকদৃষ্টিৰ আঁতৰত ব্যৱহাৰ কৰিব খোজো। অর্থাৎ জনজাতীয় লোকসকলে যিহেতু সেইবোৰ তেওঁলোকৰ সংস্কৃতিৰ সমল হিচাপে গ্রহণ কৰি লৈছে, গতিকে তেওঁলোকে পিতৃ-মাতৃ, ল’ৰা-ছােৱালী একেলগে খোৱাৰ ক্ষেত্ৰত অকণো কুণ্ঠাবোধ নকৰে আৰু সামাজিক অনুষ্ঠানতো তেওঁলোকে সেইবোৰ বস্তু একেলগে ব্যৱহাৰ কৰে। গতিকে তেওঁলোক বৰ্বৰ।

অতি সূক্ষ্ম বিচাৰেৰে চাবলৈ গ’লে, সার্বজনীন ঐকমত্যৰ ওপৰত প্রতিষ্ঠিত সংস্কৃতিয়েই হ’ল সভ্যতা। এটা জাতিৰ দেহৰ বৰণ, পিন্ধন-উৰণ, খোৱা খাদ্যৰ ওপৰত সভ্যতা প্রতিষ্ঠিত নহয়— সভ্যতা প্রতিষ্ঠিত হয় সমাজখনৰ বিদ্বৎ ব্যক্তিসকলে লোৱা যুক্তিসন্মত সিদ্ধান্তৰ ওপৰতহে। কিয়নাে, বিজ্ঞ লোকৰ যুক্তিসংগত সিদ্ধান্ত অনুসৰিয়ে জনসাধাৰণে জীৱনৰ পাৰিবাৰিক, সামাজিক কামবোৰ কৰি যায়। এখন সমাজে মানি চলা তেনেবোৰ বিশ্বাস আৰু কৰ্মৰাজিয়েই হ’ল সেইখন সমাজৰ সংস্কৃতি। সকলো সংস্কৃতিৰ পাতনিয়েই হ’ল সমাজখনৰ কার্যক্ষেত্ৰত ব্যৱহাৰ কৰা কার্য, বিশ্বাস আদিয়েই হ’ল সংস্কৃতি। এই জাতি তথা একোখন সমাজে মানি লোৱা কৰ্মৰ সমষ্টিয়েই হ’ল সংস্কৃতি৷ ৰাজনৈতিক আৰু বৈবাহিক সংস্কৃতিৰ কথালৈ যদি লক্ষ্য কৰােঁ, আমি নিশ্চিতভাৱে দেখিম যে ভাৰতীয় সভ্য সমাজে যুক্তিৰ কথা সম্পূৰ্ণৰূপেপাহৰি যুক্তিহীন ব্যভিচাৰী
সংস্কৃতিৰ আশ্ৰয় লৈ মানৱতাক পাহৰি যোৱাৰ পথত। কিন্তু চুবুৰীয়া ৰাজ্য অৰুণাচলৰ সমাজখনতে সেই সম্পৰ্কীয় যুক্তিক ঈশ্বৰ মনা দি মানি আহিছে।

এই আলোচনাত আমি বিয়া সংস্কৃতিৰ কথা ক’ব বিচাৰিছে। কিয়নো, তাহানিৰ নেফা আৰু বৰ্তমানৰ অৰুণাচলৰ সমাজখনক আমি আজিও বর্বৰ সমাজ বুলিয়েই ক’ব খোজো— যেনিবা তেওঁলোকৰ গভীৰ চিন্তাধাৰা নাই, কাৰােবাৰ ওপৰত খং উঠিলে মুহূৰ্তৰ ভিতৰতে কাটি পেলাব৷ কিন্তু প্ৰকৃততে কথাবোৰ তেনেকুৱা নহয় — প্রায় প্ৰতিটাে কথাতেই, প্ৰতিটো কামতেই তেওঁলোকৰ যুক্তি আছে। বিয়াৰ সংস্কৃতিৰ কথা কৈয়েই এটা উদাহৰণ দি বিষয়টাে ফঁহিয়াই দিব বিচাৰিছো। এজনী ছােৱালীৰ পিতৃ-মাতৃৰ সম্পর্কে দুৱাষাৰ ক’লে বিষয়টাে বুজাত কিছু সহজ হ’ব। একোটা পৰিয়ালৰ ল’ৰা-ছোৱালীবোৰ হ’ল সেই পৰিয়ালটোৰ সম্পত্তি—যিয়ে আমাৰ বৃদ্ধ বয়সত বিভিন্ন ধৰণে সহায় কৰিব পাৰে। সিহঁত যে আমাৰ সম্পত্তি সেই কথাটো স্পষ্ট হৈ পৰে সিহঁতৰ বিয়াৰ ক্ষেত্ৰত। পৰিয়ালটোৰ ল’ৰাজনৰ বাবে যেতিয়া আন পৰিয়াল এটাৰ ছোৱালী এজনী বিয়া কৰাই আনে, ল’ৰাৰ পৰিয়ালটােৰ কাৰণে আন এটা পৰিয়ালৰ ছোৱালী এজনীক সম্পত্তি হিচাপে অনা হয়। কিয়নো সেই সম্পত্তিটোৰ পৰা ল’ৰাৰ পৰিয়ালটো বিভিন্ন ধৰণে উপকৃত হয়, (১) ছোৱালীজনীয়ে তাইৰ দেহৰ শক্তি অনুসাৰে কাপোৰ ব’ব পাৰে, ভাত-পানী ৰান্ধিব পাৰে,পথাৰত খেতি কৰি চপাই আনিব পাৰে, সর্বশেষত ছোৱালীজনীয়ে পৰিয়ালটোৰ বাবে ল’ৰা-ছোৱালীৰ জন্ম দিয়ে। গতিকে ছােৱালীজনীৰ মূল্য অসীম। যি যুক্তি অৰুণাচলৰ প্ৰতিটাে জনগোষ্ঠীৰ মাজতেই হ’ল নীতি, অর্থাৎ কাৰোবাৰ ছোৱালী এজনী বিয়া কৰাই আনিবলৈ হ’লে বিভিন্ন প্ৰকাৰে ছােৱালীৰ পিতৃ-মাতৃ বা অভিভাৱকক যথেষ্ট পৰিমাণৰ ধন দিব লাগিবই। ইয়াকেই কোৱা হয় কন্যাৰ মূল্য। অর্থাৎ
ছােৱালীৰ মূল্য নিদিয়াকৈ কোনাে যুৱকেই আন এঘৰৰ ছোৱালী বিয়া কৰাব নোৱাৰে—সি ছোৱালী চাই বিয়া কৰাওক বা প্ৰেমত পৰিয়েই বিয়া কৰাওক। কন্যাৰ মূল্য দিবই লাগিব।

বিশ্ববিখ্যাত গৱেষক পণ্ডিত উইল ডুৰান্তে ইয়াক নামকৰণ কৰিছে প্রাকৃতিক ন্যায় বা Natural Justice বুলি৷ অর্থাৎ আদিম সমাজৰ যুক্তিবোৰ প্ৰকৃতিৰ নিয়ম অনুসৰিয়েই গঢ়ি উঠা—তুমি যেতিয়া আন পৰিয়াল এটাৰ পৰা তোমাৰ ব্যৱহাৰত লগাব পৰা কিবা বস্তু এটা আনিব খুজিছা, তেন্তে তাৰ উচিত মূল্য দি অনাটাে উচিত। তুমি লগত থাকিব নুখুজি পিতৃগৃহলৈ গুচি যাব বিচাৰিলে পিতৃগৃহই তুমি দিয়া সম্পত্তিখিনি বা তাৰ উচিত মূল্য তোমাক ঘূৰাই দিবলৈ বাধ্য। এই স্বাভাৱিক ন্যায় সম্পর্কে উইল ডুৰান্তে এটা সুন্দৰ উদাহৰণ দাঙি ধৰিছে তেওঁৰ Our Oriental Heritage নামৰ গ্ৰন্থত৷ সমাজত তেতিয়াও বিবাহ পদ্ধতিৰ বিকাশ ঘটা নাছিল। গতিকে বিবাহ যোগ্য গাভৰুসকলক সিহঁতৰ পিতৃ-খুৰাক বা কোনোবাই বিক্ৰী কৰাৰ বাবে বজাৰলৈ নিছিল। তেনে গাভৰুসকলক তেল-তেঙা সানি, ভাল কাপোৰ পিন্ধাই ধুনীয়া কৰি বজাৰলৈ নিয়া হৈছিল৷ সেই ছােৱালীবোৰৰ মুখত অসন্তোষৰ কোনো চিন নাছিল। গাভৰুসকলেও বিচাৰিছিল, গ্ৰাহকে সিহঁতক যাতে ধন বেছি দি কিনি নিয়ে। সিহঁতে আমাক সিহঁতৰ ঘৰলৈ নি কিমান কাম কৰাব, আমাৰ জৰিয়তে কিমানটা ল’ৰা-ছোৱালীৰ জন্ম দিব— গতিকে সিহঁতে আমাৰ উচিত মূল্য দিবই লাগিব। এয়া হ’ল আদিম তথা তথাকথিত বৰ্বৰ’ সমাজৰ যুক্তি।

ইয়াৰ বিপৰীতে আমাৰ তথাকথিত সভ্য (ভাৰতীয়) সমাজখনৰ যুক্তিহীন বর্বৰতাৰ কর্মকাণ্ড চাওঁহক। ভাৰতীয় তথাকথিত সভ্য সমাজখনৰ বিবাহযোগ্য পুৰুষসকলে বজাৰত ছোৱালী কিনিবলৈ যোৱাৰ কথা বাদেই, উপযুক্ত বয়স হােৱাৰ পাছতো ছোৱালী খোজাৰ পৰিৱর্তে ঘৰত ভেম পাতি বহি থাকিব, যাতে কোনোবা গাভৰুৰ অভিভাৱকে তেওঁৰ ছোৱালী তেওঁলৈ বিয়া দিয়াৰ প্রস্তাৱ লৈ আহে। তেনে প্ৰস্তাৱ অহাৰ পাছতে তেওঁলোকে কন্যাৰ ঘৰৰ পৰা সা-সম্পত্তি দাবী কৰে। ছোৱালীৰ অভিভাৱকৰ পৰা ধন-সম্পত্তিও ল’ব, ছোৱালীজনীৰ হতুৱাই ঘৰৰ বিভিন্ন কাম কৰােৱাৰ উপৰি ছােৱালীজনীৰ পৰা ল’ৰা-ছোৱালীও উৎপাদন কৰিব। ইয়াত ‘যুক্তি’ নামৰ মানৱ জ্ঞানৰ কথাটােৰ কিবা অলপ আছেনে? নাই, লেখমােত্রও যুক্তি ইয়াত নাই| আৰু যুক্তিহীন চিন্তা আৰু আদিম সমাজৰ তথাকথিত বর্বৰসকলতকৈ সভ্যতাৰ নামত যুক্তিহীন চিন্তাধাৰাৰ কিমান ঘূণনীয় বর্বৰ হ’ব পাৰো তাক প্রতিজন সভ্য লোকেই এবাৰ ভাবি চাওকচোন! এয়াই হ’ল তথাকথিত সভ্য সমাজৰ যুক্তি আৰু বিচাৰ। যুক্তি আৰু ন্যায়েই যদি সভ্যতাৰ মৌলিক আহিলা, তেনেহলে আমি ক’বলৈ বাধ্য—অৰুণাচলৰ তথাকথিত আদিম সমাজবোৰ আমাতকৈ হাজাৰগুণে সভ্য আৰু সৎ। তেওঁলোকৰ তুলনাত আমি হ’লোঁ যুক্তিৰহিত একশ্রেণীৰ সভ্য বর্বৰ। তেওঁলোকৰ তুলনাত আমি ইমানেই বর্বৰ যে আমি নিজৰ অমূল্য সম্পদ ৰূপে বিয়া কৰাই অনা ছােৱালীজনীৰ পিতৃমাতৃকো তেওঁলোকৰ প্রাপ্য মূল্যখিনিতো নিদিওঁৱেই, বৰং বৈবাহিক সম্পর্কেৰে নিজৰ সম্পত্তি ৰূপে গ্রহণ কৰা নাৰীগৰাকীকো নির্মমভাৱে হত্যা কৰি পেলাওঁ। ই এক উন্মাদ বর্বৰতা। তথাকথিত সভ্য সমাজৰ এনে নির্মম বৰ্বৰতাৰ গ্রাসৰ পৰা আমাক কোনে যে মুক্ত কৰিব, সেইটােহে এক ডাঙৰ প্ৰশ্ন।

আজিৰ যুগৰ যুৱসমাজে, বিশেষকৈ পুৰুষ সমাজে গভীৰভাৱে চিন্তা কৰাৰ সময় আহি পৰিছে। নিজকে বর্বৰতাৰ কৰাল গ্রাসৰ পৰা মুক্ত কৰিবলৈ হ’লে চিন্তা কৰিবই লাগিব। নহ’লে এদিন তেওঁলোকে তথাকথিত বর্বৰ আদিম সমাজৰ যুৱকসকলৰ ওচৰত থিয় হ’বলৈও ইতঃস্তত কৰিব লাগিব। যদি আমি নিজকে কইনাঘৰৰ পৰা যৌতুক দাবী কৰাৰ দৰে যুক্তিহীন বর্বৰতা ত্যাগ কৰিবই লাগিব। কইনাৰ অভিভাৱকৰ পৰা যৌতুক দাবী কৰাৰ দৰে অসভ্য বর্বৰতাৰ কোনাে তুলনা নাই।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে