চ’ৰাঘৰ / কথাশিল্প / কোনে জানে? ৰজাই জানে ( জীৱন নৰহ )

কোনে জানে? ৰজাই জানে ( জীৱন নৰহ )

বহুদূৰ গৈ গৈ আমি কেঁকুৰি এটা পালোঁ।
কেঁকুৰিৰ ভাজত আমি উশাহ সলালোঁ। আকৌ এটা
কেঁকুৰি পালোঁ। আৰু খৰখোজ দিলোঁ।
গছৰ আগত বেলি বহিব। আমি গৈ পোৱাৰ আগতে।
সিখন গাঁৱৰ আতংক গছকি বিষণ্ণতাৰে
মানুহবোৰ উভতি আহিছে।
মানুহবোৰে আমাক বিচাৰিছিল। লগ নাপাই
আন্ধাৰ সাবটি ঘৰমুৱা হ’ল।

যাওঁগৈ ব’লা। ঘৰমুৱা মানুহবোৰ বিমোৰত পৰিছে।
নৈত ঢল নামিছে। আমি গৈ পোৱাৰ আগে আগে
জাকৈ-জুলুকি-জালেৰে মানুহবোৰ নৈত উবুৰি খাই পৰিব।

ব’লা খৰধৰ কৰা। এয়াই ছাগে নৈখনৰ শেষ ঢল।
জীয়া বুকুৰ বোঁৱতী আয়ুস কিমান দিন, কোনে জানে?

কোনে জানে? ৰজাই জানে। ৰজাই।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে