চ’ৰাঘৰ / ইত্যাদি / ল’ৰা-ছোৱালীহঁতক গৰমবন্ধ কিয় লাগে ? ( ইমতিয়াজ হুচেইন)

ল’ৰা-ছোৱালীহঁতক গৰমবন্ধ কিয় লাগে ? ( ইমতিয়াজ হুচেইন)

আমি কলেজত পঢ়ি থাকোতে জৰ্জ বাৰ্নাৰ্ড শ্বৰ ‘Life and Learning’ বুলি এটা পাঠ পঢ়িছিলোঁ। পাঠটোত শ্ব’ই আসোঁৱাসযুক্ত আনুষ্ঠানিক, বিশেষকৈ স্কুলীয়া শিক্ষাক কঠোৰ সমালোচনা কৰিছে। তেওঁ স্কুলক কাৰাগাৰৰ সৈতে তুলনা কৰিছে। স্কুলৰ আমনি লগা দৈনন্দিন সময়পঞ্জীৰ কাৰণে স্কুলত জীৱনৰ দৰকাৰী শিক্ষা পোৱা নাযায় বুলি কৈছে। তেওঁৰ মতে, আমাৰ প্ৰকৃত শিক্ষা আৰম্ভ হয় স্কুলৰ চাৰিবেৰৰ বাহিৰতহে। গতিকে ল’ৰা-ছোৱালীক বছৰটোৰ বাৰটা মাহেই স্কুলৰ চাৰিবেৰৰ মাজত ৰখাটো সিহঁতৰ কাৰণে কেতিয়াও মংগলজনক নহয়। সেইকাৰণেই গুণী-জ্ঞানী ইংৰাজসকলে আমাৰ স্কুল বিলাকত ল’ৰা-ছোৱালীহঁতক বাহিৰা শিক্ষা ল’বলৈ বছৰটোৰ ভিতৰত, বিশেষকৈ জুলাই আৰু আগষ্ট মাহৰ কিছু দিন গৰমবন্ধ দিছিল। বহুতে গৰমবন্ধক কৃষিৰ সৈতে জড়িত কৰে যদিও প্ৰকৃততে সেইটো কথা নহয়। ইংৰাজসকল বিদেশী হ’লেও তেওঁলোকে সকলো ক্ষেত্ৰতে ভাৰতবাসীক অন্যায় কৰিছিল বুলি আমি ক’ব নোৱাৰোঁ। ল’ৰা-ছোৱালীক কেৱল পুথিগত শিক্ষা দি ডাক্তৰ, ইঞ্জিনিয়াৰ, আমোলা কৰাটোৱেই প্ৰকৃত শিক্ষা হ’ব নোৱাৰে। আমি এতিয়া ভাৰতৰ শিক্ষা বিভাগটোক ‘মানৱ সম্পদ বিকাশ বিভাগ’ বুলি কওঁ। অৰ্থাৎ ল’ৰা-ছোৱালীক শিক্ষা দি মানুহ কৰাটোহে আমাৰ মংগলকামী চৰকাৰখনৰ শিক্ষা বিভাগটোৰ মূল উদ্দেশ্য। গতিকে অনাবৰত পাঠ্যপুথি আৰু স্কুলৰ চাৰিসীমাৰ ভিতৰতে ল’ৰা-ছোৱালীক আৱদ্ধ ৰখা উচিত নহয়। কিন্তু আজিকালি দেখিছো গৰমবন্ধতো ল’ৰাছোৱালীয়ে পাঠ্য-পুথিৰ বোজাৰ পৰা ৰেহাই নেপায়। আমাৰ দিনত গৰমবন্ধ প্ৰায় ডেৰমাহমান পাইছিলো। গৰমবন্ধৰ কালচোৱাতে আমি আপোন-পৰিয়ালৰ ঘৰলৈ আলহী খাবলৈ গৈছিলো। পেহা- পেহী, জেঠাই-জেঠু,খুৰা-খুৰী,মমা-মামী আদিৰ ঘৰত দুদিনমান থাকি তেওঁলোকৰ ল’ৰা-ছোৱালীৰ লগত কইনা-দৰা, লুকা-ভাকু আদি খেলি বিমল আনন্দ লাভ কৰিছিলো। এৰাবাৰীয়ে এৰাবাৰীয়ে সোমাই আম-কঠাল, লেটেকু, পনিয়ল আদি চুৰ কৰি খাই স্ফুৰ্তি পাইছিলো। মোৰ ঘৰৰ কাষতে থকা বৰপুখুৰীটোত লগৰ সমনীয়াৰ সৈতে সাতুৰি-নাদুৰি কি যে সুখ লভিছিলো! আজি সৌ সিদিনালৈকে অৰ্থাৎ কাঠফুলাৰ দৰে ব্যক্তিগত শিক্ষানুষ্ঠানবোৰ গঢ়ি নুঠালৈকে চৰকাৰী স্কুলৰ ল’ৰা-ছোৱালীবোৰে গৰমবন্ধৰ আনন্দ বাৰুকৈয়ে লৈছিল। কিন্তু ব্যক্তিগত স্কুলবোৰ গঢ়ি উঠাত শিক্ষাৰ ক্ষেত্ৰখনত প্ৰতিযোগিতা বাঢ়িল। ভাল ৰিজাল্টৰ চমক দেখুৱাই ব্যৱসায় ৰমৰমীয়া কৰাৰ প্ৰৱণতা বাঢ়ি অহাত এফালে আমি ভাল দেখিছো হয়, আনফালে কিন্তু ল’ৰ-ছোৱালীহঁতক অনুভূতিহীন যন্ত্ৰমানৱত পৰিণত কৰিব খুজিছো।

আজি বিৰতিবিহীন ভাৱে বছৰটোৰ বাৰটামাহেই পঢ়িলেহে যেন ল’ৰা-ছোৱালীহঁত মানুহ হ’ব–এনে এক মনোভাৱ অভিভাৱকৰ মনত শিপাই পৰিছে। কিন্তু আমাৰ এই অত্যাধিক প্ৰতিযোগিতামূলক মনোভাৱে সিহঁতক ‘মানুহ’ৰ সলনি হৃদয়হীন যন্ত্ৰত পৰিণত কৰিছে, যি পিতৃ- মাতৃক এটা সময়ত মূল্যবিহীন বোজা বুলি ভাবি ফুটপাথত কুকুৰৰ দৰে মেলি থৈ আহিবলৈয়ো কুন্ঠাবোধ নকৰে। বহু শিক্ষাবিদে মত প্ৰকাশ কৰিছে যে জিৰণিবিহীন শিক্ষাই শিশু তথা ল’ৰা ছোৱালীক খিঙখিঙীয়া, বদমেজাজী, হতাশগ্ৰস্ত, স্নায়ুৰোগী আৰু আত্মকেন্দ্ৰিক কৰি তোলে। পৰিয়ালৰ আপোনজনৰ পৰা সদায় আঁতৰি থাকিব লগা অৱস্থাই তেওঁলোকক উদ্বিগ্ন কৰি তোলে। সেয়েহে বছৰটোৰ কিছুসময় তেওঁলোকক একঘেয়েমী স্কুলীয়া জীৱনৰ পৰা অলপ অব্যহতি দি আপোন-পৰিয়ালৰ সতে সময় কটাবলৈ দিয়াৰ পোষকতা কৰে। সেইকাৰণেই পৃথিবীৰ বহু দেশেই ছাত্ৰ-ছাত্ৰীসকলক গৰমবন্ধ দি আহিছে। আমি “আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা বোলা” সকলে চাওক পৃথিবীৰ উন্নত দেশবোৰেও ল’ৰা- ছোৱালীহঁতক কিমান সময় আহৰি দিয়ে।

গুগুলৰপৰা কেইখনমান উন্নত দেশৰ তথ্য সংগ্ৰহ কৰি তলত উল্লেখ কৰিলো-
দেশৰ নাম আৰু গৰমবন্ধৰ ম্যাদ
আমেৰিকা- দুমাহ/তিনিমাহ
ব্ৰিটেইন- ডেৰমাহতকৈ অধিক
জাপান- প্ৰায় ডেৰমাহ
ফ্ৰান্স- দুমাহ
জাৰ্মানী- প্ৰায় ডেৰমাহ
কেৱল বাহিৰা দেশেই নহয়,ভাৰতৰ ভিতৰতো গুজৰাটকে ধৰি প্ৰায় সকলো ৰাজ্যই গৰম বন্ধ দি আহিছে। এই সম্পৰ্কত ভাৰতৰ ভিতৰতে অধিক শিক্ষিত ৰাজ্য কেৰেলাৰ স্কুলবিলাকত গৰমৰ বন্ধত স্কুলত ক্লাছ চলাই থকাটো নিষিদ্ধ কৰি কেৰেলা ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে ৰাজ্যখনৰ শিক্ষা আয়ুক্তলৈ এক নিৰ্দেশনা জাৰি কৰিছে। সেই নিৰ্দেশনাটোত প্ৰখৰ ৰ’দত পিয়াহত আতুৰ কৰি ল’ৰা- ছোৱালীক ক্লাছ কৰাটোত বাধা আৰোপ কৰা হৈছে। এই সম্পৰ্কত আয়োগে গঠন কৰা কমিটীখনে মত প্ৰকাশ কৰিছে যে গৰমৰ বন্ধত ছাত্ৰ-ছাত্ৰীসকলে পিতৃ- মাতৃ,আপোন- পৰিয়াল,মিতিৰ-কুটুম্ব তথা ওচৰ-চুবুৰীয়াৰ সতে মিলা-মিচা কৰিবলৈ সুযোগ পায়। ইয়াৰ ফলত তেওঁলোকৰ সামাজিক জীৱনৰ বিকাশ হোৱাৰ লগতে কাৰ্যকুশলতাও বৃদ্ধি পায় বুলিছে। গতিকে গৰমবন্ধৰ সময়চোৱাত ল’ৰা-ছোৱালীহঁতক একঘেয়েমিতাৰ পৰা কিছু আহৰি দি মুকলি মনেৰে ফুৰিবলৈ সুবিধা দিব লাগে বুলি আপুনি নাভাবেনে ?

(ফটোৰ উৎস ঃ ইণ্টাৰনেট )

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে