চ’ৰাঘৰ / অনুবাদ / ডাৰ্লিং (মূলঃ ছাদাত হাছান মাণ্টো, অনুবাদঃ মৌচম গগৈ)

ডাৰ্লিং (মূলঃ ছাদাত হাছান মাণ্টো, অনুবাদঃ মৌচম গগৈ)

তেতিয়া পূব আৰু পশ্চিম পঞ্জাবত সাম্প্ৰদায়িক সংঘৰ্ষত লুণ্ঠনৰাজ আৰু হত্যা তুংগত আছিল। আকৌ হঠাৎ মুষলধাৰে চাৰি-পাঁচদিন একেৰাহে বৰষুণ আৰু বৰষুণৰ পানীয়ে সকলোবোৰ ধুই মচি লৈ গৈছে। যিকুৰা জুই কোনেও নুমুৱাব পৰা নাছিল, বৰষুণৰ পানীয়ে সেই সংঘৰ্ষৰ জুইকুৰা একেবাৰে শীতল কৰি দিয়ে। কিন্তু মানুহে মানুহে পাৰস্পৰিক দ্বন্দ্ব বিবাদ বন্ধ হোৱা নাছিল আৰু যুৱতী ছোৱালীবোৰৰ সন্মানকণ নিৰাপদ নাছিল। স্বাস্থ্যৱান যুৱকহঁতে ইফালে সিফালে আক্ৰমণ কৰি গাভৰু ছোৱালীবোৰক বলেৰে জোৰ কৰি লৈ আহিছিল।

যিকোনো মানুহৰ ঘৰতে বলপূৰ্বক ভাৱে প্ৰৱেশ কৰি, ঘৰৰ গৃহস্থক হত্যা কৰি, যুৱতী কন্যাক কান্ধত তুলি অপহৰণ কৰাটো আছিল এটা নিত্য-নৈমিত্তিক ঘটনা। কিন্তু এজন তৰুণে (তেওঁৰ নামটো মই নাজানো) জীৱন বিপন্ন কৰি এই অপহৰণকাৰ্য সমাধা কৰিব লগা হৈছিল। সেইটোও অন্য এটা কাহিনী।এই কাহিনীটোকে এতিয়া আপোনালোকৰ ওচৰত ব্যক্ত কৰিম। যুৱকজন লুট কৰি অনা মালৰ ক্ষেত্ৰত খুবেই উৎসাহী। কিন্তু লুটি অনা মালৰ প্ৰতি (অৰ্থাৎ গাভৰু ছোৱালীৰ প্ৰতি ) সি নিৰ্দয় ব্যৱহাৰ নকৰিছিল। কিন্তু এই লুণ্ঠনৰাজেই তাৰ জীৱনলৈ কঢ়িয়াই আনে এক বিচিত্ৰ ট্ৰেজেডী যিটো সি বহুত পিছতহে বুজিবগৈ পাৰে।

স্কুলত পঢ়া শুনাত সি মোটামুটি বেয়া নাছিল। খেলা-ধূলাত সদায় আগৰণুৱা আৰু অত্যন্ত নিৰ্ভৰযোগ্য আছিল। ছবি অঁকাৰ প্ৰতি ধাউতি তাৰ আছিল বাল্যকালৰ পৰাই। কলেজত ভৰ্তিৰ এবছৰৰ পিছতে তাৰ জীৱনত বিৰাট ওলট-পালটে দেখা দিয়ে আৰু সি সেয়ে পঢ়া বাদ দি চাইকেলৰ দোকান এখন খুলি বহে ।সংঘৰ্ষৰ সময়ত তাৰ দোকানখন পুৰি পেলোৱা হয় ।ইয়াৰ শোক আৰু ক্ৰোধতেই সি লুণ্ঠনৰাজত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। অৱশ্যে প্ৰতিশোধ ল’বৰ কাৰণে নহয়, এক চখৰ বশৱৰ্তী হৈয়েই সি লুণ্ঠনৰাজত নামে।এই লুণ্ঠনৰাজৰ এক বিচিত্ৰ অভিজ্ঞতা সি লাভ কৰে, সেই ঘটনাটোৱেই এই কাহিনীৰ বিষয়বস্তু।

সেইদিনা মুষলধাৰে বৰষুণ হৈছিল। এনেকুৱা ধৰণৰ বৰষুণ সি জীৱনত কাহানিও দেখা নাছিল। সি ঘৰৰে বাৰাণ্ডাত বহি চিগাৰেট টানিছিল আৰু তাৰ সন্মুখত লুটৰ মাল স্তুপকাৰে পৰিছিল। কিন্তু সেইফালে তাৰ বিশেষ আকৰ্ষণ নাছিল। তাৰ দোকান পুৰি ছাই হৈ গৈছে। তাৰ কাৰণেও সি ইমান চিন্তিত নহয়, কাৰণ তাৰ চকুৰ সন্মুখতে সি লাখ টকাৰ মাল সম্পত্তি ধ্বংস হৈ যোৱা দেখিছে, তাৰ চিন্তাশক্তি সীমিত। এই বৰষুণ জাকে দিনত কি কৰিব, সি একোৱেই বুজিব পৰা নাই। চৌদিশে নীৰৱ-নিশ্চুপ-নিস্তব্ধ ।তাৰ নাক আৰু মুখলৈ জ্বলন্ত চিগাৰেট আৰু চাৰিওফালৰ পৰা পোৰা ঘৰ-দুৱাৰৰ ধোঁৱাৰ গোন্ধ ভাঁহি আহিছে। হঠাৎ তাৰ দেহত কিবা এটা শিহৰণ অনুভূত হল আৰু মনটোৱে বিচাৰিলে এতিয়াই এজনী গাভৰু ছোৱালীক অপহৰণ কৰি লৈ আহিবলৈ। সি আৰু পলম নকৰিলে। স্তূপীকৃত মালবস্তবোৰৰ মাজৰ পৰা চিগাৰেটৰ পেকেট এটা তুলি লৈ ‘ৱাটাৰ প্ৰুফ’ জেকেট এটা গাত পিন্ধি এই প্ৰবল বৰষুণৰ মাজেৰেই সি ওলাই গ’ল।

ৰাস্তা ঘাট অন্ধকাৰ আৰু জনশূন্য। ক’তো প্ৰহৰী এটাও নাই। সি দিকবিদিক ঘূৰি থাকে। পথত বহুত মৰা শ পৰি থকা সি দেখিবলৈ পাইছে, কিন্তু তাৰ মনত কোনোধৰণৰ প্ৰতিক্ৰিয়া হোৱা নাই। হঠাৎ মটৰ গাড়ীৰ শব্দ শুনি সি থমকি ৰয়। পাছলৈ ঘূৰি দেখে , এখন সৰু গাড়ী বৰষুণৰ পানী ফালি চলি আহিছে। সি ৰাস্তাৰ মাজত ৰৈ গাড়ী ৰখোৱাৰ ইংগিত দিয়ে। গাড়ীখন তাৰ ঠিক ওচৰতেই আহি পাওঁ পাওঁ হৈছে যদিও তাৰ (গাড়ীখনৰ) গতি মুঠেই কমা নাই। গাড়ীৰ চালকে গতি পৰিৱৰ্তন কৰাত সি সেইফালে গৈ গাড়ীৰ সন্মুখত থিয় হয়গৈ।

গতি পৰিৱৰ্তন কৰিবলৈ যোৱাত গাড়ীৰ গতি কিছু পৰিমাণে হ্ৰাস পায়। কিন্তু সি তাৰ স্থানৰ পৰা লৰচৰ নহ’ল। গাড়ীৰ খুন্দাত সি একেবাৰে ফুটপাথত গৈ পৰিলগৈ। দেহৰ হাড়-মূৰ জিনজিনাই উঠে যদিও অৱশ্যে সিমানকৈ আঘাত নাপালে । আনহাতে , মটৰ গাড়ীৰ চালকে সজোৰে ব্ৰেক কচাত চকাই শ্লিপ কাটে । গাড়ীখনো ফুটপাথলৈ উঠি যায় আৰু গছত খুন্দা খাই ইঞ্জিন বন্ধ হৈ যায় । গাড়ীখনৰ পৰা ত্বৰিৎ গতিৰে এজনী মহিলাই ৱাটাৰপ্ৰুফ গাত লৈ দ্ৰুতভাৱে ওলাই পলাবলৈ আৰম্ভ কৰে । ৰাতিৰ আন্ধাৰত মহিলাজনীক দেখি তাৰ দেহত উষ্ণতাৰ সঞ্চাৰ হয়। সি তেতিয়াহে বুজিব পাৰে যে গাড়ীৰ চালকগৰাকী মহিলা । মহিলাগৰাকীয়ে তাক দেখি পলাবলৈ আৰম্ভ কৰে, কিন্তু সি একেজাঁপে মহিলাগৰাকীৰ ৱাটাৰপ্ৰুফটোত ধৰেগৈ আৰু মহিলাগৰাকীয়ে চিৎকাৰ কৰি উঠে , ” হেল্প , হেল্প ।” সি তেওঁক কঁকালত সাবটি ধৰি ডাংকোলাকৈ তুলি ধৰে ।তেতিয়াও মহিলাগৰাকীয়ে চিৎকাৰ কৰে, “হেল্প , হেল্প – হি ইজ কিলিং মি । “

সিও ইংৰাজীতে প্ৰশ্ন কৰে , ” আৰ ইউ ইংলিছ অ’মেন ?”

মহিলাগৰাকীয়ে উত্তৰ দিয়ে , “ন’ । “

কাৰণ ইংৰাজ মহিলাক সি ঘৃণা কৰিছিল । সেয়ে সি ক’লে, ” দেন ইট ইজ অলৰাইট ।” ইয়াৰ পিছত মহিলাগৰাকীয়ে চিৎকাৰ কৰিবলৈ ধৰে , উৰ্দু ভাষাত , “তুম মাৰ ডালোগে মুঝে …. ।”

সি একো উত্তৰ নিদিলে । মহিলাগৰাকীক গাড়ীত তুলি লৈ পোনেই ঘৰলৈ লৈ আহে ।গাড়ীখনৰ সিমান ক্ষতি নহ’ল , ইঞ্জিনটোও ঠিকেই আছিল । ঘৰলৈ গৈ সি চাকৰক ড্ৰইংৰুমটো খুলি দিবলৈ কয় আৰু তাত অন্ধকাৰতে মহিলাগৰাকীক চোফাত বহুৱাই দিয়ে । চোফাত বহুওৱাৰ পিছত মহিলাগৰাকীয়ে পুনৰ চিৎকাৰ কৰি উঠে ,”ড’ণ্ট কিল মি…. ড’ণ্ট্ কিল মি প্লিজ ।”

যুৱকৰ কণ্ঠত কবিত্বৰ সুৰ, ” আই ড’ণ্ট কিল ইউ , আই ড’ণ্ট কিল ইউ ডাৰ্লিং।” ভদ্ৰ মহিলাগৰাকীয়ে কান্দিছিল ; সি চাকৰ ল’ৰাটোক তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে । চাকৰটো গুচি যোৱাত সি জেপৰ পৰা দিয়াশলাই বাহটো উলিয়াই বহু চেষ্টা কৰিও কাঠী এটা জ্বলাব নোৱাৰিলে। কেইদিনমান ধৰি বিদ্যুতৰ লাইন বেয়া হৈ আছে , ঘৰত সেয়ে পোহৰ নাই । ওপৰমহলাত লুট কৰি অনা মালৰ স্তূপত বেটেৰী এটাও পৰি আছিল , কিন্তু কোন যাব এতিয়া আনিবলৈ , বৰং অন্ধকাৰেইনো কি বেয়া ! নিজৰ ৱাটাৰপ্ৰুফটো খুলি সি মহিলাগৰাকীক ক’লে , ” আহক , আপোনাৰ ৰেইনকোটটো খুলি দিওঁ ।” কিন্তু চোফাখনৰ ওচৰলৈ হাত খেপিয়াই দেখে , মহিলাগৰাকী চোফাত নাই । সি আচৰিত হ’ল । গাঢ় অন্ধকাৰত সি তাইক খেপিয়াই ফুৰে ; কিছু মূহূৰ্তৰ পিছতে মহিলাগৰাকীক কাষতে পাই বুকুৰ মাজত সাৱটি ধৰে । ছোৱালীজনীয়ে অস্ফুট মাতেৰে চিৎকাৰ কৰি উঠে । সি তাইক অভয় দি কয় , “নাই , তোমাক মই নামাৰোঁ । একো ভয় নকৰিবা ।” তথাপি ছোৱালীজনীৰ মনৰ ভয় ভাবটো মাৰ যোৱা নাছিল । তাইৰ পেটত সি তাৰ হাত এখন থৈ আনখনেৰে তাইৰ ৰেইনকোটটোৰ বুটাম খুলিবলৈ উদ্যত হৈছে৷ ছোৱালীজনীয়ে হাত-ভৰি জোকাৰিছিল কান্দি কান্দি৷ কিন্তু সি ইতিমধ্যেই ৰেইনকোটৰ আটাইকেইটা বুটাম খুলি পেলাইছে,তাৰ পিছত সি বুজিব পাৰিলে যে ছোৱালীজনীৰ পিন্ধনত আছে শাড়ী ৷ সি তাইৰ মসৃণ মাংসল তপিনা দুটাত হাত ফুৰাইছে আৰু ছোৱালীজনীয়ে ছটফটাই আনফালে আঁতৰি গৈছে ৷ ইফালে তাৰ সৰ্বশৰীৰত কামনাৰ বিজুলীয়ে খেলা কৰি যায়,কিন্তু তথাপিও সি নিজকে চম্ভালি লয়,আৰু কয়, “ডাৰ্লিং,মই তোমাক হত্যা কৰিবলৈ লৈ অনা নাই ৷ ভয় নাখাবা,ইয়াত তুমি নিৰাপদ৷যাবলৈ বিচৰা যদি গুচি যোৱা ৷ কিন্তু বাহিৰত কোনোবা মানুহে তোমাক পালে ফালি-ছিৰি খাব৷তাতকৈ যিমানদিনে ধৰি সংঘৰ্ষৰ ঝামেলা চলে,তুমি মোৰ ওচৰতেই থাকিব পাৰা৷তুমি শিক্ষিত ছোৱালী৷মই নিবিচাৰো তুমি আজে-বাজে মানুহৰ পাল্লাত পৰাটো৷”

ছোৱালীজনীয়ে ক’লে, “ইউ ড’ণ্ট কিল মি৷”

সি উত্তৰ দিলে,”ন’ ছাৰ৷”

ছোৱালীজনীয়ে পাৰেমানে হাঁহিলে৷ তেতিয়াহে তাৰ মনত পৰিল, ছোৱালী মানুহক ‘ছাৰ’ বুলি নকয় নহয়৷ ছোৱালীজনীয়ে হঁহাত সি অলপ সাহস পালে৷ তেতিয়া সিও হাঁহি ক’লে,”ডাৰ্লিং মোৰ ইংৰাজী অলপ দুৰ্বল৷”

কিছু মুহূৰ্তৰ পিছত ছোৱালীজনীয়ে তাক প্ৰশ্ন কৰিলে,”তুমি মোক হত্যা নকৰিলে ইয়ালৈ কিয় লৈ আহিছা? সি উত্তৰত ক’লে,” তোমাক হত্যা কৰাটো মোৰ উদ্দেশ্য নহয় ৷ কাৰণ হত্যা কৰাটো মোৰ দ্বাৰা সম্ভৱ নহয় ৷ তোমাক ইয়ালৈ লৈ আহিছো, কাৰণ মই অকলশৰীয়া৷”

“তোমাৰ চাকৰটো আছেই দেখোন”, ছোৱালীজনীৰ কণ্ঠত আকূতি৷

যুৱকজনে উত্তৰ দিয়ে,”সিতো এটা চাকৰহে৷” তাৰ উত্তৰ শুনি ছোৱালীজনী চুপ হৈ যায়৷ আকৌ সি ক’লে,”তুমি গুচি যাব বিচৰা যদি যোৱাগৈ যোৱা৷” ছোৱালীজনী বহাৰপৰা উঠে; কিন্তু তাইৰ সুডোল তপিনা দুটাৰ কথা মনলৈ অহাত সি তাইক বুকুৰ মাজত সাৱটি লৈ অবিৰাম গতিত চুমা খাবলৈ ধৰে৷ ছোৱালীজনীয়ে খুব ভয় খাই যায়৷ সি তেতিয়া তাইক অভয় দান কৰে,”ডাৰ্লিং,ভয় নাখাবা৷”

“মোক এৰি দিয়া ৷ ” ছোৱালীজনীৰ কণ্ঠস্বৰ কঁপি উঠে৷ সি তাইক এৰি দিয়ে আৰু দুহাতেৰে কোলাত তুলি লয় ৷ সি অনুভৱ কৰে, ছোৱালীজনীৰ নিতম্বদ্বয় অত্যন্ত কোমল ৷ তাইৰ হাতত এটা ভেনিটী বেগ৷ তাইক চোফাত শুৱাই দি বেগটো হাতত লৈ যুৱকজনে ক’লে,এই বেগটোত যদি মূল্যবান বস্তু থাকে,তেন্তে সেইবোৰ হেফাজতত থাকিব৷ তুমি একো চিন্তা নকৰিবা আৰু তুমি বিচাৰিলে মই তোমাক আৰু বহুত কিবাকিবি দিব পাৰো৷”

ছোৱালীজনীৰ স্পষ্ট উত্তৰ,” মোক একো নালাগে ৷”

“কিন্তু মোক লাগে৷”
ছোৱালীজনীয়ে জানিবলৈ বিচাৰে,”কি?”

যুৱকে উত্তৰ দিয়ে “তোমাক৷” তাই নীৰৱে থাকে৷যুৱকজনে মজিয়াত বহি লৈ ছোৱালীজনীৰ জংঘাত হাত বুলাবলৈ লোৱাত ছোৱালীজনীৰ দেহতো এক শিহৰণ অনুভূত হয় এইবাৰ ৷ সি হাত বুলাই থাকে৷যেতিয়া তাই বাধা নিদিয়া হ’ল,তেতিয়া সি ভাবিলে,হয়তো বাধ্যত পৰিহে তাই নীৰৱে শুই আছে চাগৈ এইকথা ভাবি হঠাৎ তাৰ মূৰটো গৰম হৈ যায় আৰু ছোৱালীজনীক উদ্দেশ্যি সি তেতিয়া ক’লে,”তোমাৰ গুচি যাবলৈ ইচ্ছা হৈছে যদি এতিয়াও গুচি যোৱা,মোৰ কোনো আপত্তি নাই৷কাৰণ মই জোৰজবৰদস্তিকৈ কাকোৱেই একো নকৰো৷” এইকথা কোৱাৰ পিছতে যুৱকজন বহাৰ পৰা উঠি গৈছিল,কিন্তু ছোৱালীজনীয়ে তাৰ হাতত ধৰি তাক তাইৰ বুকুৰ ওপৰত সুমুৱাই লয়৷ তাইৰ বুকুৰ স্পন্দন ধ্বনি তেতিয়াহে সি নিজ কাণেৰে শুনিবলৈ পালে ৷ কামনাৰ জুইত হঠাৎ তাৰ মনটো উতলা হৈ উঠে আৰু ‘ডাৰ্লিং’ বুলি কৈ সজোৰে সি তাইক বুকুখনত সাবটি ধৰে ৷ বহুত সময় ধৰি সি তাইৰ বুকুখন চুপি থাকে আৰু তাই তাক একেলেথাৰিয়ে ‘ডাৰ্লিং’, ‘ডাৰ্লিং’ বুলি মাতি থাকে৷ যুৱকজনেও বিভিন্ন সম্ভাষণেৰে তাইক মৰম যাচি থাকে৷ অৱশেষত সি ক’লে”তোমাৰ ৰেইনকোটটো খুলি পেলোৱা৷বৰ অসুবিধা হৈছে৷ তাই আবেগমিশ্ৰিত কণ্ঠেৰে ক’লে,”তুমিয়েই খুলি দিয়া৷” তাইক সি দুহাতেৰে তুলি থিয় কৰি লৈ তাইৰ ৰেইনকোটটো খুলি দিলে ৷ ছোৱালীজনীয়ে তেতিয়া মধুৰ সুৰত প্ৰশ্ন কৰে,”তুমি আচলতে কোন?” তেতিয়া সি মুডত নাছিল,সেয়ে উত্তৰত ক’লে,”মই তোমাৰ ডাৰ্লিং ৷”

তাই যেতিয়া যুৱকজনক দুহাতেৰে ডিঙিত সাৱটি ধৰি ক’লে,”ইউ আৰ এ নটি বয়৷” আৰু সি তেতিয়া তাইৰ ব্লাউজটো খুলিছিল,তেতিয়া তাই উৰ্দু ভাষাত অনুনয় কৰি ক’লে,”মোক উলংগ নকৰিবানা৷” “এইগভীৰ অন্ধকাৰত কি হ’বনো?” “নাই নাই নকৰিবা৷” “তাৰ মানে তুমি….” এইবুলি কৈয়েই তাই তাৰ দুহাতত চুমা বৰ্ষণ কৰিবলৈ ধৰে৷ কিন্তু পিছ মুহূৰ্ততে কয়,”নাই,নাই,মোৰ লাজ লাগে৷”

তেতিয়া যুৱকজনে ক’লে, “তেতিয়াহ’লে ব্লাউজটো থাকক, লাহে লাহে সকলো ঠিক হৈ যাব৷”

এই বুলি কৈ সি আৰু একো নক’লে৷ তেতিয়া ভীত কণ্ঠেৰে ছোৱালীজনীয়ে ক’লে,- “তুমি খং কৰা নাইতো?”

সি বিপাঙত পৰে৷ ক’বনো আৰু কিটো, গতিকে ভাবি-চিন্তি উত্তৰ দিলে, “খং কৰিবলৈনো কিটো আছে। ব্লাউজটো খুলিব নিবিচাৰা, নুখুলিবা, কিন্তু কিবা এটাটো খুলিবই লাগিব৷ শাড়ীখনকে খুলি পেলোৱা৷”

“মোৰ ভয় লাগে৷” এইকথাষাৰ কোৱাৰ পিছতেই বুজিব পৰা গ’ল তাইৰ কণ্ঠ শুকাই গৈছে৷ যুৱকজনে তেতিয়া সহানুভূতিমূলক কণ্ঠেৰে সুধিলে, “কালৈ ভয় লাগিছে তোমাৰ?”

“সেইটোলৈ, সেইটোলৈ, মানে সেই কামটোলৈ৷” এইবুলি তাই উচুপি উচুপি কান্দিবলৈ লয়৷

যুৱকজনে তাইক সান্তনা দি ক’লে, “ভয়ৰ কোনো কাৰণ নাই; মই লাহে লাহে কৰিম, তোমাক অলপো কষ্ট নিদিও৷ সঁচাকৈয়ে যদি তোমাৰ ভয় লাগে, তেনেহ’লে বাদ দিয়া… দুই-তিনি দিন মোৰ ওচৰত থাকি আস্থাশীল হোৱা, তাৰ পাছত নহ’লে দেখা যাব৷ তাই তেতিয়া কান্দি কান্দি ক’লে, “নাই নাই” এইবুলি কৈ তাই তাইৰ মূৰটো যুৱকজনৰ কোলাত ৰাখি শুই পৰে৷ সি তেতিয়া ছোৱালীজনীৰ চুলিটাৰিত হাত বুলাবলৈ ধৰে৷ লাহে লাহে তাইৰ কান্দোন বন্ধ হ’ল৷ তাৰ পিছত হঠাৎ ছোৱালীজনীয়ে যুৱকজনক সজোৰে সাৱটি ধৰি কঁপিবলৈ ধৰে৷ সি তাইক চোফাৰ পৰা মজিয়ালৈ নমাই দিয়ে৷ ঠিক এনে অৱস্থাতে ৰূমটোত পোহৰ দেখা দিয়ে আৰু দুৱাৰত কৰাঘাতৰ শব্দ হয়৷ সি দুৱাৰ খুলি দেখে– চাকৰটো আহিছে৷ সি চাকৰটোৰ হাতৰ পৰা লেম্পটো লৈ চাকৰটোক বিদায় দিয়ে আৰু দুৱাৰখন বন্ধ কৰি দিয়ে৷ ছোৱালীজনী ৰূমটোৰ একোণত গৈ থিয় হৈ থাকেগৈ৷

যুৱকজনে ক’লে, “তুমি পোহৰ দেখি ভয় কৰিছা কিয়? ঠিক আছে বাৰু, অলপ সময় বহি কথাকে পতা যাওক৷”

যুৱকজনে হাতত লেম্পটো লৈ তাইৰ ওচৰলৈ আগুৱাই যায়৷ তেতিয়া ছোৱালীজনীয়ে শাড়ীখনৰ আচলেৰে তাইৰ মুখখন আঁৰ কৰি ৰাখে৷ যুৱকজনে ক’লে, “কি আচৰিত ছোৱালীহে তুমি? নিজৰ স্বামীৰ ওচৰত আকৌ পৰ্দা কিহৰ?” এইকথা কৈ সি নিজকে নৱবিবাহিত দৰা আৰু ছোৱালীজনীক তাৰ কইনা বুলি ভাবে৷ কল্পনাতে তেওঁ কয়, “তুমি জেদ কৰিব বিচাৰিলে কৰা, মই তোমাৰ সকলো অভিমান সহ্য কৰি যাম৷”

এক বিৰাট ফটকা বিস্ফোৰণৰ শব্দ শুনি সি তাইৰ বুকুত মূৰ লুকুৱায়; কিন্তু পিছ মুহূৰ্ততে দুবাহুত ধৰি যুৱকজনে তাইক সজোৰে দূৰলৈ ঠেলি পঠিয়ায়৷ তাইৰ চেহেৰাটো কি ভীষণ কুৎচিত, মুখখন গোটেই গাঁত গাঁত, কেইবা ঠাইতো একেবাৰে গাঁতৰ দৰেই হৈ গৈছে আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ কেৱল মেকআপৰ কাৰণেহে তাইৰ আচল চেহেৰাটো ধৰা পৰা নাই৷ খৰধৰভাৱে তাইৰ ৰেইনকোটটো আৰু বেগটো হাতত তুলি দি সি তাইক ক’লে, “তুমি এতিয়া যাব পাৰা৷” ছোৱালীজনী নিশ্চল-নিশ্চুপ হৈ ৰৈ আছিল৷ তাই হয়তো কিবা এটা ক’বলৈ বিচাৰিছিল; কিন্তু যুৱকৰ হাতত ৰেইনকোট আৰু বেগটো দেখি নীৰৱে সেই দুটা নিজৰ হাতত লৈ দুৱাৰ খুলি ওলাই যায়৷

এই ঘটনা শুনাৰ পাছত মই যুৱকজনক সোঁধো, “তুমি জানানে সেই মহিলাগৰাকী কোন?”
সি উত্তৰ দিলে, “নাজানো৷”
তেতিয়া মই ক’লোঁ, “মহিলাগৰাকী ইয়াৰ খ্যাতনামা চিত্ৰশিল্পী মিছ এম৷”
যুৱকজনে চিৎকাৰ কৰি উঠে, “হায় আল্লাহ! তেওঁ অঁকা ছবি মই স্কুলত ক’পী কৰিছিলোঁ৷”
মই আৰু ক’লোঁ, “মিছ, এম আৰ্ট কলেজৰ অধ্যক্ষা আছিল৷ সেই কলেজত কেৱল মহিলাসকলকহে হাতৰ কাম আৰু চিত্ৰ অংকন শিকোৱা হৈছিল৷ পুৰুষসকলক তেওঁ ভীষণ ঘৃণা কৰিছিল৷” এই কথাশুনি যুৱকজন কিছু সময় মনে মনে থাকে আৰু আৰ্তনাদ কৰি উঠে, “কিন্তু এতিয়া তেওঁ ক’ত?”

মই স্মিতহাস্যে উত্তৰ দিলো, “আচমানত”৷
সি সোধে, “তাৰ মানে?”

মই ক’লো, “তুমি যিদিনা তেওঁক উলিয়াই দিলা, সেইদিনা ৰাতিয়েই মটৰ দূৰ্ঘটনাত মহিলাগৰাকীৰ অপমৃত্যু ঘটে৷ ইয়াৰ কাৰণে তুমিয়েই দায়ী৷ তুমি দুজনী মহিলাক হত্যা কৰিছা, এগৰাকী বিখ্যাত চিত্ৰশিল্পীক, যিগৰাকীক সকলোৱে একেমুখে চিনি পাইছিল আৰু এগৰাকী নাৰীক যি তোমাৰ ড্ৰয়িং ৰূমত প্ৰথমবাৰৰ বাবে নাৰীৰ ৰূপত তোমাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল…৷”

(গল্পৰ সৈতে সংলগ্ন ছবিঃ ‘Mortifying desires’– পল্লৱ বৰুৱা)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে