দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অসমত প্ৰয়োজন এক বিকল্প ৰাজনৈতিক দলৰ ( উমেশ গগৈ )

অসমত প্ৰয়োজন এক বিকল্প ৰাজনৈতিক দলৰ ( উমেশ গগৈ )

ভাৰতৰ অংগৰাজ্য হিচাপে অসমত ভাৰতৰ প্ৰধান ৰাজনৈতিক দলসমূহৰ প্ৰায়বোৰৰে শাখা- সংগঠন আছে৷ বাঁও-সোঁ আৰু জাতীয়তাবাদী দলবোৰ থকাৰ উপৰি পুনৰ এক বিকল্প ৰাজনৈতিক দলৰ প্ৰয়োজন থাকিব পাৰে নে? এই প্ৰশ্নটো গমি চাবলৈ হলে পূৰ্বোত্তৰৰ অসম ৰাজ্যখনৰ ৰাজনৈতিক ইতিহাসো খুঁচৰি চাব লাগিব৷

ভাৰতৰ অন্য ৰাজ্যতকৈ অসমৰ ৰাজনৈতিক ইতিহাসত ভুমুকি মাৰিলে দেখা পাওঁ মধ্যযুগতো ভাৰত মোগল শাসনৰ অধীনত থকা কালতো মোগলে অসমৰ ওচৰত হাৰ মানিছিল৷ মোগলে ১৭ বাৰ অসম আক্ৰমণ কৰি মাথোঁ এবাৰ বেহু ভাঙিবলৈ সক্ষম হ’লেও অসমৰ সেমেকা মাটি-পানী সহিব নোৱাৰি বেমাৰত পৰি মোগল সেনাপতি মিৰজুমলাই কথমপি সন্ধি কৰি উভতি আহোঁতে আদ বাটতে মৃত্যুৰ মুখত পৰে৷ তাৰ পাছত হোৱা যুদ্ধত সেনাপতি বীৰ লাচিতৰ পৰাক্ৰমত তিষ্ঠিব নোৱাৰি অম্বৰৰাজ সেনাপতি ৰামসিংহই পৰাজয় বৰণ কৰি উভতি যাওঁতে অসমীয়াৰ বীৰত্ব আৰু দেশপ্ৰেম সম্পৰ্কে বখানি গৈছিল৷ মোগলৰ বিৰুদ্ধে যুঁজত লাচিতৰ দৰে পুৰুষেই নহয়, মূলা গাভৰুৰ দৰে বীৰাংগনায়ো হাতীৰ পিঠিত উঠি যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল৷

আনহাতে ছশবছৰীয়া আহোম ৰাজত্বৰ অৱসান ঘটিল ৰাজপাটৰ বাবে দলাদলি কৰি আৰু শেষত ব্ৰিটিছৰ হাতত আত্মসমৰ্পণ কৰি৷ কিন্তু ভাৰতৰ অন্য ৰাজ্যতকৈ প্ৰায় এশবছৰৰ পাছতহে ব্ৰিটিছে অসম অধিকাৰ কৰে৷ ফলত অসম আধুনিক ইতিহাসত প্ৰৱেশ কৰে আৰু অসমত আধুনিক যুগৰ ৰেল, জাহাজ, আধুনিক শিক্ষা আদিৰ প্ৰসাৰ হয়৷ চাহ, কয়লা, খনিজ তেল আদিৰ উদঘাটন -উৎপাদন হয়৷ এইবোৰ সম্পদ উৎপাদনৰ কাৰণে প্ৰয়োজন হোৱা শ্ৰমিক-কৰ্মচাৰী আদিৰ প্ৰৱজন ঘটে৷

ইয়াৰ লগে লগে শ্ৰমিক ধৰ্মঘট, উপনিৱেশ বিৰোধী স্বাধীনতা সংগ্ৰামো আৰম্ভ হয়৷ ৰাজনৈতিক দলৰ আৱিৰ্ভাৱ ঘটি সোঁ-বাঁও উভয়ৰ পৰাই স্বাধীনতা সংগ্ৰামে তীব্ৰ ৰূপ লয়৷ স্বাধীনতা সংগ্ৰামত ছহিদৰ সংখ্যাও বৃদ্ধি পায়৷ স্বাধীনতাৰ পিছতে স্বাভাৱিকতে কংগ্ৰেছেই অসমত লেথাৰিকৈ শাসন ক্ষমতা লাভ কৰে৷ স্বাধীনতাৰ পাছত প্ৰথম অৱস্থাত স্বাধীনতা সংগ্ৰামী হোৱা বাবে কংগ্ৰেছ শাসন ভালেই হ’লেও পৰৱৰ্তী কালত কংগ্ৰেছী শাসক দুৰ্নীতি পৰায়ণ হৈ বহু অপকৰ্মৰ স্বাক্ষৰ ৰাখি থৈ গ’ল৷ চুবুৰীয়া পূব-পাকিস্তান পৰৱৰ্তী বাংলাদেশৰ পৰা যোৱা অনুপ্ৰৱেশত শাসকীয় কংগ্ৰেছ দলে সস্তীয়া শ্ৰমিক আৰু ভোটৰ স্বাৰ্থত নিমাত হৈ ৰোৱাত অসমৰ জন-গাঁঠনিত বিৰূপ প্ৰভাৱ পৰিল আৰু অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ ক্ষেত্ৰতো প্ৰত্যাহ্বান অহাত জাতীয়তাবাদী আন্দোলন তীব্ৰতৰ হৈ পৰিল৷ ১৯৬২ চনত ভাষা সমস্যা, ১৯৭২ চনত মাধ্যম সমস্যা, ১৯৭৯-৮৫ চনত বিদেশী নাগৰিক সমস্যাৰ আন্দোলনে তীব্ৰ ৰূপ পায়গৈ আৰু শেহান্তৰত অসম চুক্তি ৰূপায়ণ হৈ ১৯৭১ চনক বিদেশী নাগৰিক চিনাক্তকৰণৰ বাবে ভিত্তিবৰ্ষ হিচাপে লোৱা হয়৷

অসম আন্দোলনত জড়িত জাতীয়তাবাদীসকলে ‘অসম গণ পৰিষদ’ (অগপ) দল খুলি নিৰ্বচনত জয়লাভ কৰি চৰকাৰো গঠন কৰিলে৷ কিন্তু আগতকৈ সমস্যা বাঢ়িলেহে, চুক্তিও ফাইলৰ মাজতে আজি পৰ্যন্ত পৰি আছে৷ ১৯৯৬ চনত দ্বিতীয়বাৰ চৰকাৰ হ’ল- সমস্যা অধিক বাঢ়িল, চুক্তিও ফাইলৰ মাজতে পৰি থাকিল৷ ২০১৬ চনত একালৰ জাতীয় নায়ক উপাধি পোৱা জাতীয়তাবাদী নেতাজনে আঞ্চলিকতাবাদ পৰিহাৰ কৰি বিজেপি নেতাৰ চৰণ চুই গেৰুৱা বসন পিন্ধি ‘মুখ্যমন্ত্ৰী’ হ’ল৷

এইবাৰ হিন্দুত্ববাদী গেৰুৱা বসনধাৰীসকলে স্বাধীনতাৰ আগৰ পৰা ভুগি অহা অনুপ্ৰৱেশ প্ৰৱজনৰ সমস্যাটো ধৰ্মীয় দিশলৈ টানি সমাধান কৰিব বিচাৰিলে৷ এজন নকৈ গেৰুৱা বসন পৰিধান কৰা প্ৰাক্তন কংগ্ৰেছী নেতাই অসমৰ দীৰ্ঘকালৰ সমস্যাটোৰ সমাধান সূত্ৰ টিলিকতে আগবঢ়াই কলে বোলে চুবুৰীয়া বাংলাদেশৰ পৰা সকলোবোৰ হিন্দু বাংলাদেশী অনাই অসমত সংস্থাপিত কৰিলেই বিদেশী নাগৰিক সমস্যাটো সৰ্বকালৰ কাৰণে ওৰ পৰিব৷ অসমত এনে বিচক্ষণ নেতা জন্ম হোৱা বাবে অসম ধন্য৷ এইজন মন্ত্ৰীৰ ছত্ৰ-ছাঁয়াতে হেনো চিলাপথাৰ কাণ্ড ঘটিবলৈ পালে৷ কোনো পথৰুৱা ৰাজনৈতিক বিশ্লেষকে বোলে এইজন অসমৰ মূধা-ফুটা ৰাজনীতিকে ৰাজনীতিৰ পথাৰত সৰ্বক্ষণতে অনাই-বনাই ঘূৰি ফুৰে৷ বিত্ত -স্বাস্থ্য- শিক্ষাৰ দৰে দপ্তৰেই নহয়, তাতোকৈ ডাঙৰ আসনৰ বাবে তেওঁ হেনো যিকোনো ৰাজনৈতিক কাণ্ডই কৰিব পাৰে৷

যোৱা নিৰ্বাচনত মিত্ৰ দলে বিপুল ভোট পাই জিকি অহাৰ অন্য কাৰণ জাতীয়তাবাদী সংগঠনৰ বিপুল সহাঁৰি৷ ইয়াৰ অন্তৰালত মাথোঁ আজমল চাহাবৰ ‘কিং-মেকাৰ ‘ হোৱাৰ হুংকাৰেই দায়ী৷ সেই আজমলে এতিয়া ‘হায় হায়’ কৰি কৈছে বোলে কংগ্ৰেছৰ সহায় নহ’লে তেওঁৰ দল হেনো নিঃশ্চিহ হৈ যাব৷ যি নহওক, এক মৌলবাদী শক্তি পতনমুখী হ’লেও আন এটাৰ উত্থান হোৱাত ৰাইজৰ অৱস্থাটো ‘তপত বালিৰ পৰা পৰিত্ৰাণ পাবলৈ তপত খোলাত’ পৰাৰ লেখীয়া হ’ল৷ সেয়েহে অসমত বিকল্প ৰাজনৈতিক দলৰ সম্ভাৱনা আছে নে নাই তাকে জানিবলৈ কংগ্ৰেছ-বিজেপিৰ দৰে ডাঙৰ দলৰ ৰাজনৈতিক স্থিতুৰ বিশ্লেষণৰ পাছত বাওঁদলৰ কথা চাবলৈ গ’লে কব লাগিব যে ৰাজ্য আৰু কেন্দ্ৰত মিত্ৰদলৰ অংশীদাৰ হওঁতে এই দলে নিজৰ দম্ভ- অহংকাৰৰ উপৰি ৰাজনৈতিক বিচক্ষণতাৰ অভাৱৰ কাৰণেই সমূলি নিঃচিহ্ন হৈ পৰিল৷ পৰৱৰ্তী নিৰ্বাচনত ককাঁল পোনাবই নোৱাৰা হ’ল৷ পশ্চিম বংগৰ পুৰণি দুৰ্গ খহিল৷ মাণিক সৰকাৰৰ সবল নেতৃত্বৰ বাবে ত্ৰিপুৰাত আৰু পুৰণি ঐতিহ্য ৰক্ষা কৰি কেৰালাত বাঁও ফ্ৰণ্ট টিকি আছে৷ অৱশ্যেই ৰাজনৈতিক দলবোৰত নেতৃত্ব অৰ্থাৎ নেতাৰ নিকা ভাৱমূৰ্তিয়ে ৰাইজক আকৰ্ষণ কৰে৷

অসমৰ অৰাজনৈতিক বুলি দাবী কৰা জাতীয়তাবাদী নেতৃত্বৰ ভাষ্য অনুযায়ী যোৱা নিৰ্বাচনত গেৰুৱা দলৰ নেতৃত্বৰ মিত্ৰজোঁটৰ পক্ষে তেওঁলোকৰ আহ্বানত ৰাইজে হিল-দ’ল ভাঙি ভোটদান কৰিছিল৷ গেৰুৱা দলৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিচত এই চৰকাৰে ‘অসম-চুক্তি’ অসাৰ কৰি লাখ-লাখ বিদেশীৰ বাবে সীমান্ত মুকলি কৰি দিয়াৰ বাবে বদ্ধপৰিকৰ হৈছে৷ আমাৰ জাতীয়তাবাদী নেতৃত্বই পৰ্যালোচনা কৰি চালে গম পাব যে যোৱা নিৰ্বাচনত তেওঁলোকে ‘খাল-খান্দি ঘঁৰিয়াল চপাই ললে’৷ তাৰ প্ৰত্যক্ষ প্ৰমাণ ‘চিলা-পথাৰ কাণ্ড ‘৷ এই ঘঁৰিয়ালে ৰাইজক নগুৰ-নাগতি কৰিব৷ সেই ঘঁৰিয়ালক পুনৰ সেই খালেদি খেদি পঠাবলৈ হ’লে এটি সবল অসম-প্ৰেমী ৰাজনৈতিক দলৰ প্ৰয়োজন৷ এই দল অসমৰ জাতীয় মহাসভাৰ দৰে এক নতুন দল হওক৷ এই দল চুবুৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়লৈ সংগঠিত হওক৷ ই প্ৰধানকৈ সকলোধৰণৰ বিকল্প সামৰি ল’ব আৰু যিহেতু ৰাজনীতি বাদ দি একো সৃষ্টি হোৱা নাই, সেয়ে সকলোকে ৰাজনীতিৰ জ্ঞানো দিব৷ ইয়াৰ প্ৰধান লক্ষ্য হ’ব- অসমৰ সামগ্ৰিক উন্নতি৷ ঘাইকৈ অসমীয়া ভাষা, জনজাতীয় ভাষা, পৰম্পৰা আদিৰ উন্নতি সাধনৰ লগে-লগে শিক্ষা সকলোৰে বাবে সুলভ কৰা, অসম চুক্তি কঠোৰভাৱে ৰূপায়ণ কৰি সকলো অহেতুক প্ৰৱজন, অনুপ্ৰৱেশ বন্ধ কৰা এই দলৰ লক্ষ্য হ’ব৷ এই দল ধৰ্মীয় প্ৰভাৱমুক্ত হব৷ ধৰ্ম ব্যক্তিগত বিষয় হ’ব৷ অসমৰ জাতীয়তাবাদী ধাৰাক আগুৱাই নিয়াৰ বাবে চিন্তা-চৰ্চা কৰা বুদ্ধিজীৱীসকলক উপদেষ্টা হিচাপে ৰাখি এই প্ৰস্তাৱিত দলক টনকিয়াল কৰিব লাগিব৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে