চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বিষ্ণু প্ৰসাদ ৰাভাৰ ৰাজনৈতিক দৰ্শন ( ইছমাইল হোছেইন )

বিষ্ণু প্ৰসাদ ৰাভাৰ ৰাজনৈতিক দৰ্শন ( ইছমাইল হোছেইন )

বিষ্ণুপ্ৰসাদ ৰাভাই কলা, সাহিত্য, সংস্কৃতি চৰ্চা কৰাৰ উপৰি তেওঁ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এগৰাকী সক্ৰিয় ব্যক্তি আছিল। তেওঁ জীৱনৰ আদি স্তৰত প্ৰবল দেশপ্ৰেমৰ ভাবেৰে উদ্বুদ্ধ আছিল যদিও কোনো ধৰণৰ বিশেষ ৰাজনৈতিক দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হোৱা নাছিল। সেয়ে ৰাভাৰ জীৱনৰ সেইছোৱা কৰ্মৰ ভিত্তিত বহুতেই তেওঁক অকল কলাগুৰু হিচাপে মূল্যায়ন কৰিব খোজে। কিন্তু ৰাভাৰ সমগ্ৰ জীৱনৰ কৰ্মাৱলীৰ বিশ্লেষণ কৰিলে দেখা যায় যে তেওঁ কেৱল কলাগুৰুৱেই নাছিল, সমান্তৰাল ভাবে ৰাভা আছিল এগৰাকী সংগ্ৰামী ৰাজনীতিবিদ আৰু সমাজ-সেৱক। তেওঁৰ ৰাজনৈতিক জীৱনৰ দৰ্শনো আছিল সংগ্ৰামী মতাদৰ্শৰ দ্বাৰা চালিত দৰ্শন।

বিষ্ণু প্ৰসাদ ৰাভা আছিল প্ৰেম আৰু প্ৰতিবাদৰ শিল্পী। ৰাভাই তেওঁৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ আদি স্তৰত বৈপ্লৱিক উত্তৰণৰ আদৰ্শগত পথ বিচাৰি পোৱা নাছিল। সম্ভৱতঃ বিষ্ণুৰাভাৰ প্ৰথমা পত্নী সুগায়িকা প্ৰিয়বালা দত্তই বিয়াৰ মাত্ৰ ২৮ দিন পাছত মৃত্যুবৰণ কৰাত তেওঁৰ চঞ্চল আৰু উদভ্ৰান্ত জীৱনলৈ সুস্থিৰতা আনে মাৰ্ক্সবাদী মতাদৰ্শৰ কমিউনিষ্ট কৰ্মী আৰু নেতাসকলৰ সাহচৰ্যই। সেয়ে ৰাভাৰ ৰাজনৈতিক দৰ্শনৰ কথা আলোচনা কৰিবলৈ যাওঁতে তেওঁৰ ৰাজনৈতিক জীৱন-কৰ্ম, কমিউনিষ্টসকলৰ সৈতে গঢ়ি উঠা সম্পৰ্ক আৰু আদৰ্শগত সংগ্ৰামৰ কথা বিচাৰ কৰিব লাগিব।

বিষ্ণুপ্ৰসাদ ৰাভাই কমিউনিষ্টসকলৰ সান্নিধ্যলৈ অহাৰ পাছত জীৱন-কৰ্মৰ মাজে মাজে ৰাজনীতি বিষয়ক কেইবাটাও লেখা লিখিছিল। সেই লেখা সমূহৰ অন্যতম হ’ল ‘সমাজতন্ত্ৰ হ’লে কি লাভ’, ‘মে’ দিৱস’, ‘ছোচিয়েলিষ্ট সমাজ আৰু কমিউনিষ্ট সমাজৰ পাৰ্থক্য’ ‘ডাইলেকটিক’, ‘ৰাজনীতি’, ‘বিপ্লৱ’, ‘লেনিন’, ‘আন্তৰ্জাতিক মাৰ্ক্সীয় অৰ্থনীতি’, ‘নাবিক বিদ্ৰোহ’ আদি। এই লেখাসমূহৰ মাজত বিষ্ণুৰাভাৰ ৰাজনৈতিক দৰ্শনৰ কিছু দিশ ওলাই পৰিছে। তদুপৰি ১৯৫৩ চনৰ ১৯ নৱেম্বৰ তাৰিখে ৰাভাৰ জীৱনীমূলক ৰচনা সন্দৰ্ভত তিলক দাসলৈ লিখা এখন চিঠিৰ মাজেৰেও ৰাভাৰ জীৱনৰ মতাদৰ্শৰ বিভিন্ন দিশ পোহৰলৈ আহিছে। ৰাভাই তিলক দাসলৈ লিখিছিলঃ “…… মোৰ বিষয়ে জনতাৰ কি মত, খেতিয়ক, বনুৱা, ছাত্ৰ, মধ্যবিত্ত শ্ৰেণীৰ কি অভিমত, বুদ্ধিজীৱীসকলৰ কেনে ভাব সেইফাললৈকো লক্ষ্য ৰাখিবা।… মোৰ জীৱনৰ philosophy কি__ কি অৱস্থাত মই শিল্পী, গায়ক, নৃত্য-শিল্পী, লেখক, কবি, সাহিত্যিক, ঐতিহাসিক, নাট্যকাৰ, চিত্ৰ পৰিচালক, অভিনেতা, খেলুৱৈ আদি হ’লোঁ__ সেইবিলাকো মন কৰিবলগীয়া। …… মোৰ private জীৱনৰ যিখিনি প্ৰকাশযোগ্য তাৰো আভাস যাতে সমাজত ছাপ নপৰাকৈ বিৰিঙে। কিয়নো মই ৰাজনীতিত যোগ দিলোঁ, সেইফালেও মন দিবা।…… ” বিষ্ণুৰাভাৰ এই উদ্ধৃতিৰ পৰা জনা যায় যে তেওঁৰ জীৱনৰ এক বিশেষ সময় ৰাজনীতিয়ে নিয়ন্ত্ৰণ কৰি আছিল। তেওঁৰ সেই ৰাজনীতিৰ মতাদৰ্শ আছিল মাৰ্ক্সবাদ। ৰাভাৰ মতে, তেওঁৰ অস্থিৰ জীৱনলৈ মাৰ্ক্সবাদে আনি দিছিল সাগৰসদৃশ গভীৰতা। পিতৃপ্ৰদত্ত শ শ বিঘা মাটি দুখীয়া কৃষকৰ মাজত বিতৰণ কৰি ৰাভাই যি প্ৰকৃত মানৱপ্ৰেম, দেশপ্ৰেম আৰু সাম্যবাদৰ আদৰ্শ দাঙি ধৰিছিল তাৰ গুৰিতেই আছিল তেখেতৰ মাৰ্ক্সবাদী আৰু লেনিনবাদী আদৰ্শ। ৰাভা মাৰ্ক্সবাদ আধাৰিত সাম্যবাদৰ প্ৰতি যে গভীৰভাবে আসক্ত আছিল তাৰ প্ৰমাণ পোৱা যায় ১৯৬৯ চনত ৰোগশয্যাৰ পৰা ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক পৰিষদলৈ লিখা এখন চিঠিৰ পৰা। চিঠিখনত তেওঁ উল্লেখ কৰিছিল; ” যিসকল অসমীয়াৰ প্ৰাণস্বৰূপ, যিসকল অসমীয়া সংস্কৃতিৰ ধাৰক আৰু বাহক সেইসকল হালোৱা, হজুৱা, বনুৱা, তল-মজলীয়া ৰাইজ ক্লিষ্ট, শোষিত, দলিত, নিষ্পেষিত আৰু নিপীড়িত। এই ৰাইজৰে দুখত সমদুখী হৈ ৰাইজৰ হিয়াৰ মৰম, চেনেহৰ অথাই সাগৰৰ পানীত সাঁতুৰি-নাদুৰি উমলি ফুৰিছিলোঁ। “

“১৯৪৫ চনৰ পৰা ৰাইজৰ মাজত জঁপিয়াই পৰি বহু সভা-সমিতিৰ যোগে ৰাইজৰ প্ৰতি মোৰ কৃতজ্ঞতা যাচিছিলোঁ। তেতিয়াৰ পৰাই ভাৰতৰ বিপ্লৱী সাম্যবাদী দলৰ লগত সংশিষ্ট থাকি মাৰ্ক্সীয় দৰ্শন, মাৰ্ক্সীয় অৰ্থনীতি, দ্বন্দ্ববাদৰ লগত পৰিচিত হৈ আৰু হিয়াৰ আমঠু, ৰাইজৰ প্ৰাণৰ লগৰী আৰু ৰাইজৰ লগত একেলগে মিলিজুলি ৰাইজক মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ কাৰণে নিজৰ সকলো শক্তি নিয়োগ কৰোঁ।”

একেখন চিঠিতে ৰাভাই কমিউনিষ্ট পাৰ্টিত যোগদান কৰা সম্পৰ্কে লিখিছে, “১৯৪৬ চনৰ শেহৰ ফালে প্ৰসিদ্ধ অসমীয়া বোলছবি ‘চিৰাজ’ৰ পৰিচালনাৰ একাংশত অসমৰ বাহিৰত ব্যস্ত থকাত সেই কাম প্ৰায় দহ মাহৰ পিছত সমাধা কৰি স্বাধীনতাৰ পিছত অসমলৈ আহি দলীয় ৰাজনীতিত ব্যস্ত থাকি সভাই সমিতিয়ে ঘূৰি ফুৰোঁতে কংগ্ৰেছ চৰকাৰৰ শেন চকুত পৰি অজ্ঞাতবাসত বিৰাট পৰ্বৰ বিৰাট সাধনাত অংশগ্ৰহণ কৰিছিলোঁ। সেই বিৰাট সাধনাৰ জনসাধাৰণৰ মাজত থাকি জনসাধাৰণৰ সেৱাত থাকোঁতেই ধৰা পৰি এবছৰ কাৰাবাস খাটি ওলাই আহি কিছুদিনৰ পিছত সেই বিৰাট সাধনাৰ স্বাভাৱিক পথেই মোক লৈ আহে ভাৰতৰ কমিউনিষ্ট পাৰ্টিলৈ; বিশ্বজুৰি মহামানৱৰ মুক্তিৰ যি অভিযান সেই অভিযানৰ অংশভাগী হ’বলৈ। সেই কথা ১৯৫৫ চনৰ। তেতিয়াৰ পৰা বিশ্ব ভাতৃত্বৰ শ্ৰমিক, কৃষক, সৃষ্টিকাৰী জনতাৰ শান্তি, প্ৰগতি আৰু নতুন সমাজৰ সাধনাত মোৰ ক্ষুদ্ৰ শক্তিৰে দুখকাৰী জনসাধাৰণৰ পাৰ্টি_ কমিউনিষ্ট পাৰ্টিৰ সভ্যৰূপে ৰাইজৰ সেৱা কৰি আহিছোঁ। ১৯৬২ চনত চীনা আক্ৰমণৰ আশংকাত তেজপুৰবাসী যেতিয়া সন্ত্ৰস্ত হৈ পৰিছিল, দেশ ৰক্ষা আৰু ৰাইজৰ সাধ্য অনুসৰি অভয় দিয়াৰ চেষ্টা কৰাৰ দোষেৰে মাতৃহীন দুটি শিশুক বুকুত লৈ শুই থকাৰ পৰা কংগ্ৰেছ চৰকাৰৰ পুলিচে তেজপুৰৰ পৰা গুৱাহাটীলৈ পঘাৰে বান্ধি সাতমাহ সুদূৰ উৰিষ্যাত কাৰাৰুদ্ধ ৰাখি ৰাইজৰ সেৱাৰ পৰা বঞ্চিত কৰিবলৈ বিচাৰিছিল। কিন্তু বিচলিত হোৱা নাছিলোঁ, পাইছিলোঁ নতুন বল।

আজি মই ৰোগশয্যাত। মোৰ মনত অসীম প্ৰেৰণা যোগোৱা পাৰ্টি আৰু জনসাধাৰণৰ পৰা মই আঁতৰত থাকিবলগীয়া হৈছোঁ। তথাপি মোৰ মন সদায় ৰাইজৰ মাজত। যি আদৰ্শৰ সাধনাত জীৱনৰ সকলো সামৰ্থ্য আগবঢ়াইছিলোঁ, সেই আদৰ্শৰ পাৰ্টিৰ অসমত ৰূপালী জয়ন্তী উপলক্ষে ৰোগশয্যাৰ পৰাই অভিনন্দন জনাইছোঁ।”
বিষ্ণুপ্ৰসাদ ৰাভাৰ এই চিঠিখনৰ পৰাই তেওঁৰ জীৱনাদৰ্শ আৰু কমিউনিষ্ট পাৰ্টিৰ স’তে থকা সম্পৰ্কৰ কথা জনা যায়। ৰাভাই কমিউনিষ্ট পাৰ্টিত যোগদান কৰাৰ পাছত তেওঁ চৰকাৰী পুলিচবাহিনীৰ ৰোষৰ বলি হৈ আত্মগোপন কৰিবলগা হৈছিল। ‘অজ্ঞাতবাসৰ কথা’ শীৰ্ষক লেখাত ৰাভাই এই সম্পৰ্কে লিখিছেঃ “অজ্ঞাতবাসত থাকি বিৰাট পৰ্ব সৃষ্টি কৰি বিৰাট শক্তি সাধনা কৰিছিলোঁ। কত মাছ লুকাই আহি আমাক বিচাৰি ফুৰিছিল। … মাছলুকাক দেখিলে ৰাইজৰ হিয়া সাগৰৰ গভীৰত, তলিত আমি ডুব দিছিলোঁ। …মাছলুকাই নিৰাশ হৈ গুচি যায়। আমি বাচি যাওঁ। ৰাইজেই বচায়। … ৰাইজৰ লগত আমাৰ জীৱন ওতপ্ৰোতভাৱে জড়িত।
সেই মাছলুকা আন কোনো নহয়, সেই পুলিচ, মিলিটাৰী আৰু চৰকাৰৰ চোৰাংচোৱাৰ দল।
চৰকাৰে আমাক বিচাৰে শাস্তি দিবলৈ, ৰাইজে বিচাৰে তেওঁলোকৰ হিয়াৰ সাগৰত আমাক লুকুৱাই, বচাবলৈ। ৰাইজ আৰু চৰকাৰৰ মাজত এয়ে পাৰ্থক্য। কিয় এই পাৰ্থক্য?…… ৰাইজৰ চৰকাৰ হোৱাহেঁতেন ৰাইজে এইদৰে আমাৰ জীৱনৰ দায়িত্ব নল’লেহেঁতেন।
চৰকাৰে প্ৰচাৰ কৰে আমি হেনো সমাজদ্ৰোহী, ৰাজদ্ৰোহী আৰু চোৰ ডকাইত। যদি সেয়েই আমাৰ দোষ হ’লহেঁতেন , ৰাইজেনো কিয় আমাক আশ্ৰয় দিয়ে? ”
বিষ্ণুপ্ৰসাদ ৰাভাৰ এই অজ্ঞাতবাসৰ আৰম্ভ হয় কৃষকৰ আধিয়াৰ স্বত্বৰ সপক্ষে আন্দোলন কৰা বাবে। জমিদাৰৰ বিৰুদ্ধে এই আধিয়াৰ স্বত্বৰ আন্দোলনৰ নেতৃত্ব দিছিল ভাৰতৰ বিপ্লৱী সাম্যবাদী দলৰ (আৰ. চি. পি. আই) অসম ৰাজ্যিক সমিতিয়ে।

বিষ্ণুপ্ৰসাদ ৰাভাই কেৱল মাৰ্ক্সবাদত দীক্ষিত হৈ ৰাজনৈতিক আন্দোলনতেই জড়িত হোৱা নাছিল; তেওঁ মাৰ্ক্সবাদ, সমাজতন্ত্ৰবাদ, সাম্যবাদ, বস্তুবাদ আদি সম্পৰ্কে সুচিন্তিত প্ৰৱন্ধও লিখিছিল। ‘সমাজতন্ত্ৰ হ’লে কি লাভ’ প্ৰৱন্ধত ৰাভাই কৈছে; ‘সমাজতন্ত্ৰবাদ হ’লে ৰাইজৰ হাতত চৰকাৰ, কাৰখানা আৰু বিজ্ঞান আহিব। যি ধনীয়ে দুখীয়াক দুখ-কষ্ট দি মাৰে সেই ধনীক ৰাইজে নিজৰ চৰকাৰৰ সহায় লৈ নিজৰ পঞ্চায়ত ৰাইজৰ পৰা নোহোৱা কৰিব। কাৰাখানাবোৰক ধনীৰ হাতৰ পৰা কাঢ়ি লৈ কাৰখানাৰ সহায় লৈ ৰাইজে কম সময়ত বেছি মাটিৰ পৰা উৎপাদন কৰিব। তাৰ ফলত সুখেৰে পিন্ধি আনন্দেৰে খাই শান্তিৰে থাকিব পাৰিব।ভালকৈ মানুহৰ দৰে ভাবিবলৈ সময় আজৰি পাব। “

ৰাভাই যি সমাজৰ পোষকতা কৰিছিল সেয়া আছিল সমাজবাদী সমাজ। সেই সমাজ সম্পৰ্কে ‘ছোচিয়েলিষ্ট সমাজ আৰু কমিউনিষ্ট সমাজৰ পাৰ্থক্য’ শীৰ্ষক লেখাত ৰাভাই কৈছে; “সমাজবাদী সমাজ বুলিলে বুজায় সেই সমাজক, _ য’ত পতিসকলৰ সাহাৰ্যৰ বাহিৰেও কাৰ্যনিৰ্বাহ হয়,_ য’ত শ্ৰম সামাজিক হৈছে, আৰু তাৰ লগতে সংগঠিত অগ্ৰগামী বাহিনী অৰ্থাৎ শ্ৰমজীৱী সকলৰ সকলোতকৈ অগ্ৰগামী অংশই য’ত কঠোৰ দৃঢ় হস্তেৰে সমস্ত হিচাপ ৰাখে, নিয়ন্ত্ৰণ কৰে আৰু তদাৰক কৰে। তদুপৰি সমাজবাদী সমাজ বুলিলে ইয়াকো বুজায় যে , শ্ৰমৰ মান আৰু শ্ৰমৰ ক্ষতিপূৰণৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগিব এইকাৰণে যে, সমস্ত কৃষিপ্ৰধান দেশত প্ৰচলিত অসমন্বিত শ্ৰম, সামাজিক আৰ্থিক ব্যৱস্থাত বিশ্বাসৰ অভাৱ , সৰু সৰু উৎপাদকৰ পুৰণি অভ্যাসৰ নিচিনা পুঁজিতান্ত্ৰিক সমাজৰ অনেক লুপ্তাৱশেষ আৰু অভ্যাসবোৰ আমালোকৰ মাজত থাকি গৈছে। এইবোৰ সকলো প্ৰকৃত কমিউনিষ্ট অৰ্থনীতিৰ বিৰোধী। পক্ষান্তৰত, কমিউনিষ্ট সমাজ বুলিলে আমি সেই সমাজকে বুজোঁ__ য’ত মানুহে জনস্বাৰ্থমূলক কৰ্তব্য সম্পাদনত স্বতঃভাৱে অভ্যস্ত হৈ উঠিব, আৰু তাক এই কামত বাধ্য কৰাৰ কাৰণে কোনো বিশেষ যন্ত্ৰৰ প্ৰয়োজন নহ’ব, আৰু য’ত বিনা পাৰিশ্ৰমিকৰে সাধাৰণৰ হিতকৰ কাম কৰা এটা সাধাৰণ ব্যাপাৰ হৈ উঠিব। “

বিষ্ণুপ্ৰসাদ ৰাভা মাৰ্ক্সবাদৰ এগৰাকী সফল তাত্ত্বিক নহ’লেও তেওঁৰ মাৰ্ক্সবাদৰ ওপৰত আছিল অটল আস্থা। সেয়ে ৰাভাই তেওঁৰ কেইবাটাও লেখাত মাৰ্ক্সবাদ সম্পৰ্কে আলোকপাত কৰিছে। ‘নয়া গণতন্ত্ৰ’ শীৰ্ষক লেখাত ৰাভাই সমাজবাদী বিপ্লৱৰ লক্ষ্য সম্পৰ্কে কৈছেঃ “সমাজবাদী বিপ্লৱৰ প্ৰথম লক্ষ্য হৈছে__ শ্ৰমিক শ্ৰেণীৰ দ্বাৰা ক্ষমতা দখল, কাৰণ ৰাজনৈতিক ক্ষমতা কৰায়ত্ত কৰিব নোৱাৰিলে জনসাধাৰণৰ ডিক্টেটাৰী প্ৰতিষ্ঠিত নহয়। ৰাজনৈতিক দখলৰ পাছত শ্ৰমিক শ্ৰেণীয়ে এই ক্ষমতা প্ৰয়োগ কৰি দোপতদোপে বুৰ্জোৱাহঁতৰ হাতৰ পৰা বৈপ্লৱিক ক্ষমতা কাঢ়ি সমস্ত উৎপাদিকা শক্তি ৰাষ্ট্ৰৰ অধীনত সংহত কৰিব।”

বিষ্ণুৰাভাই মাৰ্ক্সবাদ, বস্তুবাদ আৰু ভাববাদৰ মাজত সীমাৰেখা টানি ‘ডাইলেটিক শীৰ্ষক লেখাত লিখিছেঃ ” মাৰ্ক্সবাদে মানুহ বা মানুহৰ সমাজক প্ৰকৃতিৰ অংশ বুলিহে বিচাৰ কৰে। গতিকে মানুহৰ উৎপত্তি আৰু ইয়াৰ ইতিহাস বিচাৰিব লাগিলে মানুহক পৃথিৱীৰ বিকাশ আৰু অগ্ৰগতিৰ মাজতে বিচাৰিব লাগে। মানুহৰ জীৱন বিকাশৰ মাজেদি চিন্তা আৰু সচেতনভাৱে কাম কৰাৰ ক্ষমতাৰ উদ্ভৱ হৈছিল। গতিকে বস্তু বা বাস্তৱ সত্তাৰ সচেতন অংশৰ জন্মৰ প্ৰথম আৰু মন বা বাস্তৱ সত্তাৰ সচেতন অংশৰ জন্মৰ পিছত। প্ৰকৃতি সম্বন্ধে আৰু মানৱ সমাজৰ সম্বন্ধে এনে দৃষ্টিভংগীয়েই বস্তবাদ বা মেটেৰিয়েলিজিম (Materialism) । ইয়াৰ বিপৰীত দৃষ্টিভংগীয়েই বোলে ভাৱবাদ বা আইডিয়েলিজম (Idealism) । “

“বস্তুবাদী দৃষ্টিভংগী অনুযায়ী মানুহৰ মন আৰু চেতনাৰ বিষয়বস্তু হ’ল বহিঃজগত, ভাব তাৰেই প্ৰতীকৰ দৰে। তাৰ ভিতৰতেই ভাৱৰ জন্ম। অৱশ্যে ইয়াৰ দ্বাৰা কোৱা হোৱা নাই যে সমস্ত ভাৱেই সত্য আৰু বাস্তৱ সম্বন্ধে যথাৰ্থ নিৰ্ভুল প্ৰতীকৰ দৰে। বস্তু সত্তা সম্বন্ধে অভিজ্ঞতাই নিৰ্ভুলভাৱে মাপকাঠি।

আনহাতে ভাৱবাদীয়েই কিছুমান শাশ্বত নীতিত বিশ্বাস কৰি বহি থাকে আৰু সেই নীতিবোৰ বাস্তৱৰ লগত খাপ খায় নে নাখায় তাক বিচাৰ কৰি চোৱাৰ প্ৰয়োজনবোধ নকৰে। বৰ্তমান সময়ত ‘চৰম শান্তিবাদ’ ইয়াৰ প্ৰকৃত উদাহৰণ। চূড়ান্ত শান্তিবাদীয়ে তেওঁলোকৰ পাৰিপাৰ্শ্বিকৰ বাস্তৱ জগতক উপেক্ষা কৰি চলে। বৰ্তমান জগতৰ বাস্তৱ অভিজ্ঞতাই দেখুৱাই দিয়ে যে বল বা শক্তিৰ প্ৰশ্নক এৰি যোৱাৰ উপায় নাই। আমি নিবিচাৰিলেও ই নোহোৱা হৈ নাযায়। বৰং বাস্তৱত ই দেখা দিয়ে। শক্তিৰ আগত প্ৰতিৰোধ বা নিষ্ক্ৰিয়তা অৱলম্বন কৰিলে অধিকতৰ শক্তি, বৃহত্তৰ আক্ৰমণ আৰু পাশৱিকতাৰ বাটহে মুকলি হয়। চৰম শক্তিবাদৰ মূলত আছে পৃথিৱী সম্বন্ধে নিজৰ ভাৱবাদী দৃষ্টি, চৰম শক্তিবাদীয়ে নিজৰ দাৰ্শনিক ভেটি সম্বন্ধে হয়তো সচেতন নহ’বও পাৰে, কিন্তু তেওঁলোকৰ দৃষ্টিভংগীৰ মূল বিশেষত্বই হ’ল বহিঃসত্তাত অবিশ্বাস। ”
“মাৰ্ক্সবাদত সমস্ত তত্ত্ব বস্তুবাদী বিশ্বদৃষ্টিৰ পিঠিত গঢ়ি উঠিছে। এই দৃষ্টি লৈয়েই মাৰ্ক্সবাদীয়ে বিশ্বক পৰীক্ষা কৰে আৰু বিশ্বৰ মানৱ সমাজৰ গতিৰ নিয়ম, কিম্বা মানুহৰ বাস্তৱ সত্তাৰ এটি আৱশ্যকতা আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰে। মাৰ্ক্সবাদে সমস্ত আৱিষ্কাৰ আৰু সমস্ত সিদ্ধান্তকে বাস্তৱ অভিজ্ঞতাৰ মাপকাঠিৰে বিচাৰ কৰে। যিবোৰ সিদ্ধান্ত আৰু তত্ত্ব বাস্তৱ ঘটনাৰ লগত খাপ নাখায়, সেইবোৰক বৰ্জন অথবা সংশোধন কৰে। বিশ্বাস আৰু মানৱ সমাজ সম্বন্ধে এই দৃষ্টিভংগীৰ কিছুমান সাধাৰণ লক্ষণ বা সূত্ৰ আছে। সেইবোৰ মনৰ পৰা সৃষ্টি কৰা নহয়, বাস্তৱ সত্য। মাৰ্ক্সবাদ কোনো বিচক্ষণ মনীষীৰ কল্পিত সিদ্ধান্ত নহয়, ই সম্পূৰ্ণ বাস্তৱৰ ভেটিৰ ওপৰত বিজ্ঞানসন্মতভাৱে গঢ়ি উঠিছে।
‘নয়া-গণতন্ত্ৰ’ শীৰ্ষক লেখাৰ মাজেৰেও বিষ্ণুপ্ৰসাদ ৰাভাই মাৰ্ক্সবাদ আৰু লেনিনবাদৰ গুৰুত্ব সম্পৰ্কে কৈছেঃ ” মাৰ্ক্স লেনিনবাদৰ মূল কথা এই যে ৰূপান্তৰকালীন অৱস্থাই যি ৰূপকেই পৰিগ্ৰহ নকৰক, শোষিত জনসাধাৰণৰ ডিক্টেটাৰী, শ্ৰমিক শ্ৰেণীৰ দ্বাৰা শাসন ক্ষমতা দখল আৰু কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বৰ আৱশ্যক। মাৰ্ক্স-লেলিনবাদ যে অত্যন্ত দৃঢ় গাঁথনিৰ আধাৰত প্ৰতিষ্ঠিত, ইতিহাসৰ অভিজ্ঞতাৰ পৰা তাৰ অকাট্য প্ৰমাণ পোৱা হৈছে। যিসকল পৰভৃৎ, বিশ্বাসঘাতক, একমাত্ৰ তেওঁলোকেই এয়া অস্বীকাৰ কৰে। বিভিন্ন ধনতান্ত্ৰিক দেশত সামাজিক ক্ৰমবিকাশৰ অধ্যায়বোৰৰ ভিতৰত কোনো ৰকম ফেৰ নাই। মাৰ্ক্স-লেনিনবাদৰ স্ৰষ্টাসকলে সামাজিক বিপ্লৱ, জনসাধাৰণৰ ডিক্টেটাৰী, সমাজবাদ আৰু সাম্যবাদৰ স্বৰূপ প্ৰভৃতি সম্পৰ্কে যি আইন-কানুন আৱিষ্কাৰ কৰিছে তাক উপেক্ষা কৰা নচলে। আজি নয়া গণতন্ত্ৰী ৰাষ্ট্ৰবোৰৰ লগত জনসাধাৰণৰ ডিক্টেটাৰীৰ পৰীক্ষা চলিছে।”

বিষ্ণুপ্ৰসাদ ৰাভাৰ এনেবোৰ লেখাৰ পৰা বুজা যায় যে তেওঁৰ ৰাজনৈতিক দৰ্শনৰ ক্ষেত্ৰত মাৰ্ক্সবাদ আৰু লেনিনবাদক এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে লৈছিল। তাত্ত্বিক দিশতকৈ বিষ্ণুৰাভাই মাৰ্ক্সবাদৰ ব্যৱহাৰিক দিশতহে অধিক গুৰুত্ব প্ৰদান কৰিছিল। শ্ৰমিক-কৃষকৰ ৰাজনৈতিক একনায়কত্ববাদত ৰাভাৰ অগাধ বিশ্বাস আছিল। ৰাভাই তেওঁৰ ষাঠি বছৰীয়া জীৱনকালত প্ৰায় ত্ৰিছ বছৰেই কমিউনিষ্ট আন্দোলনৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল। জীৱিত কালত অনেক যাতনা, লাঞ্ছনা, বদনাম আৰু সংঘাতৰ সন্মুখীন হৈয়ো বিষ্ণুপ্ৰসাদ ৰাভাই শ্ৰমিক কৃষকৰ মুক্তিৰ আন্দোলনত জপিয়াই পৰিছিল। ৰাভাৰ সেই মুক্তি সপোনৰ মূল আধাৰেই আছিল মাৰ্ক্সবাদ আৰু মানৱতাবাদ। তেওঁৰ সাংস্কৃতিক চিন্তা-চেতনাতো সাম্যবাদী দৰ্শনৰ প্ৰতিফলন ঘটিছিল। ৰাভাৰ ‘অসমীয়া কৃষ্টি’ শীৰ্ষক লেখাটো তাৰেই অন্যতম দলিল। বিষ্ণুৰাভাৰ জীৱনত মাৰ্ক্সবাদ আৰু লেনিনবাদে কিদৰে প্ৰভাৱ পেলাইছিল, তাৰ প্ৰমাণ তেওঁৰ এক স্বীকাৰোক্তিৰ মাজেৰে এনেদৰে দি গৈছে–” মাৰ্ক্সবাদ-লেনিনবাদে মোৰ চঞ্চল অস্থিৰ জীৱনলৈ আনি দিছে সাগৰ সংগমৰ পূৰ্ণতা আৰু গভীৰতা।”

( সংলগ্ন ছবি অন্বেষা চাংমাইৰ)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে