চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ভূপেন হাজৰিকাৰ জীৱনাকাশৰ ইন্দ্ৰধনু বিষ্ণু ৰাভাজন ( বিদ্যুৎ কুমাৰ ভূঞা )

ভূপেন হাজৰিকাৰ জীৱনাকাশৰ ইন্দ্ৰধনু বিষ্ণু ৰাভাজন ( বিদ্যুৎ কুমাৰ ভূঞা )

(এক)

একোজন মানুহৰ জীৱনত পৰা বিভিন্ন প্ৰভাৱেই সেই মানুহজনৰ সৃষ্টিকৰ্তা। সেই প্ৰভাৱ মানুহজনৰ শৈশৱ, কৈশোৰ, যৌৱন আদি জীৱনৰ বিভিন্ন স্তৰত লাভ কৰা পৰিৱেশ, ব্যক্তি- সান্নিধ্য, ঘটনা-পৰিক্ৰমা আদিৰ ওপৰত নিৰ্ভৰশীল। এটি গছপুলি ডাঙৰ-দীঘল হ’বলৈ প্ৰয়োজন হোৱা ৰস পুলিটোৱে নিজৰ প্ৰয়োজন, সামৰ্থ আৰু নিজৰ শক্তি অনুসৰি প্ৰকৃতিৰ পৰা আহৰণ কৰাৰ দৰেই প্ৰতিজন মানুহেও শৈশৱৰ পৰাই এই কামটোত স্বাভাৱিক আৰু স্বতঃস্ফূৰ্তভাৱে আত্মনিয়োগ কৰে, ই এক পৰিপূৰক ব্যৱস্থা। কিন্তু এটি গছপুলি দুপতীয়া অৱস্থাতে যিদৰে চিনিব পাৰি, সেইদৰেই শৈশৱতেই অনুমান কৰিব পাৰি একোটি শিশুৰ ভৱিষ্যতো। সেই কাৰণেই মানুহে কয়– ‘যি লাই (বা মূলা) বাঢ়িব, তাৰ দুপাততে চিন।’ টেলিফ’নৰ আৱিস্কাৰক গ্ৰাহামবেলে কৈ যোৱা ‘childhood is my bank balance’ কথাষাৰ এই ক্ষেত্ৰত বৰকৈ মনত পৰে। আচলতে গ্ৰাহামবেলৰে নহয়, পৃথিৱীৰ প্ৰতিটো শিশুৰে জীৱনৰ ‘সাঁচতীয়া ধন’ নিজৰ শৈশৱটো আৰু সেইবাবেই হয়তো শৈশৱক মানুহে ‘সোনালী শৈশৱ’ বুলি কয়।

ভূপেন হাজৰিকাৰ জীৱনটো পৰিৱেশ, ঘটনা আৰু ব্যক্তি-সান্নিধ্যই শৈশৱৰ পৰাই বিশেষ প্ৰভাৱ পেলাই আহিছে আৰু এনেবোৰ প্ৰভাৱে তেওঁৰ সমগ্ৰ জীৱনটোতে অহৰহভাৱে ক্ৰিয়া কৰি আহিছে। সম্পূৰ্ণ ভূপেন হাজৰিকাজনক বিশ্লেষণ কৰিবলৈ যাওঁতে এই অপৰিহাৰ্য প্ৰভাৱবোৰ বাদ দি যোৱাৰ উপায় নাই। ভূপেন হাজৰিকাৰ শৈশৱৰ কথা ভাবিলে মোৰ অৱধাৰিতভাৱেই মনলৈ আহে শিল্পী হিৰণ্য কুমাৰ বৰ্মনৰ এটি কাৰ্টুনলৈ, য’ত দুপতীয়া গছপুলি এটিৰ মাজত দেখা গৈছে ভূপেন হাজৰিকাৰ মুখখন আৰু পুলিটোত দুফালৰ পৰা দুহাতত জিঞ্জিৰি লৈ পানী দি আছে জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাই। এই কাৰ্টুনটো প্ৰকাশ পাইছিল শশী ফুকন সম্পাদিত ১৯৮২ চনৰ ছেপ্টেম্বৰ সংখ্যা ‘ৰংঘৰ’ আলোচনীত। সঁচাই ভূপেন হাজৰিকাই নিচেই শৈশৱতে তেজপুৰত পোৱা পৰিৱেশ, জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ মিঠা সান্নিধ্যই তেওঁক কেৱল শৈশৱতেই নহয়, ওৰে জীৱন প্ৰভাৱিত কৰি ৰাখিছিল। ক’বলৈ গ’লে জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ সান্নিধ্যইহে মূলতঃ সৃষ্টি কৰিছিল এজন ‘ভূপেন হাজৰিকা’ৰ সৃষ্টিৰ আধাৰ। ভূপেন হাজৰিকাৰ সমগ্ৰ জীৱনটোও মানুহৰ মহাজীৱনৰে এক ধাৰাবাহিকতা বুলি যদি বিশ্বাস কৰি লওঁ, তেনেহ’লে এয়া জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰে এক একত্ৰ ধাৰাবাহিকতাৰ গতিৰূপ বুলি মোৰ মাজে মাজে ভাবিবৰ মন যায়। আচলতে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ দুটি স্বতন্ত্ৰ জীৱনধাৰা আৰু আদৰ্শই ভূপেন হাজৰিকাৰ সমগ্ৰ জীৱনপথ পোহৰাই ৰাখিছিল, নিয়ন্ত্ৰণ কৰিছিল ভূপেন হাজৰিকাৰ জীৱন ৰথো।

অকল জ্যোতিপ্ৰসাদ বা বিষ্ণুৰাভা– এই দুগৰাকীৰ যিকোনো এগৰাকীৰ প্ৰভাৱত আজিৰ ভূপেন হাজৰিকাজন নিৰ্মাণ হোৱা হ’লে — সেইজন অন্য এজন ভূপেন হাজৰিকা হ’লহেঁতেন! জ্যোতিপ্ৰসাদখিনিৰ সৈতে বিষ্ণুৰাভাখিনিৰ বহুখিনি সাদৃশ্যও আছিল, আৰু আছিল বহু বৈপৰীত্যও। ভূপেন হাজৰিকা হৈ উঠিছিল এই দুই প্ৰতিভাৰ এটি যেন ভাৰসাম্যপূৰ্ণ সমন্বয়ৰ প্ৰতীক।

১৯৩৬ চনত ভূপেন হাজৰিকাই দহ বছৰ বয়সতে লগ পায় জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাক, তেজপুৰত। তেতিয়া জ্যোতিপ্ৰসাদৰ বয়স তেত্ৰিছ বছৰ আৰু বিষ্ণুৰাভাৰ বয়স সাতাইছ বছৰ। দুয়োৰে শিক্ষা-দীক্ষা আৰু ভাৱমূৰ্তিৰ মাজতো জীৱনধাৰণ পদ্ধতিত জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভা সুকীয়া আছিল। তদুপৰি ভূপেন হাজৰিকাৰ দৃষ্টিৰেই ক’ব পাৰি যে জ্যোতিপ্ৰসাদ আছিল কাৰ্পেটৰ পৰা ঘাঁহনিলৈ নামি অহা শিল্পী আৰু বিষ্ণু ৰাভা আছিল ঘাঁহনিৰ পৰা পথাৰলৈ নামি যোৱা শিল্পী। ইমানেই নহয়– জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰে বয়সৰ পাৰ্থক্য আছিল ছয় বছৰ আৰু ভূপেন হাজৰিকাৰ সৈতে জ্যোতি প্ৰসাদৰ বয়সৰ পাৰ্থক্য আছিল তেইছ বছৰ আৰু বিষ্ণুৰাভাৰে আছিল সোতৰ বছৰৰ পাৰ্থক্য। গতিকে এনেবোৰ কাৰণতো জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ সম্পৰ্ক দুজন ক্ষণজন্মা শিল্পীতকৈয়ো আছিল ভাতৃসদৃশ সন্মানবোধ আৰু মৰমৰহে। একেদৰেই জ্যোতিপ্ৰসাদতকৈ বিষ্ণুৰাভাৰ সৈতেহে অধিক ঘনিষ্ঠ আৰু অন্তৰংগতা গঢ়ি উঠিছিল ভূপেন হাজৰিকাৰ। আনকি জ্যোতিপ্ৰসাদতকৈ ফণী শৰ্মাৰ সৈতেহে বিষ্ণুৰাভা আৰু ভূপেন হাজৰিকাৰ ঘনিষ্ঠতা বেছি আছিল। জ্যোতিপ্ৰসাদৰে নথকা অতি ঘনিষ্ঠ সম্পৰ্ক বিষ্ণুৰাভা আৰু ফণী শৰ্মাৰ সৈতেহে গঢ়ি উঠিছিল ভূপেন হাজৰিকাৰ, যাৰ প্ৰমাণ তিনিওগৰাকী শিল্পীৰ বিভিন্ন লেখা আৰু ফটোগ্ৰাফৰ উপৰি মই ব্যক্তিগতভাৱে ভূপেন হাজৰিকাৰ দীৰ্ঘদিনীয়া সান্নিধ্যত বাৰুকৈ অনুভৱ কৰিছিলোঁ। বিষ্ণুৰাভাৰ সৈতে ৰচিত এই অন্তৰংগতাই ভূপেন হাজৰিকাক চিন্তাৰ স্বাধীনতা দিছিল।

কেৱল বিষ্ণুৰাভাই নহয়, শিল্পীজীৱনৰ শৈশৱৰ পৰা সমগ্ৰ জীৱনত ভূপেন হাজৰিকাই কেৱল অসমৰে নহয়, দেশ আৰু বিদেশৰো বহু গুণী তথা প্ৰখ্যাত ব্যক্তিত্বৰ ওচৰ সান্নিধ্য লাভ কৰিছিল। সেইবাবেই এনেবোৰ লোকৰ সান্নিধ্যই ভূপেন হাজৰিকাক এনে ব্যক্তিত্বৰ ৰাজহুৱা জীৱন কিম্বা সৃষ্টিৰাজি অথবা প্ৰতিভাতে সীমাবদ্ধ নাৰাখি ব্যক্তিগৰাকীৰ একান্ত ব্যক্তিগত জীৱনটোকো চোৱাৰ আৰু জনাৰ বিৰল সুযোগ আনি দিছিল, যিটো দিশৰ বাবেই ভূপেন হাজৰিকাৰ সান্নিধ্য হৈ পৰিছিল আনতকৈ ব্যতিক্ৰম। স্ৰষ্টা আৰু সৃষ্টিৰ আদৰ্শ লৈ পৃথিৱীত চৰ্চা আৰু বিতৰ্কৰ অন্ত নাই। তেনে স্থলত একোজন খ্যাতিমান ব্যক্তিত্বক সৃষ্টিৰ মাজতে আৱদ্ধ নাৰাখি তেওঁৰ ব্যক্তিজীৱনৰ মাজেৰেও নিৰীক্ষণ কৰিবৰ সুযোগ আৰু তাৰ যোগ্যতা দুয়োটাই পাইছিল ভূপেন হাজৰিকাই। এনেবোৰ ব্যক্তিত্বৰ মাজতো ভূপেন হাজৰিকাৰ সান্নিধ্য তেওঁৰ শৈশৱৰ পৰাই আৰু দুয়োগৰাকী শিল্পীৰ মৃত্যু পৰ্যন্ত প্ৰভাৱশালী হৈ পৰিছিল একমাত্ৰ জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাৰ। এই কথা স্বয়ং ভূপেন হাজৰিকাই নিজেও গভীৰতাৰে উপলব্ধিও কৰিছিল আৰু নিজৰ অতি ব্যস্ততাভৰা জীৱন পৰিক্ৰমাৰ মাজতো এই দুই মহান ব্যক্তিত্বৰ জীৱনৰ ব্যতিক্ৰমী বিশ্লেষণেৰে যিমানখিনি সম্ভৱ কৈ গৈছিল আৰু লিখিও গৈছিল। তেওঁৰ সমগ্ৰ জীৱন পৰিক্ৰমাই জ্যোতি- বিষ্ণুৰ আলোকৰ প্ৰভাৱেৰে উজ্জীৱিত হোৱা বুলি বিশ্বাস কৰাৰ বাবেই নিজৰ অনুলিখিত বাংলা আত্মজীৱনীখন উছৰ্গা কৰিছিল– ‘ আমাৰ সমাজসচেতনতা, সংগ্ৰাম ও নন্দনতত্বেৰ পথেৰ দিশাৰী জ্যোতিপ্ৰসাদ ও বিষ্ণুপ্ৰসাদকে’ বুলি।

(দুই)

দহ বছৰীয়া ভূপেন হাজৰিকাই দেউতাকৰ মুখত প্ৰথমবাৰৰ বাবে তেজপুৰলৈ যোৱাৰ কথা শুনোতেই বুজিব পাৰিছিল যে তেজপুৰ মানেই জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা আৰু ফণী শৰ্মাৰ দেশ, যাক আধুনিক অসমীয়া সংস্কৃতিৰ ত্ৰিমূৰ্তি বুলি তেতিয়াই কোৱা হৈছিল। তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত বিষ্ণু ৰাভাই শিকোৱা ‘সুৰৰে দেউলৰে’ গোৱা গায়ক গায়িকাসকলৰ মাজত এগৰাকী ভূপেন হাজৰিকাও আছিল। আকৌ নিজৰ পল’ ফিল্ডৰ কাষতে ঘৰ হোৱাত একেজন বিষ্ণুৰাভাকে ভূপেন হাজৰিকাই দেখা পালে এজন দূৰ্দান্ত ফুটবল খেলুৱৈৰ ৰূপত। নিশাৰ বিষ্ণু ৰাভাজনক দেখিলে বান থিয়েটাৰত অৰ্গেন বজাই থকা অৱস্থাত বা নাটকৰ আখৰা কৰি থকা অৱস্থাত। এবাৰ সেই একেজন বিষ্ণু ৰাভাই ভূপেন হাজৰিকাক লৈ গৈছে, কছাৰী গাঁওখনলৈ, শিকাইছে বড়ো ভাষাত কথা ক’বলৈ, খাবলৈ দিছে গাহৰিৰ মাংস। স্বাভাৱিকতেই সৰু ভূপেন হাজৰিকাই কৈছে– ‘ আমি গাহৰি নাখাওঁ।’ বিষ্ণু ৰাভাৰ উত্তৰ– ‘একো নহয়, খা চোন। তেতিয়াহে বুজিবি বড়োসকলক, বড়োৰ সংস্কৃতিক!’ এইবোৰ অভিজ্ঞতা ভূপেন হাজৰিকাৰ সৰু কালছোৱাতে হৈছিল, যিটো বৰ বিৰল আৰু ব্যতিক্ৰমী। বিষ্ণুৰাভাৰ সামাজিক ভাৱমূৰ্তিক যেন এনে অভিজ্ঞতাই ভূপেন হাজৰিকাৰ অন্তৰ্দৃষ্টিত অধিক জীৱন্ত আৰু অৰ্থময় কৰি তুলিছিল। মানুহক ভালপোৱা আৰু গভীৰতাৰে বুজি পোৱাৰ এই পাঠে ভূপেন হাজৰিকাৰ বাবে যেন নতুন দুৱাৰ মুকলি কৰি দিছিল। বিশেষকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নানা জনগোষ্ঠীৰ জীৱন আৰু সংস্কৃতিৰ মাজত সোমাই যোৱাৰ বাট ভূপেন হাজৰিকাক যেন এনেকৈয়ে দেখুৱাই দিছিল বিষ্ণু ৰাভাই। বৰ অসমৰ প্ৰতিটো জনগোষ্ঠীৰ বুকুত অন্তৰেৰে সোমাই যোৱাৰ বাট কাটিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। এই বাটেৰেই খোজ কাঢ়িবলৈ ভূপেন হাজৰিকাক শিকাইছিল বিষ্ণু ৰাভাই আৰু ভূপেন হাজৰিকাই সেই ধাৰাবাহিকতা ৰক্ষা কৰি অসমৰ প্ৰতি জাতি-জনগোষ্ঠীৰ মাজত নিৰ্মাণ কৰিলে কাহানিও কোনো বিভেদকামী শক্তিয়ে ছিঙিব নোৱৰা সমন্বয় আৰু সম্প্ৰীতিৰ আন্তৰিক এনাজৰী। একেদৰেই মহাপুৰুষ গুৰু দুজনাৰ ‘মণিকাঞ্চন’ সংযোগৰ দৰে ভূপেন হাজৰিকাই দেখিছে যে কেতিয়াবা বিষ্ণু ৰাভাৰ গীত এটিৰ সুৰ পিয়ানোত বজাই আছে জ্যোতিপ্ৰসাদে, কেতিয়াবা দেখিছে জ্যোতিপ্ৰসাদৰ গীত এমুঠিৰ ‘সুৰ চানেকী’ (স্বৰলিপি) নিৰ্মাণত ব্যস্ত হৈ পৰিছে বিষ্ণু ৰাভা। সৃষ্টিত প্ৰায় সমসাময়িক দুগৰাকী দূৰন্ত সৃজনীশীল প্ৰতিভাধৰ শিল্পীৰ এজনৰ আনজনৰ সৃষ্টিৰ প্ৰতি থকা এই অনুৰাগ আৰু গুৰুত্বও ভূপেন হাজৰিকাৰ মানসিকতাত সংপৃক্ত হৈছিল, তেতিয়াই। এনেবোৰ দিশ স্বচক্ষে নেদেখিলে বুজাৰ আন বাট নাই। তেজপুৰ গৱৰ্ণমেন্ট হাইস্কুলৰ বাৰ্ষিক উছৱত ‘জয় জয় যাদৱ…’ গোৱা ছাত্ৰ, নীলকান্ত হাজৰিকাৰ ল’ৰাটোৰ গান শুনি দুদিনমান পিছতে ঘৰ ওলাইছিলহি স্বয়ং জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভা। এইবাৰ ‘জয়মতী’ আৰু ‘শোনিত কুঁৱৰী’ পালানাটৰ ৰেকৰ্ড হ’ব, কলিকতাত। তাত গানো গাব লাগিব বুলি দুয়ো ভূপেন হাজৰিকাক লৈ ৰেলেৰে যাত্ৰা কৰিছিল কলিকতালৈ, যি সময়ত ভূপেন হাজৰিকা প্ৰতিটো ষ্টেচনৰ নামবোৰ লিখি যোৱাতহে ব্যস্ত আছিল!

কলিকতাই ভূপেন হাজৰিকাৰ কোমল মনত সুমুৱাই দিছিল বৰ্হিবিশ্বৰ ধাৰণা। ১৯৩৬ চনৰ পৰা ১৯৩৯ চনলৈ জ্যোতি-বিষ্ণুৰ সৈতে বহুবাৰ কলিকতালৈ গৈছিল ভূপেন হাজৰিকা। এই দুই ব্যক্তিত্বৰ মানসিক ব্যাপ্তিৰো প্ৰভাৱ পৰিছিল ভূপেন হাজৰিকাৰ চিন্তা আৰু চেতনাত। ভূপেন হাজৰিকাই কৈছিল– ‘এতিয়াও মনে মনে মই ভাবো–জীৱনৰ গতিপথ বোধহয় আগৰেপৰাই প্ৰস্তুত হৈ থাকে। মোৰ মনত ভীষণ ইচ্ছা আছিল সমগ্ৰ ভাৰতীয় সংস্কৃতিৰ সৈতে চিনাকি হ’বলৈ — ভাৰতীয় সংস্কৃতিৰ বিষয়ে পঢ়া-শুনা কৰিবলৈ। প্ৰায়েই ভাবিছিলোঁ, কেনেকৈনো ভাৰতীয় সংগীতৰ ব্যাকৰণখিনি শিকি লোৱা যায়। গোটেই অসমতে মই অৱশ্যে আচল মানুহ দুজনকে পালোঁ, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁলোকেইতো মোৰ সমুখত গোটেই পৃথিৱীখনকে দাঙি ধৰিলে।

বিষ্ণু প্ৰসাদ ৰাভাই অঁকা মহাপুৰুষ শংকৰদেৱৰ ছবিৰে সৈতে ভূপেন হাজৰিকা

ইমানেইনে? জীৱনৰ প্ৰথমটো গীতৰ ৰচনা আৰু সুৰতে এটা স্বতন্ত্ৰ ৰূপ পৰিগ্ৰহ কৰা ভূপেন হাজৰিকাৰ ‘অগ্নিযুগৰ ফিৰিঙতি’ গীতটোৰ উপৰি ‘আগুৱাই ব’ল’ শীৰ্ষক গীতটিত সেই সময়ৰ খ্যাতিমান সংগীতকাৰ বিষ্ণু ৰাভাই নিজৰ প্ৰথমখন গীতি-সংকলনতে ঠাই দি গীতিকাৰ ভূপেন হাজৰিকাজনকে যেন এক সবল স্বীকৃতিৰে ৰাইজৰ সৈতে পৰিচয় কৰাই দিলে, যিটো অকল ভূপেন হাজৰিকাৰ বাবেই নহয়, অসমৰ আধুনিক সংগীতৰ জগতখনৰে এক বিৰল আৰু স্মৰণীয় ঘটনা হৈ ৰ’ল। এইখিনিতে স্পষ্ট কৰি যাওঁ যে বহুতে কোৱা বা লিখাৰ দৰে ভূপেন হাজৰিকাৰ জীৱনৰ প্ৰথম ৰচিত গীত ‘কুসুম্বৰপুত্ৰ শ্ৰীশংকৰ গুৰুৱে’ নহয়, এইটো স্কুলৰ প্ৰাচীৰ আলোচনীত প্ৰকাশিত ভূপেন হাজৰিকাৰ প্ৰথম পদ্য বা ছন্দবদ্ধ কবিতাহে (এই বিষয়ে সুকীয়া কবিতা স্থানান্তৰত কৰিবলৈ এৰিলোঁ।) এচাম ভূপেন্দ্ৰ বিদ্বেষীয়ে ‘অগ্নিযুগ’তে ভূপেন্দ্ৰ বিদ্বেষৰো পাতনি মেলিছিল আৰু ৰাইজক বিপথে নিবলৈ ‘অগ্নিযুগ’টো বিষ্ণুৰাভাৰ সৃষ্টি বুলিও প্ৰচাৰ কৰি ভূপেন হাজৰিকাক হেয় কৰিবলৈ গৈ বিষ্ণু ৰাভাকো অৱমাননা কৰিছিল। এইসকল আধাখুন্দা, নিন্দুক সমালোচক-বুদ্ধিজীৱীয়ে বিষ্ণু ৰাভাৰ ‘মুক্তি দেউল’ কিতাপখনত ‘অগ্নিযুগ’টো প্ৰকাশ পোৱা দেখিলে, কিন্তু একেই চকুৰে মনিব নোৱাৰিলে কিতাপখনত স্বয়ং বিষ্ণু ৰাভাই লিখা ‘পাতনি’ৰ এই কথাকেইটা — ‘… মোৰ নিচিনা অঘৰী সৰ্বহাৰাই যতনে কিবা থ’বলৈ পোৱা নাই; গতিকে লিখি আছোঁ, লিখাবোৰ হেৰুৱাই আছোঁ। এইদৰে দুমাহ গ’ল। শেহত উপায় নাপাই ‘প্ৰগতি প্ৰকাশ ভৱন’ৰ গৰাকীয়ে খঙেৰে আৰু জোৰেৰে এইকণ বোটলা লেখা নি ছপাবলৈ মনস্থ কৰিলে আৰু নিলেও। কিছুমান গান শ্ৰীমান ভূপেন্দ্ৰ হাজৰিকাৰ মৌকোঁহৰ পৰা আনি জুৰিলোঁ। কিবা দোষ হ’লে ৰাইজে এই দীন-দুখীয়াক ক্ষমা কৰে যেন।’ আনকি পৰৱৰ্তী সময়ত গুৱাহাটীলৈ আহি কটন কলেজত পঢ়িবলৈ লোৱা ভূপেন হাজৰিকাই পুনৰ বিষ্ণু ৰাভাক দুটা বছৰ বৰ কাষতে পোৱাৰ সৌভাগ্য লাভ কৰিলে, যি সময়ত নীলাচল পাহাৰৰ তলত থিতাপি লোৱা বিষ্ণু ৰাভাই গুৱাহাটীৰ তেতিয়াৰ প্ৰচলিত ‘বিজতৰীয়া’ সংগীতধাৰাটো ওফৰাই নতুন আৰু স্বকীয় অসমীয়া সংগীতৰ ধাৰা প্ৰতিষ্ঠাৰ বিপ্লৱৰো সূচনা কৰিছিল। চকুৰ আগত দেখা বিষ্ণু ৰাভাৰ এই ভূমিকাই অসমীয়া সংগীতৰ স্বকীয়তা সম্পৰ্কে ভূপেন হাজৰিকাকো সজাগ আৰু সচেতন কৰি তুলিছিল। বিষয়বস্তু, কথা, সুৰ আৰু সংগীতত স্বকীয়তা সম্পৰ্কে ভূপেন হাজৰিকাৰ দৃষ্টিভংগী দৃঢ়তৰ কৰাত এনেবোৰ চাক্ষুস অভিজ্ঞতা আছিল সঁচাই আক্ষৰিক অৰ্থতে তুলনাবিহীন। ভূপেন হাজৰিকাই কৈছে– ‘ বিষ্ণুপ্ৰসাদ আৰু জ্যোতিপ্ৰসাদ — এই দুয়োজনৰ ওচৰত তেতিয়াই শুনিছোঁ, ভাৰসাম্য হেৰুৱালে যেনেকৈ ছবি অঁকা নহয়, ছন্দপতন হ’লে যেনেকৈ সুৰ বে-সুৰা হয়, ঠিক তেনেকৈ সমতা নাথাকিলে, ভাৰসাম্য নাথাকিলে, কোনো সমাজ বাচি থাকিব নোৱাৰে।’

এনেকৈয়ে বিষ্ণু-জ্যোতিৰ সান্নিধ্যৰ জ্যোতিৰে ভূপেন হাজৰিকাৰ জীৱন আৰু সাংস্কৃতিক বুনিয়াদ গঢ় লয়। ভূপেন হাজৰিকাই বিষ্ণু ৰাভাৰ সেই ‘ইমেইজ’ দেখিছে, যিজন বিষ্ণু ৰাভাক আজিও সোঁৱৰে সৰ্বহাৰাৰ সৰ্বস্ব ফিৰাই অনা’ৰ বিপ্লৱী এক সত্বাৰূপে, সমন্বয়ৰ এটি প্ৰতীকৰূপে। ভূপেন হাজৰিকাৰ দৃষ্টিত উদ্ভাষিত হৈছিল সেইজন বিষ্ণুৰাভা, যাৰ বিষয়ে শিল্পীগৰাকীয়ে কয়– ‘এইজনা শিল্পীয়ে অসমীয়া সুৰৰ দেউলৰ ৰূপৰ শিকলি ভাঙি সোণোৱালী দুৱাৰ খোলাৰ যি প্ৰতিজ্ঞা লৈ কাৰ্যত অগ্ৰসৰ হৈছিল, আধুনিক সংস্কৃতিৰ বুৰঞ্জীয়ে কেতিয়াও পাহৰিব নোৱাৰে। মুকুতিৰ আশা লৈ, জনজীৱনৰ প্ৰতি প্ৰীতি ৰাখি, ৰঙা মাটিৰ, কেঁচা মাটিৰ সুগন্ধ ঢালি কলা-কৃষ্টি কৰা বিষ্ণুপ্ৰসাদ আমাৰ নমস্য। ভাৰতীয় ঐতিহ্য, অসমীয়া ঐতিহ্য, জনজাতীয় প্ৰকাশৰ সমন্বয় সাধি এইজনা শিল্পীয়ে কৰা আধুনিক গীত সৃষ্টিক অসমীয়াই পাহৰিলে ইতিহাসে হাঁহিব।’

মুঠতে বিষ্ণুৰাভা প্ৰসংগত ভূপেন হাজৰিকাই নিজ সান্নিধ্যৰে পোৱা, উপলব্ধি কৰা আৰু কৈ যোৱা বা লিখি যোৱা সমস্তখিনিৰ মাজত বিষ্ণুৰাভা এজন মানৱতাবাদী মানুহ, জাতীয় জীৱনৰ সবল প্ৰতীক তথা এগৰাকী বিপ্লৱী শিল্পীৰূপেই মূৰ্ত হৈ উঠিছে, যাৰ মাজতো ৰাজনৈতিক আদৰ্শ মূৰ্তমান।

(তিনি)

বিষ্ণু ৰাভাৰ শিল্পীসত্বা আৰু জীৱনশৈলীৰ সৈতে তেওঁৰ বৈচিত্ৰ্যময়তাৰ দিশটো একাকাৰ হৈ আছে, সেই দৃষ্টিভংগীৰে সম্পূৰ্ণ বিষ্ণুৰাভাজনক ‘ভূৰুকা হাতী ভৰোৱাদি’ ভৰাই ভূপেন হাজৰিকাই কৈছে– ‘মানুহজন নিজেই ‘Lust for Life’ৰ প্ৰতীক আছিল। বিষ্ণুপ্ৰসাদ ৰাভা ঠিকাদাৰ নহয়, মন্ত্ৰীও নহয়, সত্ৰাধিকাৰো নহয়, নাস্তিকো নহয়, খাটি মহাপুৰুষীয়া– যদিও মাছ-মাংস খায়, ২৫০০ বিঘা মাটিৰ জমিদাৰ হৈও পুঁজিপতি নহয়, মাটিও নাই… গেৰুৱা বসন নিপিন্ধে যদিও সন্ন্যাসী, বিশ্ববিদ্যালয়ত দহোটা-পাঁচোটা গৱেষণা কৰা নাছিল যদিও গৱেষক-বুৰঞ্জীবিদ, নৃতত্ববিদ, বিপ্লৱী যদিও ৰোমাণ্টিক, জাতি বিচাৰ নামানে যদিও ধনী-দুখীয়াৰ জাতি বিচাৰ মানে, তিনিটা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয়, কমিউনিষ্ট হ’লেও ফেনাটিক নহয়, বয়স তিনিকুৰি হ’লেও মনটো একৈশ বছৰীয়া, খাটি বড়ো, খাটি অসমীয়া হৈও বিশ্বৰ ছন্দে-ছন্দে ধাৱমান এক মহান মানৱ-শিল্পী। ‘ ভূপেন হাজৰিকাৰ নিজস্ব ভাষা আৰু প্ৰকাশশৈলীৰে কোৱা এই কথাকেইটাতে যেন বিষ্ণুৰাভাৰ সমগ্ৰ জীৱনাৱলী সোমাই আছে। ইয়াৰ মাজতে যেন বিষ্ণুৰাভাৰ ৰাজনৈতিক জীৱন আৰু দৰ্শনৰো জিলিকনি লুকাই আছে। প্ৰত্যক্ষ ৰাজনীতিলৈ অহাৰ হাবিয়াস বিষ্ণুৰাভাৰো নাছিল, ভূপেন হাজৰিকাৰো নাছিল। অথচ ৰাজনৈতিক বিচক্ষণতাৰ প্ৰকাশ দেখা যায় জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা আৰু ভূপেন হাজৰিকা– এই তিনিও শিল্পীৰ মাজত। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানতে এম এ ডিগ্ৰী লোৱা সত্বেও সক্ৰিয় ৰাজনীতিৰ কথা নভবা ভূপেন হাজৰিকা ১৯৬৭ চনত নাওবৈচা সমষ্টিৰ পৰা নিৰ্দলীয় হৈ বিধান সভা পাইছিলহি বিষ্ণু ৰাভাৰ প্ৰভাৱ আৰু প্ৰেৰণাতে। সেইবাৰ তেজপুৰৰ পৰা নিজেও প্ৰতিদ্বন্দিতা কৰা বিষ্ণুৰাভাৰ সৈতে বিধায়ক হৈ অহা ভূপেন হাজৰিকাৰো ঘাই উদ্দেশ্য আছিল অসমৰ কলা-সংস্কৃতিৰ ক্ষেত্ৰখনৰ বিকাশৰ বাবে সক্ৰিয় ভূমিকা লোৱাহে, যিখিনি বাহিৰৰ পৰা চিঞৰি সম্ভৱ নহয় বুলিও উপলব্ধি হৈছিল দুই শিল্পীৰে। এই বিষয়ে বিশদ তথ্য সন্নিৱিষ্ট হৈছে ‘বিধান সভাৰ মজিয়াত বিষ্ণুপ্ৰসাদ ৰাভা আৰু ড° ভূপেন হাজৰিকা’ নামৰ কিতাপখনত (২০০৭)।

আচলতে শিল্পী অভিধাটোৰ বিস্তৃতি বা ব্যাপ্তি বৰ বিশাল। সমাজ আৰু ৰাজনৈতিক সচেতনতা নথকা কোনো এজন ৰাজনৈতিক ‘পাৰফৰ্মিং আৰ্টিষ্ট’ এই ‘শিল্পী’ অভিধাৰ অধিকাৰী হ’ব নোৱাৰে। এনে দৃষ্টিভংগীৰেই নিশ্চয় ভূপেন হাজৰিকাই এঠাইত কৈছে– ‘তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনতো অংশ লৈছিল। আকৌ বিশ্বৰ বিপ্লৱৰ বুৰঞ্জী পঢ়ি, তাৰপাচত ‘Revolutionary Communist Party of India’ লৈ আহিল, হাতত বন্দুক ল’লে, দহহাজাৰ টকা মূৰৰ দাম হ’ল। সেইটো এটা Romantic- যুগ । কিন্তু Romantic বুলি মই নেতিবাচক হিচাপে কোৱা নাই। তেতিয়া ব্ৰিটিছৰ ৰাজ চলি আছে, যুদ্ধ চলি আছে, মেচিনগান চলি আছে, তাৰ মাজতে সৰু বন্দুক এটা লৈ তেওঁ সমাজ পৰিৱৰ্তন কৰিব খুজিছে। সেইখিনিৰ পিছত, আকৌ Parliamentarism লৈছে, লৈ বিধানসভাৰ সদস্য হৈছে। গতিকে, তেওঁৰ ৰূপান্তৰ, ৰাজনৈতিক ৰূপান্তৰ হৈ আহিছিল। অথচ বিষ্ণু ৰাভাই লিখি যোৱা, সুৰ দি যোৱা, গাই যোৱা গীত-মাত, ৰচনাৱলী যদিও সংখ্যাত সীমিত, তৎসত্বেও সিবোৰৰ মাজত তেওঁৰ সুন্দৰ সমাজ গঠনত সংস্কৃতিৰ ভূমিকাৰ প্ৰতি থকা গভীৰ বিশ্বাসেই প্ৰতিফলিত হয়, যাৰ মূল প্ৰেৰণা ৰাভাই তেওঁৰ ‘সুন্দৰ শংকৰ’জনৰ পৰা বুটলিছিল। সেইবাবেই ভূপেন হাজৰিকাই বিষ্ণু ৰাভাৰ ৰাজনৈতিক চিন্তাধাৰাক ‘Interpret’ কৰা চিন্তানায়কসকলক লৈয়ো সন্দেহ প্ৰকাশ কৰি ৰাভাৰ ৰাজনৈতিক দৰ্শন আচলতেনো কি, তাৰ এক তথ্য আৰু যুক্তিনিৰ্ভৰ ‘Proper Interpretation’ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

ভূপেন হাজৰিকাৰ জীৱনতো মাৰ্ক্সবাদৰ প্ৰভাৱ নিশ্চয় পৰিছিল। আচৰিতধৰণে ‘সাম্যৰ সৰগ ৰচিম’ বুলি কোৱা জীৱনৰ প্ৰথম গীতটোতে ভূপেন হাজৰিকা তেতিয়াই পৰিবলগা সকলৰ চকুত পৰিছিল। কিন্তু জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা আৰু ভূপেন হাজৰিকা — এই তিনিওজন শিল্পীৰ মাজত এটা বিশেষ সাদৃশ্য আছিল যে যিকোনো এটা ‘ism’ বা ‘বাদ’ৰ প্ৰতি আকৃষ্ট হ’লেও তাক চকু মুদি গ্ৰহণ কৰা অনুচিত, তাৰে লগাখিনিহে লগা উচিত। জ্যোতিপ্ৰসাদে ‘অশ্ববাহিনী’ উলিওৱাৰ দৰেই বিষ্ণুৰাভায়ো বন্দুক লৈছিল। অথচ সেইজন জ্যোতিপ্ৰসাদেই স্বাধীন ভাৰতত কিমানখিনি ‘মাৰ্ক্সবাদ’ ল’ব লাগিব, তাৰ অধ্যয়ন কৰি প্ৰৱন্ধ লিখিছিল। একেদৰে, বিষ্ণু ৰাভায়ো ‘মাৰ্ক্সিজিম’ যিখিনি লাগে, সেইখিনিহে লৈছিল। ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো দেখা যায় যে, আমেৰিকাৰ পৰা ভাৰতলৈ উভতি অহাৰ পিছতো হেমাংগ বিশ্বাস আদিৰ সংসৰ্গইও ভূপেন হাজৰিকাক ‘ভাৰতীয় গণনাট্য সংঘ’ৰ সদস্য কৰিবপৰা নাছিল, যদিও ‘ভাৰতীয় গণ নাট্য সংঘ’ৰ বাবে এছোৱা সময় ভূপেন হাজৰিকা আৰু তেওঁৰ গান অপৰিহাৰ্য হৈ উঠিছিল।

মই মোৰ বিনম্ৰ আৰু নিৰ্মোহ দৃষ্টিৰে জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা আৰু ভূপেন হাজৰিকা– এই তিনিও প্ৰতিভাকে দেখা পাওঁ একোজন আজন্ম শিল্পীৰ আকাশচুম্বী এক ভাৱমূৰ্তিৰে, যি তিনিওৰে ভৰি দুখন আছিল সদায় মানুহৰ মাজত, মাটিত। তিনিওৰে শিল্পী সত্বাক প্ৰভাৱিত কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশাল প্ৰতিভাই। মহাপুৰুষ গুৰুজনাৰ দৰেই এই তিনিওজন শিল্পীয়েও সংস্কৃতিকে সমন্বয়ৰ বাহক স্বৰূপে লৈ অগ্ৰসৰ হৈছিল। মানুহক সমন্বয়ৰ সেতুৰে বান্ধিবৰ নিৰলস প্ৰয়াস আৰু সাধনাতে ব্ৰতী হৈ পৰিছিল। কিছু উধাই গৈ মই ইয়াকো কল্পনা কৰোঁ যে, জ্যোতি, বিষ্ণু আৰু ভূপেন হাজৰিকাৰ জীৱনো আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰে এক অদেখা ‘Extension’ হে।

শেষত এষাৰ কথা মনলৈ আহিছে। বিষ্ণু ৰাভাই কৈ গৈছিল– ‘পৃথিৱীত যিসকল মহাপুৰুষ জন্ম হৈছিল, তাৰ ভিতৰত তিনিজন মহাপুৰুষ আছিল কৃষ্টিৰ আকৰ। তেওঁলোক হ’ল শ্ৰীকৃষ্ণ, শ্ৰীমন্ত শংকৰদেৱ আৰু লিঅ’নাৰ্ডো দ্য ভিন্সি।’ বিষ্ণু ৰাভাৰ সেই সুৰতে সুৰ মিলাই ক’বৰ মন যায়– আধুনিক অসমতো কৃষ্টিৰ আকৰ হৈ জন্ম হৈছিল তিনিজন মহাপুৰুষ– জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা আৰু ভূপেন হাজৰিকা৷

( সংলগ্ন ছবিখন আঁকিছে সুভাষ চন্দ্ৰ আচাৰ্যই)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে