চ’ৰাঘৰ / ধাৰাবাহিক / ইতিহাস / বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ/ তিনি (ডঃ কমল কুমাৰ তাঁতী)

বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমত সংঘটিত চাহ-শ্ৰমিক আন্দোলনসমূহ/ তিনি (ডঃ কমল কুমাৰ তাঁতী)

(যোৱা সংখ্যাৰ পৰা)

১৯০৪ চনৰপৰা ১৯১৬ চনৰ মাজৰ সময়চোৱাত অসমৰ চাহ-বাগিছাসমূহত গঢ় লৈ উঠা এক বিশেষ বিদ্ৰোহৰ বিষয়ে কিছু কথা এই লেখাটোৰ জৰিয়তে আলোকপাত কৰিব বিচৰা হৈছে – যাক মই ‘হাট-বিৰোধী বিদ্ৰোহ’ বুলি অভিহিত কৰিব বিচাৰিছোঁ ৷

সমাজ-বিজ্ঞানী ড0 সঞ্জয় বৰবৰাই তেওঁৰ ‘Struggles in the Tea Plantations of Assam: Then and Now’-শীৰ্ষক এটা গৱেষণামূলক প্ৰবন্ধত বিংশ শতিকাৰ প্ৰথম তিনিটা দশকত অসমৰ চাহ-বাগিছাসমূহত সংঘটিত হোৱা প্ৰতিবাদী আন্দোলনসমূহ আৰু ব্ৰিটিছ ঔপনিৱেশিকতাবাদী-সাম্ৰাজ্যবাদী শক্তিসমূহৰ সৈতে অসমৰ আদিবাসী চাহ-শ্ৰমিকসকলৰ সংঘাতৰ বিষয়ে কিছু কথা আলোচনা কৰিছে ৷ তেওঁ মত প্ৰকাশ কৰিছে যে, তদানীন্তন অসমৰ চাহ-বাগিছাসমূহ আৰু ইয়াৰ সমীপৱৰ্ত্তী অঞ্চলসমূহত গঢ় লৈ উঠা শ্ৰমিক আন্দোলনসমূক বুজি পাবলৈ হ’লে আমি ইয়াৰ দুটা গুৰুত্ত্বপূৰ্ণ দিশ ভালকৈ চালিজাৰি চাব লাগিব ৷

প্ৰথমটো হৈছে, ভাৰতৱৰ্ষকে ধৰি এছিয়া মহাদেশৰ বিভিন্ন অঞ্চলত গঢ় লৈ উঠা সাম্ৰাজ্যবাদ-বিৰোধী আন্দোলনসমূহ ৷ তদানীন্তন অসমৰ সাম্ৰাজ্যবাদ-বিৰোধী আন্দোলনৰ প্ৰধান নেতৃবৃন্দ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু সেই সময়চোৱাত অসমত ভূমুকি মৰা বাওঁপন্থী শক্তিসমূহ ৷  দ্বিতীয়টো দিশ হৈছে, জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে, সাংস্কৃতিক সীমা অতিক্ৰমি অসমৰ থলুৱা-খিলঞ্জীয়া কৃষকসমাজ আৰু আদিবাসী চাহ-শ্ৰমিকসকলৰ মাজত গঢ় লৈ উঠা গোষ্ঠীগত সহযোগিতা, যাক ড0 বৰবৰাই Strategic Alliance বুলি আখ্যা দিছে ৷ ড0 সঞ্জয় বৰবৰাৰ এই যুক্তিটোৰ প্ৰসংগ টানি আমি এই কথা উনুকিয়াই দিব খোঁজো যে, সেই সময়চোৱাত অসমৰ চাহ-বাগিছাসমূহত সংঘটিত এই শ্ৰমিক-কৃষক আন্দোলনসমূহৰ মাজেদিয়েই প্ৰকৃততে বৃহত্তৰ অসমীয়া জাতি-গঠন প্ৰক্ৰিয়াই পাতনি মেলে ৷

অসমৰ আদিবাসী বুদ্ধিজীৱী উইলফ্ৰে’ড তপ্নই তেওঁৰ ‘Struggles of Adivasis of Assam’–শীৰ্ষক এটা প্ৰবন্ধটোত ১৯০৪ চনৰপৰা ১৯১৬ চনৰ ভিতৰত সংঘটিত ‘হাট-বিৰোধী বিদ্ৰোহ’ আৰু এই বিদ্ৰোহৰ নেতা ‘খ্ৰীষ্ট’ছন মুণ্ডা’ৰ বিষয়ে বহুখিনি গুৰুত্ত্বপূৰ্ণ কথা উল্লেখ কৰিছে ৷

তদুপৰি, বিশিষ্ট সমাজ-তাত্ত্বিকদ্বয় চেবাষ্টিয়ান কাৰ’টেম্প্ৰেল আৰু বি. দত্ত ৰয়ৰদ্বাৰা সম্পাদিত ‘Tea Garden Labourers of North East India’ (১৯৯০)-শীৰ্ষক বিখ্যাত গ্ৰন্থখনত সন্নিবিষ্ট হোৱা বিশিষ্ট সমাজ-বিজ্ঞানী ৰামকৃষ্ণ চট্টোপাধ্যায়ৰ ‘Christian Missionaries and Labour Migration to Assam Tea Gardens in Colonial Times’ (Occasional Paper No. 80, Centre for Studies in Social Sciences, Calcutta, 1986)’-শীৰ্ষক প্ৰবন্ধটোৰ মতে, ১৯২১ চনত ব্ৰিটিছ চৰকাৰে গঠন কৰি দিয়া ‘Labour Enquiry Committee’-ক দাখিল কৰা ‘Labour Enquiry Report’-তো তদানীন্তন দৰং জিলাৰ ডেপুটী কমিছনাৰজনে খ্ৰীষ্ট’ছন মুণ্ডাৰ বিষয়ে বহুখিনি গুৰুত্ত্বপূৰ্ণ উল্লেখ কৰি থৈ গৈছে ৷

তদানীন্তন ব্ৰিটিছ চৰকাৰৰ আভ্যন্তৰীণ প্ৰতিবেদনমতে, খ্ৰীষ্ট’ছন মুণ্ডাই ১৯০৪ চনৰপৰা ১৯১৬ চনৰ ভিতৰত অসমৰ আদিবাসী চাহ-শ্ৰমিক আৰু স্থানীয় অসমীয়া কৃষক-ৰাইজক সংগঠিত কৰি ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল ৷ ১৯২১ চনৰ ‘Labour Enquiry Report’-ত উল্লেখ থকা মতে, খ্ৰীষ্ট’ছন মুণ্ডা আছিল তদানীন্তন দৰং জিলাৰ ফুলবাৰী চাহ-বাগিছাত থকা গীৰ্জাৰ পেষ্টৰ ৷ ১৮৮৯-১৯০০ চনৰ সময়চোৱাত ভাৰতৱৰ্ষৰ মহান আদিবাসী বিদ্ৰোহী নেতা বিৰছা মুণ্ডাৰ নেতৃত্ত্বত ‘উলগুলান’ বা ‘মুণ্ডা বিদ্ৰোহ’ সংঘটিত হৈ থকাৰ সময়তে তেওঁ (বৰ্ত্তমানৰ ঝাৰখণ্ডৰ) খুন্তি অঞ্চলত থকা নিজৰ পূৰ্বপুৰুষৰ ঘৰলৈ যায় ৷

বীৰছা মুণ্ডাৰ ব্যক্তিত্ত্ব আৰু তেওঁৰ নেতৃত্ত্বত হৈ থকা ‘উলগুলানে’ খ্ৰীষ্ট’ছনক সাংঘাটিকভাৱে প্ৰভাৱিত কৰে ৷ কিছুদিনৰ পিছত ফুলবাৰী চাহ-বাগিছালৈ ঘূৰি আহিয়েই তেওঁ আদিবাসী চাহ-শ্ৰমিক আৰু স্থানীয় অসমীয়া কৃষক-ৰাইজক ব্ৰিটিছ চাহ-মালিকসকলৰ বিৰুদ্ধে সংগঠিত কৰিবলৈ আৰম্ভ কৰে ৷ লগতে তেওঁৰ নেতৃত্ত্বত আদিবাসী চাহ-শ্ৰমিকসকলে বিৰছা মুণ্ডাৰ ‘উলগুলান’ৰ বাবেও দান-বৰঙনি সংগ্ৰহ কৰিবলৈ লয় আৰু কেইবাবাৰো সেই দান-বৰঙনি তেওঁলোকে ছোটানাগপুৰলৈ পঠিয়াই দিয়ে ৷  তেনে সময়তে ব্ৰিটিছ চৰকাৰে অসমৰ বিভিন্ন ঠাইত কিছুমান ‘হাট’ বা ‘গাঁৱলীয়া বজাৰ’ আৰম্ভ কৰে – যিবোৰক অৰ্থনৈতিক বিনিময়ৰ কেন্দ্ৰৰূপে গঢ়ি তোলা হয় ৷ সেই হাটবোৰতে ‘গোলা’ নামেৰে কিছুমান দোকানো আৰম্ভ হয়, যিবোৰৰ কাম আছিল – বয়-বস্ত্ত বেচা-কিনা কৰা আৰু দূখীয়া-অভাৱী মানুহক সূতত ধন ধাৰলৈ দিয়া ৷ ধন ধাৰে দিয়া এই লোকসকল পিছে স্থানীয় লোক নাছিল ৷ এওঁলোকৰ মূল উদ্দেশ্য আছিল – গাঁৱলীয়া, নিৰক্ষৰ কৃষক-শ্ৰমিক আৰু চাহ-শ্ৰমিকসকলক ঠগি তেওঁলোকক শোষণ কৰা৷ ব্ৰিটিছ চৰকাৰেও নিজস্ব ঔপনিৱেশিক স্বাৰ্থ পূৰণৰ অৰ্থে ধন ধাৰে দিয়া এইসকল মহাজন-জাতীয় লোকক পোনপটীয়াকৈ উৎসাহিত কৰিবলৈ লৈছিল৷ এনেদৰেই আদিবাসী চাহ-শ্ৰমিকসকলৰ লগতে থলুৱা অসমীয়া কৃষক-ৰাইজক শোষণ-নিপীড়ণ কৰাৰ বাবে আৰু এটা পথ মুকলি কৰা হৈছিল ৷

খ্ৰীষ্ট’ছন মুণ্ডাকে ধৰি আন আন কিছু লোকে এই কথাটো ফটফটীয়াকৈ বুজিব পাৰিছিল আৰু এয়া যে সাম্ৰাজ্যবাদী ব্ৰিটিছ চৰকাৰ আৰু ব্ৰিটিছ চাহ-মালিকসকলৰে আন এক চক্ৰান্ত, সেই কথা উপলব্ধি কৰিব পাৰি এনে ‘হাট’-সমূহ আৰু লগতে ব্ৰিটিছ চৰকাৰৰ বিৰু্দ্ধে তেওঁলোকে বিদ্ৰোহ ঘোষণা কৰিলে৷ খ্ৰীষ্ট’ছন মুণ্ডা আৰু তেওঁৰ বন্ধু-বান্ধৱসকলে স্থানীয় থলুৱা-খিলঞ্জীয়া অসমীয়া কৃষকসকলৰ সহযোগত, ফুলবাৰী চাহ-বাগিছা আৰু ইয়াৰ ওচৰ-পাঁজৰৰ চাহ-বাগিছাসমূহৰ সমীপত থকা ‘হাট’-সমূহ আৰু সেইসমূহত থকা ‘গোলা’-বোৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে ৷ তেওঁলোকে হাটসমূহ আক্ৰমণ কৰি ধ্বংস কৰিবলৈ ধৰিলে, গোলাসমূহ লুট কৰাৰ লগতে এই গোলাবোৰ জ্বলাই দিবলৈ আৰম্ভ কৰিলে ৷

তাৎপৰ্যপূৰ্ণভাৱে, খ্ৰীষ্ট’ছন মুণ্ডাৰ নেতৃত্ত্বত চলা এই ‘হাট-বিৰোধী বিদ্ৰোহ’ত আদিবাসী চাহ-শ্ৰমিকসকলৰ লগতে স্থানীয় থলুৱা-খিলঞ্জীয়া অসমীয়া কৃষকসকলেও পূৰ্ণ সহযোগ আগবঢ়াই এই বিদ্ৰোহত নামি পৰিছিল ৷ এই বিদ্ৰোহীসকল ক্ৰমান্বয়ে সোণাজুলি চাহ বাগিছা, কাঠনি চাহ-বাগিছা, হেলেম, কছাৰীগাওঁ আদি অঞ্চলসমূহতো বিয়পি পৰিছিল আৰু সেই অঞ্চলসমূহত থকা হাটসমূহ আক্ৰমণ কৰা আৰম্ভ কৰিছিল আৰু গোলাসমূহ ধ্বংস কৰিবলৈ লৈছিল ৷ খ্ৰীষ্ট’ছন মুণ্ডাই এই বিদ্ৰোহক ক্ৰমান্বয়ে বিস্তৃত ৰূপত লৈ যাব বিচাৰিছিল ৷ সেয়েহে লাহে লাহে তেওঁ এই বিদ্ৰোহৰ মূল লক্ষ্য কৰি লয় ব্ৰিটিছ চাহ-মালিকসকল আৰু ব্ৰিটিছ চৰকাৰক ৷ ক্ৰমান্বয়ে এই বিদ্ৰোহৰ তীব্ৰতা বাঢ়ি অহা দেখি ব্ৰিটিছ চৰকাৰ শংকিত হ’বলৈ ধৰে আৰু খ্ৰীষ্ট’ছন মুণ্ডাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গোচৰ জাপি দি তেওঁৰ সন্ধানত পুলিচী অভিযান তীব্ৰতৰ কৰি তোলে ৷ ইতিমধ্যেই এই বিদ্ৰোহ তুংগত উঠিছিল আৰু ইয়াৰে অনুপ্ৰৰণাত লাহে লাহে আদিবাসী চাহ-শ্ৰমিকসকলে অসমৰ বিভিন্ন অঞ্চলত হাট-সমূহ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল ৷ পুলিচি অভিযানৰ তীব্ৰতাত এদিন খ্ৰীষ্ট’ছন মুণ্ডা গ্ৰেপ্তাৰ হয় আৰু বিনা বিচাৰে তেওঁক ১৯১৬ চনৰ কোনোবা এটা দিনত ফুলবাৰী চাহ-বাগিছাৰ মুকলি স্থানত ৰাজহুৱাকৈ ফাঁচীকাঠত ওলমাই দিয়া হয় ৷ এনেদৰেই এটা বিদ্ৰোহী সত্তাৰ অকাল সামৰণি ঘটে ৷

খ্ৰীষ্ট’ছন মুণ্ডাক ফাঁচী দিয়াৰ পিছতো পিছে ‘হাট-বিৰোধী বিদ্ৰোহ’ৰ সামৰণি পৰা নাছিল, বৰং এই বিদ্ৰোহৰ তীব্ৰতা দিনক দিনে বৃদ্ধিহে পাইছিল ৷ খ্ৰীষ্ট’ছন মুণ্ডাৰ ফাঁচীৰ পিছত দৰং জিলাৰ কেইবাখনো চাহ-বাগিছাৰ আদিবাসী চাহ-শ্ৰমিকসকলে একত্ৰিত হৈ পুনৰ আন্দোলন আৰম্ভ কৰে আৰু ব্ৰিটিছ চাহ-মালিকসকলক চাহ-শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি আৰু আন আন সা-সুবিধা দিবলৈ প্ৰবল দাবী জনায় ৷

১৯২১ চনৰ ১৬ অক্টোবৰৰ দিনা দৰং জিলাৰ মোনাবাৰী আৰু কাঠনি চাহ-বাগিছাৰ আদিবাসী চাহ-শ্ৰমিকসকলে উন্নত সা-সুবিধা প্ৰদানৰ দাবীত আন্দোলন গঢ়ি তোলে ৷ তাৰো কিছুদিনৰ আগতে, ১৯২১ চনৰ ২১ মাৰ্চৰ দিনা হেলেম চাহ-বাগিছাত মজুৰি বৃদ্ধিৰ দাবীত গঢ়ি তোলা এক আন্দোলনত চাহ-শ্ৰমিকসকলে বাগিছাৰ মহৰী, জমাদাৰ আৰু আন কিছুসংখ্যক কৰ্মচাৰীক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে ৷ ঠিক সেইদৰে ১৯২১ চনৰে ৯ আৰু ১০ অক্টোবৰৰ দিনা সোণাজুলি আৰু কছাৰীগাওঁ চাহ-বাগিছাত শ্ৰমিকসকলে বাগিছাৰ মেনেজাৰ আৰু জমাদাৰক আক্ৰমণ কৰে ৷ এনেবোৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাত, ব্ৰিটিছ চৰকাৰে এনেবোৰ বিদ্ৰোহক কঠোৰ হাতেৰে দমন কৰিবলৈ আৰম্ভ কৰে ৷ এটা সময়ত এই শ্ৰমিক বিদ্ৰোহসমূহ সমূলঞ্চে ধ্বংস কৰাত ব্ৰিটিছ চৰকাৰ সফল হয় ৷

এই সময়চোৱাৰ শ্ৰমিক আন্দোলনসমূহে তীব্ৰতৰ ৰূপ লাভ কৰিলেও, পৰৱৰ্ত্তী সময়ত পিছে এই আন্দোলনসমূহে এক ‘ঐক্যবদ্ধ আৰু সংঘবদ্ধ চাহ-শ্ৰমিক আন্দোলন’ হিচাপে গঢ় লৈ উঠিব নোৱাৰিলে আৰু সেই কাৰণতেই সম্ভৱত: অসমৰ সেই সময়চোৱাৰ ইতিহাসত ই যথাযোগ্য গুৰুত্ত্ব লাভ কৰিবলৈ সক্ষম নহ’ল ৷ পৰৱৰ্ত্তী সময়চোৱাতো অসমৰ ইতিহাসবিদসকলে এই বিক্ষিপ্ত শ্ৰমিক-আন্দোলনসমূহৰ ঐতিহাসিক গুৰুত্ত্ব উপলব্ধি কৰিবলৈ সক্ষম হোৱা দেখা নগ’ল ৷ সেয়েহে বোধকৰোঁ, অসম আৰু অসমীয়াৰ ইতিহাসত আজিপৰ্যন্ত খ্ৰীষ্ট’ছন মুণ্ডা আৰু তেওঁৰ ঐতিহাসিক অৱদানৰ কোনো উল্লেখ নাই ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে