দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / এক বিকল্পৰ ভাৱনা ( সুপ্ৰকাশ তালুকদাৰ )

এক বিকল্পৰ ভাৱনা ( সুপ্ৰকাশ তালুকদাৰ )

বহুত ৰাজনীতিবিদে ভাবে যে ৰাজনীতিৰ জগতখন তেওঁলোকৰ নিয়ন্ত্ৰণত৷ ৰাজনৈতিক প্ৰভাৱ আৰু দলৰ সাংগঠনিক শক্তিৰ জোৰত যিকোনো পৰিস্থিতিতে ৰাজনৈতিক ক্ষেত্ৰখন নিজৰ দখলত ৰাখিব পাৰে বুলি তেওঁলোকৰ ধাৰণা৷ এনে ৰাজনীতিবিদ আৰু এনে ধাৰণা পোষণকাৰী ৰাজনৈতিক বিশেষজ্ঞসকলে কেতিয়াবা অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হয়৷ নভবা ধৰণৰ ৰাজনৈতিক শক্তি আৰু ৰাজনীতিবিদে তেওঁলোকৰ অংক ওলট-পালট কৰি পেলায়৷

ইয়াৰ কাৰণ কি? কাৰণ হ’ল, ৰাজনৈতিক জগতখন এখন স্বয়ংসম্পূৰ্ণ ক্ষেত্ৰ নহয়৷ প্ৰচলিত আৰু তাক কেন্দ্ৰ কৰি গঢ়ি উঠা বাস্তৱ জগতখনে ৰাজনীতিৰ ক্ষেত্ৰখন বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে৷ অৱশ্যে, ৰাজনীতিৰ জগতখনৰো নিজা চালিকা শক্তি আছে আৰু ইও অৰ্থনৈতিক ক্ষেত্ৰখনৰ ওপৰত নানা ধৰণে প্ৰভাৱ বিস্তাৰ কৰে৷ পিছে, তুলনামূলকভাৱে অৰ্থনীতিৰহে ৰাজনীতিৰ ওপৰত প্ৰভাৱ আৰু নিয়ন্ত্ৰণ বেছি৷

আমাৰ দেশৰ বৰ্তমান অৰ্থনীতি যথেষ্ট সংকটৰ মাজেৰে গতি কৰি আছে৷ বিশেষকৈ নব্বৈ দশকৰ পৰা এই সংকট আৰু গভীৰ৷ এনে সংকটে জনজীৱনৰ প্ৰায় সকলোবোৰকেই চুই গৈছে৷ স্বভাৱিকতে সংকটজৰ্জৰ জনগণে এনে সংকটৰ পৰা পৰিত্ৰাণৰ পথ বিচাৰিছে৷ ইয়াৰ অৱধাৰিত প্ৰতিকলন ঘটিছে ৰাজনীতিৰ জগতখনত৷ পৰিণতিত ৰাজনৈতিক ক্ষেত্ৰখন পূৰ্বতকৈ যথেষ্ট অস্থিৰ আৰু অনিশ্চিত হৈ পৰিছে৷ কেন্দ্ৰত আৰু ৰাজ্যবোৰত সঘন পৰিৱৰ্তনৰ মাজেৰেই আমি তাৰ উমান পাব পাৰো৷ শেহতীয়াভাৱে এনে অস্থিৰতা কমা নাই, বৰং বাঢ়িছে৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিপুলভাৱে জয়ী হোৱাৰ পাছত দিল্লী আৰু বিহাৰৰ বিধানসভা নিৰ্বাচনত বিজেপি শোচনীয়ভাৱে পৰাজিত হ’ল৷ দিল্লীত কংগ্ৰেছ নিচ্ছিন্ন হ’ল, বিজেপিয়ে পালে মাত্ৰ তিনিখন৷ আকৌ, কেইদিনমান পূৰ্বে অনুষ্ঠিত দিল্লী বিধানসভাৰ উপ-নিৰ্বাচনৰ এখন আসনত, য’ত আম আদমি পাৰ্টিৰ বিধায়ক আছিল, তাত এইবাৰ জয়ী হৈছে বিজেপি৷ আম আদমি পাৰ্টি তৃতীয় স্থানলৈ অৱনমিত হৈছে৷ উত্তৰ-প্ৰদেশৰ নিৰ্বাচনত সমাজবাদী পাৰ্টিক বিপৰ্যস্ত কৰি বিজেপিয়ে যিদৰে চমকপ্ৰদ ফলাফল দেখুৱাইছে, তেনেদৰে পূৰ্বতে নিজৰ দখলত থকা পাঞ্জাৱ আৰু গোৱাত জনমত তেওঁলোকৰ বিপক্ষে গৈছে৷ ৰাজনৈতিক ক্ষেত্ৰখনত অস্থিৰতা ইমানেই সৰ্বগ্ৰাসী যে কোনো এটা দলেই তাৰ পৰিনামৰ পৰা সাৰি যাব পৰা নাই৷ আনকি ৩৪ বছৰ ধৰি পশ্চিমবংগত চৰকাৰ চলোৱা বাওঁমৰ্চাও ২০১১ চনৰ বিধানসভা নিৰ্বাচনত বিপৰ্যস্ত হ’ল৷

এই অস্থিৰতাই সূচাইছে ভাৰতবৰ্ষৰ জনসাধাৰণ বিকল্প সন্ধানত৷ এই ক্ষেত্ৰত কি কি বিকল্প পথ খোলা আছে? সৰহভাগ ৰাজ্যতে বিজেপি আৰু কংগ্ৰেছ অথবা তেওঁলোকৰ মিত্ৰশক্তি হৈছে জনসাধাৰণৰ সন্মুখত দুটা বৃহৎ দল৷ সেয়ে তেওঁলোকে কংগ্ৰেছৰ ঠাইত বিজেপি অথবা বিজেপিৰ ঠাইত কংগ্ৰেছ– ইয়াৰ মাজতে ঘূৰ্ণিপাক খাই থাকিবলগীয়া হৈছে৷ অথচ এই দল দুটাৰ মাজত আৰ্থিক প্ৰশ্নবোৰত বৃহৎ কোনো তফাৎ নাই৷ ফলত ৰাজনৈতিক ক্ষেত্ৰখনৰ মাজেৰে লক্ষ্যণীয় পৰিৱৰ্তন আহিব পাৰে বুলি প্ৰত্যাশাও নাইকীয়া হৈছে৷ সেয়ে এক বৃহৎ সংখ্যক ভোটাৰৰ বাবে নিৰ্বাচন হ’ল ব্যক্তিগত পচন্দ-অপচন্দ প্ৰতিষ্ঠা কৰা, নিজৰ জনগোষ্ঠীৰ প্ৰভাৱ সাব্যস্ত কৰাৰ এক মাধ্যমহে৷ তাতোকৈ গভীৰ বিষয়বোৰ বিবেচনা কৰিবলৈ তেওঁলোক প্ৰস্তুত নহয়৷ তাৰ কাৰণ হ’ল, কংগ্ৰেছ অথবা বিজেপিৰ সৈতে মৌলিক পাৰ্থক্য থকা ৰাজনৈতিক শক্তিৰ লেখত ল’বলগীয়া উপস্থিতিৰ অভাৱ৷ বাঁও আৰু গণতান্ত্ৰিক শক্তিৰ দুৰ্বলতা এইখিনিতে৷

বিজেপি দলৰ ৰাজনীতি হ’ল ধৰ্মীয় বিভাজনৰ জৰিয়তে ভাৰতবৰ্ষৰ জনসংখ্যাৰ ৮০ শতাংশ হিন্দুসকলৰ সমৰ্থন আদায় কৰা৷ তেওঁলোকে যে কংগ্ৰেছৰ জনবিৰোধী নীতি আৰু বৃহৎ বণিক গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাকাৰী অৰ্থনীতিকেই আগবঢ়াই নিছে, তাক তেওঁলোকে ধৰ্মীয় উত্তেজনা আৰু মুছলমান বিৰোধী ঘৃণাৰ মাজত লুকুৱাই ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰি গৈছে৷ আনহাতে, কংগ্ৰেছৰ ৰাজনীতিৰ মূল শক্তিটো বিজেপিৰ ব্যৰ্থতা৷ বিজেপিয়ে দেশৰ মৌলিক সমস্যাৰাজি সমাধান কৰিবলৈ ব্যৰ্থ হৈছে, গতিকে তেওঁলোকক শাসনৰ পৰা আঁতৰাই শাসনত অভ্যস্ত কংগ্ৰেছক ঘূৰাই আনিব লাগে, এয়াই ৰাইজৰ ওচৰত তেওঁলোকৰ নিবেদন৷ বিজেপি আৰু কংগ্ৰেছ–দুয়োটা একেটা গোত্ৰৰ ৰাজনৈতিক দল হোৱাৰ বাবেই ইটো দলৰ সিটো দলৰ বিৰুদ্ধে উত্থাপন কৰিবলগীয়া কোনো মৌলিক বিষয় নাই৷ গতিকে নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ ব্যক্তিগত সবলতা-দুৰ্বলতাবোৰেই ৰাজনীতিৰ সিংহভাগ আগুৰি থাকে৷ এই ক্ষেত্ৰত মৌলিক পাৰ্থক্যৰ দাবী কৰিব পাৰে কেৱল বাঁওপন্থীসকলে৷ প্ৰথমৰে পৰা ভাৰতবৰ্ষৰ শাসক গোষ্ঠীয়ে অনুসৰণ কৰা অৰ্থনীতিৰ বিপৰীতে এক কাৰ্যকৰী বিকল্প ৰূপৰেখা আগবঢ়াই আহিছে৷ সেয়া হ’ল দেশী-বিদেশী কৰ্প’ৰেট গোষ্ঠীৰ বিনিয়োগ সুচল কৰাৰ মাজেৰেই অৰ্থনীতি সবল কৰিব নোৱাৰে৷ কৰ্প’ৰেট গোষ্ঠীৰ বাবে অবাধ লাভৰ পথ প্ৰশস্ত কৰাৰ সলনি সাধাৰণ মানুহৰ জীৱনৰ মান উন্নত কৰাটোহে অৰ্থনৈতিক উন্নয়নৰ চাবি-কাঠি৷ ভাৰতবৰ্ষৰ প্ৰায় এশ কোটি শ্ৰমিক-কৃষক, মধ্যবিত্ত আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনৰ মান যদি সঁচা অৰ্থত উন্নত কৰিব পৰা যায়, তেনেহ’লে বিশ্বৰ যিকোনো উন্নত দেশৰ অৰ্থনীতিৰ সৈতে ভাৰতবৰ্ষই ফেৰ মাৰিব পৰা হ’ব৷ এয়াই বিকল্প অৰ্থনীতি৷ গতিকে কৰ্প’ৰেট গোষ্ঠীৰ বাবে লুণ্ঠনৰ অবাধ লুণ্ঠনৰ লাইচেন্স নহয়, অৰ্থনীতিৰ এক জনমুখী অভিমুখেহে ভাৰতীয় অৰ্থনীতিক ক্ৰমবৰ্ধমানৰ সন্ধানৰ পৰা উদ্ধাৰ কৰিব পাৰে আৰু জনসাধাৰণৰ সকলো অংশক নতুন জীৱনৰ সন্ধান দিব পাৰে৷ বাঁওপন্থীৰ এই যুক্তিপূৰ্ণ আৰু বস্তুনিষ্ঠ বিশ্লেষণক কেৱেই অস্বীকাৰ কৰিব পৰা নাই৷

কিন্তু এই সমস্যা হ’ল বাঁওপন্থীসকলে এই সচেতনতা ৰাইজৰ মাজত বিয়পাই দিয়াত বাৰে বাৰে ব্যৰ্থ হৈছে৷ জনসাধাৰণৰ ক্ষোভৰ আলমত বৃহৎ আন্দোলন-সংগ্ৰাম সৃষ্টি কৰাৰ ক্ষেত্ৰত দুৰ্বলতা প্ৰকট৷ ফলত এক গণ জাগৰণ অনাৰ সুযোগ বাৰে বাৰে হেৰুৱাইছে৷ এনেবোৰ দুৰ্বলতাৰ বাবেই বাঁওপন্থীসকলে এনে কোনো শক্তিশালী প্ৰদৰ্শন কৰিব পৰা নাই, যাৰ দ্বাৰা নতুন নতুন অংশৰ মানুহ বাঁওপন্থীসকলৰ চৌপাশে সমবেত হ’ব পাৰে৷ সেয়ে বাঁওপন্থীৰ আদৰ্শনিষ্ঠা, ত্যাগৰ মনোভাৱ, দুৰ্নীতিমুক্ত জীৱন প্ৰণালী বিনাদ্বিধাই স্বীকাৰ কৰাৰ পাছতো বাঁওপন্থীৰ পক্ষে সক্ৰিয়তাৰে ওলাই আহিব বিচৰা নতুন লোকৰ সংখ্যা চকুত লগাকৈ কম৷ বাঁওপন্থী নেতা-কৰ্মীসকলে এইক্ষেত্ৰত বৃত্তৰ পৰিধি ভঙাৰ বাবে সৃজনশীলতাৰ পৰিচয় দিব লাগিব৷ অসমতে আমি দেখিছো, প্ৰতিটো অঞ্চলতে, প্ৰতিটো জনগোষ্ঠীৰ মাজতে ক্ষোভ, অসন্তোষ বিদ্যমান৷ অথচ এক শক্তিশালী, সকলোৱে সামৰিব পৰা উমৈহতীয়া বিকল্পৰ অভাৱত একেখন পৰিচিত সত্তাৰ মঞ্চত মানুহ সমবেত হৈছে৷ ইয়াৰ ৰাজনৈতিক লাভ শেষ বিচাৰত শাসক দলৰ পক্ষেই গৈছে৷ সময়-সুবিধা বুজি এই জনগোষ্ঠীয় নেতাই কংগ্ৰেছ অথবা বিজেপিত ভীৰ কৰিছগৈ৷

গতিকে মানুহক, বিশেষকৈ নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ বাঁওপন্থীসকলে নিজৰ কৰ্মকাণ্ড পৰিচালিত কৰিব পাৰিব লাগিব৷ কেৱল কংগ্ৰেছ-বিজেপিৰ সমালোচনাই নহয়, নিজৰ বিকল্প অৰ্থনীতি আৰু সমাজনীতি শক্তিশালীভাৱে উত্থাপন কৰাটো অতিকে প্ৰয়োজনীয় হৈ পৰিছে৷ ৰক্ষণাত্মক নহয়, আক্ৰমণাত্মক ৰাজনীতিয়েহে বাঁওপন্থীসকলক স্থবিৰতাৰ বৃত্ত ভাঙি আগুৱাবলৈ সুযোগ দিব৷ বৰ্তমান সময়ত, বিশেষকৈ বিজেপিৰ সাম্প্ৰদায়িকতাৰ এজেণ্ডা স্থানচ্যুত কৰি নিজৰ ঐক্য আৰু জনমুখী একেতাক সজোৰে প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব৷ বাঁওপন্থীয়ে নিজৰ সংগ্ৰামী মেজাজ জনমানসত প্ৰতিষ্ঠা কৰিব পাৰিলে অন্যান্য ধৰ্মনিৰপেক্ষ শক্তি আৰু ব্যক্তি বিশেষে একে নাৱত দুগুণ প্ৰত্যয়েৰে সমবেত হ’ব পাৰে৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে