দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অসমত তৃতীয় বিকল্প : সংশয় আৰু সম্ভাৱনা ( মুনিন মহন্ত)

অসমত তৃতীয় বিকল্প : সংশয় আৰু সম্ভাৱনা ( মুনিন মহন্ত)

যোৱা ২০১৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত দুৰ্নীতিগ্ৰস্ত, ভ্ৰষ্টাচাৰী আৰু অকমৰ্ণ্য কংগ্ৰেছ চৰকাৰৰ শাসন ওফৰাই জনসাধাৰণৰ ইচ্ছা, আকাংক্ষাক মূলধন হিচাপে লৈ জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ভাৰতীয় জনতা দলৰ নেতৃত্বৰ মিত্ৰজোঁটে শাসন ক্ষমতা দখল কৰিলে৷ লক্ষ্যণীয় যে অসমত ক্ষমতাৰ বাঘজৰী বিজেপি দলে এককভাৱে লোৱাৰ সাংবিধানিক ভেটি নাছিল৷ তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীক প্ৰলোভিত কৰি তেওঁলোকৰ দললৈ আনি দলটোক শক্তিশালী কৰাৰ বাবে চেষ্টা কৰিলে৷ এক নীতিহীন ৰাজনীতি পোহাৰ মেলিলে৷ সুযোগ সন্ধানী দুৰ্নীতিগ্ৰস্ত ৰাজনীতিকসকলে যোগ দিবলৈ আৰম্ভ কৰিলে৷ কংগ্ৰেছ, অসম গণ পৰিষদ আদি দলত দলত্যাগৰ উজান উঠিল৷ কংগ্ৰেছ আৰু বিজেপি অৰ্থনৈতিক নীতিৰ প্ৰশ্নত এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি৷ দুয়োটা দলেই নব্য উদাৰ অৰ্থনীতিৰ প্ৰবক্তা৷ সেয়ে কংগ্ৰেছৰ পৰা বিজেপি গমন বোধগম্য৷ কিন্তু আঞ্চলিকতাবাদৰ প্ৰবক্তা অসম গণ পৰিষদৰ বুজন সংখ্যক নেতাই বিজেপি দলত যোগ দিয়াটো সঁচাকৈয়ে এক নুবুজা সাঁথৰ৷ ৰাজনীতিত যেন নীতি-আদৰ্শৰ প্ৰশ্ন নাই৷

ভাৰতীয় জনতা দল হিন্দুত্ববাদ, হিন্দুৰাষ্ট্ৰ আৰু হিন্দীভাষা সম্প্ৰসাৰণৰ প্ৰবক্তা৷ অন্যহাতে অসম গণ পৰিষদ জাতীয়তাবাদী চিন্তাধাৰাৰ ধাৰক আৰু বাহক বুলি গৌৰববোধ কৰা ৰাজনৈতিক শক্তি৷ দুয়ো দলৰ মাজত আদৰ্শৰ বৈপৰীত্য বিদ্যামান৷ কিন্তু তৎসত্ত্বেও ক্ষমতা দখলৰ ৰাগীত বিজেপিৰ লগত নীতিহীন নিৰ্বাচনী জোঁট গঠন কৰাৰ সিদ্ধান্ত ল’লে বি পি এফকে ধৰি ৰাজ্যখনৰ জনজাতীয় শক্তিসমূহেও৷ কাৰ্যসূচীগত ঐকমত্য গঢ়ি নুঠিলেও কংগ্ৰেছ বিৰোধী এক বিকল্প ৰাজ্যখনত গঢ়ি উঠিল৷ ৰাজ্যখনৰ খবৰ কাগজৰ আৰু বৈদ্যুতিন মাধ্যমৰ মালিকসকল আৰু বুদ্ধিজীৱী মহলৰ গৰিষ্ঠ সংখ্যকে সমৰ্থন আগবঢ়ালে৷ অন্যান্য সকলো শক্তিক ধূলিসাৎ কৰি বিেজপি নেতৃত্বাধীন ঐক্যজোঁটে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লৈ ক্ষমতা দখল কৰিলে৷

এই চৰকাৰৰ এবছৰ পূৰ্ণ হোৱা-নোহোৱাৰ এই সময়ছোৱাতেই ৰাজ্যখনৰ জনসাধাৰণৰ মাজত এক অস্ফুট আলোচনা-সমালোচনা চৰকাৰৰ উগ্ৰ সমৰ্থকসকলৰ মাজতেই আৰম্ভ হৈছে৷ এসময়ৰ উগ্ৰ সমৰ্থকসকলৰ বিভিন্ন মাধ্যমৰ আলোচনাত বিজেপি বিৰোধী সমালোচনা শুনিলে নিজৰেই হাঁহি উঠে৷ পূৰ্বৰ দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ চৰকাৰ আৰু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ মাজত পাৰ্থক্য কাৰ্যতঃ জনসাধাৰণে প্ৰত্যক্ষ কৰা নাই৷ দুৰ্নীতি বিৰোধী আস্ফালন দেখা গৈছে, অথচ বিজেপিৰ মন্ত্ৰী-নেতা দুৰ্নীতিত নিমৰ্জ্জিত৷

নিৰ্বাচনৰ পূৰ্বে নামনি সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসমৰ জনসাধাৰণে মাৰ বান্ধি থিয় হৈছিল৷ নিৰ্বাচনৰ সময়ত গোগামুখত এখন নিৰ্বাচনী জনসভাত গৃহমন্ত্ৰী ৰাজনাথ সিঙে বৃহৎ বান্ধ নহ’ব বুলি কথা দিছিল৷ বিগত লোকসভা নিৰ্বাচনৰ পাছতেই অবৈধ বাংলাদেশী নাগৰিকসকলক অসম এৰিবলৈ প্ৰধানমন্ত্ৰীয়ে হুংকাৰ দিছিল৷ বাংলাদেশক এক ইঞ্চি মাটিও দিয়া নহ’ব বুলি কৈছিল৷ আই এম ডি টি বাতিলৰ কেচ কৰি বৰ্তমান মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল জাতীয় নায়কত পৰিণত হৈছিল৷ তেওঁ ভোটদাতা ৰাইজক জাতি-মাটি- ভেটি ৰক্ষাৰ নিশ্চয়তা আৰু নিৰাপত্তা দিয়াৰ কথা কৈছিল৷ কিন্তু প্ৰত্যেকটো প্ৰতিশ্ৰুতি তেওঁ ৰক্ষা কৰিব পৰা নাই৷ বৰঞ্চ ৰাজ্যখনৰ বাবে ক্ষতিকাৰক সিদ্ধান্ত লৈ ভাৰতীয় একচেটীয়া পুঁজি, কৰ্পৰেট গোষ্ঠী আৰু হিন্দী লবীৰ হেঁচাত অত্মসমৰ্পণ কৰি থকাহে পৰিলক্ষিত হৈছে ৷ সেয়ে সচেতন জনসাধাৰণৰ মাজত বিকল্প সন্ধানৰ আলোচনা হৈছে৷

ভাৰতীয় জনতা দল ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাজনৈতিক সংগঠন৷ সেয়ে হিন্দুৰাষ্ট্ৰ আৰু হিন্দুত্ববাদ তেওঁলোকৰ মূল লক্ষ্য৷ সংখ্যাগৰিষ্ঠৰ সাম্প্ৰদায়িকতাবাদে ফেচীবাদৰ জন্ম দিয়ে৷ জাৰ্মানী, ইটালীত তেনেদৰেই আৰম্ভ হৈছিল আৰু আজি বিজেপিত কৰ্তৃত্ববাদী আৰু ফেচীবাদী প্ৰৱণতা দেখা গৈছে৷ অসমো তাৰ পৃথক নহয়৷ কেন্দ্ৰীয় চৰকাৰৰ সেই নীতিকে অতি চতুৰভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত চৰকাৰ অগ্ৰসৰ হৈছে৷ অসমৰ ১২ খন তৈলপথাৰ দেশী-বিদেশী একচেটীয়া পুঁজিপতিক নিলামত বিক্ৰী কৰা, কৃষকক মাটিৰ পৰা উচ্ছেদ কৰি লেণ্ড বেংক স্থাপনেৰে বৃহৎ ভূমিখণ্ড ৰামদেৱৰ লেখীয়া উদ্যোগপতিক মাটি আৰু ভেষজ বনজ সম্পদসমূহ চমজাই দিয়া, ব্ৰহ্মপুত্ৰ খনন কৰি ব্ৰহ্মপুত্ৰৰ পানী গংগালৈ বোৱাই দি খৰাং অঞ্চলক সহায় কৰাৰ আখৰা কৰা হৈছে৷ সেয়ে হয়তো ৰাইজৰ মাজত এক তৃতীয় বিকল্পৰ চিন্তা উদ্ৰেক হৈছে৷

অসম এক বিভিন্ন জনগোষ্ঠী অধ্যুষিত, বিভিন্নতাৰ মাজত ঐক্যৰ এক অপূৰ্ব মিলনভূমিৰ ৰাজ্য৷ ধৰ্মীয়ভাৱে হিন্দু-মুছলমান, জৈন, খৃষ্টিয়ান, বৌদ্ধধৰ্মৰ বসতিস্থান৷ এই ৰাজ্যখনত ধৰ্মীয় মেৰু বিভাজনৰ লক্ষ্যৰে বিেজপি দলে নিজৰ ভিত্তি গঢ়াৰ লক্ষ্যৰেই ২০১৪ চনৰ ৩০ ডিচেম্বৰৰ ভিতৰত বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা শৰণাৰ্থীক অসমত নাগৰিকত্ব দি অসমীয়া জাতিক শক্তিশালী কৰাৰ শ্লগান দিছে৷ বাচি বাচি চৰকাৰী মাটিত থকা মুছলমানসকলক উচ্ছেদ কৰাৰ নিকৃষ্ট নীতি লৈছে৷ ৰাজ্যখনক এক জ্বলন্ত অগ্নিকুণ্ডৰ মাজলৈ ঠেলি দি আছে৷ অসমত হিন্দু-বাংলাদেশীক নাগৰিকত্ব দি সংস্থাপিত কৰিলে অসমত অসমীয়া জাতিৰ কি অৱস্থা হ’ব– চিলাপথাৰ কাণ্ডই তাৰ প্ৰমাণ৷

এই পৰিস্থিতিত অসমত তৃতীয় বিকল্প শক্তি গণসংগ্ৰামৰ ভেটিত শক্তি গঢ়ি উঠিব লাগিব৷ সেই সম্ভাৱনা অহা সময়ত গঢ়ি উঠিব বুলি আমি আশাবাদী৷ সংগ্ৰামী জনতাৰ সংগ্ৰামৰ ধ্বনি সমগ্ৰ ৰাজ্যত শুনা গৈছে৷ বিদেশী বহিষ্কাৰৰ আন্দোলনৰ দৰে এটা গণ আন্দোলনৰ উকমুকনি আমি প্ৰত্যক্ষ কৰিছো৷ যোৱা এক এপ্ৰিলত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ২৯ টা জনগোষ্ঠায় ছাত্ৰ সংগঠনসমূহে প্ৰায় ৫০ সহস্ৰাধিক লোক সমবেত কৰি নাগৰিকত্ব সংশোধনী বিল প্ৰত্যাহাৰৰ দাবীত শান্তিপূৰ্ণ আন্দোলন গঢ়ি তুলিছে৷ এই আন্দোলনৰ নেতৃত্বই চিলাপথাৰ কাণ্ডৰ পাছতো যি সংযম প্ৰদৰ্শন কৰিছে, সেয়া আদৰণীয়৷

অসমৰ ১১ টা বাঁওপন্থী দলেও ৰাজ্যখনৰ জৰুৰী সমস্যাসমূহত আন্দোলনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ বিদেশী নাগৰিকত্ব (সংশোধনী) বিল প্ৰত্যাহাৰ, এন আৰ চি সঠিক সময়ত উন্নীত কৰাৰ দাবীতো আন্দোলন সংগঠিত কৰাটো গুৰুত্বপূৰ্ণ৷ বাঁওপন্থী দলসমূহৰ ওপৰত ১৯৭৯ চনত হোৱা আক্ৰমণৰ ফলত বাঁওশক্তি দুৰ্বল হৈ পৰিছিল৷ কিন্তু সাধাৰণ শ্ৰমজীৱী ৰাইজৰ স্বাৰ্থত আপোচ নকৰা আৰু সুস্থ জাতীয়তাবাদী চিন্তাৰে এক নেতৃত্ব এতিয়াও আছে৷ তদুপৰি অসমত আৰু দুই-তিনিটা শক্তিশালী গণ আন্দোলনৰ ধাৰা আছে৷ দুটা মূল শক্তিশালী ধাৰা হৈছে– কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তেওঁলোকৰ ৰাজনৈতিক দল গণমুক্তি সংগ্ৰাম সমিতিৰ আন্দোলন৷ তেওঁলোকে নিঃসন্দেহে অসমৰ জনজীৱনৰ সমস্যা বিশেষকৈ কৃষক উচ্ছেদ, চৰকাৰৰ বিভিন্ন স্তৰৰ দুৰ্নীতি আদি বিষয়ত প্ৰতিবাদ কৰি আছে৷ সংযুক্ত মুক্তি বাহিনী, অসম এটা সশস্ত্ৰ আন্দোলনৰ শক্তিশালী ধাৰা৷ ভাৰতীয় একচেটীয়া পুঁজিৰ শোষণ, অন্যায়ৰ বিৰুদ্ধে এক জ্বলন্ত প্ৰতিবাদ৷ ভাৰতীয় সৈন্য বাহিনীৰ নিৰ্মম আক্ৰমণৰ মাজতো বহু ত্যাগ আৰু কষ্টৰে এই ধাৰা এতিয়াও শক্তিশালী৷ শাসকীয় দলে ষড়যন্ত্ৰৰ মাজেদি বিভাজিত কৰিলেও বাঁওপন্থী দল বিশেষকৈ চি পি আই দলে পৰেশ বৰুৱা বিহীন আলোচনাৰ বিৰোধিতা কৰি আহিছে৷ আমি বিভাজিত দুয়োটা গোট এক হোৱা বিচাৰো আৰু তেওঁলোক আলোচনাৰ মাজেৰে মূলসুঁতিলৈ অহাটো আমাৰ কাম্য৷ তাৰ লগে লগে ধৰ্মীয় সংখ্যালঘু বিশেষকৈ ন-অসমীয়া পমুৱা মুছলমানৰ মাজৰ এক শিক্ষিত অংশ কংগ্ৰেছৰপৰা মোহমুক্ত হৈ আৰু ধৰ্মীয় গোড়া শক্তিসমূহৰ বিৰুদ্ধে ওলাই আহিছে৷ বাল্য বিবাহ বিৰোধী অভিযান আৰু অন্যান্য প্ৰগতিশীল বাঁওপন্থী আন্দোলনৰ প্ৰতি আকৰ্ষিত হৈছে৷ বিজেপি নেতৃত্বাধীন ঐক্যজোঁটৰ চৰকাৰৰ মাজতো বিৰোধ আৰু সংঘাত আছে৷
নাগৰিকত্ব আইন (সংশোধনী) বিল প্ৰত্যাহাৰ কৰা, এন আৰ চি উন্নীতকৰণত বিলম্বৰ প্ৰতিবাদ কৰি ঐক্যজোঁটৰ অংশীদাৰ অ গ পৰ এক শক্তিশালী নেতৃত্বৰ অংশই আন্দোলন গঢ়ি তুলিছে৷ এন এছ চি এনৰ নেতা মুইভাই ঘোষণা কৰা মতে, নগালিমৰ দাবী কেন্দ্ৰীয় চৰকাৰে “বৃহত্তৰ নাগালিম”ক ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কৰি মানি লোৱাৰ ইংগিত দিয়া আৰু স্পৰ্শকাতৰ অঞ্চলত অৱস্থিত অসমৰ ২৫ টা তৈলখাদ আৰু ৪০ খন চাহ বাগিচা নিজৰ দখললৈ নিয়াৰ ষড়যন্ত্ৰক কেন্দ্ৰ কৰি ৰাজ্যখনত ভৌগোলিক সীমাৰেখা অক্ষুণ্ণ ৰখাৰ প্ৰশ্নত ৰাজ্যখন উত্তাল কৰি তুলিছে৷ তাৰ পৰিপ্ৰেক্ষিতত অ গ প দলৰ সভাপতিয়ে স্পষ্টীকৰণ বিচাৰিছে আৰু চুক্তিখন ৰাজহুৱা কৰাৰ দাবী তুলিছে৷

কোনো সৰ্বনিম্ন উমৈহতীয়া কৰ্মসূচী নোহোৱাকৈ চৰকাৰ গঠিত হৈছে, সেয়ে বিেজপিৰ নীতিকেই চৰকাৰে কাৰ্যকৰী কৰাৰ দিশে অগ্ৰসৰ হৈছে৷ ফলত বিৰোধ অনিবাৰ্য হৈ উঠিব৷ সুস্থ জাতীয়তাবাদী চিন্তা যদি গণ পৰিষদৰ আন্তৰিক স্থিতি হয়, তেন্তে অসমীয়া জাতিসত্তাৰ স্বাৰ্থত অ গ পই বিজেপিৰ লগ এৰিবলৈ বাধ্য৷ তেতিয়াই ৰাজ্যখনৰ ৰাজনৈতিক শক্তিসমূহৰ পূৰ্ণবিন্যাস আৰম্ভ হ’ব৷ গণ সংগ্ৰাম যিমানেই ঘনীভূত হ’ব, সিমানেই এক নতুন শক্তি উদ্ভাষিত হোৱাৰ সম্ভাৱনা প্ৰকট হ’ব৷ এই পৰিস্থিতিত বাঁওপন্থী দলসমূহৰ দায়িত্ব অধিক৷ বাঁওপন্থী আন্দোলনৰ ধাৰাটোক শক্তিশালী কৰি ৰাজ্যখনত প্ৰাসংগিকতা বৃদ্ধি কৰা প্ৰথম কৰ্তব্য হোৱা উচিত৷ বাঁওশক্তিয়ে জনসাধাৰণৰ বিশ্বাসযোগ্য আৰু গ্ৰহণযোগ্য বিকল্প গঢ়াৰ বাবে আন্তৰিকতাৰে চেষ্টা কৰিব লাগিব৷ এই শক্তিয়ে সকলো গণতান্ত্ৰিক আন্দোলন আৰু শক্তিক ঐক্যবদ্ধ কৰাৰ এক অনুঘটক শক্তি হিচাবেহে কাম কৰিব লাগিব৷ সৰ্ব গ্ৰহণযোগ্য এক সৰ্বনিম্ন কাৰ্যসূচী গ্ৰহণৰ বাবে অবিৰত প্ৰচেষ্টা লাগিব৷ ৰাজ্যখনৰ সকলো জনগোষ্ঠী আৰু ধৰ্মীয় সংখ্যালঘুসকলক এই তৃতীয় বিকল্পৰ কাৰ্যসূচীয়ে আকৰ্ষিত কৰিব লাগিব৷

তেনেদৰে ৰাজ্যখনৰ সংগ্ৰামী সংগঠনসমূহেও নিজস্ব দাবীসমূহ ৰূপায়ণৰ বাবে ক্ষমতা দখলৰ সংগ্ৰামতো অংশ ল’ব লাগিব৷ নেতৃত্বৰ প্ৰশ্নটো পূৰ্বস্বত্ব হ’ব নালাগিব৷ অযথা বাম বিদ্বেষে স্থিতাৱস্থাৰ শক্তিসমূহকহে লাভান্বিত কৰিব৷ বিজেপি দলে জানে– তেওঁলোকৰ শ্ৰমিক আৰু জনবিৰোধী নীতিসমূহৰ বিৰুদ্ধে একমাত্ৰ বাঁওপন্থী দলসমূহৰ নেতৃত্বই প্ৰতিৰোধ গঢ়ি তুলিছে৷ সেয়ে বাঁওপন্থীক নিঃশেষ কৰা, বিশেষকৈ চি পি আইৰ এ আই টি ইউ চিক মূল শত্ৰু হিচাবে আৰ এছ এছে চিহ্নিত কৰিছে৷ বাঁওপন্থী বিৰোধিতাই বিেজপিকহে সহায় কৰিব৷ আৰ এছ এছে মুকলিকৈ কৈছে– তেওঁলোকৰ শত্ৰু কংগ্ৰেছ নহয়, মূল শত্ৰু হৈছে কমিউনিষ্ট৷

ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰ গঠন আৰু সৰু-ডাঙৰ ১৪ খন ৰাজ্যত ক্ষমতা দখলৰ জৰিয়তে বিজেপি শক্তিশালী হৈ পৰিছে৷ বেপৰোৱাভাৱে আমাৰ দেশৰ মন্দিৰ বুলি ভবা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ভাঙিবলৈ আৰম্ভ কৰিছে৷ বিদেশী লগ্নী পুঁজি দেশখনত অবাধে নিয়োজিত কৰিছে৷ ধৰ্মীয় মেৰু বিভাজন কৰি ধৰ্মীয় সংখ্যালঘুসকলৰ গণতান্ত্ৰিক অধিকাৰ হৰণ কৰি কাৰ্য্যতঃ হিন্দুৰাষ্ট্ৰ গঠনৰ স্বপ্ন ৰূপায়িত কৰিব বিচাৰিছে৷ ভাৰতবৰ্ষৰ অখণ্ডতা, গণতন্ত্ৰ, সাৰ্বভৌমত্ব আজি বিজেপিৰ শাসনত বিপদাপন্ন৷ সেয়ে বিজেপিক ক্ষমতাৰ পৰা অপসাৰণ কৰাটো সকলোৰে মূল লক্ষ্য হোৱা উচিত৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে