দ্বিতীয় বছৰ, দশম সংখ্যা, জুলাই, ২০১৮
চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ৰাজনৈতিক দৃষ্টিভংগীৰ পৰিৱর্তন ( ৰঞ্জিত বড়া )

ৰাজনৈতিক দৃষ্টিভংগীৰ পৰিৱর্তন ( ৰঞ্জিত বড়া )

পৰিচিত ৰাজনৈতিক বাতাবৰণত বা অভ্যস্ত ৰাজনৈতিক প্রক্রিয়াত ৰাজনীতি বুলিলে সংসদীয় দলীয় ৰাজনীতিৰ ধাৰণাটোৱেই আমাৰ মনলৈ আহে আৰু বিভিন্ন ৰাজনৈতিক দলৰ ৰাজনৈতিক কার্যপন্থা বা কার্যকলাপৰ কথাই ৰাজনীতিৰ সংজ্ঞা আৰু প্ৰজ্ঞা হৈ পৰে। কিন্তু, প্রচলিত ধাৰাৰ এনেধৰণৰ ৰাজনীতিয়ে প্রগতিশীল আধুনিক ৰাজনীতিৰ শেষ পর্যায় নহয়। আধুনিক ৰাষ্ট্ৰত পৰিৱর্তিত আর্থ-ৰাজনৈতিক প্রক্রিয়াত ৰাজনীতিৰ নতুন ধাৰাৰ সৃষ্টি হৈছে। যি নতুন ধাৰাই নতুন সম্ভাৱনা বহন কৰিছে। ভাৰতবৰ্ষৰ দৰে বৃহৎ জাতি-ৰাষ্ট্র এখনত যি ধাৰাৰ ৰাজনীতিয়ে ৰাষ্ট্র পৰিচালনা কৰি আছে, তেনে ৰাজনীতিয়ে দেশৰ মানুহৰ আর্থ-সামাজিক দিশটােক আওকাণ কৰি কেৱল ৰাজনৈতিক গণতান্ত্রিক প্রক্রিয়া এটাক বর্তই ৰখাত উল্লেখনীয় ভূমিকা গ্রহণ কৰি সামগ্রিক বিচাৰত ব্যর্থতালৈ পর্যবসিত হৈছে। সেয়ে, ভাৰতবৰ্ষৰ প্রেক্ষাপটত নতুন ধাৰাৰ ৰাজনীতিৰ গুৰুত্বৰ প্ৰসংগ স্বাভাৱিকতেই আহি পৰিছে। কাৰণ, ভাৰতবৰ্ষত প্রচলিত ধাৰাৰ ৰাজনৈতিক ব্যৱস্থাই সকলো জাতি-জনগোষ্ঠী তথা নিম্নবৰ্গৰ মানুহখিনিক উন্নয়নৰ দিশত আগবঢ়াই নিব পৰা নাই। বৰঞ্চ, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত অসম উন্নয়নৰ ব্যৱস্থা এটাক বর্তই ৰখাতহে অধিক সচেতনতাৰে কাম কৰা পৰিলক্ষিত হৈছে। ফলস্বৰূপে, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাতৰ সূত্রপাত ঘটিছে আৰু ভাৰতবৰ্ষৰ ৰাষ্ট্র-ব্যৱস্থাটােৰ সন্দৰ্ভত প্রশ্ন উত্থাপন হােৱাৰ লগতে ৰাষ্ট্র-ব্যৱস্থাটােৰ পৰা বিচ্ছিন্ন হােৱাৰ প্ৰৱণতাৰাে সৃষ্টি হৈছে।

ভাৰতৰ বিভিন্ন প্রান্তত ক্ৰমান্বয়ে বিভিন্ন ৰূপত বৃদ্ধি পোৱা আঞ্চলিক পৰিণতি। তদুপৰি একবিংশ শতিকাৰ এটা দশক অতিক্রম কৰাৰ পিছতো দেশৰ বুজন সংখ্যক নাগৰিকেই অন্ন-বস্তু-বাসস্থানৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিয়ে আমাৰ পৰিচিত ধাৰাৰ ৰাজনীতিৰ চূড়ান্ত ব্যর্থতাকেই সূচাইছে। এনেবােৰ বিষম পৰিণতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই ছটা দশক অতিক্রম কৰা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ পৰিচালনাৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ নতুন ৰাজনৈতিক দৃষ্টিভংগীৰ আমদানিৰ প্ৰসংগ আহিছে। যি নতুন ৰাজনৈতিক দৃষ্টিভংগীয়ে ৰাষ্ট্ৰ পৰিচালনাৰ এটা বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ কথা ক’ব – য’ত জাতি-জনগােষ্ঠীসমূহে অৰ্থনৈতিক আৰু সাংস্কৃতিক উন্নয়নৰ সুবিধা সমানে ভোগ কৰিবলৈ পাব – য’ত জাতীয় আয়ৰ সম-বিতৰণ হ’ব। — আৰু যি ৰাজনৈতিক ব্যৱস্থাত গণতান্ত্রিক প্রমূল্যবােধৰ প্ৰকৃত মূল্যায়ন হ’ব। ক্ষুদ্ৰ আৰু প্রান্তীয় জাতি-জনগোষ্ঠীবােৰে আত্ম-নিয়ন্ত্ৰণৰ জৰিয়তে নিজ নিজ জাতীয়-জনগোষ্ঠীয় বিকাশ সুনিশ্চিত কৰাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব।
মুঠ কথাত, আজিৰ সময়ত সমাজ পৰিৱৰ্তনৰ বাবে ৰাজনৈতিক দৃষ্টিভংগীৰ পৰিৱর্তনেই সবাতোকৈ গুৰুত্বপূর্ণ প্রসংগ। এই ক্ষেত্ৰত মানুহৰ প্ৰগতিৰ স্বর্থত কাম কৰা সাহিত্য আৰু সাংস্কৃতিক কমীসকলে আগভাগ লোৱা উচিত।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে