চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ৰাভাৰ কবি-মানস ( নলিনীধৰ ভট্টাচাৰ্য )

ৰাভাৰ কবি-মানস ( নলিনীধৰ ভট্টাচাৰ্য )

বিষ্ণু ৰাভাৰ আত্মাই যেন আমাক সকীয়াই আছেঃ মই পোহৰ, মোৰ বুকুত তোমালোকে ছুৰী বহুৱাব নোৱাৰা। এই কথা মিছা নহয়। আমাৰ অজলা ৰাইজে বৰ আশাৰে স্বাধীনতাক আদৰিছিল। বিশ্বাস কৰিছিল কর্ণধাৰসকলৰ ওপৰত। কিন্তু লাহে লাহে সেই বিশ্বাস ধূলিত বিলীন হ’ল। ৰবি ঠাকুৰে কৈছিল- এ দৈন্য মাঝাৰে, কবি নিয়ে এসো স্বৰ্গ হতে বিশ্বাসেৰ ছবি। ৰাভাই বিশ্বাসৰ ছবি আঁকিবলৈ কবিতা-গানৰ আশ্রয় লৈছিল আৰু নিজেও ৰাইজৰ পদ চুমি জপিয়াই পৰিছিল ৰণক্ষেত্ৰত। শিখা জ্বলিল আৰু নুমাল, কিন্তু পোহৰ থাকি গ’ল। ৰাভাৰ মৃত্যু নাই।

ৰাভাৰ কবিতাৰ ভাষা আৰু মুখৰ কথাৰ মাজত পার্থক্য নাছিল। যি ভাষাত তেওঁ কথা পাতিছিল, সেই ভাষাকে তেওঁৰ ৰচনাতো ব্যৱহাৰ কৰিছিল। সেই একেটা ভাষাৰেই তেওঁ যুঁজৰ থলীত ধ্বনিও দিছিল। এই পার্থক্যহীনতাই তেওঁৰ চৰিত্ৰ অকৃত্রিম কৰি তুলিছিল। পাশ্চাত্য শিক্ষাত শিক্ষিত নগৰ নিৱাসীসকলে বিষ্ণু ৰাভাৰ এই সবল অকৃত্রিম জীৱনক চিনি নাপায়। জীৱনৰ সৈতে যুক্ত ঝঞ্জাবিক্ষুব্ধ এইজন পুৰুষে অন্তৰত লালন কৰিছিল মার্ক্সীয় আদর্শ-এই আদৰ্শৰ বাবেই তেওঁ ‘হজুৱা-বনুৱা তল-মজলীয়া’সকলৰ হৈ যুঁজ দিছিল। যুঁজ অকলে কৰিব নোৱাৰি। সেইবাবে ৰাইজক উদগনি দিবলৈ তেওঁ সাংস্কৃতিক আহিলা ব্যৱহাৰ কৰিছিল। সংস্কৃতিও এবিধ আৱেগিক আৰু মননশীল শ্রম। বহির্জগত তাৰ উৎস; কিন্তু বহির্জাগতিক উপাদানৰ লগতে সংস্কৃতিয়ে তাৰ নিজা ধৰ্ম ৰক্ষা কৰিব লাগে। ৰাভাৰ ৰচনাৱলীত নান্দনিক দিশটো অ’ত-ত’ত ফুটি ওলাইছে যদিও সামগ্রিকভাৱে তাৰ অভাৱ অনুভৱ কৰিব পাৰি। আমাৰ হাতত, তেওঁৰ কবিতা বা গান যিখিনি আছে, সেইখিনিকে সমল স্বৰূপে লৈ আমি তাৰ অন্তৰালত থকা ৰাভাৰ মনটো চালি-জাৰি চাবলৈ ইয়াত যত্ন কৰিম।

কবি আৰু কৰ্মীৰ মাজত দ্বন্দ্ব আছে নেকি? বোধহয় নাই। কবি সমাজৰে মানুহ আৰু তেওঁ সমাজৰ পৰাই অভিজ্ঞতা বুটলি তাৰ নির্যাসেৰে সৃষ্টি কৰে। সৃষ্টি কৰিবলৈ অৱশ্যে কবিক নিজান কুঠৰীৰ প্রয়োজন হয়; কিন্তু কবিক এই নির্জনতাৰ আৱশ্যক হয় তেওঁৰ মানৱীয় সত্তাক জনসমাজৰ মাজলৈ প্ৰসাৰ কৰিবৰ বাবেহে। তাকে কৰাত কবিয়ে শব্দৰ সৈতে সংসাৰ কৰিব লাগিব, তাক বাছি বিচাৰি আনি সুন্দৰকৈ প্রকাশ কৰিব লাগিব, লগতে কল্পনা অথবা মননশীল আৱেগৰ সৃষ্টিৰ বাবেও তেওঁ যত্ন কৰিব লাগিব। অনাৱশ্যক বিস্তাৰ, গভীৰতাহীন আপাত ৰমণীয়তা, বৈচিত্র্যহীনতা, বর্ণনাধর্মিতাৰ আতিশয্য – এনেবোৰ আংগিকগত ত্রুটিৰ পৰা কবি মুক্ত হ’বলৈও যত্ন কৰিব লাগিব। আনহাতে, পাঠকৰ প্ৰতিও তেওঁ উদাসীন হ’ব নোৱাৰে। ৰাভাৰ কবিতা বহির্বাস্তৱলৈ প্ৰসাৰিত আৱেগিক শ্রম বুলিব পাৰি, কিন্তু সি তাৰ উৎকৃষ্ট নিদর্শন নহ’বও পাৰে। ইয়াৰ কাৰণ বোধহয় ৰাভাৰ বহেমিয়ান জীৱন, য’তে ইচ্ছা যায় লিখে, তাৰ সংশোধন বা পৰিমার্জনৰ সময় নাথাকে। ৰাজনীতি সংস্কৃতিৰ বিৰোধী নহয়; সৃষ্টিৰ মুহূর্তত ৰাজনীতি তাৰ বীজ_ফলে-ফুলে জাতিষ্কাৰ হোৱা সংস্কৃতিৰ গছজোপা নির্মাণ কৰে কবিয়ে। ৰাভাৰ দৰে প্ৰতিভাৱান শিল্পীৰ হাতত সৃষ্টিসমূহৰ ৰূপ অধিক আকর্ষণীয় হ’লহেঁতেন, যদি তেওঁ আৰু অলপ এই বিষয়ত পৰিশ্রমী হ’লহেঁতেন। এতিয়া খেদ কৰি লাভ নাই। ৰাভাৰ লেখাৰ মাজতে ৰাভা মানুহজন লুকাই আছে।

তথাপি ৰাভাৰ ৰচনাত যি আন্তৰিকতা আছে,সিয়েই আমাৰ সমল। তেওঁ ভাবিছিল হজুৱা-বনুৱা ৰাইজৰ কথা। তেওঁলোকে বুজা ভাষা এটা ক’বলৈ বা আৱিষ্কাৰ কৰিবলৈ তেওঁ চেষ্টা কৰিছিল। তেওঁৰ লক্ষ্য আছিল তৎকালিকভাৱে মানুহক জগাই তোলা। ‘ন পৃথিৱীৰ নতুন যুগ’ নামৰ নৃত্য-নাটিকাত তেওঁ কল্পনা কৰিছে পঞ্চায়তৰাজৰ, য’তঃ
উঠিছে নবীন সূর্য
বাজিছে বিজয় তুর্য জাগে দীন-হীন শৌর্য
উজ্জীৱিত নৱ বীৰ্য
শাসে নৱ জন-গণৰাজ
সুখৰে পঞ্চায়তৰাজ
এই ‘জন-গণৰাজ’ৰ বাবেই উৎসৰ্গিত ৰাভাৰ দৰে এজন মানুহৰ ভাব প্ৰকাশৰ আন্তৰিকতা নিশ্চয় সন্দেহাতীত।

ৰাভাক আমি সময়ৰ পটভূমিতে চাব লাগিব। যৌৱনত তেওঁ সাম্রাজ্যবাদী ইংৰাজৰ বিৰুদ্ধে হোৱা স্বাধীনতা আন্দোলনৰ অগ্নিগর্ভ প্রমূল্যসমূহৰ প্রতি আকৃষ্ট হৈছিল। স্বাধীনতা লাভৰ পিছত তেওঁৰ স্বপ্নভংগ হ’ল। জ্যোতিপ্ৰসাদৰো সেয়ে হৈছিল। ইয়াৰ ফলতেই তেওঁ বামপন্থী আদৰ্শৰ অনুসন্ধানত প্রবৃত্ত হ’ল আৰু তাতেই অনুভৱ কৰিলে দার্শনিক পূর্ণতা। সেই দিনৰ আৰ চি পি আইৰ লগত জড়িত হৈ তেওঁ অসমৰ গাঁৱে-ভূঞে, পর্বতে-পাষণ্ডে অঘৰী জীৱন কটাবলগীয়া হৈছিল। স্বাধীন চৰকাৰেও তেওঁৰ বিদ্রোহী চৰিত্ৰ সহ্য কৰা নাছিল। তেওঁৰ ওপৰত খৰ্গহস্ত হৈছিল। এইবোৰ কথা এতিয়া সকলোৱেই জানে। তেওঁৰ মানসিকতা গঠনত সহায় কৰিছিল সাম্যবাদী চিন্তা আৰু জনসংযোগে। সৰল-সহজ হৃদয়ৱান মানুহজনে পীড়িত মানুহৰ বাবে সকলো ত্যাগ কৰিবলৈ সাজু হ’ল। তেওঁৰ মনত তুচ্ছ হ’ল ধন-সম্পদ, মধ্যবিত্তীয় জীৱন চর্যা; সামগ্রিক জীৱনৰ বিকাশৰ প্ৰশ্নটোৱেই জৰুৰী হৈ দেখা দিলে। জৈৱিক প্রবৃত্তি আৰু বহির্বাস্তৱৰ পৰিৱর্তন সাধনাৰ চেতনা-এই দুয়োটাৰ দ্বন্দ্বত তেওঁৰ মানসিক জগত অস্থিৰ হৈছিল।এই অস্থিৰতাৰ অৱসান ঘটাবলৈকে তেওঁ সামাজিক বা মানৱীয় দায়িত্ব গ্রহণ কৰিছিল। তেওঁৰ ব্যক্তিগত অহং সামাজিক অহঙত পৰিণত হ’ল। সময়ৰ কদৰ্যতাৰ মৰুভূতে এই সামাজিক অহঙৰ জন্ম। ৰাইজৰ দৈন্যই তেওঁৰ অন্তৰত ক্ৰোধ আৰু ঘূণাৰ সৃষ্টিকৰিছিল। তেওঁ স্বপ্ন দেখিছিল জাকৰুৱা নাৱৰ। এই নাও বামেও যায়। ই অসম্ভৱকো সম্ভৱ কৰিব পাৰে। অনুভূতিক উমৈহতীয়া কৰিব পাৰিলেই বিপ্লৱৰ অগ্নি জ্বলে। এই ধাৰণাৰে উদ্দীপ্ত হৈ ৰাভা আগবাঢ়িছিল,হয়তো ৰাজনৈতিক চিন্তাৰ ধুঁৱলী-কুঁৱলীতে তেওঁ ভাবিছিল বিপ্লৱ আসন্ন, তেওঁৰ ‘ন-পৃথিৱী’ৰ পোহৰ সমাগত। কিন্তু সি সম্ভৱ নহ’ল। অৱশেষত তেওঁ কাৰাগাৰলৈ যাবলগীয়া হ’ল। বিশ্বাসৰ ছবি আঁকি ৰাইজক তেওঁ দেখুৱাইছিল সঁচা, কিন্তু প্রতিকূল পৰিস্থিতিৰ বাবে দিঠকত সি পূর্ণতা নাপালে। উৎসাহৰ ফিৰিঙতি নুমাল যদিও ‘দোষে-গুণে ভাওনাৰ শেষ’ হোৱালৈকে তেওঁ সাম্যবাদী চিন্তাৰ খুঁটি এৰি দিয়া নাছিল।

আমাৰ দেশত পুঁজিবাদৰ গতি শামুকীয়া। ৰাভাৰ দিনতো সেয়ে আছিল। এনেবোৰ কাৰণতে ঠায়ে ঠায়ে প্রাচীন প্রমূল্যসমূহ (কিছুমান আদিম আৰু কিছুমান সামন্তযুগীয়) ৰাইজৰ মাজত খোপনি পুতি আছে। এটা সময়ত সেইবোৰ প্ৰমূল্যৰ পটভূমি নিশ্চয় আছিল,আজি কিন্তু তাৰ উপযোগিতা নাই৷ক্ষয়িষ্ণু পুঁজিবাদী চিন্তা আৰু প্রাচীন ঐতিহ্য উভয়ৰে মাজত পৰি ৰাইজ যি অন্তৰ্দ্ধন্দ্বত ভুগি আছে, তাক দূৰ কৰাৰ কোনো উপায় তেওঁলোকৰ হাতত নাই। এই কথা আজি যেনেকৈ সঁচা, ৰাভাৰ দিনতো তেনেকৈ সঁচা। সমাজৰ মঞ্চত যি ট্রেজেদি চলি আছে, তাক দূৰ কৰিবলৈ এৰিষ্টটলৰ ‘কেথাৰছিছ’ আজিৰ পটভূমিত যথেষ্ট নহয়। আধুনিক কালৰ দুখ-দুৰ্দশা ট্ৰেজিক উপায়ে, কাৰুণ্য বিলাপেৰে দূৰ কৰিব নোৱাৰি। আজিৰ কলাৰ ট্রেজেদিও তাতেই। সমাজত আছোঁ যদিও সমাজৰ শক্তিসমূহৰ কথা আমি নাজানো; আমি আমাৰ অজ্ঞাতসাৰেই তাৰ দাস হৈ পৰিছে। আমি বেতেৰীত চেপা খোৱা সৰিয়হ। এই উপমা এঠাইত ৰাভাই ব্যৱহাৰ কৰিছেঃ
…শ্বিলং বহনা-কাঠ খোপে খোপে বহুৱাই আইনৰ জ্বাল খোৱা ৰাইজ বেহাৰেৰে ভৰা বেতেৰীটি তাত…।

উপমাটো মন কৰিবলগীয়া। জন্মভূমি বহনা-কাঠ। তাত ‘দেৱতা’সকল বহি ৰাইজৰূপী সৰিয়হ চেপি তাৰ তেল টুপি ভোগ কৰিছে। সাধাৰণ লোকৰ বাবে উজনি অসমৰ শ্ৰম-জীৱনৰ পৰা তেওঁ এই উপমাটি বুটলি আনিছিল। ইয়াত কবিৰ মানৱীয় সত্তা আহি বহির্জগতত থিত লৈছেহি। শোষণৰ এই ভয়াৱহতা নাশ কৰিবলৈকে তেওঁ বিপ্লৱৰ অগ্নি-চাপৰিত ভৰি দিছিল। ৰুদ্ৰ আৰু কালীৰ সংহাৰ মূর্তিৰ উপমাৰে জনতাৰ মাজত থিয় হৈ স্বতঃস্ফুর্ত আৱেগত তেওঁ এইবুলি চিঞৰি উঠিছিলঃ
হেৰ’ হেৰ’অগনি যুগৰ ৰঙাফিৰিঙতি শিখা
জ্বলজ্বল উঠ উঠ আন কাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ ক’লা ৰেখা
তুলি তুলিলি তই কৰালী কালীৰ ভীম ভয়ংকৰ খড়গ
ভাঙ ভাঙ ভাঙ ভাঙ কাৰাৰ কপাট,শত অভিশাপপূৰ্ণ এই
দুখময় দুর্গ
ৰাজহুৱা কল্যাণৰ বাবে উৎকণ্ঠিত এখন বেদনাবিধুৰ হৃদয়ৰ এই ধ্বংসৰ আহ্বানত লুকাই আছে ‘মুক্তি-দেউল’ৰ স্বপ্ন। এই দেউলৰ মাজত জনজীৱন জেউতিৰে জলমলাই উঠেঃ
ধুমুহাৰ ৰাতিৰ ক’লা আন্ধাৰৰ বক্ষ ছিৰাছিৰ হ’ল
তোমাৰ সাহৰ উজ্জ্বল জেউতি জ্বলি উঠে জলমল।।
ধুমুহাৰ গোসাঁনীৰ উপাসক ৰাভাই সমদলৰ আগত থাকি আন্ধাৰৰ বুকু বিদীর্ণ কৰি সাহসী সেনানীৰ দায়িত্ব কান্ধ পাতি লোৱাৰ ব্যঞ্জনা ইয়াত আছে।

ৰাভাৰ কবিতাৰ সংখ্যা কম। গানহে বেছি। গানৰ ৰচয়িতাও এক অৰ্থত কবি যদিও গান ধ্বনিপ্রধান, কবিতা ব্যঞ্জনাপ্রধান। এটাৰ বৈশিষ্ট্য সুৰ, আনটোৰ অৰ্থ ব্যঞ্জনা। পার্থক্য থাকিলেও গানতো কবি-কল্পনাৰ স্পর্শ থাকে। ৰাভাৰ ভালেমান গানত এই স্পর্শ অনুভূত হয়। ৰাভাৰ মনৰ কোণত যি ট্রেজেদিনাশী ইচ্ছাশক্তিয়ে বাহ লৈছিল,তাক তেওঁ শব্দসমূহৰ অনুষংগৰ মাজত ধৰি ৰাখিবলৈ যত্ন কৰিছিল। এই অনুষংগসমূহৰ উৎস হ’ল সামাজিক অহং; সেইবাবেই শব্দসমূহৰ চৰিত্ৰও বেলেগ। অৱক্ষয়ৰ যুগত সৃষ্টিৰ নিজৰা শুকাই যায়। বন্ধ্যা দ্বন্দ্বৰ মাজত মানুহৰ মন জর্জৰিত হয়। ৰাভা থিয় দিছিল। এই অৱক্ষয় আৰু ট্রেজেদিৰ বিৰুদ্ধে। ৰাভা প্ৰসংগত এই কথা আমি মনত ৰাখিলেই তেওঁৰ কাব্যিক বিচ্যুতিসমূহ সহানুভূতিৰে চাবলৈ সমর্থ হম।অ’ত-ত’ত সিঁচৰতি হৈ থকা উজ্জ্বলতাসমূহ আমি আদৰি লোৱাৰ মানসিকতা অর্জন কৰিব পাৰিম।

কেতিয়াবা কেতিয়াবা তেওঁ সহজ-সৰল ভাষাত ভৱিষ্যৎ নির্মাণৰ কল্পনা কৰিছিল, তাত প্ৰকাশৰ লাৱণ্যও নোহোৱা নহয়, ভাষা মাটিৰ সুবাসেৰে উজ্জ্বল, ছন্দোময়, সুৰীয়া আৰু লোকগীতৰ স্মাৰকঃ
চোতালৰ জাবৰি আঁজুৰি পিজুৰি সাজিমে ফুলনিবাৰী
জলমল ধুনীয়া হ’ব বিনন্দীয়া আমাৰে অলকাপুৰী।

ইয়াত ‘অলকাপুৰী’ৰ অনুষংগ পৌৰাণিক হ’লেও সি আজিৰ বাস্তৱৰ লগত সংযুক্ত। ই তেওঁৰ আশাবাদী মনৰ, জীৱনবোধৰ পৰিচায়ক। ‘তমোহৰ শিৱ’ৰ কথাও তেওঁ কেইবা ঠাইতো উল্লেখ কৰিছে।‘বিশ্বৰ ছন্দে ছন্দে’ গীতত ‘তমোহৰ দেউ’ যেন তাণ্ডৱ নৃত্যত তালে তালে ধ্বংস আৰু সৃষ্টিৰ প্ৰাণোচ্ছল প্রতীক হৈ পৰিছে। তেওঁ অজ্ঞান—এন্ধাৰ বিনাশি পুলকানন্দত নাচোনৰ তালে তালে বননি পুষ্পিত কৰি তুলিছে। এই কল্পনা মনোৰম। দুখৰ কথা আজি শুনিব কোনে? দুখত ম্ৰিয়মাণ হৈ জীৱনৰ ৰং সলনি কৰিব নোৱাৰি।কেৱল স্বপ্নতে যিসকল বিভোৰ হৈ থাকে, তেওঁলোক প্ৰবৃত্তিতাড়িত হৈ বৰ্হিজগতৰ পৰা আঁতৰি কুঁচি-মুচি শোৱাপাটীতে বাগৰ দিয়ে। আজিৰ কবিতাই এনে কৰিব নোৱাৰে। কবিতা সত্তাৰ সম্প্রসাৰণ। সি সকলো ভৌতিক দুখৰ (যি দুখৰ কাৰণ আকৌ বাস্তৱৰ দৈন্য) অন্ত পেলোৱাত সহায় কৰে আৰু জনজীৱনত মানৱীয় আনন্দৰ বীজ ৰোপণ চকৰিবলৈ যত্ন কৰে। এই ধাৰণা তলৰ স্তৱকত পৰিস্ফুটঃ
মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে?
কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে ?
‘কথা মালিকাৰ গন্ধ’ কথাষাৰ অর্থব্যঞ্জক। কবিৰ শব্দানুষংগৰ ফুলৰ দৰে গোন্ধ আছে। সেই গোন্ধত যেন সপোনবিভোৰসকলৰ বাস্তৱবিমুখ চৰিত্ৰৰ অন্ত পৰে। তেওঁ প্রকৃতিৰ মানৱীয়কৰণৰ জৰিয়তে বিশ্বজোৰা মহানন্দৰ কল্পনাও কৰিছেঃ
নাচে তৰা ছন্দে ছন্দে বিশ্ব-ভৰা মহানন্দে
সেই উলাহত হৰষ লাগি হিয়াত নাচোন নুঠেনে ?

ৰাভা ‘আৱাহন’, ‘বাঁহী’ আদি আলোচনীৰ পৰিমণ্ডলৰ মানুহ। সেইবাবে শব্দচয়নত সময়ৰ চিহ্ন আছে। প্রকৃতি, প্ৰেম, ঈশ্বৰ, মৃত্যু, ৰহস্যবাদ এনেবোৰ ব্যক্তিগত বিষয়ৰ বেহুত সোমাই থকা মজলীয়া বা তলমজলীয়া শ্রেণীৰ কবিসকলৰ লিৰিকেল উচ্ছাসৰ ঐতিহ্য আৰু বহির্জগত সম্বন্ধে সচেতনসকলৰ বজ্ৰকঠিন শব্দৰ পৰম্পৰা—এই দুয়োটা সুঁতিৰ লগতে ৰাভাৰ ঘনিষ্ঠ পৰিচয় আছিল। তদুপৰি অতীত অসমৰ কাৰ্বিসকলৰ দিনৰপৰা সমন্বিত সংস্কৃতিলৈকে সকলোখিনি তেওঁ উজাৰি চাইছিল, জানোচা লোকায়ত ভেটিটোত ঐক্যৰ এনাজৰীডাল ওলায়েই। এই বিষয়ত ৰাভাই বোধকৰোঁ প্রথম ক্ষেত্ৰকৰ্মী। লোককৃষ্টিৰ পৰাই তেওঁ জীৱনীশক্তি আহৰণ কৰিছিল। ৰামধেনু যুগৰ চাৰৰিয়েলিষ্টিক বা প্রতীকবাদী ভংগীয়ে (ইয়াৰ ব্যতিক্রম আছিল) যি ভাষাৰ সৃষ্টি কৰিছিল, সেই ভাষাৰ প্রতি তেওঁ মনোযোগী নাছিল বুলিয়েই ধাৰণা হয়। সাম্যবাদত দীক্ষিত হোৱাৰ পিছৰ পৰাই তেওঁৰ ভাষাত সোমাই পৰিছিল প্রতিবাদ, সংগ্রাম আৰু বিপ্লৱৰ আশাবাদী দৃষ্টিভংগী। এটা সময়ত অৱশ্যে তেওঁ ‘পৰজনমৰ শুভ লগনত’ গীতৰ দৰে গীতো লিখিছিল। প্ৰেমাস্পদৰ বিয়োগ-ব্যথাৰ আন্তৰিক প্রকাশ এই গীতটোৰ সুকীয়া মাধুর্য থাকিলেও সি তেওঁৰ ধ্যান-ধাৰণাৰ প্রতিনিধিত্ব নকৰে। কীর্তন-দশম-নামঘোষা হওক আমাৰ বীর্য -এই ধাৰণাও হয়তো ডেকাগিৰীৰ প্ৰতি অসীম শ্রদ্ধাৰে প্ৰতিধ্বনি। সুৰৰ দেউলতে অৱশ্যে ইয়াৰ ব্যতিক্রম হৈছে। সুৰৰ দেউলৰ পূজাৰী কবি নিজেই; তেওঁৰ মুক্তি দেউলত জীৱন আৰু শিল্পৰ সম্বন্ধ নিচেই ওচৰ। ৰাজনীতিক বুকুত বান্ধি জনসমুদ্রত বুৰ দিওঁতে তেওঁ উপলব্ধি কৰিছিল মানুহৰ দুখ। শ্রেণীবিভক্ত সমাজৰ কৰ্ণধাৰসকলক তেওঁ শুনাই দিছিল সতর্কবাণী, এই সতর্কবাণী উকা, নিৰলংকাৰ যেন নিপীড়িত মানুহৰ মাজত থিয় হৈহে তেওঁ উচ্চাৰণ কৰিছেঃ
চূৰ্ণ কৰিম আমি সংগ্ৰামী
দৰ্প ধনীৰ-পণ আমাৰ হুচিয়াৰ। হুচিয়াৰ।
ধনী মহাজন । জমিদাৰ। হুচিয়াৰ। হুচিয়াৰ ” — এই সতর্কবাণীৰ পিছত জনতাক যেন তেওঁ আগবাঢ়িবলৈ ইংগিত দিছেঃ
কাৰখানা-কল আমাৰ সৃজন
পথাৰ সুবহল
তেওঁনো কিয় আমাৰ এনে
আলৈ-বিলৈ হ’ল ?
ৰঙা তেজৰ নিচানটি লৈ
আগবাঢ়ি যাওঁ ব’ল।
এই ভাষাত অভিজ্ঞতাৰ নিৰ্যাস আছে। ই সৰল-সহজ আন্তৰিক অথচ জটিল সমাজ ব্যৱস্থাৰো দ্যোতক। ইয়াত মানুহে মানুহে সংঘাত অথচ তাৰ পৰা তেওঁলোকৰ মুক্তি নাই।

শ্ৰমৰ প্ৰতি শ্রদ্ধা তেওঁৰ গীত-কবিতাৰ আন এটি দিশ। অসমৰ শিপিনীৰ দেহ-লাৱণ্য চৰাই তোলে শ্রমে, কাজী হাতদুখনৰ ঘামে। তাই আইনাম গায়,তাঁত বয়, টাকুৰী ঘূৰায়। তাই যেন জগতক জনায়ঃ
ৰূপে চকু ৰোৱা
টাকুৰী ঘূৰোৱা ঐ শিপিনী কাজী।
পথাৰৰ ৰোৱনীজনীৰ গীতত তেওঁ শুনে ‘শোষিতৰ মহা বিজয়ৰ ৰোল’। তাইক তেওঁ ভাল পায়, অথচ প্ৰণয়ৰ বাহুডোল ছিঙি তেওঁ ওলাই যাব খুজিছে জনতাৰ মাজলৈ। এহাতে প্রিয়তমাৰ প্ৰতি আকর্ষণ আৰু আনহাতে বিপ্লৱৰ আহ্বান। —এই দ্বন্দ্বত তেওঁ হাৰি যোৱা নাই। ৰঙা নিচান তেওঁ কলিজাৰ তেজেৰে বোলোৱা। সেই পতাকা লৈ তেওঁ ওলাই যাব শোষিতৰ বিজয়তোৰণ নির্মাণ কৰিবৰ বাবে।

যিসময়ত কবিতাৰ ভাষা নিতান্ত আত্মগত হৈছিল, সেইসময়ত ৰাভাই সামাজিক প্রমূল্যৰ অধিকাৰী এটি ভাষাৰ সৃষ্টি কৰিছিল। সম্ভৱতঃ অসমৰ কাব্য-সাহিত্যৰ বুৰঞ্জীত কবি ধীৰেন দত্তৰ পিছতেই ৰাভাই এনে ভাষা নির্মাণৰ কাম হাতত লৈছিল। ‘মুক্তি দেউল’, ‘মুক্তিৰ শৰাই’, ‘বিপ্লৱ’, ‘অসুৰ’, ‘গাণ্ডীৱ’, ‘অগনি’, ‘তেজপিয়া’, ‘ধুমুহা’, ‘তমোহৰ দেউ’, ‘গণদেৱতা’ আদি শব্দৰ বাৰম্বাৰ ব্যৱহাৰে তেওঁৰ মনৰ ভিতৰখনত কিহে উখলমাখল লগায়, তাৰ আভাস আমাক দিয়ে। ‘পৰাণৰ আই, জীৱনৰ আই, কিয়নো বন্দিনী?’ এই জিজ্ঞাসাই তেওঁক লৈ গৈছিল মাটিৰ বুকুলৈ, জনতাৰ মাজলৈ। স্বদেশপ্ৰীতি আৰু বিশ্ব-সংঘৰ ধাৰণা এই দুই বৈপৰীত্যৰ মাজত তেওঁ সাঁকো ৰচনা কৰিছিলঃ
জাতি দল বিভেদবিহীন
হ’ব এক নতুন সমাজতন্ত্র
উচ্চাৰিব মহামন্ত্র
চলাই সাম্যৰ মন্ত্র
বিশ্ব-সংঘ মিলি সবে কৰিব শাসন
ৰজা হ’ব হীন জনগণ।

তেওঁ যেন ধুমুহাৰ বা জনতাৰ শৰীৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই জগাই তুলিব মানুহক— পুৰণিক ভাঙিবলৈ আৰু নতুনক নির্মাণ কৰিবলৈঃ
ভাঙ ভাঙ ভাঙ ভাঙ
লোহাৰ শিকলি ভাঙ
ছিঙ ছিঙ ছিঙ ছিঙ
দাসৰ বান্ধোন ছিঙ

এই সামাজিক আৰু মানৱীয় তাৎপর্য বহন কৰা বলিষ্ঠ অনুভূতিয়ে সচেতন দলিতজনৰ অন্তৰ এদিন স্পর্শ কৰিছিল আৰু এইবাবেই জনতাৰো তেওঁ প্রিয় ‘ফেৰেঙগাদাও’ হৈছিল। অত্যাচাৰীৰ বিৰুদ্ধে এনে ধৰণৰ ‘চেলেঞ্জ’ ৰাভাৰ বাহিৰে আন কোনোৱেই বোধহয় দিয়া নাই। ইয়াৰ উচ্চকণ্ঠ বহুতৰে মনঃপূত নহ’ব পাৰে’,কিন্তু ন-চেতনাৰ প্ৰত্যুষত এনে সৰৱতা একো আচৰিত নহয়।

বিপ্লৱ নিৰ্ভৰ কৰে বহির্বাস্তৱৰ পটভূমিত। বাস্তৱ বিশ্লেষণৰ দক্ষতা তেওঁৰ আছিল যেন নেলাগে, তেওঁ ধৰি লৈছিল—বিপ্লৱৰ অগ্নিয়ে সকলো কলুষ দহি পেলাব। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি অঘৰী জীৱন কটাওঁতেই তেওঁৰ সময় অতিবাহিত হৈছিল। ৰাজনীতিৰ থৈয়া-নথৈয়াৰ মাজতে সুৰুঙা উলিয়াই তেওঁ গীত, কবিতা,নাটিকা, উপন্যাস লিখিছিল, ছবি আঁকিছিল, কিন্তু সেইবোৰ লৈ পৰীক্ষা-নিৰীক্ষা কৰাৰ আজৰি তেওঁৰ নাছিল। স্বকীয়তা বৈচিত্র্য, নন্দনতত্ত্ব এনেবোৰ কলাগত তাত্ত্বিক কথা চিন্তা কৰাৰ অৱসৰ তেওঁৰ আছিল বুলি কোৱা টান। কোনো শৃংখলাৰ কোনো নিয়মৰ বান্ধোনৰ মাজত তেওঁ নাই। নিয়ম ভাঙি নিয়ম কৰাৰ ৰণ-দুৰ্মদ অভিযান তেওঁৰ জীৱনৰ লক্ষ্য আছিল। তেওঁ অননুকৰণীয়, তেওঁক আমি অনুকৰণ কৰিব নোৱাৰোঁ। তেওঁ কথা-মালিকাত জীৱনৰ গোন্ধ, তেওঁৰ জীৱনৰ ছন্দত কথাৰ প্ৰতিবাদী তৰংগ। এই জীৱন-শিল্পীজনৰ অনুভূতিৰ তীব্ৰতা আৰু আন্তৰিকতাৰ আস্বাদ আমি পাইছোঁ, ত্রুটি-বিচ্যুতিলৈ এতিয়া আমি আৰু চকু দি নেথাকোঁ। আমাক সময়ে বহু কথা শিকাইছে- যিবোৰ ৰাভাৰ দিনত প্রকট হোৱা নাছিল। অসমৰ ৰণক্ষেত্ৰত এইদৰে অনুভূতিৰ ঘাম পেলোৱা মানুহ বোধহয় ৰাভাই প্রথম। পথিকৃতৰ প্ৰচেষ্টা সদায় ত্রুটিহীন নহয়।

কলাত যে মানৱীয় সত্তাক সম্প্রসাৰিত কৰিব লাগে, ৰাভাৰ এই দৃষ্টি আমাৰ উত্তৰাধিকাৰ হৈ থাকিব। ৰাভাৰ মনটো জিলিকি আছে। ৰাভাৰ ৰচনাত মানুহজনকহে আমি বিচাৰিব লাগিব— আংগিকৰ ক্ৰটি নহয়। তেওঁৰ শব্দ-সম্ভাৰত নিহিত হৈ আছে তেওঁৰ মানৱীয় সত্তা। হুইটমেনৰ ভাষাত, Whoever touches this, touches a man.

(অনুমতি সাপেক্ষে প্ৰকাশ কৰা হৈছে। ফটোৰ উৎসঃ ইণ্টাৰনেট)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে