চ’ৰাঘৰ / ডেকা চাং / আমি বিচৰা সময়বোৰ…( হিমাক্ষী বৰা )

আমি বিচৰা সময়বোৰ…( হিমাক্ষী বৰা )

মানুহবোৰ একেই..। চেহেৰাবোৰত খাঁজ খাই থকা মুখবোৰো চিনাকি। কণমাণিহঁতৰ একেই সলাজ চাৱনি। ‘তোলৈ লাজ কৰিছো মই’ বুলি দ্বিতীয় মানৰ ল’ৰাটোৱে কৈছে৷ কথাবোৰ সন্ধিয়া বাৰে বাৰে উজুতি খোৱা গাঁৱৰ ওখোৰা-মোখোৰা বাটটোৰ দৰে চিনাকি। চিনাকি আইতাজনীৰ মাতত কাৰ্বি জনগোষ্ঠীয় সুৰ।
পঞ্চাশ চনৰ ৰং যোৱা স্কুলঘৰটোৰ ‘অ আ ক খ ৰ’ তালিকা দুখনৰ দৰে আপোন পিছফালৰ এফাল এৰুৱা প্ৰস্ৰাৱঘৰ টোৰ তৰ্জাৰ বেৰ দুখন।

ইমানবোৰ আত্মীয়তা, মৰম আৰু অবাঞ্চিত আতিথ্যৰ পাছত সামান্য কথোপকথন আৰু অলপমান সহানুভূতিৰে পুনৰ একেখন জটিলতা, কৃত্ৰিম আৰু অযথা দৌৰেৰে নিজে নিজৰ বাবে সজা ভাৰ্চুৱেল পৃথিৱী খনলৈ উভতি অহাৰ পথটো কিজানি আটাইতকৈ সহজ আছিল। সহজ আছিল স্বনিৰ্মিত, স্বনিৰ্বাচিত স্থূল দুখ-সুখৰ ঘৰটোত উশাহ বন্ধ কৰি সোমাই থকা।

চাহবাগিছাৰ সৰু বাটটোৰে আগুৱাই যাওঁতে বাৰে বাৰে ভাবি আছো– কিয় গোলাপবোৰ কাঁইটেৰে ঘেৰি ৰাখে অহৰহ? কিয় টঙীঘৰ এটাত উলমি ৰয় আমাৰ আশাবোৰ একোটা হাতলেম হৈ? কিয় সভ্যতাৰ ফুলজাৰিৰে জহাই ফুৰাৰ পাছতো আমাৰ বাবে অৰণ্যবোৰত ৰৈ ওলোমাই ৰখা হয় ‘save birds’, ‘save animals’ আদিৰ দৰে ফলকবোৰ? কিয় NSS ৰ সকলো লক্ষ্য উদ্দেশ্য বুজাৰ পিছতো, আনৰ বাবে কিবা কৰিম বুলি সংকল্প লোৱাৰ পিছতো অলপ মান কাম কৰিয়েই ভাগৰি পৰো আমিবোৰ?

তথাপি, শৈশৱৰ ঘৰৰ সন্মুখৰ প্ৰাথমিক বিদ্যালয়খন, দেউতাই চাইকেলখনকে সাৰথি কৰি সময়ানুবৰ্তিতা আৰু সততাৰে কৰা শিক্ষকৰ চাকৰিটো, আধাতে পঢ়া এৰি ঘৰতে বহি থকা গাঁৱৰ বেছিভাগ ল’ৰাৰ বিপৰীতে, ‘ইমান সৰু কাম কৰে নেকি’ বুলি হঁহাৰ পিছতো সন্মুখৰ ঘৰৰ ল’ৰাটোৱে চুবাটোত খোলা ঘুমটিৰ দোকানখন, ল’ৰা বুলি মানুহে ক্ৰমান্বয়ে হাঁহিবলৈ লোৱাৰ পাছতো বলিষ্ঠ প্ৰতিবাদেৰে মিনি ট্ৰাক এখন চলাই বইলাৰৰ ব্যৱসায় কৰা ছোৱালীজনীয়ে গাঁৱলৈ অনা নতুন ব্যৱসায়ৰ ধাৰণাবোৰ, আৰ্মিৰ ৰিটাৰ্মেন্টৰ পাছত পেঞ্চনৰ পইচাৰে আটোমটোকাৰিকৈ চলি থাকিব পৰাৰ পাছতো বাঁহৰ সৰু সৰু সজাব পৰা বস্তুৰে ঘৰখন ধুনীয়াকৈ সজাই ৰখা গাঁৱৰ মূৰৰ বৰদেউতা জনৰ পৰা আঢ্যৱন্ত চহৰৰ জেঠাইৰ আমেৰিকাৰ জোঁৱায়েকজনে গাৱঁলৈ আগবঢ়োৱা পুথিভঁৰালৰ কিতাপবোৰ ক’ৰবাত প্ৰেৰণা হৈ, ক’ৰবাত সাহস, ক’ৰবাত উদ্যম হৈ মনৰ এচুকত বহি আছিল।

‌সেইবাবেই সৰল গাঁওখনৰ মানুহখিনিক ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলকৈ কৰি থকা চলচাতুৰি, সপোন দেখিব নোৱাৰাকৈ খহটা বাটবোৰকে জীৱন বুলি ভাবিবলৈ বাধ্য কৰা মানুহসকলকক জীৱনটো যাপন নহয় উদযাপন কৰিবলৈ, দূৰৈৰ হাইস্কুলৰ বাটতো দুৰ্গম বাবেই সপ্তম, অষ্টম শ্ৰেণীত পঢ়া সামৰি বিয়াত বহাৰ ভনীকেইজনীৰ বাবে,স্নাতক লৈকে পঢ়ি ‘ঘৰতে বেকাৰ হৈ আছো দে’ বোলা ভাইকেইটাক সপোন দেখুৱাবলৈকে আমি ৰৈ গৈছিলো কুঠৰি গাঁৱৰ সৰল মানুহখিনিৰ কাষত । আগবঢ়াই দিছিলো আমাৰ একোখনকৈ হাত। কাৰণ, বিশ্বাস দিব পৰাকৈ আমাৰ হাত দুখনৰ আনফালে আছিল ‘Not me but you’ NSS য়ে বুকুত খাপ খোৱাই দিয়া পাইনৰ দৰে প্ৰতিশ্ৰুতিৰ স্তম্ভটো, নেতৃত্বত থকাসকলৰ শিকনিবোৰ, অতদিনে কঢ়িয়াই ফুৰা কাৰোবাৰ বাবে কিবা কৰাৰ হেঁপাহটো। সকলো মিলাই এদিনৰ বাবে হ’লেও লগ হলো তেওঁলোকৰ ডেকা চামটো, মুখামুখি হলো তেওঁলোকে উত্থাপন কৰা নিজৰ সমস্যাবোৰ, সমাধানৰ বাবে আমালৈ চাই থকা পোহৰ এন্ধাৰৰ মুখবোৰ। এই সকলোবোৰে দিয়া ছাঁ-পোহৰৰ ধোঁৱাময় ছবিবোৰে দোমোজাত পেলালে।

আচলতে কিবা এটা কৰিব লাগিব, নিশ্চয়কৈ। বুজাব লাগিব, শিকাব লাগিব, সচেতন কৰিব লাগিব নিজৰ অধিকাৰ সম্পর্কে৷ কিন্তু, কেনেকৈ? ‌ একে সময়তে বাধা হৈ থিয় দিয়েচোন ভাষা, অাৰ্থসামাজিক পৰিৱেশ, সময় আদি কাৰকবোৰ। সমাধানৰ পথ ইমান সহজ নহয় বুজিলো সকলোৱে। সমান্তৰালকৈ সিদ্ধান্ত ল’লো আমি মাধ্যম হ’ম তেওঁলোকৰ সমস্যা আৰু সমাধানৰ।
শিশুবোৰক দিম শিক্ষা, অভিভাৱকবোৰক সচেতন কৰিব লাগিব, সন্ধিয়াৰ আদ্দাত সমস্যাবোৰৰ কথা লাজ লাজ কৈ কোৱা ডেকা ভাই-ভনী কেইটাৰ কন্ঠ আমিয়েই বলিষ্ঠ কৰিব লাগিব। সেউজীয়া চাহগছ, কাৰ্বি আংলং আৰু মেঘালয়ৰ পাহাৰীয়া একাবেঁকা সৌন্দৰ্যই ঘেৰি ৰখা গাঁও খন আমাৰ আপোন। আমাৰে সহোদৰ ভাইহঁত থাকে তাতেই ।
তেওঁলোকক বুজাব লাগিব, কিদৰে গণতন্ত্ৰ আমাৰ, কলবাগানৰ উপাৰ্জনত কিয় থাকিব মধ্যভোগী, কেনেকৈ উচ্চ শিক্ষাৰ তথ্যবোৰ পোৱা যাব, কেনেকৈ পৰিস্কাৰ কৈ ৰাখিব লাগিব নিজৰ চৌপাশ। গাহৰি-কুকুৰা পালনেৰে কিদৰে হ’ব পৰা যাব স্বাৱলম্বী, কিদৰে ফুটবল খেলবোৰৰ জৰিয়তে ভাঙিব পাৰি চহৰ-গাঁৱৰ প্ৰভেদ। গুৱাহাটী বিশ্ববিদ্যালয়ে আগবঢ়োৱা সহায়ৰ, বিশ্বাসৰ হাতখনত ধৰি কেনেকৈ আগুৱাব পৰা যাব সময়।

আমি কৰিম, কাৰণ গাঁওবোৰ আমাৰ, সেউজীয়াবোৰ আমাৰ, ভবিষ্যতবোৰ আমাৰ৷ তেওঁলোকেও কৰিব৷ কাৰণ গাঁওবোৰ তেওঁলোকৰো– আশাবোৰো, জীৱনবোৰো, সপোনবোৰো। গাঁওবোৰ জীয়াই থাকিব লাগিব, মানুহবোৰ জীয়াই থাকিব লাগিব। জীয়াই থাকিব লাগিব আপুনি, মই আমিবোৰ। মানুহবোৰ জীয়াই থাকিবলৈ কৰ্মমুখী বিপ্লৱ এটা জানো আৰম্ভ কৰি নালাগিব ইয়াৰ পৰাই?

(লেখাৰ সৈতে সংলগ্ন ছবি নীলাভ সৌৰভৰ)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে