চ’ৰাঘৰ / কথাশিল্প / অনুভৱ / বাৰ ঘন্টা ( সুব্ৰতা গোস্বামী )

বাৰ ঘন্টা ( সুব্ৰতা গোস্বামী )

দুপৰীয়াটো পাৰ হৈ আবেলি হ’বৰ ঠিক আগৰ এই সময়খিনিত কিবা এক অৱসাদ নে উদাসীনতাই আগুৰি ধৰেহি মোক।খিৰিকীৰ পৰ্দাখনেৰে ৰ’দজাক আহি চকুত পৰিছে। বাহিৰত কতো এটা শব্দও শুনিবলৈ নাই। চৌদিশ নিমাওমাও। দেওবাৰৰ এনেকুৱা দুপৰীয়াবোৰ বৰ অস্বস্তিকৰ।বিচনাখনৰ এটা মূৰত মই বাগৰ দি আছোঁ অথচ টোপনি যাবলৈও মন যোৱা নাই। ওচৰতে পৰি থকা গাৰুটো এবাৰ চুই চাবৰ মন গ’ল।দীঘল চুলি কেইডালমান গাৰুটোত এতিয়াও লাগি আছে।খিৰিকীৰে ৰ’দজাক আহি একেবাৰে চকুত পৰিছে এইবাৰ।”দিতা,খিৰিকীখন জপাই দিয়াচোন।” আৰু ক্ষন্তেকতে মই ৰৈ গ’লো।উঠি গৈ খিৰিকীখন জপাবলৈ মোৰ মন নগ’ল। দুপৰীয়াটো শেষ হৈ কেতিয়া যে আবেলিও পাৰ হৈ গ’ল গমেই নাপালোঁ। খোলা খিৰিকীখনেৰে আমনি দিব পৰাকৈ বাহিৰত ৰ’দজাকো নাই।মই এতিয়াও বিচনাতে। চাহ একাপৰ বৰ প্ৰয়োজন হৈছে।সন্ধ্যা নামিবৰ হ’লেই। মই বিচনাখনৰপৰা উঠি গৈ পাকঘৰত সোমালোঁ।ধূনা জ্বলোৱাৰ পিছত সচৰাচৰ পোৱা সেই চিনাকী গোন্ধটোও গোটেই ঘৰটোত আজি নাই। চেহ্, চাহকাপৰো সোৱাদ নাপালোঁ।মোৰ নিয়মমাফিক চাহকাপত চাহপাত, চেনি, গাখীৰৰ পৰিমাণ কিমান হ’ব লাগে সেয়া দিতাতকৈ সঠিকৰূপত কিজানি আন কোনেও নাজানে।আজি মোৰ বাহিৰলৈ ওলাই যাবলৈও মন নগ’ল। তেনেতে কলিং বেলটো বাজি উঠিল।মই উৎসাহেৰে দৰ্জাখন খুলিবলৈ আগবাঢ়িলোঁ যদিও এপাৰ্টমেন্টৰে দুঘৰৰ সৰু ছোৱালী দুজনীক দেখি মোৰ উৎসাহ নিমিষতে ম্লান পৰিল। ভাবিছিলোঁ কিজানি দিতা… !

কণমানি দুজনী আহিছে উদিতা আন্টীক বিচাৰি।সিহঁত দুজনীক স্কুলৰ প্ৰজেক্টৰ ছবি আঁকি দিব লাগে হেনো। দিতাৰ সলনি সেই কামটো আজি মইয়ে কৰিলোঁ।অন্ততঃ সন্ধিয়াটো পাৰ কৰাৰ এটা অজুহাত।হাত জোকাৰি বাই বাই দি কণমানি দুজনী গ’লগৈ। দৰ্জাখন জপাই মন কৰিছোঁ ঘড়ীত আঠ বাজিবৰে হৈছে।মোৰ মনটোও বিষণ্ণ হৈ পৰিল।ম’বাইলটো চাইছোঁ। না কল,না মেছেজ। কিয় এনে হয় ? সঁচা অৰ্থত মই স্বাধীনতা বিচাৰোঁ।নিজৰ বাবে কিছু আছুতীয়া সময়ৰ দৰকাৰ মোক।ইমান হুলস্থুল মোৰ পছন্দ নহয়।তাই অকণো নুবুজে মোক।সৰু সৰু কথাত ঠেহ্ পতা,নমতা,কন্দাকটা…উফ্ ! মোৰ ইমান ধৈৰ্য্য নাই। কিয় ইমান অবুজন তাই ! আৰু আজি…আজিটো তাই গুছি গ’ল। অথচ মই তাইক নৰখালোঁও।তাইৰ চকুপানীবোৰো নেদেখিলোঁ।ডাঙৰ ট্ৰ’লীবেগটো চিৰিৰে নমাই লৈ যাওঁতে তাইৰ কষ্ট হৈছিল।মই সেয়া দেখিও নেদেখাৰ ভাও জুৰিছিলোঁ।কাৰণ তাই নিজে যাব খুজিছিল। কিন্তু…কিন্তু মইতো বাধা দিব পাৰিলোঁ হয় ! তাই থাকোঁতে ভাবিছিলোঁ তাইৰ অভিমান,আব্দাৰ,কথাৰ শেষ নাই।কি কি কথাত যে নালাগে তাই ! এতিয়া যোৱা বাৰটা ঘন্টা ঘৰটোত দিতা নাই,অথচ গোটেইখন ইমান উদং।ক’ব নোৱাৰাকৈ মোৰ তাইলৈ মৰম উপজিল।মুহূৰ্ততে তাইক ওচৰত পাবলৈ মোৰ বৰ মন গ’ল।দিনটোৰ কথাবোৰ ভাবি ভাবি অৱশেষত মই ম’বাইলটো হাতত তুলি ল’লোঁ।অকণো সময় নষ্ট নকৰি ম’বাইলত দিতাৰ নম্বৰটো ডায়েল কৰিলোঁ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে