দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত শ্ৰমিক জীৱনৰ চিত্ৰ (টুনুজ্যোতি গগৈ)

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত শ্ৰমিক জীৱনৰ চিত্ৰ (টুনুজ্যোতি গগৈ)

স্বাধীনতা পৰৱৰ্তী কালৰ অসমীয়া উপন্যাস সাহিত্যক নতুন আৰু বৰ্ণাঢ্য বিষয়বস্তুৰে সমৃদ্ধিশালী কৰা ঔপন্যাসিকসকলৰ ভিতৰত মামণি ৰয়ছম গোস্বামী (১৯৪২-২০১১) অন্যতম৷ গোস্বামীৰ ‘চেনাবৰ সোঁত’ (১৯৭২), ‘নীলকন্ঠ ব্ৰজ’ (১৯৭৬), ‘অহিৰণ’ (১৯৮০), ‘মামৰে ধৰা তৰোৱাল’ (১৯৮০), ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ (১৯৮৮) ইত্যাদি উপন্যাসৰ বিষয়বস্তুৰ বৈচিত্ৰ্য আৰু পটভূমিৰ অভিনৱত্বই অসমীয়া পাঠকসকলক সদায়ে আকৃষ্ট কৰি আহিছে৷ লক্ষ্যণীয় যে গোস্বামীৰ জীৱনটোৱেই আছিল সংঘাতময় – প্ৰতিবাদী সত্তা আৰু সংগ্ৰামী মানসতাৰ সহায়ত তেওঁ সেই সংঘাত সফলতাৰে অতিক্ৰম কৰিছিল আৰু তেওঁৰ জীৱন কাহিনী লক্ষ লক্ষ মানুহৰ প্ৰেৰণাৰ উৎস হৈ পৰিছিল৷ তেওঁৰ জীৱন সংগ্ৰাম আৰু বৰ্ণাঢ্য অভিজ্ঞতাৰ সন্দৰ্ভত বিশিষ্ট সমালোচক ডঃ হীৰেন গোহাঁয়ে কৈছে – ‘এই বিচিত্ৰ সংগ্ৰামৰ অভিজ্ঞতা দেখাত সৰল হ’লেও, প্ৰকৃততে কবিতাৰ দৰে ঘন সংঘবদ্ধ, জটিল আৰু নিবিড়৷ তাৰ ফলত কেতিয়াবা এনে গভীৰ অন্তৰ্দৃষ্টি আৰু মৰ্মভেদী উপলব্ধিৰ উদ্ভাস ঘটিছিল যে মেধা আৰু বুদ্ধিৰে আয়ত্ব কৰিব নোৱাৰা কিছুমান জীৱন সত্যই যেন পাঠকৰ অনুভূতি আলোকিত কৰি গৈছিল৷’ [গৰীয়সী, ফেব্ৰুৱাৰী, ২০১২]

মূলতঃ কঠিন বাস্তৱ আৰু নাৰী জীৱনৰ বিভিন্ন সমস্যাৰ আধাৰত উপন্যাস ৰচনা কৰা মামণি ৰয়ছম গোস্বামীৰ ‘চেনাবৰ সোঁত’, ‘অহিৰণ’ আৰু ‘মামৰে ধৰা তৰোৱাল’ – এই তিনিওখন উপন্যাসত উৰ্ধতন কৰ্তৃপক্ষই শ্ৰমিক শ্ৰেণীৰ ওপৰত চলোৱা শোষণ-নিৰ্যাতনৰ ছবি জীৱন্ত ৰূপত ফুটি উঠিছে৷ অসমীয়া সাহিত্য জগতত নতুন বিষয়বস্তুৰ এখন অগতানুগতিক উপন্যাসৰূপে চৰ্চিত গোস্বামীৰ ‘চেনাবৰ সোঁত’ প্ৰত্যক্ষ অভিজ্ঞতাৰ আধাৰত ৰচিত৷ উপন্যাসখনত চীনাব বা চেনাব নদীৰ ওপৰত দলং সজাৰ কামত নিয়োজিত এদল শ্ৰমিকৰ সুখ-দুখৰ কাহিনী মৰ্মস্পৰ্শীভাৱে বৰ্ণিত হৈছে৷ উপন্যাসখনৰ পাতনিত তেওঁ লিখিছে– ‘১৯৬৬ চনতে এই উপন্যাস লিখা হৈছিল৷ কাশ্মীৰৰ চেনাব নদীৰ ওপৰত বন্ধা দলং এখনৰ শ্ৰমিকসকলক কেন্দ্ৰ কৰি এই উপন্যাস ৰচনা কৰা হৈছিল৷ এয়ে মোৰ প্ৰথম উপন্যাস৷ সেই সময়ত চেনাবৰ পাৰত শ্ৰমিকৰ কেম্পত থাকি এই উপন্যাস লিখা হৈছে৷ বয়স কম আছিল বাবে অভিজ্ঞতা কিছু কম আছিল, কিন্তু নিজ চকুৰে দেখা শ্ৰমিকৰ জীৱনৰ এয়া এক দলিল আছিল৷’

‘চেনাবৰ সোঁত’ত ঔপন্যাসিকাই ৰঘামা-সদাশিৱৰ কাহিনীৰ সমান্তৰালকৈ সোণীৰ কাহিনী সাৱলীল গতিত, আউল নলগাকৈ আগুৱাই নিছে৷ উপন্যাসখনৰ কাহিনীভাগ চমুকৈ এনেধৰণৰ– মালিক পক্ষই দলং নিৰ্মাণত জড়িত শ্ৰমিকসকলক অহৰহ শোষণ কৰাৰ ফলত শ্ৰমিকসকল অভাৱ-অনাটনত জুৰুলা হৈছে৷ তেওঁলোক সাংসৰিক জীৱনৰ সাধাৰণ আনন্দ উপভোগৰ পৰা বঞ্চিত হৈ অস্থায়ী শিবিৰতে এক কষ্টকৰ জীৱন যাপন কৰিব লগা হৈছে৷ ৰঘামা, সদাশিৱ, সোণী, শিৱান্না, চাহাব আদি বিভিন্ন পৰিৱেশৰপৰা অহা চৰিত্ৰবোৰ উপন্যাসখনত জীৱন্ত ৰূপত ফুটাই তোলা ঔপন্যাসিকাই পাঠকক এই বাস্তৱ সত্যৰ সৈতেও পৰিচয় কৰাই দিছে যে অভাৱীসকলক আৰ্থিক দুৰ্বলতাই উচ্ছৃংখল, অত্যাচাৰী আৰু ব্যভিচাৰী কৰি তোলে৷

উপন্যাসখনত কোম্পানীৰ শোষণৰ তীব্ৰতা যথাযথভাৱে চিত্ৰিত হৈছে৷ সদাশিৱৰ মৃত্যুৰ পাছত শ্ৰমিকসকলৰ মাজত সৃষ্টি হৈছিল চেপা প্ৰতিবাদ– ‘গোটেইজাক মানুহৰ মাজত এটা চেপা উত্তেজনাই দেখা দিলে৷ কোম্পানীৰ এনেকুৱা একচিডেন্ট ইতিমধ্যে কেইবাটাও ঘটি গৈছে৷ ক্ৰেইনৰ বাল্টি পৰি, কুঁৱা খন্দাৰ সময়ত, আনকি গাৰ্ডাৰৰ ওপৰৰপৰা চেনাবৰ বুকুত সৰি পৰা কেইবাটাও দুৰ্ঘটনা ঘটি গৈছে৷ সামান্য কেইটিমান টকা দি কোম্পানীয়ে সিহঁতৰ মুখ বন্ধ কৰি থোৱাৰ বাহিৰে একো কৰা নাই… চৰকাৰতকৈ ইহঁত বেছি শোষক, ৰক্তপিপাসুৰ দল৷ সময়ে-অসময়ে ইহঁতে শ্ৰমিকক ফটা জোতাৰ দৰে ব্যৱহাৰ কৰিছে৷ সুদীৰ্ঘকাল কোম্পানীয়ে ইহঁতক জোতা কৰিয়েই ব্যৱহাৰ কৰি আহিছে৷ ‘ছাল’ এৰাই যোৱা আৰু ‘গেৰোৱা’ খহি পৰাৰ লগে লগে উদং পথলৈ এই জোতাক দলিয়াই পঠিয়াইছে৷’ ঔপন্যাসিকাই শ্ৰমিকসকলৰ অৱহেলিত অৱস্থাটো ফটা জোতাৰ কল্পচিত্ৰৰে প্ৰকট কৰি তোলাৰ বিপৰীতে নতুন প্ৰজন্মৰ প্ৰতি পোষণ কৰিছে গভীৰ আশাবাদ –‘অলপতে তাই এটা নতুন শিশুৰ জন্ম দিব৷ কিন্তু, সি সেই শিশুটিৰ কুসুমকোমল ছালখনক কোম্পানীৰ মালিকক ফটা জোতা কৰি পিন্ধিবলৈ দিব নোৱাৰে৷’

মামণি ৰয়ছম গোস্বামীৰ ‘অহিৰণ’ উপন্যাসখনৰ কাহিনীভাগ মধ্য প্ৰদেশৰ অহিৰণ নদীৰ একুৱাডাক্ট নিৰ্মাণকাৰী কোম্পানী, কাৰ্যধ্যক্ষ, কৰ্মচাৰী, শ্ৰমিক আদিক লৈ অগ্ৰসৰ হৈছে৷ উপন্যাসখনৰ প্ৰধান চৰিত্ৰকেইটা হৈছে– মেনেজাৰ হৰ্শূল চাহাব, ধোবা আজিজ মিঞা আৰু নিৰ্মলা৷ উপন্যাসখনত উচ্চবৰ্গীয়, মধ্যবৰ্গীয় আৰু নিম্নবৰ্গীয় সমাজক প্ৰতিনিধিত্ব কৰা বিভিন্ন চৰিত্ৰৰ বিভিন্ন সংঘাত আৰু তেওঁলোকৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে বৰ্ণিত হৈছে৷ ‘অহিৰণ’ত মধ্যপ্ৰদেশৰ অৰ্থনীতি, গ্ৰাম্য সমাজ আৰু ভৌগোলিক পটভূমিৰো আভাস পোৱা যায়৷ এই উপন্যাসখনৰ সন্দৰ্ভত কাকত-আলোচনীৰ অভিজ্ঞ সম্পাদক চন্দ্ৰপ্ৰসাদ শইকীয়াই কৈছিল–‘খুব সম্ভৱ মামণি ৰয়ছম গোস্বামীয়েই একমাত্ৰ আধুনিক অসমীয়া গদ্য লেখিকা, যিয়ে সফলতাৰে অসমৰ চাৰিসীমাৰ বাহিৰৰ বিষয়বস্তুকো সাহিত্য-সৃষ্টিৰ সম্পদ কৰি লৈছে৷ তেওঁৰ বহল দৃষ্টিভংগী আৰু মনৰ দুৰন্ত শক্তিয়ে আমাৰ সাহিত্যৰ এক বলিষ্ঠ নতুন পদক্ষেপকে সূচাইছে৷’ [প্ৰকাশ, জানুৱাৰী, ১৯৮৩ চন]

১৯৮২ চনত সাহিত্য অকাডেমীৰ বঁটা বুটলিবলৈ সক্ষম হোৱা গোস্বামীৰ ‘মামৰে ধৰা তৰোৱাল’ত সমাজৰ অৱনত-অৱহেলিত-নিৰ্যাতিত হৰিজন সম্প্ৰদায়ৰ শ্ৰমিকসকলৰ জীৱন সংগ্ৰামৰ মৰ্মন্তুদ চিত্ৰ এখন প্ৰতিফলিত হৈছে৷ শ্ৰমিক সংগঠনত আগতে হৰিজন সম্প্ৰদায়ৰ প্ৰতিনিধি নাছিল, প্ৰথমবাৰৰ বাবে যশোৱন্ত নামৰ শ্ৰমিক জনক সংগঠনত সদস্যৰূপে নিয়োগ কৰা হ’ল৷ সংগঠনটোৰ প্ৰতিনিধিৰূপে যশোৱন্তই ক্ষুধাৰ জ্বালাত শ্ৰমিকসকলে অখাদ্য ভক্ষণ কৰা, নাৰী শ্ৰমিকে দেহ ব্যৱসায়ত জড়িত হোৱা আদি দৃশ্য অসহায়ভাৱে প্ৰত্যক্ষ কৰিছে৷ কোম্পানীৰ উৰ্ধতন কৰ্তৃপক্ষই শ্ৰমিকসকলৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত ক্ষুধাৰ্ত ধৰ্মঘটকাৰীসকল হিংস্ৰুক হৈ উঠিছে আৰু তেওঁলোকৰ ভয়ত স্থানীয় নেতাসকল পলায়ন কৰিছে৷ কোম্পানীৰ নিৰ্দেশত ইউনিয়নৰ সদস্যসকলে চুক্তিত চহী কৰি ‘ফাইনেল’ লৈ অন্য শাখালৈ বদলি হৈ গৈছে৷ হৰিজন সম্প্ৰদায়ৰ প্ৰতিনিধি যশোৱন্তকো ‘ফাইনেল’ দিয়া হৈছে৷ যশোৱন্তই প্ৰথমাৱস্থাত এই সুবিধা গ্ৰহণ কৰিলেও পাছত বিবেক দংশিত হৈ মাজবাটৰপৰা উভতি আহিছে৷ সাধাৰণ শ্ৰমিকক তেওঁ প্ৰতাৰণা কৰাৰ কথা ভাবিব নোৱাৰিলে৷ চাটাই হোৱা ক্ষুধাৰ্ত শ্ৰমিকসকলে তেওঁক সাই নদীৰ বালিত পুতি থোৱাৰ ভয় দেখুৱালেও তেওঁ সাইৰ বালিত অকলে অকলে নিৰ্ভয়ে ঘূৰি ফুৰিলে৷ তেওঁৰ সকলোৰে প্ৰতি বিশ্বাস হেৰাই গ’ল৷ তেওঁ দেখিলে, দুবছৰ পাছত স্থানীয় নেতা শাস্ত্ৰীয়েও ভাল স্থানত ঘৰ সাজি বিলাসী জীৱন কটাইছে৷ দুদিনমানৰ পাছত তেওঁ দোভাগ নিশা শাস্ত্ৰীৰ ঘৰত এখন চিকমিকাই থকা চোকা তৰোৱাল লৈ উপস্থিত হ’ল৷ উপন্যাসখনৰ কাহিনীভাগৰ সাৰাংশ এয়াই৷

অন্য উপন্যাসৰ দৰে এক নিটোল কাহিনী নথকা সত্বেও ‘মামৰে ধৰা তৰোৱাল’ৰ কাহিনী শ্ৰমিকসকলৰ শোষিত-নিস্পেষিত জীৱনৰ সৈতে সম্পৰ্কিত কিছুমান বিক্ষিপ্ত ঘটনাৰ আধাৰত অগ্ৰসৰ হৈছে৷ গোস্বামীয়ে স্বামীৰ লগত সেই শ্ৰমিকসকলৰ জীৱন সংগ্ৰাম ওচৰৰপৰা প্ৰত্যক্ষ কৰিছিল বাবেই তেওঁলোকৰ অভাৱ-অভিযোগ, দুখ-যন্ত্ৰণা আদি মৰ্মস্পৰ্শীভাৱে ফুটাই তুলিবলৈ সক্ষম হৈছিল– ‘কিছুদূৰ গৈ যশোৱন্তই আৰু এটা মাৰাত্মক দৃশ্য দেখা পালে৷ মুন্সী গছৰ কছাইৰ দোকানৰপৰা ছাগলীৰ ভুঁৰু, ছাল কিছুমান আনি ছুইপাৰৰ ল’ৰা-ছোৱালী এজাকে সাইৰ বুকুত দবৰা-দবৰি লগাই দিছে৷ যোৱা কিছুদিন ধৰি সাইৰ বুকুত বাহ লোৱা শগুণজাক আৰু সিহঁতৰ মাজত এই মুহূৰ্তত আৰু যেন কোনো পাৰ্থক্য নাই৷’

উপন্যাসখনত গোস্বামীয়ে শ্ৰমিকৰ প্ৰতি মিছা দৰদ দেখুওৱা কমিউনিষ্টসকলক শক্তি-সামৰ্থ্যহীন মামৰে ধৰা তৰোৱাল বুলি ব্যংগ কৰিছে৷ লক্ষ্যণীয় যে গোস্বামীৰ আঞ্চলিক পটভূমিত ৰচিত ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ উপন্যাসখনতো কমিউনিষ্টৰ প্ৰতি বিষোদগাৰ ফুটি উঠিছে৷ গোস্বামীৰ এই উপন্যাসখনত সত্ৰৰ স্বাধীনতাকালীন অৱস্থা, পৰম্পৰাগত ৰীতি-নীতি, সামাজিক অৱক্ষয়, দৰিদ্ৰতা, ভূস্বামীৰ মৰ্যাদা আদি যথাযথভাৱে চিত্ৰিত হোৱাৰ উপৰি ৰক্ষণশীল সত্ৰীয়া সমাজৰ দোষ-ত্ৰুটি, বৈধব্যৰ বিননি, যৌন আৱেদন, আৰ্থিক দুৰাৱস্থা, মুক্তিৰ আকাংক্ষা আদিও চিত্ৰিত হৈছে৷ আহোম ৰাজতন্ত্ৰৰ সময়ত অগাধ মাট-বাৰীৰ গৰাকী হোৱা ভূস্বামীসকল দেশ স্বাধীন হোৱাৰ পৰিৱৰ্তিত পৰিস্থিতিত চিলিং আইনৰ বাবে মাটি হেৰুৱাৰ শংকাত বিতত হৈ পৰিছিল৷ এই ভূস্বামীসকলৰ বাবে চিলিং আইনতকৈ বেছি আতংকৰ কাৰণ হৈ পৰিছিল ‘নাঙল যাৰ, মাটি তাৰ’ ধ্বনি তোলা কমিউনিষ্টসকল৷ উপন্যাসখনত মাটি দখলৰ প্ৰসংগ এক আতংকমিশ্ৰিত সুৰত উপস্থাপন কৰা হৈছে– ‘ৰঙামাটিত খুঁটিপুতি বহা কমিনিছহাতে আটাহ পাৰি আছে – নামক, গহে খেতিত নামক৷’ ঔপন্যাসিকাই এই কমিউনিষ্টসকলৰ হাততেই কৃষকসকলৰ প্ৰতি সহানুভূতিশীল ডেকা গোসাঁই ইন্দ্ৰনাথৰ শোকাৱহভাৱে মৃত্যু হোৱা বুলি দেখুৱাইছে৷

ঔপন্যাসিকাই কমিউনিষ্টসকলক ব্যংগ-বিদ্ৰুপ কৰিলেও শ্ৰমিক শ্ৰেণীয়ে শোষণ-বঞ্চনাৰপৰা কেনেকৈ মুক্তি লাভ কৰিব, তাৰ কোনো নিৰ্দিষ্ট আৰু নিশ্চিত পথৰ সন্ধান দিয়া নাই৷ তেনে পথৰ সন্ধান দিবলৈ গোস্বামী প্ৰগতিশীল শিবিৰৰ ঔপন্যাসিকো নাছিল৷ প্ৰত্যক্ষ ৰাজনৈতিক কাৰ্যকলাপৰপৰা অাঁতৰত থকা গোস্বামীৰ সৃষ্টিৰাজিয়ে এক বিশেষ ৰাজনৈতিক মতবাদৰ জয়গান গোৱাৰ পৰিৱৰ্তে ‘মানৱতাবাদ’ৰ জয়গানহে গাইছিল৷ কথা হ’ল, পুঁজিবাদী বা সাম্ৰাজ্যবাদী সমাজব্যৱস্থাত প্ৰকৃত মানৱতাবাদ প্ৰতিষ্ঠা কৰাটো সম্ভৱনে? যুদ্ধ-সংঘৰ্ষ, শোষণ-তোষণ, নিৰ্যাতন-নিপীড়ন, বৈষম্য-বঞ্চনাৰে ভৰা সমাজ এখনত ভাৱবাদী শিল্পী-সাহিত্যিকৰ কাংক্ষিত মানৱতা বাৰে বাৰে বিপৰ্যস্ত হৈ আহিছে৷ বহু গণতান্ত্ৰিক (ধনতান্ত্ৰিক?) দেশত স্বয়ং শাসকযন্ত্ৰই ধ্বংস কৰিছে মেহনতী জনগণৰ মানৱাধিকাৰ৷

মামণি ৰয়ছম গোস্বামীৰ দৰে বিশ্বৰ বহু বৰেণ্য শিল্পী-সাহিতি্যকৰ সৃষ্টিকৰ্ম গভীৰ মানৱীয় অনুভূতিৰে সিক্ত৷ তেওঁলোকৰ সৃষ্টি সাধনাৰ মূল উদ্দেশ্য হ’ল, মানৱ জীৱনৰ কল্যাণ সাধন৷ ঔপন্যাসিকে ‘চেনাবৰ সোঁত’ উপন্যাসখনত আশা কৰিছে যে নতুনকৈ জন্ম হ’ব লগা শ্ৰমিক সন্তানটিৰ কুসুমকোমল ছালখন সুৰক্ষিত হৈ ৰ’ব, সেই ছালেৰে তৈয়াৰী জোতা কোম্পানীৰ মালিকে আৰু পিন্ধিব নোৱাৰিব৷ কিন্তু, ঔপন্যাসিকৰ সেই আশা কেতিয়া পূৰণ হ’ব? কেতিয়া শ্ৰেণী বৈষম্যৰ অৱসান ঘটি গঢ় লৈ উঠিব ঔপন্যাসিকৰ কাংক্ষিত মানৱ সমাজখন?

সেই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিবলৈ যোৱাৰ পূৰ্বে বিশ্বৰ শ্ৰমিক আন্দোলনৰ ইতিহাসৰ পৃষ্ঠা লুটিয়াই চোৱা যাওক৷ ১৮৮৬ চনৰ মে’ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত নিপীড়িত শ্ৰমিকসকলে আঠ ঘন্টীয়া শ্ৰমদিনৰ দাবীত চলোৱা আন্দোলনটোৱে পৰৱৰ্তী সময়ত কাংক্ষিত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ সংঘবদ্ধ শ্ৰমিক শক্তিৰ কাষত পৰাজিত হৈছিল মালিকপক্ষ আৰু ৰাষ্ট˜শক্তি৷ শ্ৰমিক আন্দোলনৰ ইতিহাসত এক দিক্ নিৰ্ণয়কাৰী আৰু সফল আন্দোলন হিচাবে পৰিচিত সেই ঐতিহাসিক আন্দোলনটোৱে কেৱল শ্ৰমৰ সময় লাঘবেই কৰা নাছিল, প্ৰতিজন শ্ৰমিকক আপোন জীৱনৰ সাৰ্বিক বিকাশ ঘটাবলৈ আৰু এখন শ্ৰেণীহীন মানৱীয় সমাজ গঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল৷ সেই আন্দোলনটোৰ তেজৰঙা স্মৃতিত আজিও বিশ্বৰ প্ৰান্তে প্ৰান্তে এক মে’ৰ দিনা শ্ৰমিক দিৱস উদযাপিত হৈ আছে, কিন্তু সকলো দেশৰ সকলো স্তৰৰ শ্ৰমিকৰ জীৱন ধাৰণৰ মান উন্নত হৈছে বা শ্ৰেণী বৈষম্যৰ ওৰ পৰিছে বুলি ক’ব নোৱাৰি৷ দৃষ্টান্তস্বৰূপে, ভাৰতবৰ্ষতেই কোটি কোটি শ্ৰমিক শোষণ-তোষণ, অত্যচাৰ-অৱহেলা, অনিশ্চয়তা-উদ্বিগ্নতাৰ নিঃশ্চিদ্ৰ অন্ধকাৰৰ মাজত জীয়াই আছে৷ অথচ, সেই শ্ৰমিক শ্ৰেণীৰ হাড়ভঙা পৰিশ্ৰমৰ বিনিময়ত মালিকপক্ষই যাপন কৰিছে এক বিলাসবহুল জীৱন– তেওঁলোকে শ্ৰমিক সন্তানৰ কুসুমকোমল ছালেৰে তৈয়াৰী জোতা পিন্ধি বাৰে বাৰে পদাঘাত কৰিছে মানৱতাক৷ ইপিনে, ন্যায্য অধিকাৰৰ দাবীত শ্ৰমিক শ্ৰেণীয়ে মালিকপক্ষ আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিনিয়ত সংগ্ৰাম অব্যাহত ৰাখিব লগা হৈছে৷

বুজা গ’ল যে সমাজত শ্ৰেণী বৈষম্য থকালৈকে মানৱতা বিপৰ্যস্ত হৈয়ে থাকিব, শোষকপক্ষৰ অবিৰত শোষণ-নিৰ্যাতনৰ মাজত মানৱতাৰ ধ্বজা উত্তোলন কৰাটো অসম্ভৱ৷ প্ৰকৃত মানৱতাবাদ এখন শ্ৰেণীহীন সাম্য-মৈত্ৰীৰ সমাজতহে গঢ় লৈ উঠিব৷ সেই কাৰণেই শিল্প-সাহিত্যত মানৱতাবাদৰ জয়গান গাব বিচৰা শিল্পী-সাহিত্যিকসকলে শ্ৰেণীহীন সমাজ গঢ়াৰ প্ৰসংগটো এৰাই চলিলে নহ’ব৷ নক’লেও হয় যে মানৱতাৰ মুক্তিক মূল লক্ষ্য হিচাবে গ্ৰহণ কৰে প্ৰগতিশীল শিল্প-সাহিত্যই৷ এই ধাৰাৰ সাহিত্যই পশ্চাদমুখী আৰু ৰক্ষণশীল ধ্যান-ধাৰণাৰ বিপৰীত বিন্দুত অৱস্থান কৰি পৰিৱৰ্তনকামী জনগণৰ প্ৰতিবাদী কন্ঠ শোষণ-নিপীড়নৰ বিৰুদ্ধে সোচ্ছাৰ কৰি তোলে আৰু তেওঁলোকক নিশ্চিত মুক্তি পথৰ সন্ধান দিব বিচাৰে৷ প্ৰগতিশীল সাহিত্যৰ মূল উৎস হ’ল মাৰ্ক্সীয় দৰ্শন, যি দৰ্শনে শিল্প-সাহিত্য-সংস্কৃতি আদি সমাজৰ অৰ্থনৈতিক ভেটিটোৰ ওপৰত নিৰ্ভৰশীল বুলি বিশ্বাস কৰে৷ সমাজৰ শ্ৰেণী বৈষম্যৰ অৱসান নঘটালৈকে যে শ্ৰমিক-কৃষকৰ দুখ-দুৰ্দশাৰ অন্ত নপৰে আৰু তেওঁলোক যে ক্ৰমোত্তৰণৰ পথেৰে আগুৱাই যাব নোৱাৰে – এই বাস্তৱ উপলব্ধি মাৰ্ক্সবাদ বা দ্বান্দ্বিক বস্তুবাদৰ বিষয়ে প্ৰণালীবদ্ধভাৱে চিন্তা-চৰ্চা কৰা যিকোনো প্ৰগতিশীল সাহিত্যিকৰ সৃষ্টিৰাজিতে পৰিলক্ষিত হয়৷

লক্ষ্যণীয় যে সাহিত্যৰ বক্তব্য আৰু আংগিকক লৈ মাৰ্ক্সবাদী তাত্ত্বিকসকলৰ মাজত মতদ্বৈধ পৰিলক্ষিত হয়৷ এচাম তাত্ত্বিকে কেৱল বক্তব্যৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বিপৰীতে আন এচামে বক্তব্য আৰু আংগিক উভয়কে সমান গুৰুত্ব প্ৰদান কৰে৷ আচলতে সফল সাহিত্য সৃষ্টিৰ বাবে বক্তব্য আৰু আংগিকৰ মাজত সন্তুলন থকাটো প্ৰয়োজনীয়৷ লেখকে নিজৰ বক্তব্যক অধিক আকৰ্ষণীয়, কাৰ্যকৰী তথা প্ৰভাৱশালীভাৱে জনমানসত প্ৰচাৰ-প্ৰসাৰ কৰিবৰ বাবেই আংগিকৰ সহায় লোৱা উচিত৷ এংগেলছে কৈছিল যে উপৰুৱা ৰাজনৈতিক বক্তব্যপ্ৰধান সৃষ্টিকৰ্মতকৈ বাস্তৱবাদী সাহিত্য বহু পৰিমাণে উৎকৃষ্ট৷ অৱশ্যে, প্ৰতিজন সাহিতি্যকৰে–তেওঁ প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত হওক বা নহওক – ৰাজনৈতিক চেতনা থকাটো প্ৰয়োজন৷ গতিশীল ৰাজনৈতিক দৰ্শনেহে এজন সাহিত্যিকক সমাজৰ কেৰোণবোৰৰ সম্পৰ্কত সজাগ কৰি তুলিব পাৰে৷

সি যি নহওক, বিশ্বৰ সকলো শ্ৰমিক শ্ৰেণীৰ বাবে সবাতোকৈ প্ৰেৰণাদায়ক উপন্যাসখন হ’ল মেক্সিম গৰ্কীৰ– ‘মা’ (১৯০৬)৷ বিশ্ব সাহিত্যত এখন মৰ্যাদাপূৰ্ণ আসন দখল কৰি ল’বলৈ সক্ষম হোৱা এই উপন্যাসখনত পুঁজিবাদী শোষণ-শাসনৰ বিৰুদ্ধে শ্ৰমিক শ্ৰেণীয়ে কেনেকৈ ঐক্যবদ্ধ হৈ সংগ্ৰাম চলাই নিব লাগে, তাৰ সুনিশ্চিত পথ নিদেৰ্শনা আছে৷ উল্লেখ্য যে এই উপন্যাসখনৰ পূৰ্বে ৰচনা কৰা গৰ্কীৰ ‘স্কেটছেজ এণ্ড ষ্টৰিজ’, ‘ফ’মা গৰ্দয়েভ’, ‘দ্য থ্ৰী’ আদি গল্প-উপন্যাসতো শ্ৰমিক শ্ৰেণীৰ ওপৰত মালিক পক্ষই চলোৱা শোষণ-নিৰ্যাতনৰ মৰ্মস্পৰ্শী বৰ্ণনা আছিল৷ কিন্তু ঐক্যবদ্ধ মেহনতী শ্ৰমিক শ্ৰেণীৰ দ্বাৰা যে এটা সফল বিপ্লৱো সংঘটিত হ’ব পাৰে, সেই সম্ভাৱনাৰ ইংগিত তেওঁ দিয়া নাছিল৷ তেনে ইংগিত নথকাৰ বাবেই ‘ফ’মা গৰ্দয়েভ’, ‘দ্য থ্ৰী’ আদি উপন্যাসে ‘মা’ৰ দৰে বিশেষ মৰ্যাদা আৰু ব্যাপক চৰ্চা লাভ নকৰিলে৷

মামণি ৰয়ছম গোস্বামীৰ ‘মামৰে ধৰা তৰোৱাল’ত দেখুওৱা হৈছে যে সঠিক নেতৃত্ব আৰু শ্ৰমিকসকলৰ ঐক্যৰ অভাৱৰ বাবেই তেওঁলোকৰ ধৰ্মঘট ব্যৰ্থ হৈছে৷ শ্ৰমিকসকলৰ ধৰ্মঘটসমূহৰ ক্ষেত্ৰত সাধাৰণতে যিটো ঘটে, তাকেই উপন্যাসখনত বৰ্ণনা কৰা হৈছে৷ ঔপন্যাসিকাই শ্ৰমিক শ্ৰেণীৰ জীৱন সংগ্ৰামৰ আধাৰত ৰচিত তিনিওখন উপন্যাসৰ কোনোবা এখনত হ’লেও গৰ্কীৰ ‘মা’ উপন্যাসৰ দৰে এক সফল শ্ৰমিক আন্দোলনৰ সম্ভাৱনা ব্যক্ত কৰা হ’লে উক্ত উপন্যাসখনে নিঃসন্দেহে বিশ্ব সাহিত্য বা ভাৰতীয় সাহিত্যত অন্য এক সুকীয়া মৰ্যাদা লাভ কৰিলেহঁতেন৷

মামণি ৰয়ছম গোস্বামীৰ প্ৰায় সমসাময়িক অসমীয়া ঔপন্যাসিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাস ‘প্ৰতিপদ’তো শ্ৰমিকসকলৰ ধৰ্মঘটৰ প্ৰসংগ উল্লেখ আছে৷ উপন্যাসখনত ধৰ্মঘট বিফল হ’লেও তেওঁলোকৰ মাজত থকা ঐক্য আৰু সংহতিয়ে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷ ভট্টাচাৰ্যই এক বিশেষ ৰাজনৈতিক মতবাদ প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছিল বাবে তেওঁৰ উপন্যাসৰ সমাপ্তিও অৰ্থবহ আছিল৷ ভট্টাচাৰ্য মাৰ্ক্সবাদী নাছিল যদিও তেওঁ সমাজবাদী ৰাজনৈতিক দৰ্শনৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈছিল৷

প্ৰসংগক্ৰমে উল্লেখ্য, ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ৰ নাৰী চৰিত্ৰ গিৰিবালা বা ‘নীলকণ্ঠী ব্ৰজ’ৰ সৌদামিনীয়ে সমাজৰ সাতামপুৰুষীয়া ৰীতি-নীতি অমান্য কৰি নতুন জীৱনৰ সপোন দেখিলেও বা তেওঁলোকে সমাজৰ কু-সংস্কাৰ আৰু ৰক্ষণশীলতাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলেও শেষত দেখা গৈছে যে দুয়ো প্ৰতিকূল পৰিৱেশৰ ওচৰত (পুৰুষ তান্ত্ৰিকতাৰ ওচৰত?) হাৰ মানি আপোনঘাতী হৈছে৷ ঔপন্যাসিকাই বোধহয় আত্মহত্যাক প্ৰতিবাদৰ প্ৰতীক হিচাপে দেখুৱাব বিচাৰিছিল৷ কিন্তু, বাস্তৱধৰ্মী সাহিত্যত আত্মহত্যা অৰ্থাৎ জীৱনৰপৰা পলায়ণ কেতিয়াও প্ৰতিবাদৰ প্ৰতীক হ’ব নোৱাৰে৷

মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ সৃষ্টিৰাজিত শ্ৰমিক শ্ৰেণীক মুক্তি পথৰ সন্ধান দিব নোৱাৰিলে বুলি কোৱাৰ অৰ্থ এনেকুৱা নহয় যে তেওঁ ঔপন্যাসিক হিচাবে ক’ৰবাত ব্যৰ্থ হৈছে বা তেওঁৰ উপন্যাসত প্ৰগতিশীলতাৰ কোনো উপাদান নাই৷ মানৱতাবাদী ঔপন্যাসিকগৰাকীয়ে মানৱতাৰ মুক্তি পথৰ সন্ধান দিয়াত ব্যৰ্থ হ’লেও তেওঁৰ উপন্যাসসমূহত শ্ৰমিকসকলৰ মৌলিক সমস্যা আৰু মুক্তিৰ আকাংক্ষা যথোপযুক্তভাৱে উত্থাপন কৰিছে৷ বাস্তৱ জীৱনৰপৰা বুটলি অনা ৰাঘামা-সদাশিৱ-ফেনী-নাৰায়ণীৰ দৰে নিস্পেষিত চৰিত্ৰসমূহৰ আশা-আকাংক্ষা, আৰ্তনাদ-হুমুনিয়াহ, যন্ত্ৰণা-ব্যৰ্থতা আদি মৰ্মস্পৰ্শীভাৱে বৰ্ণনা কৰিছে৷ এই চৰিত্ৰসমূহৰ ভিতৰত এক উজ্জ্বল চৰিত্ৰ হ’ল ‘মামৰে ধৰা তৰোৱাল’ৰ নায়িকা নাৰায়ণী৷ নাৰায়ণীয়ে সন্তানৰ গাখীৰ আৰু ৰুগ্ন স্বামীৰ ঔষধৰ বাবে দেহ বিক্ৰী কৰিলেও আত্মমৰ্যাদাৰ প্ৰতি সচেতন৷ তেওঁ যিজন চাহাবৰ লগত উলংগ হৈ থাকিবলৈ কুণ্ঠাবোধ কৰা নাছিল, সেইজন চাহাবকে বিবেক দংশিত হৈ ঘপিয়াই হত্যা কৰিছিল৷ ঔপন্যাসিকে নাৰায়ণীক প্ৰচলিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহিনী ৰূপত থিয় কৰাইছে৷ নাৰায়ণীৰ দৰে অন্যান্য শ্ৰমিক চৰিত্ৰসমূহে পাঠকৰ মনত গভীৰভাৱে ৰেখাপাত কৰিবলৈও সক্ষম হৈছে৷ মামণি ৰয়ছম গোস্বামীয়ে যি পথৰ সন্ধান নিদিলে, সেই পথৰ সন্ধান পাঠকসকলে নিজেই বিচাৰিব লাগিব৷

সমল গ্ৰন্থঃ
গোস্বামী, মামণি৷ সম্পা.৷ উপন্যাস সমগ্ৰ৷ গুৱাহাটীঃ ষ্টুডেন্টছ ষ্টৰছ৷ চতুৰ্থ প্ৰকাশ৷ ২০১১৷ মুদ্ৰিত৷
ঠাকুৰ, নগেন৷ সম্পা.৷ এশ বছৰৰ অসমীয়া উপন্যাস৷ গুৱাহাটীঃ জ্যোতি প্ৰকাশন৷ দ্বিতীয় প্ৰকাশ৷ ২০০২৷ মুদ্ৰিত৷
Eagleton, Terry. Marxism and Literary Criticism. Berkeley, U of California P. 1976. Print.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে