দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বিকল্পৰ প্ৰয়োজনীয়তা আৰু বাস্তৱতা (কাশ্যপ চৌধুৰী)

বিকল্পৰ প্ৰয়োজনীয়তা আৰু বাস্তৱতা (কাশ্যপ চৌধুৰী)

স্বাধীনোত্তৰ ভাৰতবৰ্ষত দীৰ্ঘদিন শাসন কৰা দলটোৱেই হৈছে, কংগ্ৰেছ৷ পূৰ্বতে এই দলৰ প্ৰতি মানুহৰ আস্থা থাকিলেও পৰৱৰ্তী পৰ্যায়ত মানুহে এই দলৰ প্ৰতি বিদ্বেষ ভাব পোষণ কৰিবলৈ লয়৷ ইয়াৰ বিভিন্ন কাৰণ আছে যদিও বিশেষকৈ ইউ পি এৰ আমোলত দলৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰে সীমা চেৰাই যোৱাটোৱেই প্ৰধান৷ তদুপৰি, কংগ্ৰেছ চৰকাৰে গ্ৰহণ নতুন আৰ্থিক নীতিৰ ফলত জনসাধাৰণৰ জীৱন-জীৱিকাৰ ওপৰত মাধমাৰ পৰে৷ সেয়েহে জনসাধাৰণে এই দল ক্ষমতাচ্যুত হোৱাটো মনে-প্ৰাণে বিচাৰিছিল৷ পৰিণতিত যোৱা লোকসভা নিৰ্বাচনত দলটোৱে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বহু কম আসন লাভ কৰে৷ আনহাতে বিজেপিয়ে ইয়াৰ সুযোগ লৈ আৰু ‘ভাল দিন’ৰ সপোন দেখুৱাই শাসনৰ গাদীত বহিল৷ কিন্তু যোৱা দুটা বৰ্ষত কংগ্ৰেছতকৈ বেছি অগ্ৰাহী ধৰণে আৰ্থিক নীতিৰ জৰিয়তে ডাঙৰ ডাঙৰ পুঁজিপতিসকলৰ সুবিধাৰ্থে কাম কৰিছে, যিয়ে ভাৰতবৰ্ষৰ গৰীব জনসাধাৰণৰ অৱস্থা দিনে দিনে বেয়াৰ ফাললৈ নি আছে৷ আনহাতে, ভাল দিনৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰি ভাৰতবৰ্ষৰ সামাজিক আৰু ৰাজনৈতিক জীৱনত বিষবাষ্প বিয়পাই দিছে৷

সাম্প্ৰদায়িক বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পাছৰ পৰা ইটোৰ পিছত সিটো সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হোৱাৰ লগতে ধৰ্মীয় সংখ্যালঘু আৰু দলিত শ্ৰেণীৰ মানুহৰ ওপৰত যথেষ্ট সামাজিক, অত্যাচাৰ চলিছে৷ আৰ এছ এছৰ ‘হিন্দী, হিন্দু, হিন্দুস্তান’ৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থা আৰু প্ৰতিষ্ঠানৰ শীৰ্ষ পদবীবোৰত আৰ এছ এছৰ অন্ধ অনুগতক সংস্থাপন দিয়া হৈছে৷ আনকি বহু উচ্চ শিক্ষানুষ্ঠান আৰু বিশ্ববিদ্যালয়তো কেন্দ্ৰীয় চৰকাৰে ধৰ্মীয় মেৰুকৰণ আৰম্ভ কৰি দিছে৷ নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ পৰা নোবেল বঁটা প্ৰাপ্ত ডঃ অমৰ্ত্য সেনক অপসাৰণ কৰিছে৷ আন বহুতো শিক্ষানুষ্ঠাতো এনে চৰকাৰী হস্তক্ষেপ চলিছে৷ যিয়ে ভাৰতীয় গণতন্ত্ৰত মোক্ষম আঘাত হানিছে৷ আৰ এছ এছৰ দ্বাৰা পৰিচালিত বিজেপিয়ে বৈদিক যুগৰ বৰ্ণবাদী হিন্দুসকলৰ বৰ্ণাশ্ৰম ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱিত হৈ দলিত আৰু নিম্নবৰ্গৰ ওপৰত ৰাজনৈতিক আৰু সামাজিক অত্যাচাৰ-নিপীড়ন আৰম্ভ কৰিছে৷ উত্তৰ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে শেহতীয়াভাৱে অসমত সংঘটিত হোৱা গো মাংসকেন্দ্ৰিক ঘটনাবোৰ দৰচলতে কট্টৰ হিন্দুত্ববাদী অসহিষ্ণুতাৰ নিদৰ্শন৷ তেওঁলোকৰ এনে মনোভাৱৰ বাবে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাবোৰৰ ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকি নামি অহাৰ লগতে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ ঐতিহ্য বিনষ্ট হৈছে৷

নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ পৰিৱৰ্তে একপ্ৰকাৰৰ নৈৰাজ্য সৃষ্টি কৰিছে মোদী চৰকাৰে৷ অসমতো তেওঁলোকে জাতি, মাটি, ভেটি সুৰক্ষাৰ কথা কৈছিল যদিও তেওঁলোকৰ এই ক্ষেত্ৰত কোনো সদিচ্ছা নাই৷ বৰঞ্চ বৃহৎ নদীবান্ধ নিৰ্মাণ আৰু তৈলক্ষেত্ৰ বিক্ৰীৰ জৰিয়তে বহুজাতিক কোম্পানীবোৰক ৰঙা দলিচা পাৰি দিছে৷ কট্টৰ হিন্দুত্ববাদী মনোভাৱেৰে অসমৰ ভাষা, সংস্কৃতি আৰু স্বকীয়তাৰ ওপৰত অহৰহ আঘাত হানি আছে৷ নদী পূজাৰ নামত নমামি ব্ৰহ্মপুত্ৰ উৎসৱত হৰিদ্বাৰৰ পূজাৰীৰে পূজা-পাতল কৰাই ব্ৰাহ্মণ্যবাদ বিয়পাই দিব বিচৰা হ’ল৷

এনে এক প্ৰেক্ষাপটত তৃতীয় বিকল্পৰ প্ৰয়োজনীয়তা মানুহে লাহে লাহে অনুভৱ কৰিছে৷ এই বিকল্পৰ পাছতহে পৰিস্থিতিৰ সঠিক বিশ্লেষণৰ জৰিয়তে সমাজত থকা এই আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিব পৰা যাব৷ এনে পৰিস্থিতিত বাঁওপন্থীৰ দায়িত্ব বাঢ়িছে৷ বিজেপিয়েও অন্যতম প্ৰধান শত্ৰু হিচাপে বাঁওপন্থীসকলক সন্মুখত ৰাখি অহৰহ আক্ৰমণ চলাইছে৷ কিন্তু বাঁওপন্থীসকলে এই সুবিধা সঠিক ৰূপত গ্ৰহণ কৰিব পৰা নাই৷ বৰ্তমান সময়ত বিজেপিৰ অগণতান্ত্ৰিক, স্বৈৰাচাৰী মানসিকতাৰ বিৰুদ্ধে বিভিন্ন অংশৰ গণতান্ত্ৰিক তথা প্ৰগতিশীল ব্যক্তিয়ে প্ৰতিবাদ জনাইছে৷ সময়ে দাবী কৰিছে সন্মিলিতভাৱে বিজেপিৰ এনে আগ্ৰাসনৰ বিৰুদ্ধে এখন বৃহৎ মঞ্চ গঢ়ি তোলাৰ প্ৰয়োজনীয়তা৷ ইয়াৰ বাবে বাঁওপন্থীসকলে আত্মসমালোচনাৰে সৃজনশীল দৃষ্টিভংগী পোষণ কৰিব লাগিব৷ শ্ৰেণী সংগ্ৰামৰ পৰা জাতি-জনগোষ্ঠীসমূহৰ ভাষা-সংস্কৃতিৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়টো সমুখত তুলি ধৰিব লাগিব৷ বৰ্তমান বিভিন্ন গণতান্ত্ৰিক তথা ধমনিৰপেক্ষ শক্তি বিভিন্নভাৱে বিভক্ত৷ এই শক্তিসমূহৰ নিউক্লিয়াছ হ’ব পাৰিলে অনাগত দিনত বিকল্পৰ ভাবনা বাস্তৱতাত পৰিণত হোৱাটো খাটাং৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে