চ’ৰাঘৰ / শিল্প / চলচ্চিত্ৰ / আলিফাঃ এক ৰসোত্তীৰ্ণ বাস্তৱবাদী কথাছবি ( ডা: অজিত কুমাৰ পটঙ্গীয়া)

আলিফাঃ এক ৰসোত্তীৰ্ণ বাস্তৱবাদী কথাছবি ( ডা: অজিত কুমাৰ পটঙ্গীয়া)

যিদিনা সৌন্দৰ্যৰ উপাসক প্ৰাচীন শিল্পীয়ে তেওঁৰ চাৰিওকাষে থকা জগত খনৰ বৈচিত্ৰতা আৰু অপৰূপ সৌন্দৰ্য্যত মুগ্ধ হৈ ৰং-তুলিকাৰ মূৰ্চ্ছনাত দৃশ্যমানক দৃশ্যপটত ধৰি ৰখাত ব্ৰতী হৈছিল, সিদিনা চলমান ৱাস্তৱৰ গতিক ইজেলৰ ওপৰত দৃশ্যপৰম্পৰাৰে জীৱন্ত কৰাৰ কল্পনা হয়তোবা আছিল অলীক৷ শিল্পীয়ে বাছি লৈছিল কোনো এটি বিশেষ দৃশ্য বা কল্পনাৰ অভিনৱ কোনো ছন্দ, খেয়াল – তাৰ পিছত সি প্ৰস্ফুটিত হৈছে কেনভাচৰ পৰিসৰত৷ চিত্ৰকলাৰ ব্যপ্তি, বিকাশ তথা উন্নতিৰ ক্ৰমপৰ্য্যায়ৰে এদিন বিজ্ঞানৰ পাৰদৰ্শিতাত কেমেৰা আহিছে৷ চকুৰ সন্মুখত ঘটি যোৱা কোনো একোটা বিশেষ ঘটনামূহূৰ্ত্তক চিৰকালৰ বাবে চিত্ৰবন্দী কৰি ৰখাৰ সুযোগ পাইছে মানুহে৷ কিন্তু আগুৱাই যোৱাৰতো কোনো শেষ নাই, নাই কোনো সীমা৷ পৃথিবীয়ে হঠাৎ এদিন অবাক হৈ দেখিলে কোনোবা এজন গ্ৰিফট নামৰ লোকৰ কেমেৰাই চিত্ৰক চলমান কৰি তুলিছে৷ ঘটি যোৱা ঘটনাপঞ্জীক কেমেৰাৰ লেন্সত হুবহু ধৰি ৰখা হৈছে ফিল্মৰ পাতল আবৰণত৷ ইয়াৰ পিছত যিমানবাৰ সেই ফিল্ম তীব্ৰ গতিত আলোকৰ সন্মুখত ঘূৰোৱা হব, ৰূপালী পৰ্দাৰ ওপৰত সিমানবাৰ ভাহি উঠিব – সেই ধৰি ৰখা চলমান বাস্তৱ৷ চিত্ৰৰ পৰা চলচ্চিত্ৰ, উত্তৰণৰ এই সাফল্যই কেৱল যে ঘটনাৰ বিৱৰণকেই চলমানৰূপে নথিবদ্ধ কৰি ৰখাত সাহাৰ্য্য কৰিছে সি নহয়, শিল্প-সংস্কৃতিৰ বিকাশৰ সন্মূখতো আনি দিছে এক বিৰাট সম্ভাৱনা৷ দৃশ্যশ্ৰাব্য সংস্কৃতিমাধ্যম বুলিলে ইমানদিনে একাধিপত্য আছিল নাট্যমঞ্চৰ৷ এইবাৰ যেন তাৰ সেই একক ৰাজত্বৰ শেষ হ’ল৷ চলচ্চিত্ৰৰ চিত্ৰই জীৱনৰ অভিনৱ ৰূপক আৰু ব্যাপকতাৰে তথা বাস্তৱসন্মত ভাবে শিল্পসুষমাত তুলি ধৰাৰ এই সুযোগ শিল্পীয়ে হেৰুৱাব নিবিছাৰিলে৷ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পথেৰে আগুৱাই আজিৰ চলচ্চিত্ৰই কাৰিকৰী উৎকৰ্ষতাৰ এনেকুৱা এক শিখৰত উপনীত হৈছে – যি হয়তোবা সেই শতাব্দীৰ আৰম্ভনিতে গ্ৰিফট অথবা তেওঁৰ সমসাময়িক কোনেওঁ ভাবিব পৰা নাছিল৷

প্ৰশ্ন হয় – আজিৰ আমাৰ চলচ্চিত্ৰত আমাৰ বাস্তৱ জীৱন কিমানখিনিয়েই বা ফুটি উঠিছে ? জীৱনক সুন্দৰ কৰাৰ বাবেইতো সংস্কৃতি৷ মনোৰঞ্জন, বিনোদন, আমোদ-প্ৰমোদ এই সকলোবোৰৰ প্ৰয়োজনতো কেৱল জীৱনক উন্নতৰ পৰা উন্নতৰ ৰূপ দিয়াৰ প্ৰচেষ্টাত৷ যি মানুহে এদিন অন্ধকাৰ গুহাৰ বেৰত পাথৰৰ টুকুৰাৰে বন্যপশুৰ ছবি আঁকিব বিছাৰিছিল, সেইদিনাও মনত আছিল একেই কামনা৷ জীৱনৰ প্ৰয়োজন, গোষ্ঠীৰ প্ৰয়োজন, সমাজৰ প্ৰয়োজন – এই সামাজিক প্ৰয়োজনবোধেই যুগে যুগে শিল্পীক, সাহিত্যস্ৰষ্টাক মহৎ সৃষ্টিৰ প্ৰেৰণা দি আহিছে৷ সামাজিকবোধ য’ত নাই, জীৱনৰ প্ৰকৃত প্ৰয়োজনক জনাৰ, বুজাৰ প্ৰয়াস য’ত অৱহেলিত হৈছে, শিল্পও তাত হৈছে সাধাৰণ গতানুগতিক চিন্তাৰ ফচল, হয়তো কিছুমান অদ্ভূদ অসাৰ্থক খেয়ালৰ নামান্তৰ৷ এজন চলচ্চিত্ৰকাৰে যি যুগত বাস কৰি, শিল্প চৰ্চ্চাৰ অঙ্গ হিচাপে চলচ্চিত্ৰক বাছি লৈছে, সেই যুগটোক, সেই যুগৰ প্ৰয়োজনক, সভ্যতাৰ গতিপথক, মানুহৰ স্নেহ-মায়া-মমতা, পাৰস্পৰিক সম্পৰ্কৰ স্তৰ, চৰিত্ৰ, বিন্যাস ইত্যাদিক ঠিকমতে যুগচেতনা অনুযায়ী ধৰিব পাৰিলেই তেওঁৰ সৃষ্টি হ’ব এটা নিৰ্দ্দিষ্ট ৰূপাশ্ৰয়ত জীৱন সত্যৰ ৰসোত্তীৰ্ণ প্ৰকাশ৷ সেয়ে জীৱনসত্য বা ভৱিষ্যতৰ সত্যৰ উপলদ্ধিয়েই হ’ল শিল্প সৃষ্টিৰ প্ৰধান নিয়ামক৷ ইয়াৰ পিছত আহিব কাৰিকৰী দিশ, উপস্থাপনৰ কাৰুকাৰ্য্য, সুক্ষ্ম শিল্পাবেগ সৃষ্টিৰ ক্ষমতা ইত্যাদিৰ ওপৰত নিৰ্মাতাৰ দখলৰ প্ৰশ্ন৷

অন্য সকলো কলাৰ দৰে চলচ্চিত্ৰৰ গুণাগুণ বিচাৰত তাৰ ‘কন্টেন্ট’ অৰ্থাৎ বিষয়গত দিশটোৱেই প্ৰাধান্য পায়৷ নিৰ্মাতা বা পৰিচালকে কি কৈছে বা কবলৈ বিছাৰিছে তাকেই প্ৰথমে বিচাৰ কৰি চোৱা হয়৷ তাৰ পিছত তেওঁৰ উপস্থাপনৰ ৰীতি অৰ্থাৎ তেওঁ কেনেদৰে কৈছে সেইয়া চোৱাতো আৱশ্যক৷ ফ্ৰয়েদে চালভাদোৰ ডমিনগ’ ডালিক কৈছিল, “আপোনাৰ শিল্পৰ অসচেতন নহয়, সচেতন সত্তাটিয়েহে মোক কৌতুহলী কৰি তোলে ।” কলা হিচাবে চলচ্চিত্ৰৰ পৰিধি, প্ৰভাৱ তথা প্ৰয়োগ এই কাৰণেই ইমান ব্যাপক যে ইয়াৰ মাজেদি নানা ধৰণৰ দৃৰ্শ্যশ্ৰাব্য কাৰুকাৰ্য্যৰ একত্ৰিকৰণৰ দ্বাৰা চৈত্ৰিক বাস্তৱক চলমান বাস্তৱ হিচাবে সজাই তুলি মনৰ অন্ত:পুৰত বিনা বাধাই প্ৰবেশ কৰাব পাৰি৷ অৰ্থ্যা বাস্তৱক বা বাস্তৱজাত-কল্পনাৰ বাস্তৱায়নক সঠিক ৰূপত অনাৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ প্ৰায় কোনো বিকল্প নাই৷ বিশ্ব চলচ্চিত্ৰ আন্দোলনৰ অন্যতম পুৰোধা চেৰগেই আইজেনষ্টেইনৰ ভাষাত ক’ব পাৰি – “নাটক সৃষ্টিৰ নান্দনিক ভিত্তি হিচাবে চলচ্চিত্ৰই কেৱল মানৱ দেহৰ স্থিৰ অৱস্থান আৰু ক্ৰিয়া-কলাপৰ গতিময়তাকেই লৈ গঢ়ি নুঠে, মানুহৰ বহুমুখী গতি-প্ৰকৃতি, চিন্তা তথা অনুভূতিৰ পৰিবৰ্ত্তনক অত্যন্ত সূক্ষ্মতাৰে বৃহত্তৰ পটভূমিত প্ৰক্ষেপিত কৰে৷ ই কেৱল মানুহৰ ক্ৰিয়া-কৰ্ম্ম আৰু ব্যৱহাৰক ৰূপালী পৰ্দাত বৰ্ণনা কৰাৰ অৱলম্বন মাত্ৰ নহয়, ই হৈছে তাৰ সৃষ্টিৰ পৰিসৰ যাৰ মাজত বৰ্হিজগত আৰু বাস্তৱ সন্বন্ধে সচেতন অনুধাৱন বিস্তৃত থাকে৷” গতিকে চলচ্চিত্ৰৰ যোগেদি সমাজ প্ৰগতিৰ বাবে এটা সুস্থ বাৰ্ত্তা দৰ্শকলৈ কঢ়িয়াই লৈ যাব বিচাৰিলে যিদৰে চলচ্চিত্ৰই এটা বিৰাট সম্ভাৱনাৰ দ্বাৰ উন্মুক্ত কৰিব পাৰে, ঠিক তেনেদৰে সমাজ প্ৰগতিৰ পৰিপন্থী কোনো বক্তব্য দাঙি ধৰাৰ ক্ষেত্ৰতো চলচ্চিত্ৰ মাধ্যমৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ৷

বিশিষ্ট নাট্যকৰ্মী-চলচ্ছিত্ৰ অভিনেতা-নিৰ্মাতা বাহাৰুল ইছলাম আৰু মোৰ ভাতৃপ্ৰতিম সাংবাদিক-সমাজকৰ্মী আশ্ৰাফুল হুছেইনৰ আমন্ত্ৰণ ক্ৰমে যোৱা ১৮ এ্প্ৰিল, ২০১৭ তাৰিখে সন্ধিয়া গুৱাহাটীৰ নেডফি প্ৰেক্ষাগৃহত সদ্য ঘোষিত ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বটাৰ পৰিচালকৰ প্ৰথম চলচ্চিত্ৰৰ শিতানত শ্ৰেষ্ঠতাৰ বাবে ইন্দিৰা গান্ধী স্বৰ্ণ কমল বটা লাভ কৰা ‘আলিফা’ নামৰ বাস্তৱসন্মত বিষয়বস্তু, পৰিচালকৰ সুন্দৰ উপস্থাপন, সকলোৰে সুদক্ষ অভিনয়, উৎকৃষ্ট সম্পাদনা আৰু সংগীতৰে ৰসোত্তীৰ্ণ কথাচবিখন চাই আপ্লুত হ’লো। কাহিনীটো হৈছে বানপানী আৰু খহনীয়াৰ ফলত মাটি-বাৰি সৰ্বস্ব হেৰুৱাই পেটে-ভাতে জীয়াই থকাৰ সংগ্ৰামত অসমৰ অন্য অঞ্চলৰ পৰা প্ৰবজন কৰি গুৱাহাটীৰ পাহাৰত চৰকাৰী মাটি বেদখল কৰি বসবাস কৰা এটা পৰিয়ালৰ। সাধাৰণলোকৰ মাজত বহিৰাগত বা বাংলাদেশী মিঞা হিচাবে অবিহিত সমাজৰ একেবাৰে নিম্মস্তৰৰ দৰিদ্ৰ অশিক্ষিত এই পৰিয়ালৰটোৰ সমাজত জীৱনধাৰণৰ নুন্যতম আৱশ্যকখিনি পূৰণ কৰি জীয়াই থাকিবলৈ কৰা কষ্টকৰ সংগ্ৰাম, চৰকাৰী মাটিৰ পৰা উচ্ছেদৰ ভয়, বনৰীয়া বাঘৰ ভয় আৰু জীৱিকাৰ তাড়নাত অবৈধ প্ৰেম – এইয়াই চলচ্চিত্ৰখনৰ বিস্তাৰিত ক্ষেত্ৰ, টকা-পইছাৰ অভাৱত মনত প্ৰৱল ইচ্ছা থাকিলেও বিদ্যালয়ত পঢ়িব নোৱাৰা আলিফা নামৰ সৰু ছোৱালীজনী আৰু তাইৰ ভায়েক, তাইৰ দিন হাজিৰা কৰা দেউতাক আৰু মাক। চলচ্চিত্ৰখন চাই থাকিলে এটা সময়ত ভাব হয় এইয়া মানুহৰ জীৱন নে? আৰমান আহমেদ-মাহমুদা বেগম প্ৰযোজিত ‘আলিফা’ দীপ চৌধুৰীৰ দৰে এজন অতি নবীন পৰিচালকৰ হাতত হৈ পৰিছে সুস্থ মানৱীয় প্ৰমূল্যসমূহৰে সংপৃক্ত চলচ্চিত্ৰ, য’ত আছে সমাজৰ নিপীড়িত, পদদলিত আৰু শোষিত মানুহৰ জীৱন সংগ্ৰামৰ মূৰ্ত্ত প্ৰকাশ। দেউতাকৰ চৰিত্ৰত বাহাৰুল ইছলাম, মাকৰ চৰিত্ৰত জয়া শীল ঘোষ, ‘আলিফা’ৰ ভুমিকাত কনমানি পাকিজা হাছমিৰ পৰা সৰু-ডাঙৰ সকলোয়েই চৰিত্ৰসমূহৰ মাজত এনেদৰে খাপ খাই প্ৰাণ পাই উঠিছে যে ভাব হয় এইয়া বাস্তৱতে সেই কঠিন জীৱন সংগ্ৰাম কৰি জীয়াই থকালোকসকলৰ একো একোটা সঁচা চৰিত্ৰ। নাহিদ আহমেদৰ সুন্দৰ দৃশ্যগ্ৰহণ, সম্পাদকৰ গতিশীল সম্পাদনা আৰু সংগীতৰ যথাযথ প্ৰয়োগ ছবিখনৰ এক উল্লেখনীয় সম্পদ। আমি ভৱিষ্যতে সমাজ সচেতন পৰিচালক গৰাকীৰ পৰা অসমৰ চৰ অঞ্চলত বসবাস কৰি কাৰোবাক শোষণ কৰাৰ পৰিবৰ্তে অসমক শস্যশ্যামলা কৰি অসমৰ অৰ্থনীতি সবল কৰাত সহায় কৰিও এচাম অসমীয়াৰ লাঞ্চনা-গঞ্জনা পোৱা শ্ৰমজীৱি অভিবাসী মুছলামানসকলৰ জীৱন সংগ্ৰামৰ কাহিনীও চাবলৈ পাম বুলি আশা কৰিলো। সেইসকললোকে নিজৰ প্ৰয়োজনতে অসমৰ প্ৰধান ভাষা অসমীয়া শিকি লৈছে আৰু সেইয়া তেওঁলোকৰ মুখত যি ৰূপ লৈছে সেইয়া নাগামীজৰ দৰে অসমীয়া ভাষাৰেই এটা ৰূপ বুলি মানি লোৱাৰ উদাৰতা আমাৰ থাকিব লাগিব। আশাকৰো তেওঁৰ দৰে প্ৰতিভাবান পৰিচালকৰ চলচ্চিত্ৰই ভৱিষ্যতে সামাজিক বাস্তৱতাৰ পৰা এক উন্নত মুক্তি প্ৰদায়ক বাস্তৱতাৰ ফালে উত্তৰণ ঘটিব। সমাজৰ ৰুপান্তৰত বিশ্বাসী মনিষীসকলে কৈ গৈছে – ‘ইতিহাসবিদসকলে ইতিহাসৰ বহুতো বাখ্যা দিলে, এতিয়া আমাৰ প্ৰয়োজন ইতিহাসক সলনি কৰা পথ দেখুৱা।’ চলচ্চিত্ৰত সেইয়া কেনেকৈ সম্ভৱ? চলচ্চিত্ৰৰ ভাষাত সুদক্ষলোকসকলে নিজেই বুজিব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে