চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? ( ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য)

বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি? ( ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য)

বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি?
তুমি সাৰে আছা, সাৰে আছো আমি
আৰু সাৰে আছে প্ৰীতি।
বিহুৰ তলীত চিফুং বাঁহীৰ কৰুণ সুৰ;
বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে।
জনতাৰ চকু চকুৰ পানীৰে পূৰ।
মাজনিশা কোনে ৰাজআলিয়েদি আক্ষেপ কৰি যায়,
‘বিষ্ণুৰাভা আজি নাই।’

নিজান চেলত তুমি সাৰে আছা
সাৰে আছে ক্ৰুৰ ইটাৰ দেৱাল
বন্দী তোমাৰ কন্ঠৰ সুৰ
নাচোনৰ লয়লাস।
তুমি সাৰে আছা, সাৰে আছে আৰু
জাগ্ৰত জনতা, নিদ্ৰাবিহীন ৰাতি।

বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?
বিহু পথাৰত ৰৈ আছো আমি
ৰৈ আছে এয়া মনোৰমা সখী
ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি
হেজাৰ জনৰ অবিৰাম কুৰুলি
সকলোৰে মুখ প্ৰশ্নমুখৰ আজি ই বিহুৰ ৰাতি,
‘কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হ’ব?
বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব?’
প্ৰাণহীন আজি গীত-মাত-সুৰ
প্ৰাণহীন বিহুতলী
বন্দী শিল্পীৰ বেদনাত জাগে
ৰঙা জীৱনৰ উন্মাদনা
সঁচা আবেগৰ ৰোল।

মাজনিশা কোনে মৰিশালি জুৰি চিঞৰি উঠে,
‘কল্লোল বন্ধু, জীৱনৰ কল্লোল।
ডাচ কেপিটেলৰ এঘাৰ পৃষ্ঠা বাকী।’
মাজনিশা কোন ত্ৰিনয়নে পঢ়ে
‘পোহৰ পোহৰ উদয়াচলত ৰবি।
নৱ জীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰ’ল সাক্ষী।’

বিষ্ণুৰাভা আকৌ তুলিকা লোৱা
ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি
যি ছবিত ফুটে হেজাৰ শিল্পীৰ উত্থান
অখ্যাতজনৰ আশা আবেগৰ বোল।
ইটাৰ দেৱালত জিলিকি উঠিছে ডাচ কেপিটেলৰ সপোন।

শেষনিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়
‘অখ্যাতজনৰ বোল লাগি হ’ল হেঙুল হাইতাল ৰঙা’
তুমি সাৰে আছা, আৰু সাৰে আছে
তোমাৰ তুলিকা জীৱনৰ চিৰসখী
তুমি য’ত আছা সৰু কাৰাগাৰ
থিয় একোখনি ইটাৰ দেৱাল,
আমি য’ত আছো বৰ পোতাশাল
শত নাগপাশে বন্ধা।
তোমাৰে আমাৰে বিহু সম্মিলন হ’বলৈ বেলি নাই।
হিয়া হালধিৰে দেহ মন ধুই
আমি গোট খাম নৱ জীৱনৰ পুৱা।
বিষ্ণুৰাভা সৌৱা ঘূৰণীয়া বেলি
ৰঙা মুখ ফুটে সঁচা আবেগত
মুক্তিৰ কঁপনি।
শেষনিশা সেয়া অখ্যাতজনৰ সমদল সমাগত
সমস্বৰ ফুটে, ‘পোহৰ, পোহৰ,
উদয়াচলত ৰবি।’

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে