চ’ৰাঘৰ / শিল্প / চলচ্চিত্ৰ / বেগম জান, বিদ্যা বালান ইত্যাদি ( কুইলিন কাকতি )

বেগম জান, বিদ্যা বালান ইত্যাদি ( কুইলিন কাকতি )

‘বেগম জান’ চালোঁ। চিনেমাখনৰ কথা শুনি আছিলোঁ যদিও ইমানদিনে চোৱা হোৱা নাছিল। চিনেমাখন চাই শেষ কৰাৰ পাছত মই বহু সময় থৰ হৈ আছিলোঁ। কি কওঁ, কি ভাব প্ৰকাশ কৰোঁ ভাবিয়েই পোৱা নাই। পুৰুষতান্ত্ৰিক বলিউডত বিদ্যাই ইতিমধ্যে বহু বাৰ প্ৰমাণ কৰি আহিছে যে এখন ভাল চিনেমাৰ বাবে এজন ধুনীয়া নায়কৰ সৈতে ছুইজাৰলেণ্ডত ৰোমাঞ্চ কৰাৰ প্ৰয়োজন নাই। এক সুন্দৰ কাহিনী আৰু শক্তিশালী অভিনয় হ’লে এক নাৰীয়েও এখন চিনেমা সফল কৰি তুলিব পাৰে। বেগম জানো তাৰ ব্যতিক্ৰম নহয়।

চলচ্চিত্ৰ সমালোচক নহয় বাবে ছবিখন চাই মনলৈ অহা ভাৱটোহে কেৱল লিখিব খুজিছোঁ। স্বাধীনতাৰ ঠিক পাছতে বিভাজনৰ সময়ৰ কাহিনীক কেন্দ্ৰ কৰি এক কোঠী বা বেশ্যালয়ৰ জীৱনৰ আলমত নিৰ্মাণ কৰিছে এইখন চলচ্চিত্ৰ। বিদ্যা বালান মানে বেগম জানৰ এখন বেশ্যালয়ৰ গৰাকী, যি ৰজা-প্ৰজা সকলোৰে প্রিয়। ক’ৰ পৰা আহিছিল, কোন আছিল, ধৰ্ম কি কোনেও ক’ব নোৱাৰে। সাধাৰণ প্ৰজাৰ পৰা স্বাধীনতা সংগ্ৰামীলৈকে সকলোৰে আগমন হয় তেওঁৰ তালৈ। বেগম জানৰ কোঠীত আছে অবিভক্ত ভাৰতৰ সকলো ঠাইৰ ছোৱালী। কোনোবা যদি বাংলা, কোনোবা ৰাজস্থানী, কোনোবা যদি পাঞ্জাৱী কোনোবা বানাৰসৰ। কাৰোবাক যদি কোনোবাই ধৰ্ষণ কৰি পেলাই থৈ গৈছিল, কাৰোবাক আকৌ বাল্য বিধবা বাবে ঘৰৰ পৰা উলিয়াই দিছিল৷ আন কাৰোবাক আকৌ সতীদাহ কৰিব খুজিছিল। ক’বলৈ গ’লে, বেগম জানৰ কোঠী এক পাতিতালয় নহয়, তেওঁলোকৰ আশ্ৰয় স্থল। তাত কেৱল শৰীৰ বিক্ৰী নহয়, চলে জীৱনৰ আয়োজন। কাৰোবাৰ যদি তালৈ গ্ৰাহক লৈ অহা দালালৰ লগত হিয়া-দিয়া-নিয়া হয়, কাৰোবাৰ আকৌ কোনোবা সহ পতিতাৰ সৈতে হয় প্ৰেমৰ সম্পৰ্ক। কোনোবাই আকৌ আহি দিয়েহি বাহিৰৰ পৃথিৱীৰ খবৰ।বেগম জান জ্ঞাত এই সকলোবোৰ লৈ। মুঠতে এই কোঠিটোৱেই তেওঁলোকৰ বাবে সৰ্বস্ব। আন কথাত “ঘৰ”। কিন্তু হঠাৎ এজাক ধুমুহাই খেলি মেলি কৰি পেলালে সকলো। তেওঁলোকৰ কোঠীখন য’ত আছে, তাৰ মাজেদিয়েই যাব ভাৰত-পাকিস্তানৰ মাজৰ সীমা। গতিকে তেওঁলোকে খালি কৰিব লাগিব সেই ঠাই। চৰকাৰী ফাৰ্মান। কিন্তু বেগম জানৰ বাবে ৰজাই চৰকাৰ। তেওঁ মানি ল’বলৈ প্ৰস্তুত নহয় যে স্বাধীন ভাৰতত ৰজাৰ কোনো গুৰুত্ব নাই। চৰকাৰী বিষয়াই বাৰে বাৰে জাননী দিয়াৰ পাছতো, আনকি ৰজাই আহি কোৱাৰ পাছতো তেওঁ তাৰ পৰা লৰচৰ কৰিবলৈ প্ৰস্তুত নহয়৷ কাৰণ সেয়া তেওঁলোকৰ ঘৰ। ভাৰত আৰু পাকিস্তানৰ দুজন বিষয়াই বাৰে বাৰে জাননী দিয়াৰ পাছতো মানি নোলোৱাত তেওঁলোকে এজন দালাল লগাই বেগম জানৰ কোঠী খালি কৰিবলৈ চেষ্টা কৰে। দুয়ো বিষয়া আকৌ একালৰ নলে-গলে লগা বন্ধু। পাকিস্তানত পৰা মুছলমান বন্ধুৰ ঘৰখন আছিল এসময়ত ভাৰতীয় হিন্দুজনৰ ভাতঘৰ। কিন্তু বিভাজনৰ পিছত তেওঁৰ বাবে পাকিস্তানী বন্ধু হৈ পৰিল ঘোৰ শত্ৰু। হিন্দুজনৰ ভগ্নীৰ যদি ধৰ্ষণ হল মুছলমান জনাৰ পত্নীৰ হত্যা। সেইয়া হৈছে দেশ বিভাজনৰ দান।

আকৌ আহোঁ বেগম জানৰ কথালৈ। দুই বিষয়াই লগোৱা দালালে তেওঁলোকৰ বহু ঘনিষ্ঠক হত্যা কৰাৰ পাছত কোঠীখন জুই লগাই দিয়ে। কিন্তু বেগম জান আৰু তেওঁৰ আন সহযোগী সকলে ঘৰ এৰি যাবলৈ মান্তি নহয় আৰু নিজ ঘৰতে দৰ্জা বন্ধ কৰি ৰাণী পদ্মিনীৰ দৰে মৃত্যুক নিৰ্বাচন কৰে।

দুয়ো বিষয়ায়ো এই দায়িত্ব সম্পন্ন কৰি নিজৰ চেহেৰাই চাবলৈ সাহস কৰিব নোৱাৰে। পাকিস্তানী বিষয়াই আত্মহত্যা কৰে। এয়া আচলতে কেৱল বেগম জানৰ কাহিনী নহয়, এয়া আছিল ভাৰত পাকিস্তানৰ বিভাজনৰ এক জ্বলন্ত ছবি। মৃতদেহৰ ওপৰতে টান খাইছিল ভাৰত পাকিস্তানৰ সীমা। হেৰুৱাইছিল কোনোবাই বন্ধু, কোনোবাই প্ৰেমিক, কোনোবাই ভাই বা কোনোবাই ঘৰ। বৰ দামী আছিল আমাৰ স্বাধীনতা। সেয়াই যে প্ৰতিফলিত কৰিছে বেগম জানে।

মন্ত্ৰমুগ্ধ হৈ পৰিছিলো ছবিখন চাই। বাকৰুদ্ধ হৈ পৰিছিলো। সৃজিত মুখাৰ্জীৰ নিজৰেই বাংলা ছবি ৰাজকাহানিৰ হিন্দী ৰিমেক আছিল বেগম জান। নাছিৰুদ্দিন শ্বাহ, ৰজিত কাপুৰ, আশীষ বিদ্যাৰ্থী, ছা‌ংকী পাণ্ডে, বিবেক মুছৰাণৰ দৰে শক্তিশালী অভিনেতাকো একেবাৰে নাপাত্তা কৰি পেলালে বিদ্যা, গোহৰ খান, ইলা অৰুণ, পল্লৱী সাৰদা আৰু আন মহিলা অভিনেতা সকলৰ অভিনয়ে। মুঠ কথাত, বেগম জান বিভাজনৰ এক জীৱন্ত দলিল। এনে বাস্তৱ ধৰ্মী ছবি এবাৰ কিয় বাৰে বাৰে চাবলৈ প্ৰস্তুত দৰ্শক।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে