চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বিষ্ণু প্ৰসাদ ৰাভাৰ বৈপ্লৱিক চিন্তাধাৰা (ড° সঞ্জীৱ কুমাৰ বৰকাকতী)

বিষ্ণু প্ৰসাদ ৰাভাৰ বৈপ্লৱিক চিন্তাধাৰা (ড° সঞ্জীৱ কুমাৰ বৰকাকতী)

যিসকল বিপ্লৱী পুৰুষে অসমৰ ইতিহাসত স্থান পোৱাৰ যোগ্যতা অৰ্জন কৰিছে, সেইসকল এজন হৈছে বিষ্ণু প্ৰসাদ ৰাভা। যিটো সময়ত ৰাভাই তেওঁৰ বৈপ্লৱিক চিন্তাধাৰাৰে অসমখন কঁপাইছিল, সেই সময়ত ক্ৰমান্বয়ে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি আৰু বিমলাপ্ৰসাদ চলিহাই অসমৰ মুখ্যমন্ত্ৰীৰূপে, সৰ্বশক্তিমান ৰাজনীতিক হিচাপে ৰজাঘৰীয়া সন্মানৰ ঘাই অংশ লৈছিল; কিন্তু তাৰ দুই-তিনি দশক পাৰ হোৱাৰ পাচতেই সেইসকল ৰাজনীতিকক ইতিহাসৰ ছাত্ৰসকলৰ বাহিৰে সৰ্বসাধাৰণ ৰাইজে পাহৰি পেলালে, অথচ বিষ্ণু প্ৰসাদ ৰাভাৰ নাম এতিয়াও অসমৰ প্ৰতিজন ব্যক্তিৰ মুখে মুখে উচ্চাৰিত হয়। গোপীনাথ বৰদলৈৰ বাহিৰে কোনো এজন প্ৰাক্তন মুখ্যমন্ত্ৰীকেই অসমবাসীয়ে বিশেষ স্মৰণ নকৰে। কিন্তু বিষ্ণু প্ৰসাদ ৰাভাৰ জনপ্ৰিয়তা মৃত্যুৰ পাচতো ক্ৰমাগতভাৱে বৃদ্ধিহে হৈছে। অসমবাসীৰ মাজত তেওঁ মৰণোত্তৰভাৱে জীয়াই থাকিবলৈ সমৰ্থ হোৱাৰ কাৰণটো হৈছে এয়ে যে তেওঁ সদায় জনতাৰ কাৰণে চিন্তা কৰিছিল আৰু জনতাৰ বাবেই আজীৱন কাম কৰি গৈছিল।

ৰাভাই ১৯৪৫ চনৰ পৰা জনসংগঠনৰ কামত নামি পৰিছিল আৰু অসমত এক শোষণমুক্ত সমাজ ব্যৱস্থা গঢ়ি তুলিবলৈ বিচাৰিছিল; কিন্তু তেওঁৰ মাজত সেই অভীস্পা বহু আগতেই সৃষ্টি হৈছিল। ১৯৩০ চনত একৈশ বছৰ বয়সতে তেওঁ কোচবিহাৰৰ বৃটিছ ৰেচিডেণ্ট তথা স্বদেশী দেৱান উভয়ৰে শোষণ-নিপীড়নৰ বিৰুদ্ধে জনসাধাৰণক আহ্বান জনাইছিল–

ৰাজ্যে আছে দুইটি পাঠা।
একটি কালা একটি সাদা। ।
ৰাজ্যেৰ যদি মঙ্গল চাও।
দুইটি পাঠাই বলি দাও। ।

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সেনানীসকলৰ অধিকাংশই বৃটিছৰ শোষণৰ প্ৰতিবাদ কৰাৰ লগতে দেশীয় পুঁজিপতি আৰু প্ৰতিক্ৰিয়াশীল লোকসকলৰ শোষণৰ বিৰুদ্ধেও প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা বুজি পোৱা নাছিল, কাৰণ অধিকাংশ মুক্তি সংগ্ৰামীয়ে সামন্তবাদী সমাজ ব্যৱস্থাৰ পোষকতা কৰিছিল আৰু বৃটিছৰ ঠাইত নিজকে সামন্ত প্ৰভু হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সপোন দেখিছিল। তেনে প্ৰৱণতাৰ বিপৰীতে বিষ্ণু প্ৰসাদ ৰাভাই সাধাৰণ জনতাৰ মুক্তিৰ সপোন দেখিছিল। স্বাভাৱিকতে তেওঁ সাম্যবাদী চিন্তাধাৰাৰ প্ৰতি আকৰ্ষিত হৈছিল। সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰসংগত তেওঁ আগ্ৰাসী ভূমিকা গ্ৰহণৰ পক্ষপাতী আছিল। নলবাৰী অঞ্চলৰ এখন কৃষক সভাত তেওঁ নিজকে বলিয়া হাতীৰ সৈতে তুলনা কৰি কৈছিল যে বলিয়া হাতীয়ে যিদৰে সকলো ভাঙি ফুৰে সেইদৰে তেৱোঁ তদানীন্তন পুঁজিবাদী সমাজক ভাঙি পেলাব। গভীৰ আত্মবিশ্বাসেৰে তেওঁ গাইছিল,

শেষ যুদ্ধৰ আমি ৰণুৱা
পৃথিৱীৰ হালোৱা বনুৱা
হ’ম বিজয়ী আমি দুখীয়া।
ক’ত ৰবি ধনী এইবাৰ ?
হুঁচিয়াৰ হুঁচিয়াৰ।

কিন্তু এইখিনিতে এটা কথা বিশেষভাৱে মন কৰিবৰ আৱশ্যক। ৰাভাই যেতিয়া সমাজ ব্যৱস্থাটাে ভাঙিব খুজিছিল, তেতিয়া তেওঁ প্ৰতিপক্ষৰ প্ৰতিনিধিক শাৰীৰিকভাৱে নির্মূল কৰাটাে নিশ্চয় বুজোৱা নাছিল। শোষক ‘পঠা’বােৰক বলি দিয়াৰ উপদেশটোকো আমি শাৰীৰিক নিৰ্মূলকৰণতকৈ ৰাজনৈতিক নির্মূলকৰণ বুলি ব্যাখ্যা কৰিলেহে ৰাভাৰ প্রতি ন্যায় কৰা হ’ব। ৰাভাৰ অনুৰাগী নবীন প্রজন্মই এই ক্ষেত্ৰত তেওঁক শুদ্ধকৈ বুজিছে বুলি ক’ব নােৱাৰি।

ৰাভাই তেওঁৰ ৰাজনৈতিক মতাদর্শক ৰাইজৰ মাজলৈ কঢ়িয়াই নিয়াৰ কাৰণে সাংস্কৃতিক মাধ্যমটােক চয়ন কৰিছিল আৰু পিচৰ কমিউনিষ্টসকলে তেওঁৰ সেই কৌশলক দলীয় কৌশলৰূপে গ্রহণ কৰিছিল। সংস্কৃতি হৈছে মানুহৰ হৃদয়ৰ দুৱাৰ। ৰাভাই সেইখন দুৱাৰেৰে জনসাধাৰণৰ অন্তৰত প্ৰৱেশ কৰিছিল। তেওঁৰ দলে তেওঁক অনুসৰণহে কৰিছিল। গতিকে ৰাভাক দলে শিক্ষা দিয়া নাছিল, ৰাভাইহে দলক প্রকৃত পথৰ সন্ধান দিছিল। সৰ্বভাৰতীয় স্তৰত যিদৰে প্ৰেমচান্দে প্ৰগতিশীল সাহিত্যিক মঞ্চ গঠন কৰি সাহিত্যক সামাজিক সংশোধনৰ আহিলাৰূপে প্রদর্শন কৰিছিল, অসমতো বা হয়তো সমগ্ৰ ভাৰততেই ৰাভাই সাংস্কৃতিক উপাদানক বিপ্লৱৰ আহিলা হিচাপে প্রতিষ্ঠিত কৰিছিল। ১৯৩০ চনৰ পৰা ১৯৪৫ চনলৈ এই সময়ছোৱাত তেওঁ স্বকীয়ভাৱে এই কামটো কৰি গৈছিল। ভাৰতীয় গণ নাট্য মঞ্চ ১৯৪৩ চনতহে জন্ম হৈছিল, কিন্তু তাৰ অনেক আগৰ পৰাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৈতে ৰাভাই গণসংস্কৃতিৰ চৰ্চা কৰিছিল। তাৰে স্বীকৃতি দি ৰাইজে আজি বিষ্ণু প্রসাদ ৰাভাক সৈনিক শিল্পী বুলি চিহ্নিত কৰিছে।

ৰাভাৰ বৈপ্লবিক কার্যকলাপৰ প্রসঙ্গত কমিউনিষ্ট দলসমূহৰ ভূমিকা চূড়ান্ত বিচাৰত বিশেষ প্রাসঙ্গিক নহয়, কাৰণ যিসকল তথাকথিত নেতাই সেই দলসমূহ পৰিচালনা কৰিছিল। তেওঁলোকৰ বহুতেই সামন্তবাদী শ্রেণী ব্যৱস্থাৰ উৰ্ধ্বত উঠিবলৈ সক্ষম হোৱা নাছিল। অনেক নেতা আকৌ দুৰ্ঘোৰ বৰ্ণবাদী আছিল। স্বাভাৱিকতে এনে নেতাসমূহৰ উপস্থিতিয়ে কালক্ৰমত ভাৰতীয় কমিউনিষ্ট আন্দোলনক সংশোধনবাদী প্রৱণতাত জাহ নিয়াইছিল। ৰাভা কিন্তু মনে-প্ৰাণে সাম্যবাদী আছিল। তেওঁ আনকি নিজৰ ঘৰ-বাৰী নিলামত যোৱাটাে বন্ধ কৰিবলৈও চৰকাৰক অনুৰোধ কৰা নাছিল। ২৫০০ বিঘা মাটিৰ পৈতৃক সম্পত্তিৰ ওপৰত প্রভুত্ব বিস্তাৰ কৰি স্বাচ্ছন্দ্যপূর্ণ জীৱন-যাপন কৰাৰ সুবিধাটাে তেওঁ নিজ ইচ্ছাৰেই পৰিত্যাগ কৰিছিল। ওৰে জীৱনত সেইবাবে তেওঁ ঘৰ এটাকে সাজি ল’ব নোৱাৰিলে। কিন্তু তেওঁৰ লগত একেলগে দলীয় কামত অংশগ্রহণ কৰা কেইবাজনো ‘কমিউনিষ্ট’ নেতাই আজি বিশাল বাসগৃহত পুঁজিপতি সদৃশ স্বাচ্ছন্দ্যৰে জীৱন-যাপনো কৰে। গতিকে দলতকৈ ৰাভা উৰ্ধ্বত আছিল। সেইবাবে নব্বৈৰ দশকত কমিউনিষ্ট আন্দোলনৰ যি ছন্দপতন ঘটিল, তাৰ দ্বাৰা আমি ৰাভাৰ ৰাজনৈতিক দৰ্শনৰ যথাৰ্থতা বিচাৰ কৰাৰ প্ৰয়োজন নাই। এইটো ইতিমধ্যে প্রতিপন্ন হৈছে যে ষ্টেলিনৰ অন্তৰত মানৱতাবাদী দৰদ নাছিল, ব্রেজনেভৰ মানসিকতাত সাম্যবাদী চৰিত্ৰ নাছিল, ডেংজিয়াও পিঙৰ জনসাধাৰণৰ সৈতে সহমৰ্মিতা নাছিল। আমাৰ জ্যোতি বসুৰতো এইবোৰৰ এটাও নাই, যাৰবাবে তেওঁৰ দলীয় কৰ্মীয়ে ইচ্ছামতে বিৰোধীক হত্যা-নিৰ্যাতন কৰে আৰু যাৰবাবে তেওঁৰ ৰাজ্যখন বহুদেশীয় নিগমসমূহৰ বাবে স্বৰ্ণক্ষেত্ৰ হৈ পৰিছে। কংগ্ৰেছ সমৰ্থিত কেন্দ্ৰীয় চৰকাৰ এখনত যোগ দিবলৈ নাপাই তেওঁ তাক দলৰ ‘ঐতিহাসিক ভুল’ বুলি সমালোচনা কৰিছে৷ ভাৰতৰ কমিউনিষ্ট দলসমূহত আজি সঁচাকৈয়ে প্ৰকৃত সাম্যবাদী লোক নোহোৱা হৈছে।

এই সকলো তথাকথিত কমিউনিষ্ট নেতাৰ ভুলসমূহ পৰ্যালোচনা কৰিলে দেখা যায় যে তেওঁলোকৰ স্ববিৰােধিতা আৰু তৎপশ্চাৎ পতনৰ মূল কাৰণ হৈছে ব্যক্তিগত আশা-আকাঙ্ক্ষাৰ উৰ্ধ্বত উঠাৰ অক্ষমতা। সেইপিনৰ পৰা ৰাভাৰ দৰে আদৰ্শৰ ব্যক্তি অতি দুৰ্লভ। তেওঁৰ প্ৰতিভাই সৰ্বভাৰতীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিলেও তেওঁ সেইবোৰৰ প্ৰতি সম্পূৰ্ণ উদাসীন আছিল। নিজক প্ৰতিষ্ঠা কৰিবৰ বাবে তেওঁ নূন্যতম প্রয়াসো কৰা নাছিল। তেওঁৰ সকলো কৰ্ম ৰাইজৰ হকেই উৎসর্গিত আছিল। সেইবাবে চীনা আক্ৰমণৰ সময়ত পুলিচে যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যেৰে থানালৈ মাতিছিল, তেওঁ কাৰােবাক সহায় কৰিবলৈহে মতা বুলি ভাবি শুই থকা ল’ৰা দুটাক বিছনাতে এৰি লগে লগে ওলাই গৈছিল।

ৰাইজৰ কাৰণে কাম কৰাৰ অপৰাধত তথাকথিত ৰাইজৰ চৰকাৰে বিষ্ণু প্ৰসাদ ৰাভাক গৰু বন্ধা পঘাৰে বান্ধি লৈ গৈছিল। ৰাভাৰ জনপ্ৰিয়তাক প্ৰথমৰে পৰাই চৰকাৰে ভয় কৰিছিল। সেইবাবে তেওঁৰ মূৰৰ ওপৰত প্ৰথমতে পাঁচ হেজাৰ টকা আৰু তাৰ পাচত দহ হেজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰি স্বাধীনতাৰ প্ৰথম দশকটােত তেওঁক অজ্ঞাতবাসলৈ ঠেলি পঠাইছিল। ৰাভাই সেই সময়ছোৱাত প্ৰায় ত্ৰিশ হেজাৰ মাইল পদব্ৰজে ভ্ৰমণ কৰি অসমৰ চুকে-কোণে ঘূৰি ফুৰিছিল। কেতিয়াবা তেওঁৰ লগত এটা আগ্নেয়াস্ত্ৰও আছিল; কিন্তু তেওঁ সেইটাে কেতিয়াও ব্যৱহাৰ কৰিবলগীয়া হােৱা নাছিল। আজিকালিৰ বিপ্লৱীসকলক অস্ত্ৰই নিয়ন্ত্ৰণ কৰে, কিন্তু ৰাভাৰ দৰে বিপ্লৱীসকলে অস্ত্ৰক শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদৰ এক প্রতীক ৰূপেহে লগত ৰাখিছিল। অস্ত্ৰৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছিল। আজিৰ দৰে তেওঁৰ বিপ্লৱ অস্ত্ৰ-সর্বস্ব নাছিল।

ৰাভাই কংগ্ৰেছ চৰকাৰৰ জনবিৰােধী চৰিত্ৰটাে ভালকৈ বুজি পাইছিল। সেইবাবে তেওঁ ৰাইজক আহ্বান জনাইছিল যে মৃতকক পুৰি বা পুতি শৱদেহটাে নাইকিয়া কৰি দিয়াৰ দৰে কংগ্ৰেছ দলটোকো আঁতৰ কৰি পেলাব লাগে। তেওঁৰ এই আহ্বান কিমান গুৰুত্বপূৰ্ণ আছিল তাক সময়ে প্ৰমাণ কৰিছে। কংগ্ৰেছ দলে ভাৰতীয় ৰাজনীতিক পুতিগন্ধময় কৰি তুলিছে। যিমানে দিন গৈছে সিমানে দেশখনত কেলেংকাৰি, ভ্ৰষ্টাচাৰৰ মাত্ৰা বৃদ্ধি হৈছে। আন দলসমূহেও কংগ্ৰেছৰ পৰা দুৰ্নীতিৰ প্ৰশিক্ষণ লৈ ইটোতকৈ সিটো চ’ৰা যেন হৈছে। সেইবাবে মহাত্মা গান্ধীয়ে কোৱাৰ দৰে ৰাভায়াে অতি সার্থকভাৱেই কৈছিল যে কংগ্ৰেছ দলটাে নােহােৱা কৰি পেলাব লাগে। কিন্তু সময়ৰ কি কুটিল পৰিহাস, সময়ৰ সোঁতত ৰাভাৰ দলটােৱেই কংগ্ৰেছ সমৰ্পিত চৰকাৰত যোগ দিলে, জনতাৰ হৈ কন্দা ৰাভাৰ সহকৰ্মীসকলেই পাচত সেই জনতাৰ ওপৰত সেনা আৰু আৰক্ষীৰ হতুৱাই নির্যাতন চলাবলৈ আগবাঢ়িল। অসমৰাে গৰিষ্ঠসংখ্যক তথাকথিত কমিউনিষ্টে আজি দুৰ্নীতিগ্ৰস্ত পুঁজিবাদী অগপ দলক সমর্থন দিছে।

ৰাভাৰ বিপ্লৱী সত্তাৰ এক লক্ষ্যণীয় দিশ আছিল থলুৱা ঐতিহ্য, পৰম্পৰাৰ সৈতে থকা সম্পৰ্ক। সাধাৰণতে কমিউনিষ্ট দলৰ সদস্য সকলে এক বহিৰাগত দৰ্শন জীন নিয়াবলৈ টান পাই পিছলৈ স্ববিৰােধিতা প্রদর্শন কৰে। কিন্তু ৰাভাই তেওঁৰ কাৰ্য-কলাপক অসমীয়া বা ভাৰতীয় পৰম্পৰাৰে ব্যাখ্যা কৰিবলৈ সততে প্রয়াস কৰিছিল। তেওঁ কিয় অস্ত্ৰ লৈ ফুৰে সেই প্রশ্নৰ উত্তৰত তেওঁ কৈছিল যে শ্ৰীকৃষ্ণয়ো সুদর্শন চক্ৰ ধাৰণ কৰিছিল। সেইদৰে সংগ্ৰামী ৰাজনীতিত জনসাধাৰণৰ প্ৰাথমিকতাক তেওঁ শংকৰী পৰম্পৰাৰে ৰাইজেই তেওঁৰ গুৰু বুলি সহজে ব্যাখ্যা কৰিছিল। তেওঁৰ এই দৃষ্টিভংগীয়ে তেওঁক সাম্যবাদী দর্শনটােক মজ্জাগত কৰি লোৱাত সহায় কৰিছিল। কেৱল মার্ক্স, এঞ্জেলছ আদিৰ বচন দোহাৰিলেই যে সাম্যবাদী নহয়, সেইটো বোধহয় তেওঁ বুজি পাইছিল।

ৰাভাই প্ৰাচীন সমাজ ব্যৱস্থাৰ মাজতো সাম্যবাদী উপাদান বিচাৰি সেইবোৰ জনপ্রিয় কৰিবলৈ প্রয়াস কৰিছিল। তেনে এক থলুৱা উপাদান আছিল পঞ্চায়ত । তেওঁ পঞ্চায়তীৰাজৰ কথা কৈছিল আৰু গীতৰ জৰিড়তেও মানুহৰ মাজত পঞ্চায়ত সম্পৰ্কে ধাৰণা দিছিল। এই সন্দৰ্ভত তেওঁৰ দৃষ্টিভঙ্গী গান্ধীজীৰ সৈতে একে আছিল। গান্ধীজীৰ কথা তেওঁ বিশেষ একো কোৱা নাছিল যদিও স্বাধীনতা আন্দােলনত কংগ্ৰেছৰ ভূমিকাক স্বীকাৰ কৰি তেওঁ গান্ধীবাদী ৰাজনীতিৰ ঐতিহাসিক গুৰুত্বক পৰোক্ষভাৱে মানি লৈছিল। কংগ্ৰেছৰ স্বৰাজোত্তৰ কালৰ ভূমিকাৰহে তেওঁ তীব্র সমালোচনা কৰিছিল। এই দিশবোৰ বিচাৰ কৰিলে আমি বিনাদ্বিধাই ক’ব পাৰাে যে ৰাভাৰ ৰাজনৈতিক চিন্তাধাৰাও সাংস্কৃতিক চিন্তাধাৰাৰ দৰেই বিচিত্ৰ আৰু বিশাল আছিল। তেওঁ সহকৰ্মী কমিউনিষ্ট সকলৰ দৰে তেওঁ এক সংকীর্ণ গণ্ডীত বিচৰণ কৰা নাছিল। তেওঁৰ কাৰ্যকলাপত আধ্যাত্মিক প্ৰভাৱো দেখা যায়।

ৰাভাৰ বিপ্লৱী মানসিকতাৰ প্ৰতিফলন ঘটোৱা এক অন্যতম ক্ষেত্ৰ আছিল জনগোষ্ঠীয় সংস্কৃতি। অসমৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰায় সকলোবোৰৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে তেওঁ নিবিড়ভাৱে পৰিচিত আছিল। কোনো সংকীৰ্ণ জাতীয়তাবাদী চিন্তাধাৰাৰে চালিত নহৈ তেওঁ উদাৰভাৱে সকলো সংস্কৃতিৰ মণি-মুকুতা আহৰণ কৰিছিল। অসমক সকলো জনগোষ্ঠীৰে সমৃদ্ধ এখন বৰ অসমৰ কল্পনাত তেওঁ প্ৰায়ে বিভোৰ হৈছিল। বলৰাজ চাহনী, উদয়শঙ্কৰ আদি সর্বভাৰতীয় কলাকৰৰ সৈতেও তেওঁৰ সম্পর্ক অতি মধুৰ আছিল। এজন প্ৰকৃত কলাকাৰৰ সকলোবোৰ গুণ ৰাভাৰ মাজত আছিল। সেইবোৰে তেওঁৰ বিপ্লৱী জীৱনৰ ভেটি সুদৃঢ় কৰিছিল। ‘বসুধৈৰ কুটুম্বকম্’ আপ্তবাক্যটো যেন তেওঁৰ বাবেই ৰচিত হৈছিল, তেওঁৰ জীৱনী অধ্যয়নৰ পৰা এনে ভাব হয়। অসমৰ সকলো জনগোষ্ঠীৰ ভাষা, সংস্কৃতি আৰু সমাজ ব্যৱস্থা অধ্যয়নৰ দ্বাৰা তেওঁ যিদৰে সকলোৰে হৃদয়ত প্ৰৱেশ কৰিবলৈ সমৰ্থ হৈছিল সেইটো কাম অনেকেই কৰিব নোৱাৰে। কিন্তু এখন শোষণমুক্ত, শ্ৰেণীবিহীন সমাজ গঢ়ি তুলিবলৈ হ’লে ৰাভাৰ সেই আদৰ্শ আমি গ্ৰহণ কৰিবই লাগিব।

(লেখকৰ অনুমতি সাপেক্ষে প্ৰকাশ কৰা হৈছে। তুলিকাৰ সৈতে শিল্পী কল্যাণ ৰাভা।)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে