চ’ৰাঘৰ / কথাশিল্প / চকী ( প্রদ্যুম্ন কুমাৰ গগৈ)

চকী ( প্রদ্যুম্ন কুমাৰ গগৈ)

এসময়ত এখন দেশত এজন মানুহ আছিল। মানুহজনৰ ঘৰত বহিবৰ বাবে এখনাে চকী নাছিল। আলহী-দুলহী আহিলে বহিছিল মজিয়াত, পীৰাত অথবা বিছনাত৷ অৱশ্যে মূঢ়া দুটামানাে আছিল। এদিন বজাৰৰ মােনা হাতত লৈ ঘৰলৈ ওভটোতে গলিৰ মূৰৰ কালীমন্দিৰটােৰ কাষৰে মানুহঘৰলৈ ভুমুকি মাৰি চাওঁতে দেখিলে- সমবয়সী মানুহ এজনে চকু-কাণ মুদি গীটাৰ বজাই আছে। তেওঁ ভাবিলে, চকীত নবহি যদি মজিয়াত বহি গীটাৰ বজালেহেঁতেন!! নাঃ ভাল নালাগিলহেঁতেন দেখিবলৈ, বাদ্যযন্ত্ৰবিলাক শুনিবলৈতো ভালেই, বজোৱাৰ ভংগিমায়াে ভাল লগা অনুভূতিৰ সৃষ্টি কৰে। বৃদ্ধ মেহদী হাছানৰ গজলৰ প্ৰ’গ্ৰেম অথবা ৰবিশংকৰৰ চেতাৰবাদন— ৱাহ-ৱাহ ক্যা বাত হে! যি হয়তো নহ’লহেঁতেন যদিহে অডিঅ’ ৰূপত শুনিলেহেঁতেন- বিপৰীতে টােপনিহে গ’লহেঁতেন। সেয়ে তেওঁৰ চকীত বহিবলৈ মন গ’ল আৰু গীটাৰ শিকা আৰম্ভ কৰিব, সন্ধিয়া সন্ধিয়া বাৰাণ্ডাত চকীত বহি ভাল লগা পুৰণি সুৰবিলাকত উটি-ভাহি যাব। সেয়ে পাছদিনাই চহৰখনৰ বিখ্যাত কাঠৰ আচবাব নির্মাণকাৰী কোম্পানী এটালৈ গৈ এখন চকী সাজিবলৈ অৰ্ডাৰ দিয়ালে, বজাৰমন্দ গীটাৰবাদক এজনকো যোগাৰ কৰিবলৈ যাব লগা হ’ল— গীটাৰ শিকিবৰ বাবে।

শেষত ঘৰলৈ আহি বিছনাত শুই শুই ভাবি থাকিল— চকীত বহাৰাে বিভিন্ন ধৰণ আছে- গাটাে হলাই অথবা আঁউজি মূৰটাে ওপৰলৈ কৰি, ভৰি দুটা তুলি মুখখন আঁঠু দুটাত গুজি অথবা ভৰি দুটা মাটিত থৈ। (নৱদম্পতী হােৱা হ’লে চকীতে বিচিত্ৰ সম্ভোগ কৰিব পৰা গ’লহেঁতেন!!) নামী-দামী কোম্পানী যে, সেয়ে অতি সোনকালে চকীখনত বহিব পৰা হৈ গ’ল। সেইখন আনি বহিবৰ দিনা য’ত যিমান পুৰােহিত-মন্ত্রী-আমােলা, নেতা-অভিনেতা-মাফিয়া, সংগীতশিল্পী খেলুৱৈ, বহুজাতিক কোম্পানীৰ চি ই অ’- সকলোকে নিমন্ত্ৰণ কৰিলে। সেয়ে প্রশাসনেও সেই দিনটাে Public holiday ঘোষণা কৰিলে। ফলত ছেকেণ্ডৰ হিচাপত গঢ় লৈ উঠা অজস্র গুণমুগ্ধ, পুলিচ-কনিষ্টবল, নাম-যশপ্রার্থী কবি, ডিস্ক’জকী, পালিনেতা, বেশ্যা, ঠেলাৱালা, বাছৰ কণ্ডাক্টৰ য’ত যিমান মানুহ আছে— সেইদিনা আহি উবুৰি খাই পৰিল।

পুৰােহিতৰ সর্বধর্ম প্রার্থনা মন্ত্রোচাৰণ, আয়তীসকলৰ উৰুলি, গায়ক-গায়িকাসকলৰ সংগীতানুষ্ঠান, নৃত্যশিল্পীসকলৰ নৃত্য, কবিসকলৰ কবিতা পাঠ, গুণমুগ্ধৰ পুষ্পবর্ষণেৰে জনপ্রিয় ফেশ্বন ডিজাইনাৰে চিলাই উপহাৰ দিয়া চুটিযোৰ পিন্ধি যথাসময়ত মানুহজন চকীখনত বহিল, প্রধানমন্ত্রীয়ে বিদেশৰ পৰা শুভেচ্ছাবাণী টুইট কৰিলে, ৰাষ্ট্রপতিয়ে ৰাষ্ট্ৰীয় চেনেলত speech এটাও ৰাখিলে, ফাইভ ষ্টাৰ হােটেলৰ ইটালিয়ান-মেক্সিকান-দেশী-বহুদেশী খাদ্যসম্ভাৰেৰে সকলোকে আপ্যায়ন কৰা হ’ল। পাছদিনাখনৰ পৰা ঘৰৰ বাৰাণ্ডাত, গার্ডেনত মানুহজনক বহি থকা দেখা গ’ল। আৰু আবেলি কাষৰ মূঢ়াত সেই গীটাৰবাদক। ৰাস্তাৰে পাৰ হৈ যোৱা সকলোৱে তেওঁক গাড়ীৰ গ্লাছ নমাই অভিবাদন, অভিনন্দন, অতিঅভিবাদন জনাই যায়, পুলিচবিলাকে চেলুট আৰু ঠেলাৱালীবিলাকে ভৰি মালিচ কৰি দিয়েহি। বেণ্ডপাৰ্টীবিলাকে তেওঁৰ ঘৰ পাৰ হৈ যাওঁতে প্রশক্তি গীত গাই যায়। চিত্রশিল্পীবিলাকে পদূলিত ঘণ্টা ঘণ্টা ধৰি তেওঁৰ ছবি আঁকি পাৰ কৰে আৰু ফটােগ্রাফাৰবিলাকে বিভিন্ন এংগোলত ফটাে উঠায়। মানুহজনে চকীত আঁউজি টােপনি গৈ অথবা নির্বিকাৰ চাৱনিৰে সকলোকে সস্তুষ্ট কৰে, কৰিবলৈ চেষ্টা কৰে। তেওঁক লৈ কৰা গানেৰেই ৰেকৰ্ডিং স্টুডিঅ’, এফ এম বিলাক উত্তাল হৈ থাকিল, অজস্র ছিৰিয়েল ওলাল, “বহিখোৱা’ নামৰ চিনেমাখনে ব্লেকাৰবিলাকলৈও ছিজন কঢ়িয়াই আনিলে, পুৰােহিতসকলে বহুত দিনলৈ তেওঁৰ নামকেই আওৰাই থাকিল, আলোচনীবিলাকৰ কবিতা শিতানত তেওঁৰ প্রশক্তিসমূহে ব্যাপক চর্চা লাভ কৰিলে। একঝিবিশ্যন ৱালবিলাকত তেওঁ চকীত বহি থকাৰ ফটােগ্রার্যকী-পেইণ্টিঙেৰে ভৰি পৰিল, চহকী গুণমুগ্ধসকলে ডাইনিং ৰুম তেওঁৰ ফটাে-পেইন্টিঙেৰে সজাবলৈ লাগিল, হস্তমৈথুনকাৰীবিলাকে চকী এখনৰ কথা ভাবি ভাবি ‘বহিখোৱা’, ‘ব-হি-খো-রা’, ফুচফুচাবলৈ ধৰিলে। ‘বহিখোৱা’ নামেৰে এটা ফেশ্বন ট্ৰেণ্ড ওলাল- ৰেম্পত খোজকাঢ়ি অহাৰ সলনি বিদ্যুৎচালিত চকীত বহি অহাৰ ৰিভ’লুশ্যনাৰী ট্ৰেণ্ড। জুইশলা বাকচৰ পৰা চিমেণ্ট এডুভাৰটাইজলৈকে চকীৰ ছবি দেখা গ’ল- মজবুত চেয়াৰ কে লিয়ে মজবুত ফাউণ্ডেশ্যন। অফিচ-বজাৰ-বাছষ্টেণ্ড-বাৰীবেশ্যালয়-চুলাই ভাটিৰ আড্ডা। জমি উঠিল। মদাহীবিলাকে মাজৰাতি তেওঁৰ নামত মৰা দম্ভালিবোৰ শুনি শুনি প্রতিৱেশী টোপনি যায়। তেওঁৰ নামত লটাৰী খেলা হ’ল। এসময়ত একেখন চকীতে বহি বহি তেওঁৰ আমনি লাগিল। সেইখন বানত আক্রান্তসকলৰ সাহাৰ্য্যার্থে নিলাম কোম্পানী এটাক দান দি দিয়ালে আৰু কোনেও নজনাকৈ অনানুষ্ঠানিকভাৱে নতুন চকী এখনৰ অৰ্ডাৰ দিয়ালে। কিন্তু গুণমুগ্ধসকলে কথাটাে গম পাই গ’ল আৰু কেইবাদিনলৈ বিষয়টাে উত্তাল হৈ থাকিল। চকী নির্মাতাসকলৰ সাক্ষাৎ লোৱা হ’ল- জনা গ’ল চকীখনে সময়ত বিছনা আৰু ডাইনিং টেবুলৰাে কাম কৰিব, জ্যোতিষীসকলে চকীখনৰ ভৱিষ্যদ্বাণী কৰাত ব্যস্ত হৈ পৰিল, বুদ্ধিজীৱীসকলে ন ন ফেচৱাশ্ব-ক্ৰীমৰ যোগাৰ কৰিব লগা হ’ল- প্রায় এসপ্তাহ ধৰি বিষয়টােৱে তেওঁলোকক ব্যস্ত ৰাখিলে, ইলেক্ট্রনিক সামগ্ৰীবিলাকে অফাৰ দিবলৈ ধৰিলে— সৌভাগ্যৱান গ্রাহকে লগ কৰিব পাৰিব বহিখোৱাক। নতুন চকী বিষয়টাে চর্চাত থার্কোতেই মানুহবিলাকে দেখিলে গীটাৰ এখন কান্ধত লৈ ফুৰা মানুহ এজনে বহিখোৱাৰ বিৰুদ্ধে কিবাকিবি গাই ফুৰিছে- তেওঁক হেনাে বহিখোৱাই গীটাৰ শিকাবলৈ নিয়োগ কৰিছিল, কিন্তু প্রথম দিনাখন গীটাৰ ধৰিবলৈ শিকিয়েই বহিখোৱা চকীত টােপনি গ’ল, যেতিয়া গীটাৰবাদকজনে বুজায়- এইটাে ডি মাইনৰ, চাব হাঁ, বহিখোৱাই টােপনিয়াই টােপনিয়াই কয়- আপুনি বজাওক, মই শুনো আৰু টোপনি গুচি যায়—। তাৰ পাছৰ পৰা গীটাৰবাদকে বহিখোৱাক শিকাবলৈ নোযোৱা হ’ল আৰু তিনি দিনৰ মাননিটােও নাপালে। সেয়ে এদিন গীটাৰবাদকে বহিখোৱাৰ পদূলিমূখত অনশনত বহিল আৰু দুদিনৰ পাছত নেমুৰস এগিলাচ খাই অনশন সামৰি ঘৰলৈ ৰাওনা হ’ল। আকৌ এবাৰ পদূলিমুখতে ধর্ণাত বহিল, মানুহবিলাকে গম পাই গ’ল আৰু পুলিচে উঠাই লৈ গুচি গ’ল। বহিখোৱাৰ গুণমুগ্ধবিলাকে ডাইনিং টেবুলতে এটা সিদ্ধান্তলৈ আহিল যে গীটাৰৱালাৰ বেকত এটা কাঠৰ আচবাব নির্মাণকাৰী কোম্পানী আছে— যিয়ে বহিখোৱাৰ প্ৰথমখন চকী সাজি দিছিল, পাছত নতুন চকীখনৰ বাবে অন্য এটা কোম্পানীক চকীৰ অৰ্ডাৰ দিয়াৰ বাবে আগৰ কোম্পানীৰ বিক্ৰী কমি বার্তা আহিল আৰু দুয়োটা কোম্পানী পৰস্পৰে পৰস্পৰৰ প্ৰতিদ্বন্দ্বী হৈ পৰিল। নতুন কোম্পানীটােৰ লাভ দিনকদিনে বৃদ্ধি হৈ যাবলৈ ধৰিলে, পুৰণা এনেকৈয়ে দিন বাগৰি যাবলৈ ধৰিলে, দেশত চকী বিক্ৰীৰ সংখ্যা বাঢ়িয়েই থাকিল, টুৰিষ্ট গাইডবিলাকে আঙুলিয়াই Cr-that’s the house of Bohikhua, The Great! চৰকাৰে বহিখোৱাক জেড কেটেগৰী নিৰাপত্তা দিয়াৰ পৰা আৰম্ভ কৰি চিনেমা-নাচ-গান-ভিডিঅ’ গেম আদিবােৰ পুৰণা কথা হ’বলৈ ধৰিলে। বন্যাক্রান্ত, দুর্ভিক্ষ, গোষ্ঠীসংঘৰ্ষত আক্রান্ত, ভিখাৰী-সর্বহাৰা-বেকাৰ-সকলো আহি পদূলিমুখত হাত পাতে, বহিখোৱাই টােপনিয়াই টােপনিয়াই সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে আৰু বহুকেইজন নিৱনুৱা যুৱকে পাণ-তামোলৰ দোকান দি পৰিয়াল পোহপাল কৰি বছৰি বহিখোৱাৰ নামত এভাগ শৰাই আগবঢ়াই আহিবলৈ ধৰিলে। -এনেকৈয়ে দিন-মাহ বাগৰি গ’ল।

এদিন ৰাতিপুৱা তেওঁৰ ঘৰৰ সন্মুখত গোট খোৱা গুণমুগ্ধসকলে আবিষ্কাৰ কৰিলে- বহিখোৱাই চকীখনতে গাটাে দন্ত দ এটাৰ দৰে ভাঁজ কৰি শুই টােপনি গৈ আছে। সকলোৱে গুণগুণাই উঠিল– এইটাে এটা হাস্যকৰ দৃশ্য, অতি হাস্যকৰ আৰু ৰাস্তাতে হাঁহি হাঁহি বাগৰি পৰিল। ৰাস্তাৰে পাৰ হৈ যোৱা সকলোৱে গাড়ীৰ গ্লাছ নমাই কৌতুক কৰিলে, পুলিচ কনিষ্টবলবিলাকে ঠেলাৱালীবিলাকৰ লগত চাধা মােহাৰি মােহাৰি মুখটিপি হাঁহি ফুৰিবলৈ ধৰিলে, বেণ্ডপাটীবেলাকে পদূলি পাৰ হৈ যাওঁতে পাতলীয়া গান এটা বজাবলৈ লাগিল, ৰেকৰ্ডিং স্টুডিঅ’-এফ এম বিলাকত জমনি জমনি গানেৰে ভৰি পৰিল। তেওঁৰ নামত অজস্র ব্যংগ ছিৰিয়েল ওলাল, “বহিখোৱাদ্য ফান আনলিমিটেড’ নামৰ চিনেমা এখনো ওলাল আৰু ব্লেকত টিকট বিক্ৰী হ’ল, একজিবিশ্যন ৱালবিলাক বিভিন্ন হাস্যকৰ পেইণ্টিংছ ফটােগ্রাফীৰে ভৰি পৰিল, গুণমুগ্ধসকলে তেওঁৰ দন্ত দ-ৰ ফটােখন ডাইনিং ৰুমত সজাই ৰাখিলে, আলোচনীবিলাকত ব্যংগ কবিতাই আলোড়ন তুলিলে, কৌতুক অভিনেতাবিলাকে শৌচ কৰিবলৈও সময় নোপোৱা হ’ল, অফিচ-বজাৰ-বাছষ্টেণ্ডবাৰ-বেশ্যালয় চুলাই ভাটিৰ আড্ডা কৌতুক-গুজব-হাঁহি-খিকিন্দালিৰে ভৰি পৰিল৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে