দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / মে’ সংখ্যাৰ সম্পাদকীয়

মে’ সংখ্যাৰ সম্পাদকীয়

বিকল্পৰ সন্ধানঃ বাস্তৱৰ বিড়ম্বনা

বিকল্প ৰাজনীতি বুলিলে আমি কি বুজো? ইতিমধ্যে আমাৰ মাজত এনে এটা ধাৰণা সৃষ্টি কৰা হৈছে যে বিকল্প মানে এটা দলৰ সলনি আন এটা দল, এটা দলে কোৱা কথাবোৰৰ সলনি যেন অন্য কিছু কথা৷ বিকল্পৰ এই তথাকথিত ধাৰণাটো আমাৰ মাজত প্ৰতিষ্ঠিত কৰি দিয়াৰ বাবেই বহু সময়ত দেখা যায় যে জনসাধাৰণে শাসনাধিষ্ঠ এটা দল বা মিত্ৰজোঁটৰ চৰকাৰৰ দুৰ্নীতি, কৰ্মসংস্থাপনহীনতা আদি বিভিন্ন ইছ্যুৰ বিৰুদ্ধে নিজৰ মত দিবলৈ গৈ অন্য এটা দলক শাসনৰ গাদীলৈ পুনৰ লৈ আনে৷ বিষয়টো পৌনঃপৌনিক অংকৰ দৰে৷ ইয়াৰ উত্তৰ যেন নোলায়৷ ধৰি লওক, প্ৰথম বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিভিন্ন বিফলতাৰ সুযোগ লৈ প্ৰথমবাৰ ইউ পি এৰ চৰকাৰ আৰু তাৰ ঠিক পাছত ইউ পি এৰ দুৰ্নীতি আৰু বিফলতাৰ বাবে অতি শক্তিশালী ভাৱে ‘বিকল্প’ হিচাপে থিয় দিলে পুনৰবাৰ বিজেপিয়ে৷

এই ক্ষেত্ৰত অসমৰ ৰাজনীতিও পৃথক নহয়৷ ১৫ বছৰীয়া কংগ্ৰেছ শাসনৰ বিৰুদ্ধে ৰাইজে বিকল্প বিচাৰোতে থিয় দি উঠিল বিজেপিৰ দৰে ৰক্ষণশীল শক্তি৷ বিকল্প মানে এনে হ’ব নেকি এবাৰ কংগ্ৰেছ, এবাৰ বিজেপি, এবাৰ ধৰ্ম নিৰপেক্ষ কোনো মিত্ৰজোঁট বা সেই গোটেই কেইটা জোঁটক নস্যাৎ কৰি পুনৰ এটা নতুন জোঁট৷

এইখিনিতেই আমি বিকল্প মানে প্ৰকৃততে কি, সেই মৌলিক প্ৰশ্নটোৰ মুখামুখি হওঁ৷ বিকল্প মানে ‘ক’ ৰ সলনি ‘খ’ নহয়৷ বিকল্প হ’ল ‘ক’ আৰু ‘খ’ ক নস্যাৎ কৰি এক নতুন বাটৰ সৃষ্টি কৰা৷ এইক্ষেত্ৰত আমি ক’ব পাৰো যে প্ৰচলিত ধ্যান ধাৰণা, ৰাজনৈতিক কথা-বতৰা, ইছ্যু আদিবোৰে যেতিয়া এটা বিশেষ ব্যৱস্থাৰ সৃষ্টি কৰি তাকেই কেৱল গ্ৰহণযোগ্য, যুক্তিপূৰ্ণ কৰি তুলিব খোজে, ঠিক তেতিয়াই সেই প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা, ধ্যান-ধাৰণাক প্ৰত্যাহ্বান জনাই, আক্ৰমণ কৰি এক নতুন শুদ্ধ বাটৰ সন্ধান কৰাই হ’ল বিকল্প ৰাজনীতিৰ উদ্দেশ্য৷ এইক্ষেত্ৰত যিয়ে নিজকে বিকল্প হিচাপে চিহ্নিত কৰিব খোজে তেওঁলোকে প্ৰচলিত ধ্যান-ধাৰণাবোৰক বা ইছ্যুবোৰক বা দলবোৰক আক্ৰমণ কৰিলেই নহ’ব৷ বিকল্প মানে হ’ব সম্পূৰ্ণভাৱে এক নিজস্ব পথ, নিজস্ব কৰ্মসূচী, নিজস্ব ৰাজনৈতিক চিন্তা৷ এই বিকল্পই ‘ক’ৰ অত্যাচাৰ, ‘খ’ ৰ দুৰ্নীতিৰ বিৰুদ্ধে, ‘গ’ নামৰ এক বিকল্প হ’ব খুজিলেই পুনৰ কথাবোৰ প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ মাজতেই জাহ যাব৷

বৰ্তমান সময়ত সোঁপন্থী শক্তিৰ অভূতপূৰ্ব উত্থানে যিকোনো গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ ব্যক্তিক শংকিত কৰি তুলিছে৷ বিভাজনকামী ৰাজনীতি, সাম্প্ৰদায়িক বিষ বাষ্প ছতিয়াই দিয়াৰ পাছতো এই শক্তিয়ে কেন্দ্ৰত শাসনৰ ক্ষমতা দখল কৰি থকাৰ লগতে এখনৰ পাছত আন এখন ৰাজ্যৰ নিৰ্বাচনত জয় লাভ কৰি গৈছে৷ এই ক্ষেত্ৰত সংবিধানৰ কথা কোৱা, ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা শক্তিবোৰেও অতি দুখলগাকৈ নিৰ্বাচনবোৰত পৰাজিত হৈছে৷ ইয়াৰ ফলত এই সোঁপন্থী শক্তিয়ে নিজকে একমাত্ৰ বিকল্প হিচাবে জনসাধাৰণৰ সন্মুখত নিজকে থিয় কৰাইছে৷ এই ক্ষেত্ৰত ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক শক্তিবোৰৰ বিফলতা ক’ত? নিশ্চিত ভাৱে এই সোঁপন্থী শক্তিয়ে সাম্প্ৰদায়িক কথা-বতৰা, প্ৰগতি, ৰাষ্ট্ৰীয়তাবাদৰ এক মচলা ৰাইজৰ মাজত এৰি দিছে৷ এই কথাও সঁচা যে এই শক্তিক অৰ্থনৈতিকভাৱে সহায় কৰিছে বৃহৎ পুঁজিপতি গোষ্ঠীয়ে৷ ইয়াৰ পাছতো এই সোঁপন্থী শক্তিৰ মুখা খুলিব পৰা নাই দেশৰ বিপক্ষত থকা দল-সংগঠনসমূহে৷ বিগত লোকসভা নিৰ্বাচনত প্ৰগতিৰ কথা কৈ শাসনভাৰ দখল কৰা বিজেপি দলে বাস্তৱিকতে ৰাইজক অন্য এক বিকল্পৰ ছবি দেখুওৱাবলৈ সমৰ্থ হ’ল৷ এই তথাকথিত একমাত্ৰ বিকল্পৰ যি ছবি, সি এতিয়াও বৰ্তি আছে৷ সময় এনে আহিছে যে বিজেপি দলৰ সদ্য সমাপ্ত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে এক ‘বিৰোধী’হীন ৰাজনীতিৰ দিশলৈ যাবলৈ মতপোষণ কৰিছে৷ ভাৰতৰ স্বাধীনতাৰ পাছত এনে এক সকলোৰে গ্ৰহণযোগ্য ‘আপীল’ আৰু শক্তি ছাগে ইন্দিৰা গান্ধীৰ শাসনৰ পাছতেই এয়াই দ্বিতীয়৷ তথাপি এই ‘আপীল’ এতিয়া কেৱল এজন ব্যক্তি নিৰ্ভৰ যেন দেখিলেও ই কিন্তু বাস্তৱিকতে সু-সংগঠিত কেডাৰ আৰু প্ৰাথমিক পৰ্যায়ত বিয়পি থকা সংগঠনৰেই ফল৷ তেন্তে এনে পৰিস্থিতিৰ মোকা-মিলা কৰা যায় কেনেকৈ? এই সম্পৰ্কে এতিয়া বিভিন্ন চিন্তা-চৰ্চা আৰম্ভ হৈছে৷

যোৱা সময়চোৱাত নিজকে ‘বিকল্প’ হিচাপে প্ৰক্ষেপিত কৰা ‘আম আদমী পাৰ্টি’-এ দিল্লী বিধান সভা দখল কৰিলে যদিও গোৱা আৰু পঞ্জাৱত মুুখ থেকেচা খাব লগা হ’ল৷ এনে কথা নহয় যে দিল্লীত ‘আপ’ চৰকাৰে একো কাম কৰা নাই৷ যথেষ্ট নতুনত্বসহ তেওঁলোকে কাম কৰিছে৷ কিন্তু, বিজেপি বা চলিত ৰাজনৈতিক ধাৰাৰ বিৰুদ্ধে তেওঁলোকেই বিকল্প বুলি প্ৰমাণ কৰিব পৰা নাই, যাৰ বাবে খোদ দিল্লীতেই তেওঁলোকে স্থানীয় নিকায়ৰ নিৰ্বাচনত শোচনীয় ভাৱে পৰাজিত হ’ব লগা হৈছে৷ বাঁওপন্থী শাসিত কেৰেলা আৰু ত্ৰিপুৰা দুয়োখন ৰাজ্যতেই বিজেপি আৰু সংঘ পৰিবাৰৰ বিভিন্ন সংগঠনবোৰে কুচকাৱাজ আৰম্ভ কৰিছে৷ কেন্দ্ৰত শাসনাধিষ্ঠ দলৰ বহু কেইজন মুখপত্ৰই এতিয়া অতি মুকলিকৈ ‘বাঁওপন্থী’ সকলেই তেওঁলোকৰ মূল শত্ৰু’ বুলি ঘোষণা কৰিছে৷ তথাপি বাঁওপন্থী দলবোৰে কিছু সৰু-সুৰা আন্দোলন কৰিলেও ৰাইজৰ সৈতে ঐক্যৱদ্ধ হৈ মূল যুঁজখনত এতিয়াও চামিল হ’ব পৰা নাই৷ বৈজ্ঞানিক চিন্তাধাৰাৰে আগবাঢ়িব লগা বাঁওপন্থী দলবোৰৰ ভিতৰ চ’ৰা কিন্তু আজিও এক আমোলাতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে চালিত৷ গণতান্ত্ৰিক কেন্দ্ৰিকতাৰ আলম লৈ তাৰ অপপ্ৰয়োগো দেখা যায়৷

এটা সময়ত বিভিন্ন মতাদৰ্শগত কাৰণত বিভাজিত হোৱা এই বাঁওপন্থী দলবোৰৰ মাজত বৰ্তমান পৰিস্থিতিত বিশেষ পাৰ্থক্য নাই যদিও এই দলবোৰে ঐক্যৱদ্ধ হ’ব পৰা নাই৷ দুই-এটা কাৰ্যসূচী আৰু নিৰ্বাচনৰ সময়ত একত্ৰিত হোৱাটোকেই তেওঁলোকে এতিয়াও ঐক্যৱদ্ধ সংগ্ৰাম বুলি ভাবি আছে৷ অসমৰ ক্ষেত্ৰত চালেও দেখা যাব যে বৰ্তমান অসমৰ ৰাজনৈতিক চিত্ৰখন অতি আউল লগা৷ আঞ্চলিকতাবাদৰ পোষকতা কৰা অগপ দল আৰু বড়োসকলৰ আত্ম অধিকাৰৰ কথা কোৱা বি পি এফে এতিয়া ৰাষ্ট্ৰীয়তাবাদী দল বিজেপিৰ সৈতে মিত্ৰজােঁটৰ চৰকাৰ চলাই আছে৷ অসমৰ স্বাৰ্থ বিঘ্নিত হোৱা কথা হ’লেও দুয়োটা দলৰেই বক্তব্য নাই বুলিয়েই ক’ব পাৰি৷ এই দুয়োটা দলেই গম পোৱা নাই যে অনাগত সময়ত বিজেপিৰ চেপাত তেওঁলোকে নিজৰ অস্তিত্ব হেৰুৱাই পেলাব৷ অসমত বাম গণতান্ত্ৰিক মৰ্চা এটা গঠিত হৈ মাজে-মাজে দুই-এটা আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও ই জোৰদাৰ হ’ব পৰা নাই আৰু দলবোৰৰ নিজস্ব শক্তিও তেনেই নগণ্য৷ এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংগ্ৰামী শক্তি হিচাপে এক জনপ্ৰিয়তা অৰ্জন কৰিছে যদিও বিগত সময়ছোৱাৰ বহু কেইটা ৰাজনৈতিক ভুল সিদ্ধান্তৰ ভূতে তেওঁলোকক এতিয়াও খেদি ফুৰিছে৷ এই সময়ছোৱাত প্ৰতিষ্ঠিত জাতীয়তাবাদী সংগঠনবোৰৰ উপৰিও যথেষ্ট নতুন চিন্তা-চৰ্চা কৰা, জাতীয়তাবাদী চিন্তাত আকৃষ্ট সৰু-বৰ সংগঠনৰ সৃষ্টি হৈছে৷ লক্ষণীয় হ’ব যে প্ৰতিষ্ঠিত জাতীয়তাবাদী শক্তিসমূহৰ ঠাইত এই নতুনকৈ জন্ম লাভ কৰা শক্তিবোৰে এক সংগ্ৰামী ভূমিকা গ্ৰহণ কৰি বিকল্প এক বাটৰ সন্ধান কৰিব পাৰে নে নোৱাৰে৷

অসমতো ভাৰতৰ দৰেই এক বিকল্প সন্ধানৰ চিন্তা-চৰ্চা আৰম্ভ হৈছে৷ কিন্তু বৰ্তমান পৰিস্থিতিত সেই বিকল্প কেনে হ’ব, তাৰ এক স্পষ্ট চিত্ৰ প্ৰকট হৈ উঠা নাই৷ বাম গণতান্ত্ৰিক শক্তিবোৰে কেৱল মৰ্চাৰ নামত মৰ্চা গঠন কৰি নিজকে বিকল্প হিচাপে প্ৰক্ষেপ কৰিলেই যে সফল হ’ব, সেয়া ক’ব পৰা নাযায়৷ আনহাতে এই মৰ্চা বা মঞ্চৰ আদৰ্শগত ভিত্তিও লক্ষণীয় হ’ব৷ এই মঞ্চৰ অংশীদাৰসকলে নিজস্বভাৱেও আন্দোলন গঢ়ি তুলি ৰাইজৰ মাজলৈ যাব লাগিব৷

আমি ভাবো যে আদৰ্শগত ভাৱে শুদ্ধ, সংগ্ৰামী, প্ৰগতিশীল জাতীয়তাবাদ আৰু বৈজ্ঞানিক সমাজবাদত বিশ্বাসী এক শক্তি বা মঞ্চ অসমৰ বাবে এই মুহূৰ্তত প্ৰয়োজনীয়, যি শক্তিয়ে বিভিন্ন জাতি-জনগোষ্ঠীক ঐক্যবদ্ধ কৰি জনসাধাৰণৰ স্বাৰ্থত আন্দোলন গঢ়ি তুলি এক বিকল্প কৰ্মসূচীৰে ৰাজ্যৰ অৰ্থানৈতিক ভেটিক শক্তিশালী কৰি আগুৱাই নিব পাৰে৷ এই ক্ষেত্ৰত সকলো গণতান্ত্ৰিক, প্ৰগতিশীল জাতীয়তাবাদী শক্তিয়ে এই বিকল্পৰ সন্ধান কৰিব লাগিব৷ বিকল্প সন্ধানৰ এই পথ সহজ নহ’ব৷ ৰাইজৰ মাজত থাকি, ন্যায্য দাবীত আন্দোলন গঢ়ি তুলি, সমালোচনা, আত্মসমালোচনা আৰু জিজ্ঞাসাৰ অন্তহীন বাটেৰে আগবাঢ়ি তত্ত্ব আৰু প্ৰয়োগৰ শুদ্ধ প্ৰয়োগৰ তাল-মিলৰ মাজেৰে দীঘলীয়া সংগ্ৰামৰ দ্বাৰা এক জনসাধাৰণৰ পক্ষৰ প্ৰকৃত বিকল্প অনাগত সময়ত গঢ় দিব পৰা যাব বুলি আমি আশাবাদী৷

মাধুৰ্য্য বৰুৱা

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে