দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / ধাৰাবাহিক / নাৰীবাদৰ দৃষ্টিৰে যৌনতা- তিনি ( গীতালী বৰপাত্ৰগোহাঁই )

নাৰীবাদৰ দৃষ্টিৰে যৌনতা- তিনি ( গীতালী বৰপাত্ৰগোহাঁই )

(যোৱা সংখ্যাৰ পাছৰ পৰা)
যোৱা সংখ্যাত আমি নাৰীৰ যৌনতাৰ ওপৰত পুৰুষতান্ত্ৰিক সমাজৰ নিয়ন্ত্ৰণ ভংগ কৰিবলৈ আৰু নাৰীৰ যৌনতাৰ প্ৰতি থকা ভয় আঁতৰাবলৈ পৰ্ণগ্ৰাফিক থেৰাপী তথা মাধ্যম হিচাপে গ্ৰহণ কৰা ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলৰ বিষয়ে উল্লেখ কৰিছিলো। নাৰীৰ যৌন স্বাধীনতাৰ গুৰুত্বপূৰ্ণ দিশটো উত্থাপন কৰি ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলে নাৰীবাদৰ সংগ্ৰামখনত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল। কাৰণ ‘যৌনতা’ হ’ল পুৰুষৰ ক্ষমতা প্ৰদৰ্শনৰ প্ৰাথমিক কেন্দ্ৰ, য’ৰ পৰা নাৰীবিদ্বেষী ধাৰণাবোৰ গঠন হয়। কিন্তু তেওঁলোকৰ যুক্তিবোৰ সমাজৰ আগত প্ৰকাশ আৰু প্ৰমাণ কৰিবলৈ পৰ্ণগ্ৰাফী মাধ্যম হ’ব পাৰেনে, সেই বিষয়টো সন্দেহৰ আওতাত থাকি যায়। এইখিনিতে ৰেডিকেল কালচাৰেল নাৰীবাদীসকলৰ কেতবোৰ যুক্তি গ্ৰহণযোগ্য হৈ পৰে।

ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলে নাৰীক ‘androgynous’ অৰ্থাৎ সমাজে নিৰ্ধাৰণ কৰি দিয়া তথাকথিত ‘নাৰীসত্তা’ আৰু ‘পুৰুষসত্তা’ এই দুয়ো সত্তাৰ বৈশিষ্ট্য লোৱাটো বিচাৰিছিল। এই মতৰ বিপক্ষে ৰেডিকেল কালচাৰেল নাৰীবাদীসকলে দাবী কৰে যে নাৰীয়ে ‘পুৰুষসত্তা’ৰ বৈশিষ্ট্য গ্ৰহণ কৰি পুৰুষৰ দৰে হ’বলৈ চেষ্টা কৰাতকৈ ‘নাৰীসত্তাৰ’ বৈশিষ্টসমুহহে গ্ৰহণ কৰি লোৱা উচিত। তেওঁলোকৰ মতে ‘নাৰীসত্তা’ৰ অধিকাৰী হ’ব পৰাটো নাৰী এগৰাকীৰ বাবে গৌৰৱৰ কথা। তেওঁলোকে বিচাৰে যে সাংস্কৃতিকভাৱে ‘নাৰীসত্তা’ৰ লগত যিবিলাক বৈশিষ্ট্য জড়িত হৈ থাকে (পাৰস্পৰিক নিৰ্ভৰশীলতা,আবেগ,শৰীৰ,মাতৃত্ব,বিশ্বাস,প্ৰভুত্বহীনতা,শান্তিপ্ৰিয়তা) আদি গ্ৰহণ কৰিব লাগে আৰু ‘পুৰুষসত্তা’ৰ লগত সাংস্কৃতিকভাৱে যিবিলাক বৈশিষ্ট্য জড়িত হৈ থাকে (আত্মনিৰ্ভৰশীলতা,আবেগহীনতা,ইচ্ছা, প্ৰভুত্ব, দমন, ক্ষমতা, বুদ্ধি, যুদ্ধ) সেইবিলাক নাৰীয়ে পৰিত্যাগ কৰিব লাগে। তেওঁলোকৰ মতে ‘নাৰীসত্তা’ ‘পুৰুষসত্তা’তকৈ শ্ৰেষ্ঠ। ৰেডিকেল কালচাৰেল নাৰীবাদীসকলে বিশ্বাস কৰে যে ‘প্ৰজনন ক্ষমতা’ হৈছে নাৰীৰ শক্তিৰ উৎস। তেওঁলোকে নাৰী নিৰ্যাতন, যৌনতা, পৰ্ণগ্ৰাফী আৰু ধৰ্ষণৰ মাজত সংযোগ আছে বুলি মত প্ৰদান কৰে। ৰেডিকেল কালচাৰেল নাৰীবাদীসকলে ভাৱে যে পুৰুষে নাৰীক ঈৰ্ষা কৰে আৰু যৌনতাকেন্দ্ৰিক বিষয়সমুহ যিহেতু পুৰুষৰ নিয়ন্ত্ৰণাধীন, গতিকে পুৰুষে টেকন’লজিৰ প্ৰয়োগৰ জড়িয়তে নাৰীৰ প্ৰজনন ক্ষমতাক নিয়ন্ত্ৰণ কৰিব বিচাৰে।

পশ্চিমত সংঘটিত নাৰীবাদীসকলৰ মাজৰ যৌনতাকেন্দ্ৰিক যুজঁখনত ৰেডিকেল কালচাৰেল নাৰীবাদীসকলে পৰ্ণগ্ৰাফীক নাৰীজনিত অপৰাধসমুহৰ এক প্ৰধান কাৰণ হিচাপে বিবেচনা কৰিছিল বাবে পৰ্ণগ্ৰাফীৰ প্ৰচলন বন্ধ কৰাৰ বাবে জোৰ প্ৰদান কৰি পৰ্ণষ্ট’ৰ সমুহ ভাঙি পেলাইছিল। পৰ্ণগ্ৰাফীৰ বিৰূদ্ধে এই যুঁজখনৰ নেতৃত্ব দিছিল Andrea Dworkin আৰু Catharine Mackinnon য়ে । তেওঁলোকে মত দিছিল যে যদিও পৰ্ণগ্ৰাফীত নাৰীসকলে যৌনতাক উপভোগ কৰাৰ দৃশ্য দেখুওৱা হয়, কিন্তু প্ৰকৃতাৰ্থত নাৰীসকলে ইয়াক উপভোগ নকৰে। তাৰ পৰিৱৰ্তে বহু নাৰীক ভয় দেখুৱাই বলপূৰ্বক পৰ্ণগ্ৰাফীত ব্যৱহাৰ কৰা হয়। এই ভিক্টিম নাৰীসকলক উদ্ধাৰ কৰিবলৈ আৰু সমাজত যৌন নিৰ্যাতনৰ ঘটনা ৰোধ কৰাৰ উদেশ্যে তেওঁলোকে আইনী প্ৰক্ৰিয়াৰ জড়িয়তে পৰ্ণগ্ৰাফীক বন্ধ কৰিবলৈ আৰু যৌনতা কেন্দ্ৰিক বিষয়ত ৰাষ্ট্ৰৰ হস্তক্ষেপ তথা চেন্সৰছিপৰ শক্তিশালী ভুমিকাৰ সপক্ষে মত দি ইয়াক কাৰ্যকৰী কৰিবলৈ পদক্ষেপ হাতত লৈছিল।

পুৰুষতান্ত্ৰিক সমাজত, য’ত নাৰীৰ সমানাধিকাৰৰ প্ৰশ্ন উত্থাপন কৰা ব্যক্তিসকলৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে সমাজৰ শীৰ্ষস্থানত জড়িত হৈ থকা পুৰুষতান্ত্ৰিক মানসিকতা, তেনেক্ষেত্ৰত যৌনতা কেন্দ্ৰিক বিষয়সমুহ ৰাষ্ট্ৰৰ হাতত নিয়ন্ত্ৰণৰ ভাৰ সপি দিব বিচাৰি আৰু চেন্সৰছিপত জোৰ প্ৰদান কৰি প্ৰকৃতাৰ্থত Andrea আৰু Mackinnon য়ে নাৰীবাদৰ সংগ্ৰামখন আগুৱাই নিয়াৰ পৰিৱৰ্তে বহু যুগ পিছুৱাইহে নিছিল। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই দীৰ্ঘদিন ধৰি নাৰীৰ যৌনতাক নিয়ন্ত্ৰণ কৰি ৰখাৰ বিৰুদ্ধাচৰণ কৰি যিবিলাক যৌনতা কেন্দ্ৰিক কলাত্মক শিল্প-সাহিত্যৰ সৃষ্টি হৈছিল, Andrea আৰু Mackinnon য়ে সেইবিলাককো একাকাৰ কৰি নিয়ন্ত্ৰণৰ দায়িত্ব চেন্সৰছিপৰ হাতত তুলি দিছিল আৰু অজ্ঞাতে নাৰীৰ কন্ঠ ৰোধ কৰি দিয়াৰ অধিকাৰ ৰাষ্ট্ৰক প্ৰদান কৰিছিল । চেন্সৰছিপ হ’ল এনে এক দুৰ্বল মাধ্যম, যি মাথোঁ শব্দ , চিত্ৰ আদিকহে বন্ধ কৰিব পাৰে আৰু চেন্সৰছিপৰ এই ভুমিকাতেই সন্তুষ্ট হৈ পৰাসকলক বাস্তৱ সমাজত ঘটি থকা প্ৰকৃত অপৰাধ বিলাক কেনেকৈ ৰোধ কৰিব পাৰি,সেইবিলাক আৰম্ভ হোৱাৰ উৎস কি আৰু নিৰাময়ৰ উপায় বিচৰাৰ প্ৰক্ৰিয়া কি– এইবিলাক ই পাহৰাইহে ৰাখে। নাৰীয়ে নিজৰ অভিজ্ঞতা আৰু যৌনতাৰ কথা মুকলিলৈ লৈ অনাটো অতি গুৰুত্বপূৰ্ণ আছিল, যিবিলাক বিষয় যুগ যুগ ধৰি নিষিদ্ধ ঘোষণা কৰি নাৰীক দমন কৰি ৰখা হৈছিল আৰু যি নিষিদ্ধতাৰ আঁৰ লৈ পুৰুষপ্ৰধান সমাজে অপৰাধমুলক কাম-কাজ বিলাক সংঘটিত কৰাৰ সুবিধা গ্ৰহণ কৰিছিল। পৰ্ণগ্ৰাফীত অংশগ্ৰহণ কৰা সকলো নাৰী ইয়াৰ ভিক্টিম নহয়, একাংশ নাৰীৰ বাবে (বা একাংশ পুৰুষ তথা ‘তৃতীয় লিংগ’ৰ বাবেও) ই জীৱিকাৰ উৎস, তেওঁলোকৰ নিজৰ দেহৰ ওপৰত থকা অধিকাৰ আৰু ‘চয়চ’। এইবিলাকৰ ওপৰিও Andrea আৰু Mackinnon য়ে নাৰীৰ বাক-স্বাধীনতা তথা যৌন কৰ্মীৰ কামৰ মৰ্যাদা আৰু বৈধ ঘোষণাই যে নাৰী সৰবৰাহকাৰী, অপহৰণ আদি অপৰাধ ৰোধ কৰাত সহায় কৰে এই দিশসমুহ আওকাণ কৰিছিল।

ৰেডিকেল কালচাৰেল নাৰীবাদীসকলৰ আন এক বিভ্ৰান্তি আছিল তেওঁলোকে নাৰী আৰু পুৰুষৰ বৈশিষ্ট্যসমুহ পৃথকে নিৰ্ধাৰণ কৰি ‘নাৰীসত্তা’ক এক ঠেক সংজ্ঞাৰে শৰীৰকেন্দ্ৰিক কৰি ৰাখি, নাৰী-পুৰুষৰ মাজত বৈষম্যহে ফুটাই তুলিছিল। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত শিশু এটাই যে জন্মতে তথাকথিত ‘নাৰীসত্তা’ আৰু ‘পুৰুষসত্তা’ৰ গুণসমুহ আহৰণ কৰি নাহে, বৰং সামাজিকীকৰণ প্ৰক্ৰিয়াইহে শিশু এটাক এনেদৰে গঢ়ি তোলে, এই কথা তেওঁলোকে অৱহেলা কৰিছিল। পুৰুষতান্ত্ৰিক সমাজৰ নীতি-নিয়ম ভংগ কৰি এখন নতুন সমাজ গঢ়িব বিচৰা ব্যক্তিসকলৰ লক্ষ্য মাতৃতান্ত্ৰিক সমাজ (কেন্দ্ৰবিন্দুত নাৰী) নহ্য়, এখন সমতাৰ সমাজহে। তথাপিও Andrea আৰু Mackinnon বা আন ৰেডিকেল কালচাৰেল নাৰীবাদীসকলৰ যৌনতা বিষয়ক কেতবোৰ যুক্তি গুৰুত্বপূৰ্ণ। কাৰণ পুৰুষতান্ত্ৰিক সমাজত পুৰুষতান্ত্ৰিক মানসিকতাৰে পৰিচালিত ব্যক্তিৰ দ্বাৰা সৃষ্ট পৰ্ণগ্ৰাফীত প্ৰকৃততে পুৰুষতান্ত্ৰিক জিঘাংসা আৰু হিংস্ৰতাহে যে ফুটি উঠে সেইটো বুজি উঠাত তেওঁলোকে সহায় কৰিছিল।

ৰেডিকেল কালচাৰেল নাৰীবাদীসকলৰ মতে পৰ্ণগ্ৰাফীয়ে নাৰীৰ অনিষ্ট সাধন কৰে, কাৰণ ই পুৰুষক নাৰীৰ প্ৰতি হিংসাত্মক যৌনতা প্ৰদৰ্শন কৰিবলৈ তথা যৌন নিৰ্যাতন,ঘৰুৱা অত্যাচাৰ আৰু ধৰ্ষণ আদিৰ বাবে উৎসাহিত কৰি তোলে। পৰ্ণগ্ৰাফী এক পুৰুষতান্ত্ৰিক প্ৰপাগণ্ডা, য’ত পুৰুষজন প্ৰধান বিষয় আৰু নাৰী গৰাকী পুৰুষৰ উদেশ্যৰ বাবেহে ব্যৱহৃত। পৰ্ণগ্ৰাফীয়ে ইয়াত অভিনয় কৰা নাৰী চৰিত্ৰটো সম্মানৰ যোগ্য নহয় ৰূপত ফুটাই তোলে। পৰ্ণগ্ৰাফী এই উদেশ্য আগত ৰাখি বনোৱা হয় যে নাৰীদেহৰ ওপৰত পুৰুষে নিজৰ ইচ্ছাৰে খেলা কৰা দৃশ্যৰ জড়িয়তে পুৰুষৰ যৌন আকাংক্ষা, ইচ্ছা-অভিপ্ৰায় আদিক বেছি গুৰুত্ব দি, নাৰীৰ মুখেৰে কেতবোৰ যৌন কাতৰ শব্দৰ উচ্চাৰণ কৰোৱাই, পুৰুষৰ যৌন উত্তেজনা তীব্ৰ কৰি পুৰুষৰ হস্তমৈথুনত যাতে ই সহায়ক হয়। পৰ্ণগ্ৰাফীত পুৰুষে নাৰী শৰীৰৰ ওপৰত প্ৰয়োগ কৰি অহা ক্ষমতাৰ দিশটো প্ৰাধান্য দি এইটো নিদৰ্শন দাঙি ধৰে যে নাৰী আৰু যৌনতা দুয়োটাই পুৰুষৰ নিয়ন্ত্ৰাণাধীন। পৰ্ণগ্ৰাফী হ’ল এনে এক মাধ্যম য’ত শব্দ বা ছৱিৰে কিছু নাৰীৰ হাত-ভৰি বান্ধোনত ৰাখি, শৰীৰত চোকা অস্ত্ৰৰে, হাতেৰে, চাবুক আদিৰে আঘাত সানি নাৰীয়ে আঘাত, পীড়া আৰু ধৰ্ষণ উপভোগ কৰে বুলি অমানবীয় ৰূপত যৌনতা-কামনাৰ প্ৰতীক,সামগ্ৰী, খেলা কৰিব পৰা হিচাপে নাৰীক তুলি ধৰা হয়। পৰ্ণগ্ৰাফীয়ে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ওপৰত কোনো প্ৰশ্ন উঠোৱাৰ উদেশ্যে নিৰ্মাণ নহয়, ইয়াৰ উদেশ্য ব্যৱসায়িকহে, ৰাজনৈতিক নহয়। উল্লেখযোগ্য যে পৰ্ণগ্ৰাফী শব্দটো গ্ৰীক শব্দ ‘porne’ ৰ পৰা আহিছে, যাৰ জড়িয়তে এনে নাৰীক বুজোৱা হয় ‘যি পুৰুষৰ যৌন দাসী’।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমাজবিজ্ঞানী GAIL DINES য়ে ২০১০ চনত প্ৰকাশিত তেওঁৰ ‘PORNLAND’ নামৰ গ্ৰন্থখনত পৰ্ণগ্ৰাফীৰ বেছি ব্যৱহাৰে পুৰুষৰ ওপৰত পেলোৱা কেতবোৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰিছে। Dines ৰ মতে পৰ্ণগ্ৰাফীয়ে পুৰুষসকলক পৰ্ণগ্ৰাফীত দেখুওৱাৰ দৰেই চেক্স কৰিবলৈ আগ্ৰহী কৰি তোলে। তেওঁলোকে পৰ্ণগ্ৰাফীত দেখুওৱা অতিৰিক্ত যৌনকাতৰ হিংসাত্মক দৃশ্যবোৰ বাস্তৱটো ঘটে বুলি বিশ্বাস কৰিবলৈ লয় আৰু ভাৱিবলৈ লয় যে সকলো নাৰীয়ে পৰ্ণগ্ৰাফীত প্ৰদৰ্শন কৰা নাৰীসকলৰ দৰেই কঠিন যৌন কাৰ্য কৰিবলৈ ভাল পায়। আনহাতে যদি তেওঁলোকে পৰ্ণগ্ৰাফীৰ পুৰুষজনৰ দৰে নিজৰ জীৱনত যৌন ক্ৰিয়াত পাৰফৰ্ম কৰিব নোৱাৰে, তেতিয়া নিজকে চেক্সুৱেল লুজাৰ বুলি ভাৱিবলৈ ধৰে। কোনোবা নাৰীয়ে যদি তেওঁলোকৰ লগত পৰ্ণগ্ৰাফীত দেখুওৱা নাৰীৰ দৰে যৌনক্ৰিয়া কৰিবলৈ অমান্তি হয়, তেতিয়া তেওঁলোক সেই নাৰীগৰাকীৰ প্ৰতি বিৰক্ত আৰু ক্ৰোধান্বিত হৈ পৰে। পৰ্ণগ্ৰাফীয়ে পুৰুষসকলক পৰ্নগ্ৰাফীৰ ব্যৱহাৰৰ প্ৰতি বেছি আগ্ৰহী আৰু বাস্তৱ জীৱনৰ নাৰীসকলৰ প্ৰতি উদাসীন কৰি আনে । তেওঁলোকে ক্ৰমে কঠিনতকৈও কঠিন চেক্সৰ সোৱাদ ল’ব বিচাৰে আৰু যৌনক্ৰিয়াত সোনকালে বিৰক্ত তথা সংবেদনহীন হৈ পৰে।

(বি:দ্ৰ:- দিনচেৰেক পূৰ্বে ডক্টৰেট উপাধিপ্ৰাপ্ত ভাৰতৰ প্ৰথম গৰাকী ‘তৃতীয় লিংগ’ৰ ব্যক্তি Akkai Padmashali য়ে কৈছিল,“People told me ‘you are third gender’. I asked “who is first gender?” প্ৰকৃততে প্ৰথম লিংগ কোন? দ্বিতীয় লিংগই বা কোন!! ‘তৃতীয় লিংগ’ শব্দটো সম্পৰ্কে এনে আলোচনাৰ আন এক বহল পৰিসৰ আছে যদিও আলোচনাৰ সুবিধাৰ্থে আৰু জটিলতা আতৰাবলৈ ‘তৃতীয় লিংগ’ শব্দটো লেখাটোত ব্যৱহাৰ কৰা হৈছে।)
(পৰৱৰ্তী সংখ্যাত)

পূৰ্বৱতী সংখ্যদুটা তলৰ লিংকত চাব পাৰিব—

নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’– এক ( গীতালী বৰপাত্ৰগোহাঁই)

 

নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’– দুই (গীতালী বৰপাত্ৰগোহাঁই)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে